ৰজীন্দৰে এটি কলি দুটি পাত বিচাৰি হায়ৰাণ হৈছে। তেওঁ পাহাৰীয়া এঢলীয়া মাটিত জোপোহা চাহগছবোৰত ইডালৰ পিছত সিডাল একাদিক্ৰমে হাত বুলাই গৈছে। তেওঁৰ পত্নী সুমনা দেৱীয়ে টুকৰিটো লৈ কাষতে সাজু হৈ আছে। হিমালয়ৰ ধৌলুধৰ পৰিসৰৰ এই পাহাৰীয়া এলাকাৰ বিশাল চাহ বাগিচাৰ ওখ ওখ গছবোৰৰ মাজত মানুহবোৰক তেনেই বাওনা যেন লাগিছে।

চাহপাত তোলাৰ সময় হৈছে আৰু ৰজীন্দৰ সিঙৰ পাত বিচাৰি নোপোৱা হৈছে। কাংৰা জিলাৰ তান্দা গাঁৱত তেওঁ প্ৰতিদিনে বাগিচাখনলৈ আহে, আৰু তেওঁৰ লগত হয় সুমনা বা তেওঁলোকৰ ২০ বছৰীয়া পুত্ৰ আৰ্য্য আহে। এপ্ৰিল আৰু মে’ মাহত চাহপাত তোলাৰ বতৰ, যাক ফাৰ্ষ্ট ফ্লাছ বুলি কোৱা হয়। কিন্তু তুলিবলৈ পাতেই নাই।

“গৰম কেনে পৰিছে গম পাইছেই নহয়, বৰষুণৰ কোনো ঠিকনা নাই ক’ত আছে!” হিমাচল প্ৰদেশৰ পালমপুৰ টেহচিলৰ শুকাই যাবলৈ ধৰা নিজৰ চাহ বাগিচাৰ চাহগছবোৰৰ কথা চিন্তা কৰি তেওঁ কয়।

যোৱা দুটা বছৰৰ অনাবৃষ্টিৰ পৰিপ্ৰেক্ষিতত ৰজীন্দৰৰ কিংকৰ্তব্যবিমূঢ় অৱস্থা অমূলক নহয়। ২০১৬ৰ এফ.এ.অ’.ৰ আন্তঃচৰকাৰী প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, “অনিয়মীয়া বৃষ্টিপাত চাহ বাগিচাৰ ক্ষতিৰ বাবে দায়ী।” এই প্ৰতিবেদনত ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত বৰষুণৰ বিশেষ প্ৰয়োজন হোৱা চাহৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হৈছে। সেই সময়ৰ বৃষ্টিপাতৰ পিছতে দাম এক কিলোগ্ৰামত ৮০০ টকা হয়গৈ আৰু কেতিয়াবা ১,২০০ টকা পৰ্য্যন্ত উঠে।

২০২২ চনটো ৰজীন্দৰৰ বাবে বিশেষ বছৰ হ’ব লাগিছিল, তেওঁ আৰু দুই হেক্টৰ মাটি লীজত লৈছিল। তেওঁ কয়, “মই ভাবিছিলো মোৰ আয় বাঢ়িব।” এতিয়া মুঠ মাটিকালি তিনি হেক্টৰ হোৱাৰ বাবে তেওঁ ঋতুৰ শেষত ৪০০০ কিলোগ্ৰাম পৰ্যন্ত চাহ চপোৱাৰ বাবে উৎসুক হৈ পৰিছিল। তেওঁ লীজত ২০,০০০ টকা আৰু কয় যে চাহৰ বাগিচাত মজদুৰৰ শ্ৰমৰ নামত ব্যয়ৰ ৭০ শতাংশ যায়। “বাগিচা এখন চোৱাচিতা কৰিবলৈ বহুত শ্ৰম আৰু [ইনপুট] খৰচ কৰিবলগীয়া হয়,” তেওঁ আঙুলিয়াই দিয়ে। তাৰ পিছত আকৌ পাতবোৰ প্ৰচেছিং কৰোঁতে আৰু পইচা যায়।

Rajinder searching for new leaves to pluck in the tea bushes. With his family (right), son Aryan and wife Sumna in their tea garden
PHOTO • Aakanksha
Rajinder searching for new leaves to pluck in the tea bushes. With his family (right), son Aryan and wife Sumna in their tea garden
PHOTO • Aakanksha

ৰজীন্দৰে চাহগছৰ মাজত কলি পাত বিচাৰিছে। লগত তেওঁৰ পৰিয়াল (সোঁফালে), পুত্ৰ আৰ্য়ান আৰু পত্নী সুমনা, নিজৰ চাহবাগিচাখনত

ৰজীন্দৰৰ পৰিয়ালটো লাবানা সম্প্ৰদায়ৰ,  হিমাচল প্ৰদেশত অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত। “পূৰ্বৰ প্ৰজন্ম [মোৰ পৰিয়ালৰ] এই কামত নিয়োজিত আছিল,” আৰু দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে দেউতাকৰ মৃত্যুৰ পিছত যেতিয়া তেওঁ পৰিয়ালৰ বাগিচাখনৰ দায়িত্ব লৈছিল, তেতিয়া তেওঁৰ বয়স আছিল ১৫ বছৰ। চাৰিজন ভাই-ভনীৰ ভিতৰত ডাঙৰ হোৱা কাৰণে তেওঁ বাগিচাখন চলোৱাৰ দায়িত্ব বুজি পঢ়া সিমানতে এৰিছিল।

বাগিচাখনৰ যতন লোৱাৰ পৰা আৰম্ভ কৰি পানীয়বিধ প্ৰস্তুত কৰালৈকে সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁৰ পৰিয়ালটো জৰিত। শিক্ষাত স্নাতক ডিগ্ৰী লাভ কৰা তেওঁৰ কন্যা আঁচলে অপতৃণ নিৰোৱা আৰু পেকিঙত সহায় কৰে। তেওঁলোকৰ পুত্ৰ আৰ্য়ানে গোটেইখিনিতে হাতে-কামে লাগে – নিৰোৱাৰ পৰা আৰম্ভ কৰি পাত তোলা, কলম কটাৰ পৰা পেকিং কৰালৈকে। গণিতত স্নাতক ডিগ্ৰী লাভ কৰা আৰ্য়ানে অংশকালীনভাৱে শিক্ষক অধ্যাপনা কৰে।

কাংৰাৰ চাহ বাগিচাত ক’লা আৰু সেউজীয়া জাতৰ চাহপাত উৎপাদন কৰা হয়, আৰু দুয়োবিধেই স্থানীয় লোকৰ মাজত জনপ্ৰিয়। “ইয়াত আপুনি চাহৰ দোকান পোৱা টানেই, তাৰ সলনি ঘৰে ঘৰে চাহেৰে আদৰে হয়। আমি আমাৰ চাহত গাখীৰ বা চেনি নিদিওঁ। আমাৰ বাবে ই ঔষধৰ দৰেই,” গ্ৰেডিং আৰু পেকেজিঙৰ কামো কৰে বুলি জনোৱা সুমনাই কয়। ৰজীন্দৰৰ দৰে বেছিভাগ চাহ খেতিয়কৰে সতেজ পাতৰ গুড়ি ৰোল কৰা আৰু পোৰাৰ বাবে মেচিন থকা সৰু অস্থায়ী প্ৰচেছিং ৰুম এটা থাকে। তেওঁ আন খেতিয়কৰ বাবেও পাত প্ৰক্ৰিয়াকৰণ কৰে, সম্পূ্ণ হোৱা চাহপাতৰ কিলো হিচাপত ২৫০ টকা লয়।

১৯৮৬ত মৃত্যুৰ আগেয়ে ৰজীন্দৰৰ পিতৃয়ে ঋণ লৈ আৰু মাটি বিক্ৰী কৰি ৮ লাখ টকাৰ মেচিন কিনিছিল যাতে পৰিয়ালটোৱে সতেজ পাত প্ৰচেছ কৰিব পাৰে, ঋণটো অৱশ্যে এতিয়াও পৰিশোধ কৰা হোৱা নাই।

Many farmers have their own machines to process the leaves. Rajinder (left) standing next to his machine housed in a makeshift room outside his house that he refers to as his factory.
PHOTO • Aakanksha
Sumna (right) does the grading and packaging of tea
PHOTO • Aakanksha

পাত প্ৰচেছ কৰিবলৈ বহু কৃষকৰ নিজাকৈ মেচিন আছে। ৰজীন্দৰ (বাওঁফালে) নিজৰ ঘৰৰ বাহিৰৰ এটা অস্থায়ী কোঠাত ৰখা নিজৰ মেচিনৰ কাষত থিয় হৈছে, সেইটোকে তেওঁ নিজৰ  কাৰখানা বুলি কয়। সুমনা (সোঁফালে)য়ে চাহৰ গ্ৰেডিং আৰু পেকেজিং কৰে

কাংৰা জিলাত ৰাজ্যখনৰ চাহৰ খেতিখনত ৰজীন্দৰৰ দৰে ক্ষুদ্ৰ খেতিয়কে আধিপত্য বিস্তাৰ কৰি আহিছে – ৯৬ শতাংশ লোকৰ হাতত গঢ়ে দুই হেক্টৰতকৈও কম মটি আছে বুলি ২০২২ চনত প্ৰকাশিত ৰাজ্যৰ কৃষি বিভাগৰ এটা টোকাত কোৱা হৈছে। আধাতকৈ অধিক বাগিচা পালমপুৰ টেহচিলত আছে, আৰু বাকীবোৰ বেজনাথ, ধৰমশালা আৰু ডেহৰা টেহচিলত বিস্তাৰিত হৈ আছে।

ডা. সুনীল পাটিয়ালে আঙুলিয়াই দিয়ে, “হিমাচলৰ কেইখনমান জিলাতহে চাহ খেতিৰ সম্ভাৱনা আছে, কাৰণ ইয়াৰ মাটি আম্লিক আৰু পি এইচ লেভেল ৪.৫ৰ পৰা ৫.৫,” ৰাজ্যৰ কৃষি বিভাগৰ চাহ কাৰিকৰী বিষয়া পাটিয়ালে কয়।

কাংৰাৰ চাহ বাগিচা আৰু পাহাৰীয়া ভূ-প্ৰকৃতি বলীউডৰ ছবিত প্ৰায়ে প্ৰদৰ্শিত হয়, শেহতীয়া ছবিখন হৈছে অতিপ্ৰাকৃতিক উপাদানক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা কাহিনী ভূত পুলিচ। ৰজীন্দৰে আঙুলিয়াই দি কয়, “বহু পৰ্যটকে কেমেৰা উলিয়াই আমাৰ বাগিচাবোৰৰ চিত্ৰগ্ৰহণ কৰে, কিন্তু ইয়াৰ বিষয়ে অতি কমেইহে জানে।”

*****

হিমাচল প্ৰদেশৰ চাহ বাগিচাসমূহ কেৱল শৈলোৎক্ষেপ বৃষ্টিৰ ওপৰত নিৰ্ভৰশীল – উষ্ণতা বাঢ়িলে সাধাৰণতে বৰষুণ হয়, যিয়ে চাহগছবোৰক সকাহ দিয়ে। “বৰষুণ নথকাকৈ উষ্ণতা বৃদ্ধি হোৱাটো এটা ডাঙৰ সমস্যা। চাহ গছবোৰক আৰ্দ্ৰতাৰ প্ৰয়োজন, কিন্তু এতিয়া [২০২১ আৰু ২০২২] চন দুটাত বৰ গৰম পৰিছে,” পাটিয়ালে ব্যাখ্যা কৰি কয়।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই.এম.ডি.)ৰ তথ্য অনুসৰি ২০২২ৰ মাৰ্চ আৰু এপ্ৰিল মাহত কাংৰা জিলাত বৰষুণৰ পৰিমাণ ৯০ শতাংশতকৈ অধিক ঘাটি দেখা গৈছিল। ইয়াৰ পিছত ২০২২ৰ এপ্ৰিল আৰু মে’ মাহত পালমপুৰ কোপাৰেটিভ টি ফেক্টৰিলৈ প্ৰেৰণ কৰা পাতৰ পৰিমাণ এক লাখ কিলোগ্ৰামলৈ হ্ৰাস পাইছে – যিটো ২০১৯ৰ একে মাহৰ পৰিমাণৰ এক চতুৰ্থাংশ।

Left: The prized 'two leaves and a bud' that go to make tea.
PHOTO • Aakanksha
Right: Workers come from other states to pluck tea
PHOTO • Aakanksha

বাওঁফালে: পিয়লাৰ চাহকাপৰ ‘এটি কলি, দুটি পাত’। সোঁফালে: চাহপাত চিঙিবলৈ আন ৰাজ্যৰ পৰা শ্ৰমিক আহে

Freshly plucked leaves drying (left) at the Palampur Cooperative Tea Factory (right) in Kangra district of Himachal Pradesh
PHOTO • Aakanksha
Freshly plucked leaves drying (left) a t the Palampur Cooperative Tea Factory (right) in Kangra district of Himachal Pradesh
PHOTO • Aakanksha

অলপতে তোলা সতেজ পাতবোৰ হিমাচল প্ৰদেশৰ পালমপুৰ কোপাৰেটিভ টি ফেক্টৰিত শুকাবলৈ দিয়া হৈছে

ৰজীন্দৰে ৰেহাই নাপালে। ২০২২ৰ মে’ মাহৰ শেষৰ ফালে পাৰিয়ে তেওঁৰ পৰা জানিব পাৰিলে যে তেওঁ মাত্ৰ প্ৰায় ১০০০ কিলোগ্ৰামহে চাহপাত তুলিবলৈ সক্ষম হৈছে। তাৰে আধাখিনি স্থানীয়ভাৱে বিক্ৰী কৰিবলৈ ঘৰতে প্ৰচেছ কৰিবলৈ পৰিয়ালটোৱে ৰাখিছিল আৰু আধাখিনি প্ৰচেছিঙৰ বাবে পালমপুৰৰ ফেক্টৰিলৈ নিয়া হৈছিল। “চাৰি কেজি সেউজীয়া পাতৰ পৰা এক কেজি চাহ পোৱা যায়। আমি বিক্ৰী কৰিবলৈ এক কিলোৰ প্ৰায় ১০০ পেকেট বনালো,” তেওঁৰ পুত্ৰ আৰ্য়ানে কয়। এক কিলো ক’লা চাহ ৩০০ আৰু গ্ৰীণ টি ৩৫০ টকাত বিক্ৰী কৰা হয়।

সৰহভাগ চাহ অসম, পশ্চিমবংগ আৰু তামিলনাডুৰ নীলগিৰিত উৎপাদিত হয়। ২০২১-২২ চনত ভাৰতে ১৩৪৪ মিলিয়ন কিলোগ্ৰাম চাহপাত উৎপাদন কৰিছিল আৰু তাৰ প্ৰায় ৫০ শতাংশ ক্ষুদ্ৰ খেতিয়কসকলৰ ফালৰ পৰা আহিছিল বুলি ভাৰতীয় চাহ ব’ৰ্ডে নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে। এই সংস্থাটো কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত আছে, সংস্থাটোৱে কয়, “ক্ষুদ্ৰ উৎপাদকসকল অতি অসংগঠিত আৰু তেওঁলোকৰ হ’ল্ডিংবোৰ খণ্ডিত আৰু সিঁচৰতি প্ৰকৃতিৰ বাবে তেওঁলোক মূল্য শৃংখলৰ একেবাৰে তলত থাকে।”

আন সকলো অঞ্চলৰ চাহৰ সৈতে হিমাচলৰ চাহৰ প্ৰতিযোগিতা নথকা নহয়। ৰাজ্যখনৰ আপেল খেতিয়কসকলে প্ৰাধান্য পায়, আৰু [স্থানীয়] প্ৰশাসনৰ পৰা অধিক মনোযোগ লাভ কৰে,” পালমপুৰৰ হিমাচল প্ৰদেশ কৃষি বিশ্ববিদ্যালয়ৰ চাহ প্ৰযুক্তিবিদ আৰু এক দশকৰো অধিক সময় ধৰি চাহৰ ওপৰত গৱেষণা কৰি অহা ডা. প্ৰমোদ বাৰ্মাই আঙুলিয়াই দিয়ে।

চাহৰ উৎপাদন হ্ৰাস পোৱাটোও চাহবাগিচাৰ এলেকা সংকুচিত হৈ অহাৰ ফল। কাংৰা জিলাত ২,১১০ হেক্টৰ মাটিত চাহগছ ৰোপণ কৰা হৈছে, কিন্তু তাৰে মাত্ৰ আধা অংশ মাটিতহে অৰ্থাৎ ১০৯৬.৮৩ হেক্টৰতহে সক্ৰিয়ভাৱে খেতি কৰা হয়। বাকীখিনি অৱহেলিত, পৰিত্যক্ত হৈ থাকে নাইবা বাসগৃহলৈ ৰূপান্তৰিত কৰা হৈছে। শেষৰটো হৈছে হিমাচল প্ৰদেশৰ চিলিং অন লেণ্ড হ’ল্ডিংছ এক্ট, ১৯৭২ৰ উলংঘা, য’ত কোৱা হৈছে যে চাহবাগিচা থকা মাটি বিক্ৰী বা আন কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰিব।

Jaat Ram Bahman and wife Anjagya Bahman (right) are in their eighties and continue to work in their tea garden.
PHOTO • Aakanksha
Jaat Ram (left) in his factory
PHOTO • Aakanksha

অশীতিপৰ জাট ৰাম ভামন আৰু তেওঁৰ পত্নী অংজজ্ঞা ভামনে নিজৰ চাহ বাগিচাখনত কাম কৰিবলৈ এৰা নাই। বাওঁফালে নিজৰ ফেক্টৰিত জাট ৰাম

Left: Many tea gardens in Kangra district have been abandoned.
PHOTO • Aakanksha
Right: Jaswant Bahman owns a garden in Tanda village and recalls a time when the local market was flourishing
PHOTO • Aakanksha

বাওঁফালে: কাংৰাৰ ভালেমান চাহ বাগিচা এতিয়া পৰিত্যক্ত। সোঁফালে: তান্দা গাঁৱত জছৱন্তৰ এখন চাহবাগিচা আছে, তেওঁ মনত পেলায় এটা সময়ৰ কথা, যেতিয়া স্থানীয় বজাৰখন ভৰি আছিল

“মোৰ ফাৰ্মৰ ঠিক পিছফালে কেইবছৰমান আগতে চাহ বাগিচা আছিল। এতিয়া ঘৰ দেখিব,’ তান্দা গাঁৱৰ ৰজীন্দৰৰ চুবুৰীয়া জাট ৰাম ভামনে কয়। তেওঁ আৰু তেওঁৰ পত্নী অজংজ্ঞা ভামনে তেওঁলোকৰ ১৫ টা কেনেল থকা নিজৰ বাগিচাখনত (এটা হেক্টৰৰ প্ৰায় তিনি চতুৰ্থাংশ) চাহৰ খেতি কৰে।

৮৭ বছৰীয়া জাট ৰামে এটা সময়ৰ কথা মনত পেলাইছে যেতিয়া বাগিচাত লাভ আছিল আৰু চাৰিওফালে কেৱল বাগিচাই বাগিচা আছিল। ১৮৪৯ত প্ৰথম পুলি ৰোপণ কৰা হৈছিল আৰু ১৮৮০ৰ ভিতৰত কাংগাৰ চাহে লণ্ডন আৰু আমষ্টাৰডামৰ বজাৰত সোণ আৰু ৰূপৰ পদক লাভ কৰিছিল। ২০০৫ত কাংৰাই ইয়াৰ অনন্য সোৱাদৰ বাবে ভৌগোলিক সূচক (GI) টেগ লাভ কৰিছিল।

“সেইবোৰ আছিল সোণালী দিন” বুলি সুঁৱৰিছে ৫৬ বছৰীয়া যশৱন্ত ভামনে, তেওঁ তান্দা গাঁৱত ১০টা কেনেল থকা (প্ৰায় আধা হেক্টৰ) চাহখেতিৰ মালিক। ‘আমি ঘৰত মেচিনেৰে (পৰম্পৰাগত) পাত প্ৰচেছ কৰি অমৃতসৰত বিক্ৰী কৰিছিলো। সেয়া আছিল এখন বিশাল বজাৰ।”

ভামনে নব্বৈৰ দশকৰ কথা কৈছে যেতিয়া স্থানীয় চাহ ব’ৰ্ডৰ মতে কাংৰাই বছৰি ১৮ লাখ টন পৰ্যন্ত সম্পূৰ্ণ চাহ উৎপাদন কৰিছিল। ২০০ কিলোমিটাৰৰো অধিক দূৰত্ব অমৃতসৰৰ বজাৰসমূহলৈ এই চাহ প্ৰেৰণ কৰা হৈছিল, তাৰ পৰাই সেই চাহৰ আন্তঃৰাষ্ট্ৰীয় নিলাম হৈছিল। আজি কাংৰাই সেই পৰিমাণৰ আধাতকৈও কম উৎপাদন কৰে – ৮,৫০,০০০ টন।

“আমি [আমাৰ এক হেক্টৰত] ভাল ধন উপাৰ্জন কৰিব পাৰিছিলো। চাহ সাজু হ’লেই আমি বহুবাৰ গৈছিলো। এবাৰত মই ১৩,০০০- ৩৫,০০০ টকা উপাৰ্জন কৰিব পাৰিছিলো,’ পাৰিক পুৰণি বিল দেখুৱাই ৰজীন্দৰে কয়।

In Kangra district, 96 per cent of holdings of tea gardens are less than two hectares. More than half the gardens are in Palampur tehsil, and the rest are distributed across Baijnath, Dharamshala and Dehra tehsil
PHOTO • Aakanksha
In Kangra district, 96 per cent of holdings of tea gardens are less than two hectares. More than half the gardens are in Palampur tehsil, and the rest are distributed across Baijnath, Dharamshala and Dehra tehsil
PHOTO • Aakanksha

কাংৰা জিলাত মাটিৰ মালিকীস্বত্ত্ব থকা চাহ বাগিচাৰ বেছিভাগেই দুই হেক্টৰতকৈ কম খণ্ডত বিভক্ত। আধাতকৈ বেছি বাগিচা পালমপুৰ টেহচিলত আছে আৰু বাকীখিনি বেজনাথ, ধৰমশালা আৰু দেহৰা টেহচিলত সিঁচৰতি হৈ আছে

সোণালী দিনবোৰ স্থায়ী নহ’ল। “অমৃতসৰ মে বহত পাংগা হৌনে লগা,” [অমৃতসৰত সমস্যা হ’বলৈ ধৰিলে],” যশৱন্তই কয়। কাংৰাৰ চাহ ৰোপণকাৰীসকলে ভাৰতৰ মুখ্য চাহ নিলাম কেন্দ্ৰ কলকাতালৈ যাবলৈ ধৰিলে। বেছিভাগ খেতিয়কে ঘৰতে প্ৰক্ৰিয়াকৰণ এৰি পালমপুৰ, বীৰ, বেজনাথ আৰু সিদ্ধবাৰীৰ চৰকাৰী কাৰখানালৈ স্থানান্তৰিত হৈছিল কাৰণ কাৰখানাসমূহে কলকাতাৰ নিলামৰ সৈতে পোনপটীয়াকৈ মোকাবিলা কৰিব পাৰিছিল। কিন্তু এই কাৰখানাসমূহ বন্ধ হ’বলৈ ধৰে আৰু স্থানীয় খেতিয়কসকলে স্থানীয় ৰাজ্যিক সমৰ্থন হেৰুৱাই পেলালে। আজিও মাত্ৰ এটা সমবায় কাৰখানাহে কাৰ্যক্ষম হৈ আছে।

কলকাতা নিলাম কেন্দ্ৰটো কাংৰাৰ পৰা প্ৰায় ২০০০ কিলোমিটাৰ দূৰত্বত থকাৰ ফলত পৰিবহণ ব্যয়, গুদামৰ চাৰ্জ আৰু শ্ৰমৰ ব্যয় বাঢ়ি যায়। ইয়াৰ ফলত অসম, পশ্চিমবংগ আৰু নীলগিৰিৰ অন্যান্য ভাৰতীয় চাহৰ সৈতে প্ৰতিযোগিতা কৰাটো কঠিন হৈ পৰিল, আৰু কাংৰাৰ চাহ ৰোপণকাৰীসকলৰ মুনাফা সংকুচিত হৈ পৰিল।

“কাংৰা চাহ ৰপ্তানি কৰা হয় কাংৰা চাহ নামেৰে নহয়। ক্ৰেতা আৰু ব্যৱসায়ী কোম্পানীৰ নামেৰে ৰপ্তানি হয়। কলকাতাই কম দামত চাহ লয় আৰু ভাল দামত বিক্ৰী কৰে আৰু আনকি ৰপ্তানিৰ ভিত্তিও আছে,’ বাৰ্মাই আঙুলিয়াই দিয়ে।

*****

ৰজীন্দৰে কয়, ‘বাগিচাখনৰ বাবে মোক প্ৰায় ১৪০০ কিলো গোবৰ লাগে, আৰু ইয়াৰ বাবে মোৰ প্ৰায় ২০ হাজাৰ টকা খৰচ হয়। ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে গোবৰৰ ওপৰত ৫০ শতাংশ ৰাজসাহায্য দিছিল যদিও তেওঁ কয় যে যোৱা ৫ বছৰত সেয়া বন্ধ হৈ গৈছে আৰু কিয় বন্ধ হৈছে সেয়া ৰাজ্য বিভাগকে ধৰি কোনেও স্পষ্টকৈ নকয়।

চাহ শ্ৰমসাধ্য শস্য আৰু এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত পাত চিঙিবলৈ আৰু নৱেম্বৰৰৰ পৰা কলম দিবলৈ শ্ৰমিকৰ প্ৰয়োজন। ৰাজ্যই কলম কটাৰ বাবে যন্ত্ৰ দিছে আৰু ৰজীন্দৰ আৰু তেওঁৰ পুত্ৰই শ্ৰমিকৰ পইচা ৰাহি কৰিবলৈ নিজে চলায় যদিও পেট্ৰ’লত পইচা যায়।

Machines for processing tea in Rajinder and Sumna’s factory in Tanda village of Kangra district
PHOTO • Aakanksha
Machines for processing tea in Rajinder and Sumna’s factory in Tanda village of Kangra district
PHOTO • Aakanksha

কাংৰা জিলাৰ তান্দা গাঁৱত ৰজীন্দৰ আৰু সুমনাৰ ফেক্টৰিত চাহ প্ৰচেছিঙৰ কাৰণে ৰখা মেচিন

যোৱা বছৰ পৰিয়ালটোৱে তিনিজন শ্ৰমিকক দিনে ৩০০ টকা মজুৰিত নিয়োগ কৰিছিল। “একো ছিঙিবলৈ নাছিল গতিকে [শ্ৰমিক] ৰখাৰ কোনো কথা নাই। আমি কেনেকৈ মজুৰি দিলোঁহেঁতেন,’ কিয় তেওঁলোকক এৰি দিবলগীয়া হ’ল সেই কথা বুজাই ৰজীন্দৰে প্ৰশ্ন কৰে। ২০২২ৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে পাত তোলাৰ সময়ত, যি সময়ত পাহাৰৰ ঢালত সাধাৰণতে শ্ৰমিকেৰে ভৰি থাকে, এজনকো দেখা পোৱা নগৈছিল।

লাভ সংকুচিত হোৱা আৰু চৰকাৰী সমৰ্থনৰ অভাৱে যুৱক-যুৱতীসকলক চাহ বাগিচাত থকা ভৱিষ্যতৰ পৰা আঁতৰাই লৈ গৈছে। জাট ৰামে কয় যে তেওঁৰ ল’ৰা-ছোৱালীদুটাৰ চৰকাৰী চাকৰি আছে আৰু তেওঁৰ পত্নী অংজজ্ঞাই লগতে কয়, “আমাৰ পিছত মই নাজানো কোনে [বাগিচাখনৰ] যত্ন ল’ব।”

ৰাজিন্দৰৰ পুত্ৰ, আৰ্য়ানো এই কামত আগ্ৰহী নহয়। “মই তেওঁলোকক [তেওঁৰ পিতৃ-মাতৃক] জীৱিকা উপাৰ্জনৰ বাবে সংগ্ৰাম কৰা দেখিছো। এতিয়া মই মাক-দেউতাকৰ সৈতে কাম কৰো, কিন্তু দীৰ্ঘদিনৰ বাবে নকৰো,” আৰ্য়ানে কয়।

বছৰৰ শেষলৈকে, চাহৰ চিজন শেষ হয় মানে ৰজীন্দৰে অনুমান কৰিছিল যে তেওঁলোকে ২.৫ লাখ টকা উপাৰ্জন হ’ব। ইয়াৰে তেওঁলোকে ভাড়া, ইনপুট আৰু অন্যান্য খৰচ কৰ্তন কৰিব।

২০২২ত পৰিয়ালটোৱে সঞ্চয়ৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰা হ’ল। তেওঁলোকে নিজৰ গাই দুজনীৰ গাখীৰ বিক্ৰী কৰিবলগীয়া হ’ল, সৰু বাগিচাৰ চাহপাত প্ৰচেছিং কৰিলে আনকি আৰ্য়ানে কৰা শিক্ষকতাৰ পইচাও পৰিয়ালৰ নামত খৰছ কৰিবলগীয়া হ’ল।

মুনাফা ভাল নোপোৱাত ২০২২ত ৰজীন্দৰ আৰু সুমনাই তেওঁলোকে লোৱা ২ হেক্টৰ মাটিৰ লীজ এৰি দিলে।

অনুবাদ: পংকজ দাস

Aakanksha

Aakanksha is a reporter and photographer with the People’s Archive of Rural India. A Content Editor with the Education Team, she trains students in rural areas to document things around them.

Other stories by Aakanksha
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das