সিদিনা আছিল শুকুৰবাৰ, ২০২২ৰ ১ এপ্ৰিল। ৰমাৰ বাবে সেইটো আছিল গতানুগতিক এটা দিন। তেওঁ ৪ বাজি ৩০ মিনিটত শোৱাপাটী এৰিলে, গাওঁখনত টহল দি পানী আনিলে, কাপোৰ ধুলে, ঘৰ সৰা-মচা কৰিলে। তাৰ পাছত মাকলৈ কাঞ্জি বনালে। তাৰপিছত তেওঁ কামলৈ বুলি ওলাল। কাম মানে তেওঁৰ গাঁৱৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ বেদসন্দুৰ তালুকৰ নাটচি এপাৰেলত তেওঁ কাম কৰে। কিন্তু সেইদিনা আবেলি ২৭ বছৰীয়া ৰমা আৰু তেওঁৰ সহকৰ্মী মহিলাসকলে এক ইতিহাস গঢ়িলে। তেওঁলোকৰ পোচাকৰ কাৰখানাটোত যৌন উৎপীড়নৰ অন্ত পেলাবলৈ এটা বছৰতকৈও বেছি সময় যুঁজি শেষত তেওঁলোকে সেই সফলতা লাভ কৰিলে।

“এনে লাগে যেন কিবা এটা অসম্ভৱক সম্ভৱ কৰি তুলিলো”, ৰমাই সেইদিনা স্বাক্ষৰ হোৱা দিণ্ডিগুল চুক্তিখনৰ কথা কৈছে। সেইখন সেইদিনা ইষ্টমেন এক্সপ’ৰ্টচ্ গ্ল’বেল ক্ল’থিং (তিৰুপ্পুৰত থকা নাটচি এপাৰেলে যিটো কোম্পানীৰ অধীনত কাম কৰে, সেইটো) আৰু তামিলনাডু টেক্সটাইল এণ্ড কমন লেবাৰ ইউনিয়ন চমুকৈ টি.টি.চি.ইউ.ৰ মাজত এই চুক্তিখন স্বাক্ষৰিত হৈছিল। উদ্দেশ্য আছিল তামিলনাডুৰ দিণ্ডিগুল জিলাত চলি থকা ইষ্টমেন এক্সপ’ৰ্টচৰ কাৰখানাবোৰত লিংগভিত্তিক হিংসা আৰু উৎপীড়নৰ অন্ত পেলোৱা।

টি.টি.চি.ইউ.-ইষ্টমেন এক্সপ’ৰ্টচৰ চুক্তিখন কাৰ্য্যকৰী কৰাত সুবিধা কৰি দিয়াৰ উদ্দেশ্যে এই ঐতিহাসিক, বলৱৎযোগ্য চুক্তি চমুকৈ ই.বি.এ.খন বহুজাতিক ফেছন ব্ৰেণ্ড এইচ.এণ্ডএম.-য়ে স্বাক্ষৰ কৰিছিল। ইষ্টমেন এক্সপ’ৰ্টচৰ নাটচি এপাৰেল-য়ে ছুইডেনত মুখ্য কাৰ্য্যালয়ত থকা কোম্পানী এইচ.এণ্ডএম.-ৰ বাবে সাজ-পোচাক প্ৰস্তুত কৰে। ফেছন উদ্যোগটোত লিংগভিত্তিক হিংসা ৰোধৰ বাবে এনেদৰে কোনো কোম্পানীয়ে কৰা চুক্তিৰ নজিৰ হিচাপে এইখন দ্বিতীয়খন চুক্তি।

ৰমা দলিত মহিলাৰ দ্বাৰা পৰিচালিত বস্ত্ৰ উদ্যোগত কাম কৰা মহিলা শ্ৰমিক সংগঠন টি.টি.চি.ইউ.ৰ এগৰাকী সদস্য়। তেওঁ নাটচি এপাৰেলত চাৰিবছৰ ধৰি কাম কৰি আহিছে। “দলিত মহিলাৰ ট্ৰেড ইউনিয়নৰ সৈতে তেনে এটা ব্ৰেণ্ড (এইচ.এণ্ডএম.) আৰু মেনেজমেণ্টে যে চুক্তিত চহী কৰিব, কেতিয়াও ভবা নাছিলো,” তেওঁ কয়। “বহুত বেয়া কাম কৰাৰ পিছথ তেওঁলোকে যেনিবা শেষত ভাল পদক্ষেপ এটা ল’লে।” ইউনিয়নৰ সৈতে এইচ.এণ্ডএম.ৰ এই চুক্তি ভাৰতত হোৱা প্ৰথমখন এনে ই.বি.এ.। এয়া হৈছে আইনী চুক্তি, য’ত এইচ.এণ্ডএম. কোম্পানীটোৱে ইষ্টমেন এক্সপ’ৰ্টচৰ ওপৰত পোনপটীয়াকৈ বিহিত ব্যৱস্থা ল’ব পাৰে যদি ইষ্টমেন এক্সপ’ৰ্টচে টি.টি.চি.ইউ.ৰ সৈতে কৰা চুক্তি উলংঘা কৰে।

কিন্তু নাটচি এপাৰেলত কাম কৰি থকা ২০ বছৰীয়া দলিত যুৱতী জেয়াশ্ৰী কাটিৰভেলৰ ধৰ্ষণ আৰু হত্যাৰ এবছৰ আগতেই ইষ্টমেনে বিষয়টো লৈ আলোচনাৰ বাবে ৰাজী হৈছিল। জেয়াশ্ৰীয়ে মাহৰ পিছত মাহ ধৰি কাৰখানাত তেওঁৰ তত্ত্বাৱধায়কৰ হাতত যৌন উৎপীড়নৰ বলি হৈ আহিছিল। তত্ত্বাৱধায়কজন আছিল উচ্চ জাতৰ, ২০২১ৰ জানুৱাৰীত জেয়াশ্ৰীক হত্যা কৰা হয়। এই অপৰাধৰ বাবে তত্ত্বাৱধায়কজনক অভিযুক্ত কৰা হৈছে।

জেয়াশ্ৰীৰ মৃত্যুৱে বস্ত্ৰ উদ্যোগটোৰ লগতে তাৰ উৰ্দ্ধতন কোম্পানীৰ বিৰুদ্ধে সকলোকে জগাই তুলিলে। এইচ.এণ্ডএম., গেপ আৰু পি.ভি.এইচ. আদিৰ দৰে কাপোৰৰ বহুজাতিক কোম্পানীলৈ কাপোৰৰ যোগান ধৰা এক্সমেন এক্সপ’ৰ্টৰ বিৰুদ্ধে শ্ৰমিকসকল সৰৱ হৈ পৰিল। জেয়াশ্ৰীৰ বাবে ন্যায়ৰ দাবীত অভিযান চলিল। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ইউনিয়নবোৰ, শ্ৰমিক সংঘবোৰ আৰু মহিলা সংগঠনবোৰ একত্ৰিত হৈ একেসুৰে “ইষ্টমেন এক্সপ’ৰ্টচৰ ওপৰত বিহিত ব্যৱস্থা” লোৱাৰ বাবে ফেছন ব্ৰেণ্ডবোৰক দাবী জনালে।

A protest by workers of Natchi Apparel in Dindigul, demanding justice for Jeyasre Kathiravel (file photo). More than 200 workers struggled for over a year to get the management to address gender- and caste-based harassment at the factory
PHOTO • Asia Floor Wage Alliance

জেয়াশ্ৰী কাটিৰাভেল (ফাইল ফটো)ৰ কাৰণে ন্যায় বিচাৰি দিণ্ডিগুলত নাটচি এপাৰেলৰ কৰ্মচাৰীৰ প্ৰতিবাদ কাৰখানাটোত লিংগভিত্তিক আৰু জাত -পাতক লৈ উৎপীড়নক লৈ ব্যৱস্থাপনাক পদক্ষেপ ল’বলৈ বাধ্য কৰাবলৈ ২০০ৰো অধিক কৰ্মচাৰীয়ে এবছৰৰো অধিক কাল সংগ্ৰাম কৰিবলগীয়া হ’ল

জেয়াশ্ৰীৰ সৈতে যি হ’ল, সেয়া কোনো বিচ্ছিন্ন ঘটনা নহয়। নাটচি এপাৰেলত কাম কৰা বহু মহিলাই তেওঁৰ মৃত্যুৰ পিছত আগুৱাই আহি তেওঁলোকে সন্মুখীন হোৱা উৎপীড়নৰ কথা ক’লে। পাৰিৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি কথা পাতিবলৈ সংকোচ  কৰা কিছুমানে ফোনতে পাৰিৰ সৈতে কথা পাতিলে।

“তত্ত্বাৱধায়কবোৰে (পুৰুষ) আমাক নিয়মিত দুৰ্ব্যৱহাৰ কৰে। আমি কামলৈ অহাত পলম হ’লে নাইবা নিৰ্ধাৰিত উৎপাদন কৰিব নোৱাৰিলে তেওঁলোকে আমাক গালি পাৰে আৰু খুবেই বেয়া ভাষা আৰু নীচ কথাৰে অপমান কৰে,” পোচাকৰ কৰ্মচাৰী ৩১ বছৰ বয়সীয়া কোচালাই কয়। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাছ কৰাৰ পিছত দলিত মহিলা কোচালাই পোচাকৰ কোম্পানীটোত কাম কৰাৰ এটা দশক পাৰ হ’ল। “তত্ত্বাৱধায়কসকলে দলিত মহিলাকে বেছিকৈ হাৰাশাস্তি কৰে। টাৰ্গেট মতে কাম শেষ কৰিব নোৱাৰিলে ‘ম’হ’, ‘কুকুৰণী’, ‘বান্দৰী’ আদি যিয়েই কটু মাত মুখলৈ আহে, সেয়াই মাতে,” তেওঁ কয়। “কিছুমান তত্ত্বাৱধায়কে আকৌ আমাক স্পৰ্শ কৰিবলৈ চেষ্টা কৰে, আমাৰ কাপোৰৰ ওপৰত মন্তব্য কৰে আৰু মহিলাৰ শৰীৰক লৈ অশ্লীল মন্তব্য কৰে।”

স্নাতক পৰীক্ষা পাছ কৰা লতাই আগলৈ পঢ়া-শুনাৰ খৰছ উলিয়াবলৈ বুলি কাৰখানাত যোগ দিছিল। (আঠ ঘণ্টাৰ চিফটৰ কাৰণে তেওঁৰ লগতে আন পোচাক চিলোৱা মহিলাই দিনে ৩১০ টকা মজুৰি পায়।) কিন্তু কাৰখানাৰ কাণ্ড-কাৰখানা দেখি তাই গভীৰ মানসিক অশান্তিত ভুগিলে। “পুৰুষ মেনেজাৰ, চুপাৰভাইজাৰ আৰু মেকানিক - সকলোৱে আমাক স্পৰ্শ কৰিবলৈ চেষ্টা কৰে আৰু অভিযোগ উত্থাপন কৰিবলৈ কোনো নাই,” কান্দোনত ভাগি পৰা লতাই কয়।

“মেকানিকে আপোনাৰ চিলাই মেচিনটো ভাল কৰিবলৈ আহিলে সি আপোনাক স্পৰ্শ কৰিব নাইবা যৌন অনুগ্ৰহ বিচাৰিব। আপুনি মানা কৰিলে তেওঁ আপোনাৰ মেচিনটো সময়ত ভাল নকৰে আৰু আপুনি টাৰ্গেটত পিছ পৰি ৰ’ব - তাৰপিছত আপোনাক আকৌ চুপাৰভাইজাৰ নাইবা মেনেজাৰে অশ্ৰাব্য গালি পাৰিব। কেতিয়াবা চুপাৰভাইজাৰে মহিলা কৰ্মীৰ কাষত বহি গা ঘঁহায়,” নিজ গাঁৱৰ পৰা কাৰখানালৈ ৩০ কিলোমিটাৰ বাট যাতায়ত কৰি অহা-যোৱা কৰা লতাই কয়।

মহিলাসকলে অভিযোগ কৰিবলৈ কোনো নাছিল, লতাই বুজাই কয়। “কাৰ ওচৰত অভিযোগ লৈ যাব? উচ্চ জাতৰ পুৰুষ মেনেজাৰ এজন বিৰুদ্ধে কোনো দলিত মহিলাই অভিযোগ উত্থাপন কৰিলে কোনে বিশ্বাস কৰিব?”

“কাৰ ওচৰলৈ যাম?” ৪২ বছৰ বয়সীয়া দিব্যা ৰাকিনীয়েও একেটা প্ৰশ্নই কৰে। টি.টি.চি.ইউ.ৰ ৰাজ্যিক সচিব ৰাকিনীয়ে নাটচি এপাৰেলক লিংগভিত্তিক উৎপীড়নৰ পৰা মুক্ত কৰিবলৈ দীঘলীয়া আন্দোলনৰ নেতৃত্ব দিছিল। জেয়াশ্ৰীৰ মৃত্যুৰ আগতে ২০১৩ত স্থাপিত দলিত মহিলাৰ দ্বাৰা পৰিচালিত ট্ৰেড ইউনিয়ন টি.টি.চি.ইউ.-য়ে তামিলনাডুত লিংগভিত্তিক হিংসা নিৰ্মূল কৰাৰ বাবে কাম কৰি আহিছে। এই ইউনিয়নত ১১,০০০ শ্ৰমিক অন্তৰ্ভূক্ত, তাৰে ৮০ শতাংশ বস্ত্ৰ আৰু পোচাক উদ্যোগৰ, ১২ খন জিলাত সিচঁৰতি হৈ আছে। ইউনিয়নৰ এই বিস্তৃতি পোচাক উৎপাদনৰ  কেন্দ্ৰস্থল কইম্ব’টো’ৰ, দিণ্ডিগুল, ইৰ’ড আৰু তিৰুপ্পুকো সামৰি লৈছে।

Thivya Rakini, state president of the Dalit women-led Tamil Nadu Textile and Common Labour Union.
PHOTO • Asia Floor Wage Alliance
Thivya signing the Dindigul Agreement with Eastman Exports Global Clothing on behalf of TTCU
PHOTO • Asia Floor Wage Alliance

বাওঁফালে : দলিত মহিলাৰ দ্বাৰা পৰিচালিত তামিলনাডু টেক্সটাইল এণ্ড কমন লেবাৰ ইউনিয়নৰ ৰাজ্যিক সচিব দিব্যা ৰাকিনী সোঁফালে : টি.টি.চি.ইউ.ৰ হৈ দিব্যাই ইষ্টমেন এক্সপ’ৰ্টচ গ্ল’বেল ক্লথিঙৰ সৈতে দিণ্ডিগুল চুক্তি স্বাক্ষৰ কৰিছে

“চুক্তিখনৰ আগতে কাৰখানাটোত (নাটচি)ত কোনো অভ্যন্তৰীণ অভিযোগ কমিটি (আই.চি.চি.) নাছিল,” দিব্যাই কয়। বৰ্তমান যিখন আই.চি.চি. আছে, সেইখনে মহিলাসকলকহে জবাবদিহি কৰিব খোজে, ২৬ বছৰ বয়সীয়া দলিত শ্ৰমিক মিনিয়ে কয়, তেওঁ ২৮ কিলোমিটাৰ দূৰৰ পৰা কামলৈ আহে। “আমাৰ অভিযোগ নিষ্পত্তি কৰিব, দূৰৰ কথা, তেওঁলোকে আমাকহে পোচাকৰ আৰু বহাৰ জ্ঞান দিবলৈ আহে,” তেওঁ কয়। “আমাক প্ৰস্ৰাৱগাৰলৈকো যাবলৈ দিয়া হোৱা নাছিল, অভাৰটাইম কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল আৰু আমাৰ প্ৰাপ্য ছুটীকেইটাও আমাক দিয়া হোৱা নাছিল।”

জেয়াশ্ৰীৰ মৃত্যুৰ পাছৰ উচিত বিচাৰৰ দাবীত কৰা প্ৰতিবাদত টি.টি.চি.ইউ.-য়ে কেৱল যৌন হিংসা ৰোধ কৰাৰ বাবেই ব্যৱস্থা গ্ৰহণৰ দাবী তোলা নাছিল, বলপূৰ্বক অভাৰটাইম, বাথৰুম বিৰতি নিদিয়া আৰু অনান্য সমস্যাবোৰৰো সমাধান বিচাৰিছিল।

“কোম্পানীটোৱে ইউনিয়নৰ বিৰোধাৱস্থানত আছিল, সেয়ে প্ৰায়ভাগ কৰ্মচাৰীয়ে ইউনিয়নৰ সদস্য হোৱাৰ কথাটো লুকুৱাই ৰাখিছিল,” দিব্যাই কয়। কিন্তু জয়শ্ৰীৰ মৃত্যুৰ পিছত ক্ষোভৰ উদগীৰণ ঘটিল। কাৰখানাৰ পৰা ভাবুকি পোৱা স্বত্ত্বেও ৰমা, লতা আৰু মিনিয়ে প্ৰতিবাদৰ পৰা আঁতৰি নাহিল। প্ৰায় ২০০ৰো অধিক মহিলাই এবছৰ আগতে প্ৰতিবাদী কাৰ্য্য়সূচীত অংশগ্ৰহণ কৰিছিল। জেয়াশ্ৰীক ন্যায়ৰ বাবে বহু মহিলাই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সংস্থাবোৰলৈ লিখিত বিবৃতি দিছিল।

অৱশেষত টি.টি.চি.ইউ. আৰু আন দুটা সংস্থাই আন্তঃৰাষ্ট্ৰীয় ফেছন যোগান শৃংখলত চলি থকা হিংসা আৰু হাৰাশাস্তিৰ সমস্যা সমাধানৰ বাবে চলোৱা অভিযানৰ অন্তত এছিয়া ফ্ল’ৰ ৱেজ এলায়েন্স (এ.এফ.ডব্লিউ.এ.) আৰু গ্ল’বেল লেবাৰ জাষ্টিচ-ইণ্টাৰনেচনেল লেবাৰ ৰাইটচ্ ফ’ৰাম (জি.এল.জে.-আই.এল.আৰ.এফ.)য়ে এইচ.এণ্ডএম.ৰ সৈতে এইবছৰ এপ্ৰিল মাহত বলৱৎযোগ্য় ব্ৰেণ্ড চুক্তি স্বাক্ষৰ কৰে।

তিনিটা সংস্থাই যৌথভাৱে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি অনুযায়ী ভাৰতত স্বাক্ষৰিত হোৱা বলৱৎ যোগ্য ব্ৰেণ্ড চুক্তি এইখনেই প্ৰথম। “পোচাকৰ কাৰখানা আৰু কাপোৰ আৰু বস্ত্ৰ উদ্যোগক সামৰি কৰা এইখন প্ৰথমখন ই.বি.এ.।”

তাৰোপৰি স্বাক্ষৰকৰ্তাসকলে যুটীয়াভাৱে “লিংগ, জাতি, অথবা প্ৰব্ৰজন কৰা-নকৰা আদি নিৰ্বিশেষে বৈষম্য নিৰ্মূল কৰা, স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে বস্ত্ৰ উদ্য়োগৰ বিতৰত পাৰস্পৰিক সাংস্কৃতিক মৰ্য্যাদা সৃষ্টিৰ বাবে” অংগীকাৰ কৰিছে।

The Dindigul Agreement pledges to end gender-based violence and harassment at the factories operated by Eastman Exports in Dindigul. ‘It is a testimony to what organised Dalit women workers can achieve,’ Thivya Rakini says
PHOTO • Antara Raman
The Dindigul Agreement pledges to end gender-based violence and harassment at the factories operated by Eastman Exports in Dindigul. ‘It is a testimony to what organised Dalit women workers can achieve,’ Thivya Rakini says
PHOTO • Antara Raman

দিণ্ডিগুলত ইষ্টমেন এক্সপ ’ৰ্টচে চলোৱা উদ্যোগবোৰত লিংগভিত্তিক হিংসা আৰু উৎপীড়ন নিৰ্মূল কৰিবলৈ দিণ্ডিগুল চুক্তিখনে অংগীকাৰ কৰিছে ‘সংগঠিত হৈ দলিত শ্ৰমিক মহিলাই কি পৰ্য্যায়ত সফলতা লাভ কৰিব পাৰে, তাৰেই ই এক নিদৰ্শন,’ দিব্যা ৰাকিনীয়ে কয়

চুক্তিখনে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিকৰ মানক অনুসৰণ কৰে আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ হিংসা আৰু নিৰ্য্যাতনৰ চনদৰ পৰা অনুপ্ৰেৰণা লৈছে। ই দলিত মহিলাৰ অধিকাৰ, সংগঠিত হোৱাৰ তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকে সংঘ গঠন আৰু যোগদান কৰাৰ অধিকাৰ সুৰক্ষিত কৰে। অভিযোগ গ্ৰহণ আৰু তদন্ত কৰা আৰু উচিত নিৰাময়ৰ ব্যৱস্থা কৰাৰ বাবে অভ্যন্তৰীণ অভিযোগ কমিটিখনকো সহায় কৰে। চুক্তিৰ নীতিসমূহ বলৱৎ হৈছে নে নাই সেয়া মূল্যায়ন কৰাৰ বাবে স্বতন্ত্ৰ মূল্যায়নকাৰী থাকিব আৰু এই নীতিসমূহ মানি নচলিলে ইষ্টমেন এক্সপ’ৰ্টে এইচ.এণ্ডএম.ৰ পৰা ব্যৱসায়ীক পৰিণতি ভুগিব লাগিব।

দিণ্ডিগুল চুক্তিখনে নাটচি এপাৰেল আৰু ইষ্টমেন স্পিনিং মিলচৰ (দিণ্ডিগুলতে আছে) সকলো কৰ্মীক সামৰি লয়, এনে কৰ্মীৰ সংখ্যা ৫,০০০ৰো অধিক। তাৰে প্ৰায়ভাগেই মহিলা আৰু সৰহসংখ্যকেই দলিত। “এই চুক্তিখনে বস্ত্ৰ উদ্যোগত কৰ্মৰত মহিলাসকলৰ কৰ্মৰ পৰিৱেশ লক্ষণীয়ভাৱে উন্নত কৰিব। দলিত মহিলাই কি এটা পৰ্য্যায়ত সফলতা লাভ কৰিব পাৰে, তাৰেই ই এক নিদৰ্শন,” দিব্যাই কয়।

“জেয়াশ্ৰী আৰু মোৰ আন ভগ্নীসম সহকৰ্মীসকলৰ সৈতে কি হৈছে তাকে লৈ মই দুখ কৰি নাথাকো,” ৩১ বছৰ বয়সীয়া মাল্লিয়ে কয়। “জেয়াশ্ৰী আৰু আন মহিলাসকলৰ সৈতে যি হৈ গ’ল, সেয়া যাতে আন কাৰো লগত নঘটে, তাকে এই চুক্তিখনৰ জৰিয়তে নিশ্চিত কৰাৰ বাবে আমি চেষ্টা কৰাত মই মন দিম।”

পৰিৱৰ্তন স্পষ্ট দেখা গৈছে। “চুক্তিৰ পিছত কৰ্মপৰিৱেশ যথেষ্ট সলনি হৈছে। সঠিক বাথৰুম ব্ৰেক আৰু দুপৰীয়াৰ আহাৰৰ বিৰতি দিয়া হৈছে। আমাৰ ছুটী বৰ্খাস্ত কৰা নহয়, বিশেষকৈ আমাৰ বেমাৰ হ’লে। জোৰ-জবৰদস্তি অভাৰটাইম কৰোৱা নহয়। চুপাৰভাইজাৰে মহিলা শ্ৰমিকক দুৰ্ব্যৱহাৰ নকৰে। আনকি মহিলা দিৱসত আৰু পংগলত তেওঁলোকে শ্ৰমিকসকলক মিঠাই দিবলৈ লৈছে,” লতাই কয়।

ৰমা সুখী। “পৰিস্থিতি এতিয়া সলনি হৈছে। চুপাৰভাইজাৰে আমাৰ সৈতে সসম্ভ্ৰমে কথা পাতে,” তেওঁ কয়। শ্ৰমিকৰ অভিযানৰ সময়ত তেওঁ দিনে-ৰাতি কাম কৰিছে, প্ৰতিঘণ্টাত ৯০ টাকৈ অন্তৰ্বাস চিলাইছে। এই কামত বৰ তীব্ৰ পিঠিৰ বিষ হয়, উপায় নাপয়, তেওঁ কয়। “এই উদ্যোগটোত কাম কৰিলে এনেকুৱাই হয়।”

সন্ধিয়া ঘৰলৈ যাবলৈ কোম্পানীৰ বাছৰ বাবে অপেক্ষা কৰা ৰমাই কয়, “আমি শ্ৰমিকসকলৰ কাৰণে বহুত কিবাকিবি কৰিব পাৰো।”

এই প্ৰতিবেদনৰ বাবে লোৱা সাক্ষাৎকাৰত বস্ত্ৰ শ্ৰমিকসকলৰ নামবোৰ গোপনীয়তা ৰক্ষাৰ কাৰণে সলনি কৰা হৈছে

অনুবাদ: পংকজ দাস

Gokul G.K.

Gokul G.K. is a freelance journalist based in Thiruvananthapuram, Kerala.

Other stories by Gokul G.K.
Illustrations : Antara Raman

Antara Raman is an illustrator and website designer with an interest in social processes and mythological imagery. A graduate of the Srishti Institute of Art, Design and Technology, Bengaluru, she believes that the world of storytelling and illustration are symbiotic.

Other stories by Antara Raman
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das