তেওঁলোক কৃষকো। যদি তেওঁলোকৰ বুকুত গৌৰৱেৰে সজাই থোৱা পদকবোৰ নাথাকিলেহেঁতেন, তেতিয়াহʼলে তেওঁলোক দিল্লীৰ দুৱাৰমুখত সমবেত হোৱা কৃষকসকলৰ জনসমুদ্ৰৰ মাজত ক'ৰবাত হেৰাই গʼলহেতেন, তেওঁলোক প্ৰবীণ ৰণনায়ক। পাকিস্তানৰ লগত হোৱা ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত সাহসিকতা প্ৰদৰ্শনৰ বাবে তেওঁলোকক সন্মানিত কৰা হৈছিল, তেওঁলোকৰ মাজত একাংশই আকৌ ১৯৮০ চনত শ্ৰীলংকাতো সেৱা আগবঢ়াইছে। তেওঁলোক খঙত আছে আৰু বিশেষকৈ চৰকাৰ আৰু মিডিয়াৰ শক্তিশালী শ্ৰেণীৰ দ্বাৰা এই প্ৰতিবাদকাৰীসকলক ৰাষ্ট্ৰ বিৰোধী, সন্ত্ৰাসবাদী আৰু খালিস্তানি আখ্যা দিয়াৰ বাবে তেওঁলোকৰ বেছি খং উঠিছে।

পাঞ্জাৱৰ লুধিয়ানা জিলাৰ গীল গাঁৱৰ পৰা অহা ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত)এছ এছ গীলে মোক কয়, এয়া দুখলগা কথা যে চৰকাৰে কৃষকৰ শান্তিপূৰ্ণ প্ৰতিবাদক শক্তিৰে দমন কৰিছে। তেওঁলোকে দিল্লীলৈ আহিব বিচাৰিছিল, কিন্তু চৰকাৰে তেওঁলোকক বাধা দিছিল, যিটো নিষ্ঠুৰ আৰু ভুল পদক্ষেপ। সিহঁতে বেৰিকেড নিৰ্মাণ কৰিছিল, ৰাস্তা খান্দিছিল, সিহঁতক লাঠিৰে কোবাইছিল আৰু কৃষকসকলৰ ওপৰত পানীৰ কামান ব্যৱহাৰ কৰিছিল। কি কাৰণে? কিয়? সেয়া কৰাৰ কাৰণ কি? এয়া কৃষকসকলৰ দৃঢ় সংকল্পৰ পৰিণাম যে তেওঁলোকে সেই সকলো বাধা অতিক্ৰম কৰিছে।

নিজৰ সক্ৰিয় সেৱাৰ বাবে ১৩ টা পদক লাভ কৰা ৰণনায়ক, ৭২ বছৰীয়া গিলৰ ১৬ গৰাকী সদস্যৰ পৰিয়ালৰ গিলত কেই একৰমান মাটি আছে। তেওঁ ১৯৭১ চনৰ যুদ্ধত অংশ লৈছিল আৰু পিছত অন্য সেনাবাহিনীৰ কামত সেৱা আগবঢ়ায়। তাৰ ভিতৰত ১৯৯০ চনৰ পাঞ্জাৱৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান উল্লেখযোগ্য।

“কৃষকসকলক এই আইনবোৰৰ সৰ্ন্দভত কোনো কথা নোসোধাৰ লগতে কোনো পৰামৰ্শ লোৱা হোৱা নাছিল,” ব্ৰিগেডিয়াৰ গিলে কয়। “দিল্লীৰ দুৱাৰডলিতে চলি থকা এয়া বিশ্বৰ বৃহৎ বিপ্লৱসমূহৰ ভিতৰত বৃহত্তম বিপ্লৱ। মই বুজি পোৱা নাই যে চৰকাৰে এই আইনবোৰ বাতিল কিয় নকৰে, যিটো ইতিমধ্যেই কৰিব লাগিছিল।”

লাখ লাখ কৃষকে তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি আছে যি তিনিখন  প্ৰথমে কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ৫ জুনত অধ্যাদেশ হিচাপে জাৰি কৰিছিল আৰু ১৪ ছেপ্টেম্বৰত সদনত উত্থাপন কৰাৰ পিছত সেই মাহৰ ২০ তাৰিখে আইনত পৰিণত হৈছিল। এই তিনিওখন আইন হ’ল - কৃষি পণ্য ব্যৱসায়ী আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ)আইন,২০২০ ; শস্যৰ(কৰ্তৃত্বশীল আৰু সংৰক্ষণ)মূল্য নিৰ্দ্ধাৰণ আৰু কৃষি সেৱা চুক্তি আইন, ২০২০ আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন)আইন, ২০২০ । ইয়াৰ উপৰিও এই আইনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বাবে সমালোচিত হৈছে।

The decorated war veterans are participating in the farmers' protests and demanding a repeal of the new farm laws
PHOTO • Amir Malik

পদকৰে সম্মানিত হোৱা যুদ্ধৰ এই নায়কসকল কৃষকসকলৰ আন্দোলনত অংশ লৈ আছে আৰু কৃষি আইনসমূহ বাতিল কৰাৰ বাবে দাবী কৰিছে।

এই আইনখনে কৃষকসকলক ক্ষুদ্ধ কৰিছিল, তেওঁলোকে এইবোৰক ক’ৰ্পোৰেটৰ লাভৰ বাবে তেওঁলোকৰ জীৱিকা মাৰি পেলোৱাৰ ৰুপত দেখিছে। এই আইনবোৰক এই কাৰণে সমালোচনা কৰা হৈছে কাৰণ সেইবোৰে দেশৰ সংবিধানৰ অনুচ্ছেদ ৩২ক দুৰ্বল কৰি সকলো নাগৰিকৰে আইনী অধিকাৰ দুৰ্বল কৰিছে

নতুন আইনবোৰে নূন্যতম সমৰ্থন মূল্য, কৃষি উৎপাদন বিপণন সমিতিবোৰক, ৰাজ্যৰ দ্বাৰা ক্ৰয় ইত্যাদি কৃষকসকলক সহায় কৰা সকলোবোৰ বিশেষভাৱে দুৰ্বল কৰিছে। ইয়াৰ লগতে এই আইনবোৰে কৃষকৰ আৰম্ভণিৰে পৰা দৰ-দাম কৰাৰ   সীমিত শক্তিক হ্ৰাস কৰি কৃষিত ক’ৰ্পোৰেট গোষ্ঠীৰ শক্তি বৃদ্ধি কৰিছে।

“এয়া অকল ভুল পদক্ষেপেই নহয়, চৰকাৰ প্ৰকৃততে ক’ৰ্পোৰেটৰ পকেটলৈ গুছি গৈছে,” পাঞ্জাৱৰ লুধিয়ানাৰ লেফটেনেণ্ট কৰ্ণেল জগদীশ সিং বৰাড়ে (অৱসৰপ্ৰাপ্ত) কয়।

আৰু স্পষ্টতঃ চৰকাৰ আৰু মিডিয়াই বোকা ছটিওৱা কাম কৰাৰ বাবে এই নায়কসকল বেছি ক্ষুব্ধ হৈছে।

“যেতিয়া আমি দেশৰ বাবে যুদ্ধ কৰি আছিলো এই ব্যৱসায়ৰ বহুত দূৰলৈ অস্তিত্ব নাছিল,” সেনাবাহিনীত থকাৰ সময়ত ১০ টা পদক অৰ্জন কৰা লেফটেনেণ্ট কৰ্ণেল বৰাড়ে কয়। “নে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আছিল, নে ভাৰতীয় জনতা পাৰ্টিৰ কিবা অস্তিত্ব আছিল।” মোগা জিলাৰ খোটে গাঁৱত ১১ একৰ মাটি থকা দহজনীয়া সদস্যৰ পৰিয়াল থকা ৭৫ বছৰীয়া বয়োজ্যেষ্ঠ ৰণনায়কজনে কয়, উল্লেখ্য যে তেওঁ ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত ভাগ লৈছিল।

সিংঘুৰ প্ৰতিবাদস্থলীত উপস্থিত থকা বহুত অৱসৰপ্ৰাপ্ত বিষয়াসকল এতিয়া খেতিত সক্ৰিয় নহয়, কিন্তু তেওঁলোকৰ পৰিচয় সম্পূৰ্ণৰুপে কৃষকৰ দৰে।

Left: Lt. Col. Jagdish S. Brar fought in the 1965 and 1971 wars. Right: Col. Bhagwant S. Tatla says that India won those wars because of farmers
PHOTO • Amir Malik
Left: Lt. Col. Jagdish S. Brar fought in the 1965 and 1971 wars. Right: Col. Bhagwant S. Tatla says that India won those wars because of farmers
PHOTO • Amir Malik

বাওঁফালেঃ লেফটেন্ট কৰ্ণেল জগদীশ এছ বৰাড়ে ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত যুদ্ধ কৰিছিল। সোঁফালেঃ কৰ্ণেল ভগৱন্ত এছ তাতলায়ে কয় যে ভাৰতে সেইবোৰ যুদ্ধ কৃষকসকলৰ বাবে জয়ী হৈছিল

“আমি প্ৰতিবাদকাৰী কৃষকসকলক সমৰ্থন কৰি আছো কাৰণ আমি তেওঁলোকৰ ওচৰত ঋণী,” লুধিয়ানা জিলাৰ মুল্লনপুৰ ঢাকা গাঁৱৰ ৫ একৰ মাটি থকা কৰ্ণেল ভগৱন্ত এছ তাতলা (অৱসৰপ্ৰাপ্ত) কয়। “এইসকল কৃষকৰ বাবে আমি পাকিস্তানৰ লগত ১৯৬৫ আৰু ১৯৭১ চনৰ দুখন ডাঙৰ যুদ্ধ জয় কৰিব পাৰিছিলো,” পদক অৰ্জন কৰা ৭৮ বছৰীয়া ব্যক্তিজনে কয়। তাতলাৰ চাৰ্ভিছ ৰেৰ্কডে দেখুবায় যে তেওঁ কেনেকৈ হাবিলদাৰ পদৰ পৰা কৰ্ণেল পদলৈ উন্নীত হৈছিল।

লেফটেনেন্ট কৰ্ণেল বৰাড়ে কয়, “আপোনাৰ নিচিনা যুৱকসকলে কেনেকৈ জানিবা! কৃষকসকলে সহায় কৰাৰ বাবে ভাৰতে এইবোৰ যুদ্ধত জয়ী হৈছিল। পাকিস্থানৰ লগত থকা পেটন টেংক তেতিয়া বিশ্বৰ শেহতীয়া, ধুনীয়া আৰু দ্ৰুতবেগী টেংক আছিল। আমাৰ লগত একো নাছিল, আমাৰ লগত আনকি জোতাও নাছিল। অতিৰিক্তভাবে ভাৰতীয় সেনাৰ গোলা-বাৰুদ কঢ়িয়াই নিয়াৰ বাবে ট্ৰাক বা ফেৰী নাছিল। সঁচা ক’ব গলে আমাৰ লগত পাকিস্থানৰ লগত থকা আমাৰ সীমাত পৰ্যাপ্ত সেনা নাছিল।”

তেওঁ ব্যাখ্যা কৰিছিল, “এই পৰিস্থিতিত পাঞ্জাৱৰ মানুহে আৰু কৃষকসকলে আমাক কৈছিল, ইয়াৰ বাবে চিন্তা নকৰিব। আগুৱায় যাওক আৰু আমি আপোনালোকক খাদ্য যোগান ধৰিম আৰু আৰু গোলা-বাৰুদ কঢ়িয়াই নিয়া বাহনবোৰো চোৱাচিতা কৰিম।” পাঞ্জাৱৰ সকলো ট্ৰাক এই কামত লাগি গৈছিল, এঠাইৰ পৰা আন ঠাইলৈ  গোলা-বাৰুদ কঢ়িয়াই নিয়া হৈছিল আৰু এইদৰে সেনাবাহিনী সক্ৰিয় আছিল আৰু ভাৰতে যুদ্ধত জয়ী হৈছিল। ১৯৭১ চনৰ পূব পাকিস্থান, এতিয়া বাংলাদেশৰ যুদ্ধতো এনেকুৱা হৈছিল। যদি স্থানীয়লোকে আমাক সহায় নকৰিলেহেঁতেন, হয়তো যুদ্ধ জয় কৰা কঠিন হ’লহেঁতেন। তাতো,(সীমান্তত)স্থানীয়লোকসকল কৃষক আছিল। ৱাৰেণ্ট বিষয়া (অৱসৰপ্ৰাপ্ত) গুৰটেক সিং বিৰ্কৰ পৰিয়াল বিভাজনৰ সময়ত মল্লযোদ্ধাৰ নগৰ হিচাপে জনাজাত পাকিস্থানৰ গুজৰাংবালাৰ পৰা উত্তৰ প্ৰদেশৰ পিলিভীত জিলালৈ আহিছিল। সেই জিলাৰ পুৰণপুৰ গাঁৱৰ প্ৰায় ১৮ সদস্যৰ তেওঁৰ বৃহৎ পৰিয়ালৰ লগত প্ৰায় ১৭ একৰ মাটি আছে। ককাদেউতাক (ব্ৰিটিছৰ শাসনৰ সময়ত) আৰু তেওঁৰ দেউতাক দুয়ো উপআৰক্ষী অধীক্ষক আছিল। তেওঁৰ ডাঙৰ ককাই অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান আছিল আৰু বিৰ্ক নিজে ভাৰতীয় বায়ুসেনাত আছিল।

Warrant Officer Gurtek Singh Virk (left) received the Chief of Air Staff Commendation for his service. He says his family hasn't forgotten its farming roots
Warrant Officer Gurtek Singh Virk (left) received the Chief of Air Staff Commendation for his service. He says his family hasn't forgotten its farming roots
PHOTO • Amir Malik

ৱাৰেণ্ট বিষয়া  গুৰটেক সিং বিৰ্কে (বাওঁফালে) সেৱাৰ বাবে চীফ অফ এয়াৰ স্টাফ কমেণ্ডেছন লাভ কৰিছিল। তেওঁ কয় যে তেওঁৰ পৰিয়ালে খেতিৰ মুল্য পাহৰা নাই।

“কিন্তু আমাৰ প্ৰকৃত পৰিচয় সেইবোৰ কৃষকৰ দৰে আৰু সেয়া আমি কেতিয়াও নাপাহৰো, প্ৰাক্তন আই এ এফ বিষয়াগৰাকীয়ে কয়। তেওঁলোক সীমাৰ বিপৰীত ফালেও কৃষক আছিল,” তেওঁ কয়। “আৰু ৭০ বছৰৰ পিছত আমাৰ এই স্থিতি যে ভাৰত চৰকাৰে (এইবোৰ) আইনবোৰ গৃহীত কৰি আমাক আকৌ ভূমিহীন কৰিব। এই সকলো হৈছে ব্যৱসায়ীসকলৰ স্বাৰ্থত, যিসকলে মানৱীয় মূল্যৰ কথা নাভাৱে, মাত্ৰ নিজৰ লাভৰ চিন্তা কৰে ।”

“তেতিয়া আমি যুদ্ধ কৰি আছিলো, আমাৰ পিতৃ-মাতৃয়ে খেতি কৰি আছিল। এতিয়া আমাৰ সন্তানে সীমান্তত আছে আৰু আমি খেতি কৰি আছো,” লুধিয়ানা জিলাৰ  যছৱিন্দৰ সিং গাৰ্চাই কয়। তেওঁ ১৯৭১ চনৰ যুদ্ধত অংশ লৈছিল আৰু পাঁচটা পদক অৰ্জন কৰিছিল। এতিয়া ৭০ বছৰ বয়সত গাৰ্চা এগৰাকী অভিযন্তা কিন্তু তেওঁৰ প্ৰথম পৰিচয় কৃষক। তেওঁ তেওঁৰ পুত্ৰৰ সহায়ত যছৱাল গাঁৱত ফাৰ্ম চলাই আছে।

“এতিয়া সদায় চৰকাৰে চিঞৰি থাকে যে চীন আৰু পাকিস্তান আমাৰ সীমাত প্ৰৱেশ কৰিছে। সিহঁতৰ গুলীৰ মুখামুখি কোন হ'ব?  অমিত শ্বাহ নে মোদী? এয়া আমাৰ সন্তান সকলে ইয়াৰ সম্মুখীন হ'ব,” লেফটেনেন্ট কৰ্ণেল বৰাড়ে কয়।

“মই নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি আছিলো,” লেফটেনেন্ট কৰ্ণেল এছ এছ সোহীয়ে কয়, কিন্তু এই পদক্ষেপ সম্পূৰ্ণৰূপে ভুল। চৰকাৰে কৃষিক সম্পূৰ্ণৰূপে ধ্বংস কৰি আছে। সোহী জ্যেষ্ঠ সকলৰ সমস্যা সমাধান কৰা আৰু শ্বহীদ সৈনিকৰ বিধবাসকলক সাহায্য দিয়াৰ বাবে থকা প্ৰাক্তন সৈনিকৰ অভিযোগ শাখাৰ সভাপতি।

লেফটেনেন্ট কৰ্ণেল সোহী ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত যুদ্ধ কৰিছিল। তেওঁ ১২ টা পদক পাইছিল - তাৰে ভিতৰত জৰুৰীকালীন আৰু শান্তিপূৰ্ণ অভিযানত প্ৰদৰ্শন কৰা ভূমিকাৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰা পোৱা এটা পদকো আছিল। তেওঁৰ চাৰিটা সদস্যৰ পৰিয়ালৰ হাৰিয়ানাৰ কৰ্ণাল জিলাৰ নিলোখেৰী গাঁৱত ৪ একৰ মাটি আছিল, সেইখিনি কিছু বছৰ পূৰ্বে পাঞ্জাৱৰ মোহালিত থকাৰ বাবে বিক্ৰী কৰি দিছিল।

Left: Lt. Col. S. S. Sohi says, 'The government is ruining farming altogether'. Right: The war heroes say they are angry at the demonisation of farmers
PHOTO • Amir Malik
Left: Lt. Col. S. S. Sohi says, 'The government is ruining farming altogether'. Right: The war heroes say they are angry at the demonisation of farmers
PHOTO • Amir Malik

বাওঁফালেঃ চৰকাৰে খেতিক সম্পূৰ্ণৰুপে ধ্বংস কৰি আছে, লেফটেনেন্ট কৰ্ণেল এছ এছ সোহী কয় (বাওঁফালে)। সোঁফালেঃ ৰণনায়কসকলে কয় যে কৃষকসকলক বদনাম কৰাৰ বাবে তেওঁলোক ক্ষোভিত হৈ আছে

তেওঁ বিশ্বাস কৰে, “ৰাজনৈতিক নেতাসকলে ক’ৰ্পোৰেটৰ পৰা বহুত কিছু লৈছে আৰু সেই টকাৰে নিৰ্বাচন খেলিছিল। এতিয়া সিহঁতে এই আইনবোৰৰ জৰিয়তে তেওঁলোকক সেই টকা উভতাই দিব বিচাৰিছে। সেয়া দুখৰ কথা, তেওঁ কয়, ভাৰতৰ মূল শাসকেই ব্যৱসায়িক সম্প্ৰদায়ৰ। সেইবাবে সিহঁত অকল ব্যৱসায়ী পৰিয়ালৰ কথা ভাৱে।”

“ক’ৰ্পোৰেটে সিহঁতৰ বিৰুদ্ধে কথা কোৱাটো নিবিচাৰে, লেফটেনেন্ট কৰ্ণেল বৰাড়ে কয়। আইনবোৰ কৃষকসকলৰ ভালৰ বাবেহে বুলি কৈ প্ৰধানমন্ত্ৰীয়ে আপোনালোকক আভুৱা ভাঁৰিছে। তেওঁ আমাক বিহাৰৰ উদাহৰণ দিয়ে। সেই দুখীয়া ৰাজ্যখনে ১৪ বছৰ পূৰ্বে বজাৰ ব্যৱস্থাক নোহোৱা কৰিছিল (পৰিণতি আছিল শোচনীয়),” তেওঁ কয়। “মই মোৰ গাঁৱত খেতি কৰাৰ বাবে মোৰ ১১ একৰ মাটি মোৰ ভাইজনক দি দিছোঁ। মোৰ বয়সৰ বাবে এতিয়া খেতি কৰিব নোৱাৰা হৈছো ।”

“নিজৰ ৰাজ্যৰ ১০ একৰ মাটি থকা কৃষকে পাঞ্জাৱৰ ৫ একৰৰ খেতি থকা খেতিয়কৰ ওচৰত কৃষি শ্ৰমিক হিচাপে কাম কৰে,” লেফটেনেন্ট কৰ্ণেল বৰাড়ে কয়। “মাটিৰ গৰাকী কৃষকসকলক ভিক্ষা খোজাৰ নিচিনাকৈ বাধ্য কৰাৰ দৰে লজ্জাজনক কথা আৰু কি হ'ব পাৰে? তেওঁলোকক ভূমিহীন কৰা?, কৃষকক ভূমিহীন কৰাটোৱে এই আইনৰ পৰিণতি বুলি নিশ্চিতি দি তেওঁ কয়।

বাস্তৱত এয়া কি হ'ব পাৰে, মই অল ইণ্ডিয়া ফ’ৰাম ফৰ ৰাইট টু এডুকেছন আৰু লুধিয়ানাৰ ছহিদ ভগত সিং ক্ৰিয়েটিভিটি চেন্টাৰৰ অধ্যক্ষ অধ্যাপক জগমোহন সিঙে সোধে। “হয়, যদি এই আইনবোৰৰ বাতিল কৰিব পৰা নাযায়, তেতিয়া এয়াই আমাৰ ভৱিষ্যতে হ'ব। য’তে ক’পোৰেটৰ মন যাব তাৰ পৰাই কৃষকসকলক  মাটিৰ পৰা বেদখল কৰিব। ইয়াৰ এক মূখ্য উদাহৰণ ব্ৰাজিল, য’ত ৮০ৰ দশকত কৃষকসকলে এইধৰণৰ মাটি কাঢ়ি নিয়াৰ বিৰুদ্ধে ডাঙৰ আন্দোলন গঢ়ি তুলিছিল,” তেওঁ মোক কৈছিল।

Left: Brig. S. S. Gill calls the government's use of force on peacefully protesting farmers as 'pathetic'. Right: Col. Jaswinder Garcha now farms on his land in Ludhiana's Jassowal village
Left: Brig. S. S. Gill calls the government's use of force on peacefully protesting farmers as 'pathetic'. Right: Col. Jaswinder Garcha now farms on his land in Ludhiana's Jassowal village
PHOTO • Amir Malik

বাওঁফালে: বিগেডিয়েৰ এছ এছ গিলে কয় যে কৃষকসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ ওপৰত চৰকাৰে বল প্ৰয়োগ কৰাতো পুতৌজনক। সোঁফালে: কৰ্ণেল যছৱিন্দৰ গাৰ্চাই এতিয়া লুধিয়ানাৰ জছোৱাল গাঁৱত নিজৰ মাটিত খেতি কৰে

“চৰকাৰে কাল্পনিক কৃষকসকলক সম্মুখলৈ আনি আমাক ভাগ ভাগ কৰাৰ চেষ্টা কৰি আছে, কৈছে যে আমি এই আইনবোৰক সমৰ্থন কৰি আছো। মই নাজানো কোনো কৃষকে সঁচাকৈয়ে সেই আইন সমৰ্থন কৰিব পাৰিব,” ব্ৰিগেডিয়াৰ গিলে কয়।

প্ৰতিবাদকাৰীসকলক ভাগ ভাগ কৰাৰ চেষ্টা কৰা যাব, কৰ্ণেল গাৰ্চাই সাৱধানবাণী শুনায়, ধৰ্মৰ আধাৰত কব আপুনি শিখ বা মুছলমান বা হিন্দু নাইবা অঞ্চলৰ আধাৰত আপুনি পাঞ্জাৱী, হাৰিয়ানাৱী নাইবা বিহাৰী।

লেফটেনেন্ট কৰ্ণেল বৰাড়ে লগতে কয়, “চৰকাৰে হাৰিয়ানা আৰু পাঞ্জাৱৰ মানুহক পুৰণি জল বিবাদৰ ব্যৱহাৰ কৰি তেওঁলোকক এজনক আনজনৰ লগত কাজিয়া লগাযই দিয়াৰ চেষ্টা কৰিব। কিন্তু দুয়োখন ৰাজ্যৰ মানুহে এই কথা ভালকৈ বুজি পায় যে যদি মাটিয়ে নাথাকে তেতিয়া পানীৰ কি কাম থাকিব?”

এই প্ৰাক্তন সৈনিক আৰু ৰণনায়কসকলে দেশ ৰক্ষাৰ ভূমিকাৰ বাবে ৫০ ৰো অধিক পদক পাইছে। যদি চৰকাৰে আঁকোৰগোঁজ  হৈ থাকে তেন্তে তেওঁলোকে তেওঁলোকৰ পদক ভাৰতৰ ৰাষ্ট্ৰপতি - সশস্ত্ৰ সেনাবাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰক ঘূৰাই দিয়াৰ কথা ভাবিছে।

“মই মাত্ৰ ইচ্ছা আৰু প্ৰাৰ্থনা কৰো যে চৰকাৰৰ শুভ বুদ্ধিৰ উদয় হওঁক আৰু তেওঁলোকে আইনবোৰ বাতিল কৰি কৃষকসকলক ঘৰলৈ উভতি যাবলৈ দিয়ক,” ব্ৰিগেডিয়েৰ গিলে কয়। “তেতিয়াহে এইবোৰ অন্ত পৰিব।”

অনুবাদ - ভৱেশ মেধি

Amir Malik

Amir Malik is an independent journalist, and a 2022 PARI Fellow.

Other stories by Amir Malik
Translator : Bhabesh Medhi

Bhabesh Medhi is a journalist based in Guwahati. He is recipient two times of Reach Media Fellowship under which he has been reporting on health issues. He is also recipient two times of Unicef Media Fellowship under which he has been reporting on child issues He can be reached at [email protected]

Other stories by Bhabesh Medhi