প্ৰথম ক’ভিড-১৯ লকডাউন যেতিয়া ২০২০ৰ ২৪ মাৰ্চত আৰম্ভ হয়, হাজাৰ হাজাৰ সাধাৰণ ভাৰতীয় গভীৰ সংকটত পৰে।

“আমাৰ হাতৰ মুঠিত থকা টকাকেইটাও নাইকিয়া হ’ল।” জম্মুত লকডাউনৰ আৰম্ভণিত নিৰ্মাণ ছাইটত কাম কৰা শ্ৰমিক মোহন লাল আৰু তেওঁৰ পত্নী নৰ্মদাবাইয়ে দেখিল যে তেওঁলোকৰ হাতত মুঠে ২০০০ টকা আছে। তেওঁলোকে ৰেচন-পাতি কিনিবলৈ ঠিকাদাৰৰ পৰা টকা ধাৰে ল’বলগীয়া হ’ল।

২০২০ৰ এপ্ৰিল আৰু মে’ মাহত নিবনুৱাৰ হাৰ ২৩ শতাংশ বাঢ়িছিল - সেয়া ২০২০ৰ ফেব্ৰুৱাৰীৰ তুলনাত তিনিগুণ বেছি আছিল (৭.৩ শতাংশ), ষ্টেট অৱ ৰুৰেল এণ্ড এগ্ৰেৰিয়ান ইণ্ডিয়া ৰিপ’ৰ্ট, ২০২০ৰ এই তথ্য। মহামাৰীৰ আগেয়ে (২০১৮-১৯)ত এই হাৰ ৮.৮ শতাংশ আছিল।

PHOTO • Design courtesy: Siddhita Sonavane

লকডাউনৰ ফলত ৰাতিটোৰ ভিতৰতে লাখ লাখ শ্ৰমিকে কাম হেৰুৱালে, প্ৰব্ৰজিত শ্ৰমিকে ঘৰলৈ ঘুৰি আহিবলৈ বাধ্য হ’ল।

“লকডাউনৰ এমাহ হোৱাত আমি ঘৰলৈ উভতিছিলো,” মহাৰাষ্ট্ৰৰ বীড়ৰ অৰ্চনা মান্দৱেয়ে কয়। কোনো আয় নথকাত আৰু হাতত থকাখিনিও শেষ হৈ অহাত পাঁচজনীয়া পৰিয়ালটোৱে ঘৰলৈ ঘুৰি অহাৰ বাদে আন কোনো উপায় দেখা নাছিল। ভ্ৰমণত নিষেধাজ্ঞা থকা বাবে তেওঁলোকে ৰাতিৰ ভাগতহে যাত্ৰা কৰিছিল, এখন মটৰচাইকেলতে গোটেই পৰিয়ালটোৱে ঔৰংগাবাদৰ পৰা ২০০ কিলোমিটাৰ অতিক্ৰম কৰি ঘৰলৈ গৈছিল।

ভাৰতত শ্ৰমিকৰ ওপৰত ক’ভিড-১৯ লকডাউনৰ প্ৰভাৱৰ বিষয়ে পাৰিয়ে ২০০টাৰো অধিক ষ্ট’ৰি প্ৰকাশ কৰিছে। পাৰি লাইব্ৰেৰিত ক’ভিড-১৯ আৰু শ্ৰমিক শিতানত ভাৰতত শ্ৰমিক অৱস্থা আৰু তেওঁলোকৰ সংগ্ৰামৰ গৱেষণামূলক তথ্য-পাতি আৰু প্ৰতিবেদনে এই ষ্ট’ৰিবোৰৰ পৰিপূৰক তথ্য হিচাপে আছে। ইয়াত আছে চৰকাৰী, স্বতন্ত্ৰ সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাবোৰে প্ৰকাশ কৰা প্ৰতিবেদন আৰু গৱেষণামূলক তথ্য।

PHOTO • Design courtesy: Siddhita Sonavane
PHOTO • Design courtesy: Siddhita Sonavane

আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (আই.এল.অ’)ৰ গ্ল’বেল ৱেজ ৰিপ’ৰ্ট ২০২০-২১ য়ে গোটেই বিশ্বৰে নিবনুৱাৰ সংখ্যা অভাৱনীয় হাৰত বঢ়া বুলি প্ৰকাশ কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে ক’ভিড-১৯ৰ ফলত কৰ্মঘণ্টাৰ সংখ্যা সাংঘাতিক পৰিমাণে কমিছিল যিটো আন কথাত ৩৪৫ মিলিয়ন কাম হেৰুওৱাৰ সমান। ফলত বিশ্বজুৰি শ্ৰমিকৰ আয় ১০.৭ শতাংশ কমিছিল।

ইফালে কোটিপতি লোকৰ জীৱন খুব ভাল চলি আছিল, তেওঁলোকৰ সম্পত্তি মাৰ্চৰ পৰা ডিচেম্বৰৰ সময়ত ৩.৯ ট্ৰিলিয়ন বাঢ়িছিল, অক্সফামৰ ২০২১ৰ দা ইনেকুৱেলিটি ভাইৰাছৰ এই তথ্য। আই.এল.অ’.ৰ প্ৰতিবেদনত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ দুৰৱস্থাৰ কথাও প্ৰকাশ পাইছে। অসংগঠিত খণ্ডৰ শ্ৰমিকৰ আয় ২০২০ত এক পঞ্চমাংশ কমিছে।

দিল্লীৰ এগৰাকী কুমাৰ শীলা দেৱীয়ে দেখে যে মহামাৰীৰ আৰম্ভণিৰ মাহকেইটাত তেওঁৰ পৰিয়ালটোৰ আয় উৎসৱৰ সময়ত ১০,০০০-২০,০০০ৰ পৰা কমি গৈ ৩,০০০ৰ পৰা ৪,০০০ হৈ পৰে। ইফালে গুজৰাটৰ কচ্ছৰ কুম্ভাৰ ইচমাইল হুছেইনৰ আয় ২০২০ৰ এপ্ৰিল-জুনত একেবাৰেই নাছিল।

“এতিয়া মোৰ দুই সন্তান আৰু মই ৰেচনৰ দাইল-চাউলৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছো। কিন্তু এনেকৈ কিমানদিন চলিম মই নাজানো,” এম. নাল্লুথাইৰ এই ভাষ্য। তামিলনাডুৰ মাদুৰাইৰ কাৰাগাট্টাম নৃত্যশিল্পীগৰাকীয়ে মহামাৰীৰ ফলত তেওঁৰ জীৱিকা কেনেকৈ ক্ষতিগ্ৰস্ত হৈছিল সেইবিষয়ে এনেদৰে কৈছিল।

PHOTO • Design courtesy: Siddhita Sonavane
PHOTO • Design courtesy: Siddhita Sonavane

দিল্লীত মহিলা ঘৰুৱা কৰ্মীৰ ওপৰত ক’ভিড ১৯ ৰাষ্ট্ৰীয় লকডাউনৰ প্ৰভাৱ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২০ৰ মে’ত সমীক্ষা চলোৱা ঘৰুৱা কৰ্মীৰ ৮৩ শতাংশই লকডাউনৰ কাৰণে আৰ্থিক সমস্যাত ভুগিছিল। তাৰে ১৪ শতাংশই ঘৰৰ খৰছ উলিয়াব নোৱাৰি সম্পৰ্কীয় আৰু চুবুৰীয়াৰ পৰা ধাৰ ল’বলগীয়া হৈছিল।

পুণেৰ ঘৰুৱা কৰ্মীৰো একেই অৱস্থা হৈছিল। “আমি কোনোমতে পেটে-ভাতে খাই জীয়াই আছিলো। কিন্তু কাম বুলিবলৈ নাছিলেই, ক’ৰ পৰা পইচা আহিব?” আবলি কাম্বলেয়ে কয়।

ক’ভিড-১৯ৰ আগতে দেশৰ শ্ৰমশক্তিত মহিলাৰ যোগদান আছিল ২০ শতাংশ। কিন্তু অতিমাৰীৰ ফলত কৰ্মহীন শ্ৰমিকৰ ভিতৰত মহিলাৰ হাৰ ২৩ শতাংশ, এয়া অক্সফামৰ পাৱাৰ, প্ৰফিটচ্ এণ্ড দা পেনডেমিক শীৰ্ষক প্ৰতিবেদনৰ তথ্য। মহামাৰীৰ সময়ত তেওঁলোকে আছিল শ্ৰমশক্তিৰ ‘অত্যাৱশ্যকীয়’ অংশ।

মহাৰাষ্ট্ৰৰ বীড়ৰ স্বীকৃতিপ্ৰাপ্ত সমাজিক স্বাস্থ্যকৰ্মী চমুকৈ আশা বাউদেউ শ্বাহভাই ঘাৰাটে তেওঁৰ নিত্যনৈমিত্তিক কামৰ উপৰি ক’ভিড-১৯ কে’চ ধৰা পেলাবলৈ ঘৰে ঘৰে গৈছিল। তেওঁৰ পৰিয়ালৰ সদস্যৰ গাত ভাইৰাছবিধ দেখা দিয়াত চিকিৎসাৰ বাবদ তেওঁ খেতিমাটি আৰু গহণা বিক্ৰী কৰিবলগীয়া হয়। তেওঁৰ এই কষ্টকৰ কামত (২০২০ৰ মাৰ্চৰ পৰা ২০২১ৰ আগষ্টলৈ) তেওঁ পোৱা একমাত্ৰ সহায় আছিল ২২খন ডিচপ’জেবল মাস্ক আৰু পাঁচখন এন-নাইনটি ফাইভ মাস্ক। “ইমান ৰিস্ক থকা কাম এটাত আমি কিবা ভাল প্ৰতিদান পাওঁ বুলি আপুনি ভাবে নেকি?”

PHOTO • Design courtesy: Siddhita Sonavane

অতিমাৰী আৰম্ভ হোৱাৰ এবছৰ পিছতো শ্ৰমিকৰ অৱস্থা অনিশ্চিত হৈয়েই থাকিল। অগোচৰ নাগৰিকৰ কণ্ঠ ২ : অতিমাৰীৰ এটা বৰ্ষ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে অতিমাৰীৰ ফলত নতুন কাম পোৱাৰ ক্ষেত্ৰত ৭৩ শতাংশ শ্ৰমিকেই সমস্যাৰ সন্মুখীন হৈছে। ৩৬ শতাংশই তেওঁলোকৰ মজুৰি কমি যোৱা বুলি কৈছে।

সংসদে গৃহীত কৰা সামাজিক সুৰক্ষাৰ বিধি, ২০২০ গৃহীত কৰিছিল, উদ্দেশ্য আছিল “সামাজিক সুৰক্ষা সংক্ৰান্ত আইনসমূহ সংশোধন আৰু সংকলন কৰা যাতে সংগঠিত আৰু অসংগঠিত খণ্ড আৰু আন যিকোনো খণ্ডত নিযুক্ত কৰ্মচাৰী আৰু শ্ৰমিকে সামাজিক সুৰক্ষা লাভ কৰিব পাৰে।” কিন্তু দেশখনত শ্ৰমিকে মৌলিক সুবিধাখিনিৰ পৰাও বঞ্চিত হৈয়ে থাকিল।

তৃণমূল পৰ্য্যায়ত দেশখনৰ পৰিস্থিতি গভীৰভাবে অনুধাৱন কৰা আৰু চৰকাৰী নীতি ৰূপায়ণৰ ক্ষেত্ৰত থকা ব্যৱধানসমূহৰ পাৰি লাইব্ৰেৰিৰ যোগে জানিব পৰা যায়।

প্ৰচ্ছদ ডিজাইন : স্বদেশা শৰ্মা

অনুবাদ: পংকজ দাস

PARI Library

دیپانجلی سنگھ، سودیشا شرما اور سدھیتا سوناونے پر مشتمل پاری لائبریری کی ٹیم عام لوگوں کی روزمرہ کی زندگی پر مرکوز پاری کے آرکائیو سے متعلقہ دستاویزوں اور رپورٹوں کو شائع کرتی ہے۔

کے ذریعہ دیگر اسٹوریز PARI Library
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das