জুপুৰী ঘৰটোৰ ধূলিময় মজিয়াত বহি নৰ্মদাবায়ে শিলপতাত বিলাহী পিহিছে। তেওঁৰ স্বামী মোহন লালে বিলাহীবিলাক মিহিকৈ কাটি দিছে আৰু কাপোৰ এখনৰ ওপৰত থৈ দিছে।

“আমি ইয়াৰে চাতনি বনাম। কাষৰ ঘৰৰ পৰা মাজে-সময়ে আমাক ভাত দিয়ে। যদি নিদিয়ে, তেন্তে কেৱল চাতনি খাই পেটৰ জুই নুমুৱাব লাগিব।” এপ্ৰিলৰ শেষভাগত আমি যেতিয়া পৰিয়ালটোক লগ পাইছিলো, তেতিয়া নৰ্মদাবায়ে এই কথা কৈছিল। কাষৰ ঘৰ মানে ওচৰতে থকা অট্টালিকাকেইটাৰ বাসিন্দাক বুজাইছে। জম্মু চহৰৰ পশ্চিমফালে থকা দূৰ্গা নগৰৰ পিছফালৰ সৰু পথটোত থকা তিনিটা জুপুৰিত বাস কৰা শ্ৰমিকসকলক তেওঁলোকে মাজে-সময়ে চাউল-দাইল দিয়ে।

২৫ মাৰ্চত যেতিয়া ক’ভিড-১৯ তলাবন্ধ আৰম্ভ হ’ল, নৰ্মদাবাঈ চন্দ্ৰা আৰু মোহন লাল চন্দ্ৰাৰ বাবে খাদ্য-সামগ্ৰী সংগ্ৰহ কৰা কঠিন হৈ পৰিল। ইয়াৰ উপৰি শীতকালটোকে ধৰি ফেব্ৰুৱাৰীলৈকে তেওঁলোকে কাম নোহোৱাকৈ থাকিব লগা হ’ল, আৰু জমা থকা ধন খৰছ কৰি উদং কৰিলে।

জম্মুৰ নিৰ্মাণস্থলত দিন মজুৰ হিচাপে কাম কৰা ৪৮ বছৰীয়া নৰ্মদাবায়ে দৈনিক ৪০০ টকাকৈ মজুৰী পায় আৰু মাহত ২০-২৫ দিন কাম পায়। ৫২ বছৰীয়া মোহন লাল এজন ৰাজমিস্ত্ৰী আৰু দিনে ৬০০ টকাকৈ মজুৰী পায়। “ফেব্ৰুৱাৰী মাহত যেতিয়া কাম আৰম্ভ হোৱাৰ সময় হৈছিল, সেই সময়তে তলাবন্ধ বলবৎ কৰা হ’ল, আমি পেটে-ভাতে খাই থকা অৱস্থাৰ পৰা গৈ অনাহাৰে থাকিবলগীয়া অৱস্থা পালো,” মোহন লালে কয়।

জুপুৰিটোৰ কাষৰ কোঠাত মোহন লালৰ কনিষ্ঠ ভাতৃ অশ্বিনী কুমাৰ চন্দ্ৰা থাকে। প্ৰায় ৪০ বছৰীয়া অশ্বিনীৰ সৈতে তেওঁৰ ৪০ বছৰীয়া পত্নী ৰাজকুমাৰীও থাকে। অশ্বিনীয়েও ৰাজমিস্ত্ৰী হিচাপে কাম কৰে আৰু দিনে ৬০০ টকা উপাৰ্জন কৰে, আৰু ৰাজকুমাৰীয়ে নিৰ্মাণক্ষেত্ৰ তথা ওচৰৰ খেতিপথাৰ আৰু বাগিছাত কাম কৰি দৈনিক প্ৰায় ৪০০ টকা উপাৰ্জন কৰিছিল।

চত্তীশগড়ৰ জঞ্জগিৰ-চম্পা জিলাৰ নাৱাগড় তালুকৰ বৰভাটা গাঁৱৰ পৰা দুয়োটা পৰিয়াল আহিছিল। নৰ্মদাবাঈ আৰু মোহন লালে খৰাঙৰ বাবে ২০০২ত নিজৰ গাওঁ এৰিবলগা হ’ল। “খৰাং বতৰে সকলো নিঃশেষ কৰিছিল। পশুধন, জীৱিকা তথা প্ৰতিজন ব্যক্তিৰ জীয়াই থকাৰ মৌলিক উৎস ধ্বংস হৈছিল।” মোহন লালে মোক কয়। “আমি সকলো হেৰুৱালো, সেয়ে গাওঁ এৰি গুছি আহিলো।”

People in nearby buildings gave rations to the labourers living in the three rooms (left) in a back lane in Jammu city. Mohan Lal (right) resides in one of the rooms
PHOTO • Rounak Bhat
People in nearby buildings gave rations to the labourers living in the three rooms (left) in a back lane in Jammu city. Mohan Lal (right) resides in one of the rooms
PHOTO • Rounak Bhat

জম্মু চহৰৰ ভিতৰুৱা পথৰ কাষত থকা জুপুৰিৰ তিনিটা কোঠাত থকা শ্ৰমিকসকলক কাষৰ অট্টালিকাৰ বাসিন্দাই খাদ্য-সামগ্ৰী দিয়ে। মোহন লাল (সোঁফালে) ইয়াৰে এটা কোঠাত থাকে

অশ্বিনী আৰু ৰাজকুমাৰী (ওপৰত বেটুপাতৰ ছবিত পুত্ৰ প্ৰদীপৰ সৈতে)য়ে কৃষিকাৰ্য, নিৰ্মাণ শ্ৰমিক, চিলাই কাম আৰু কাপোৰৰ দোকান চলাই জীৱিকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰাৰ পিছত প্ৰায় সাত বছৰৰ আগতে ইয়ালৈ আহি পায়। তেওঁলোকে আন তিনিটা সন্তানক বৰভাটাত আইতাকৰ লগত এৰি থৈ আহিছে।

গাঁৱত থাকোতে দুয়ো ভাতৃয়ে তিনি একৰ মাটিত খেতি কৰিছিল। “আমি বেঙেনা, বিলাহী, দাইলৰ খেতি কৰিছিলো। কিন্তু বৰষুণ নোহোৱা হ’ল, খৰাং আৰম্ভ হ’ল, কুঁৱা শুকাই গ’ল...” মোহন লালে কয়। কেইবাবছৰ ধৰি পৰিয়ালটোৱে বছৰি ১০,০০০ টকাত গাঁৱৰ এজন কৃষকক মাটিখিনি খেতি কৰিবলৈ লীজত দিয়ে।

গাঁৱত এজন লোকে তেওঁলোকক এদিন জম্মুৰ কথা ক’লে। তেওঁলোকে শুনিছিল যে জম্মুত কম খৰছত চলিব পাৰি আৰু যথেষ্ট কামো পোৱা যায়। “আমি বিশেষ একো নভবাকৈ বৰভাটা এৰিলো,”নৰ্মদাবায়ে কয়। “অলপমান জমাধন আৰু আশা বুকুত বান্ধি আমি ইয়ালৈ আহিলো, কি কৰিম, কেনেকৈ কৰিম একো ভবা নাছিলো। আমি ৰেলত উঠিলো আৰু জম্মুত উপস্থিত হ’লো।”

এজন স্থানীয় ঠিকাদাৰৰ জৰিয়তে সোনকালেই তেওঁলোকে শ্ৰমিকৰ কাম পালে। “দুটা দশকত আমি বহুতো মানুহ (ঠিকাদাৰ)ৰ লগত কাম কৰিছো,” মোহন লালে মোক কয়।

তলাবন্ধই তেওঁলোকৰ কাম আৰু উপাৰ্জন নোহোৱা কৰিলে। “২০০০ টকাৰ বেছি নাছিল,” তেওঁলোকৰ সঞ্চয়ৰ কথা মোক কৈছিল এপ্ৰিলৰ শেষত। “আমি দৈনিক পইছা নাপাও, কেইসপ্তাহমানৰ মূৰে মূৰে ২০০০-৩০০০ কৈ টকা পাইছিলো।” মাহৰ শেষত ঠিকাদাৰে মুঠ পাবলগা ধনৰ পৰা আগতে দিয়াখিনি কৰ্তন কৰে। তলাবন্ধ আৰম্ভ হোৱাৰ পিছত, সকলো হাতত থকা ধন শেষ হোৱাৰ পিছত মোহন লালে মাহে ৫ শতাংশ সুতত ঠিকাদাৰৰ পৰা ৫০০০ টকা ঋণলৈ লয়। “ইয়াৰ বাদে আমাৰ আন কোনো উপায় নাছিল,” তেওঁ কয়।

“জমা টকা বেছি নাছিল,” নৰ্মদাবায়ে ক’লে। “আমি ঘৰত দুজনী ছোৱালী এৰি আহিছো (দুয়োজনী বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰী)। আমি প্ৰতিজনীলৈ প্ৰতি মাহত ৪০০০ টকাকৈ পঠাব লাগে। বাকী থকা টকাৰে খোৱা বস্তু ক্ৰয় কৰাৰ উপৰি চাবোন-তেল আদিৰ যোগাৰ কৰো আৰু আন খৰছো কৰো।”

Ashwini and Rajkumari live in the room next door
PHOTO • Rounak Bhat

কাষৰ কোঠাত অশ্বিনী আৰু ৰাজকুমাৰী থাকে

“বৰ্ষাকাল আৰু শীতকালত কাম বেছি পোৱা নাযায়, সেয়ে অলপ বাহিৰা উপাৰ্জন কৰিবলৈ দুই-এখন কাপোৰ চিলাও,” অশ্বিনীয়ে কয়। তেওঁ আৰু ৰাজকুমাৰীৰ পুৰণি চিলাই মেচিন আছে। “আন মানুহৰ দৰে আমিও জীয়াই থকাৰ সংগ্ৰাম কৰিছো। আমি এটা ঋণ পৰিশোধ কৰিবলৈও আছে।” ১৭ বছৰীয়া প্ৰদীপ চন্দ্ৰা তেওঁলোকৰ মাজু সন্তান, তেঁৱো শ্ৰমিক হিচাপে কাম কৰে। যোৱাবছৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱৰাৰ পিছত প্ৰদীপো জম্মুলৈ আহে। প্ৰদীপৰ দিনে ৪০০ টকাকৈ উপাৰ্জন হৈছিল।

তৃতীয়টো জুপুৰিত থাকে দিলীপ কুমাৰ (৩৫) আৰু তিহাৰিনবাঈ যাদৱ (৩০)। তেওঁলোকেও নিৰ্মাণক্ষেত্ৰত কাম কৰি দিনে ৪০০ টকাকৈ উপাৰ্জন কৰিছিল। ঠিকাদাৰে কামৰ পৰা এৰুৱাই দিব বুলি সকীয়াই থাকে বা মজুৰী আদায় দিওঁতে পলম কৰে, সেয়ে তেওঁলোকে আধা কিলোমিটাৰ দূৰৰ তালাব-তিল্লৌ শ্ৰমিকনাকাত কাম বিচাৰি আছে।

জঞ্জগিৰ-চম্পা জিলাৰ চম্পা তালুকৰ বাহেৰাদিহ গাঁৱৰ পৰা ৮ বছৰৰ আগতে এই পৰিয়ালটো জম্মুলৈ আহিছিল। “গাঁৱত মই কৃষিশ্ৰমিক আছিলো। বহুদিন ধৰি আমাৰ ঠাইখন আমনিদায়ক হৈ পৰিছিল আৰু প্ৰব্ৰজন হোৱাৰ সময় আহি পৰিছিল,” দিলীপে কয়।

তেওঁলোকৰ ১৫ বছৰীয়া জীয়ৰী পূৰ্ণিমাক এই বছৰতে জম্মুৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দশম শ্ৰেণীত নামভৰ্তি কৰিছিল। (এই সাক্ষাৎকাৰত পূৰ্ণিমা বিলাসপুৰীৰ পৰা অনুবাদ কৰি সহায় কৰিছিল যদিও তেওঁলোকৰ কিছুমানে হিন্দীও ক’ব পাৰে)। পূৰ্ণিমাক পঢ়াবলৈ বাহেৰাদিহক এজন মহাজনৰ পৰা ১০,০০০ টকা ঋণলৈ লৈছিল। “সেই টকাৰ ৩,০০০ টকা বাকী আছে।” এপ্ৰিলৰ শেষত দিলীপে কয়। “তাইক পঢ়োৱাৰ বাবে ঋণলৈ লোৱা ধনেই এতিয়া আমাক জীয়াই ৰাখিছে।”

এই পৰিয়াল তিনিটাৰ এটাৰো জম্মুত পঞ্জীয়ন কৰা ৰেচন কাৰ্ড নাই। সেয়ে আধা কিলোমিটাৰ দূৰত থকা পিডিএছ (ৰাজহুৱা বিতৰণ ব্যৱস্থা)ৰ দোকানৰ পৰা খাদ্য-সামগ্ৰী সংগ্ৰহ কৰিব নোৱাৰে। “তেওঁলোকক কোৱা হ’ল যে বাহিৰা মানুহক ৰেচন দিয়া নহয়। আমাক দুৰ্বব্যহাৰ কৰি খেতি পঠিয়ালে।” অশ্বিনীয়ে কয়। “খাদ্যবস্তুৰ যোগাৰ আৰু ঋণ পৰিশোধৰ মাজত তলাবন্ধৰ পিছত আমাৰ জীৱন চকৰি ঘূৰিব ধৰিছে। জম্মুত থকা সাত বছৰত অতি বেয়া পৰিস্থিতিৰ মুখামুখি হৈছো। আমাৰ প্ৰতিবেশীৰ দয়াত আমি জীয়াই আছো।”

ডাঙৰ আৰু ভাল অট্টালিকা তথা ঘৰত থকা এই উপপথটোৰ মানুহে প্ৰথম অৱস্থাতো সহায় কৰিছিল, যোৱা কেই সপ্তাহমানৰ পৰা এই পৰিয়ালবোৰে জুপুৰিত থকা পৰিয়ালবোৰক কেইদিনমানৰ মুৰে মুৰে বেছিকৈ ৰেচন দিবলৈ ধৰিছে। মই পৰিয়ালকেইটাক আকৌ মে’ মাহৰ ১৮ তাৰিখে সাক্ষাৎ কৰাৰ সময়ত সেই সাহায্যৰ বাবে পৰিয়ালকেইটাৰ খাদ্যৰ অভাৱ কিছু পৰিমাণে শাম কাটিছে।

“এতিয়া আমি ভালকৈ খাইছো,” মোহনলালে কয়। “আমাৰ চাৰিওফালে থকা পৰিয়ালকেইটাই আমাক ১৫ কিলোগ্ৰামকৈ আটা, ১০ কিলোকৈ চাউল আৰু পাঁচ কিলোকৈ আলু দিছে। তেওঁলোকে আমাক জম্মুত থাকিবলৈ কৈছে, জম্মু এৰি যাব নালাগে বুলি কৈছে। এইখিনি খাদ্য-সমাগ্ৰী শেষ হ’লে আমাক ৫০০ টকাকৈ দিছে, সেই টকাৰে আমি তেল-মচলা আৰু নিমখ কিনিছো।”

“এনে পৰিস্থিতিৰ মাজতে চলি আছো। এজন শেঠজীৰ খাদ্য বিতৰণ কৰা এখন ভেন দুবাৰ আহিছিল। কিন্তু এইখিনি খোৱাবস্তু শেষ হোৱাৰ পিছত কি কৰিম, সেই বিষয়ে নাজানো,” অশ্বিনীয়ে কয়।

Dileep Kumar and Tiharinbai Yadav work at construction sites; their 15-year-old daughter Poornima studies in a private school in Jammu
PHOTO • Rounak Bhat
Dileep Kumar and Tiharinbai Yadav work at construction sites; their 15-year-old daughter Poornima studies in a private school in Jammu
PHOTO • Rounak Bhat

দিলীপ কুমাৰ আৰু তিহাৰিন বাঈ যাদৱে এক নিৰ্মাণক্ষেত্ৰত কাম কৰে। তেওঁলোকৰ ১৫ বছৰীয়া কন্যা পূৰ্ণিমাই জম্মুৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে

১০ মে’ মানত মোহন লাল আৰু নৰ্মদাবায়েও আকৌ কামলৈ যাবলৈ আৰম্ভ কৰিছিল। “মই মজুৰীৰ বাবদ ৩,০০০ টকা পালো। ঠিকাদাৰে মই ঋণলৈ লোৱা ৫,০০০ টকা (তলাবন্ধ আৰম্ভ হোৱাৰ সময়ত) যেতিয়া সমুদায় ধন দিব, তাৰ পৰা কৰ্তন কৰি ল’ব। এতিয়া মোৰ ভাল লাগিছে যে কাম আৰম্ভ হৈছে আৰু আমাৰ কাষত সহায় কৰা মানুহ আছে,” মোহন লালে কয়।

লাহে লাহে খুলিবলৈ আৰম্ভ কৰা দোকান আৰু গুদামঘৰ পৰিস্কাৰ তথা ঝাড়ু মৰা কাম আন দুটা পৰিয়ালেও পাইছে। “তলাবন্ধৰ বাবে বন্ধ হৈ থকাৰ পিছত কিছুমান ঘৰ আৰু দোকান বহুত চাফা কৰিবলগীয়া হৈছে। আমাক তেওঁলোকে পোনপটীয়াকৈ মাতি নিলে, প্ৰতিদিনে মজুৰী আদায় দিয়ে। মই ১,০০০ টকা উপাৰ্জন কৰিব পাৰিছো,” মে’ মাহৰ আৰম্ভণিতে মোক ফোনত অশ্বিনীয়ে জনালে।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা সাহায্য (এপ্ৰিলৰ পৰা জুনলৈ প্ৰতি মাহে ৫০০ টকাকৈ) আৰু উপৰিঞ্চি ৰেচন তেওঁৰ পৰিয়ালে পোৱা নাই বুলি কয়। “যদি পালোহেঁতেন, সেয়াৰে জানো আমি চলিব পাৰিলোহেঁতেন নে? কিষাণ সমৃদ্ধি যোজনাৰ অধীনত আমি ২,০০০ টকা পাইছো। এয়া সেই টকা,” তেওঁ কয়।

“আমাৰ তেজ, ঘাম আৰু শ্ৰমেৰে চহৰ নিৰ্মাণ কৰা হৈছে”, খঙেৰে মোহন লালে কয়। “আৰু এতিয়া চৰকাৰে আমাক কোনো ধৰণৰ সহায় কৰিবলৈ আগ্ৰহী নহয়।”

জম্মু আৰু কাশ্মীৰ চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ আয়ুক্ত সৌৰভ ভগতে টেলিফোনত মোক জনালে, “আমি আমাৰ ফালৰ পৰা যিমান পাৰো কৰিছো।” তেওঁ কয় যে জম্মু হৈছে প্ৰায় ৩০,০০০ আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ আশ্ৰয়স্থল। “আমাৰ ইয়াত কৰ্মৰত অধিকাংশ শ্ৰমিক বিহাৰ, চত্তীশগড়, মধ্যপ্ৰদেশ আৰু উৰিষ্যাৰ পৰা আহিছে। মাৰ্চৰ পৰা প্ৰতিমাহে শ্ৰমিকসকলক ১০০০ টকা প্ৰত্যক্ষ লাভ হস্তান্তৰৰ যোগেদি দিবলৈ চৰকাৰে বিবেচনা কৰিছে। কোনো কোনোৱে নিশ্চয় আপত্তি কৰিব যে তেওঁলোকে উক্ত টকা পোৱা নাই, এয়া হয়তো সংবাদ মাধ্যমৰ মনযোগ আকৰ্ষণ কৰিবলৈ অথবা অতিৰিক্ত সাহায্য পোৱাৰ প্ৰয়াস হ’ব পাৰে।”

দূৰ্গা নগৰৰ ঠেক পথটোৰ সৰু কোঠা তিনিটালৈ আকৌ ঘূৰি আহিছো, একেবাৰে শোচনীয় অৱস্থাৰ পৰা অলপ সকাহ পালেও, এতিয়াও অনিশ্চয়তা বিদ্যমান। “ভৱিষ্যতে অধিক সাহায্য পোৱাৰ আশাৰে আমি এতিয়া অহৰ্নিশে সজাগ আৰু সতৰ্ক হৈ আছো,” দিলীপে কয়।

অনুবাদঃ পংকজ দাস

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Rounak Bhat

Rounak Bhat is a 2019 PARI intern. He is an undergraduate student of journalism at Symbiosis International University, Pune. He is a poet and illustrator, and interested in development economics.

Other stories by Rounak Bhat