“পঢ়া-শুনা কৰি থাকিবলৈ মোৰ ইমান ধৈৰ্য নাই।’’ নৱেম্বৰ মাহৰ এটি শীতাৰ্ত আবেলি মাজুলীৰ গড়মূৰৰ পথেৰে গৈ থাকোতে আমাৰ আগত এইদৰে কয় পাৰ্থ প্ৰতীম বৰুৱাই। তেওঁ আৰু কয়, “পঢ়া-শুনি কৰিলেও যে মই সেই পঢ়া-শুনাৰে চাকৰি নাপাও, সেইটোও জানো।’’ জিলাখনৰ গড়মূৰ সৰু সত্ৰৰ ডেকা গায়ন-বায়নসকলৰ ভিতৰত অন্যতম এইগৰাকী ১৬ বছৰীয়া পাৰ্থ।
সত্ৰীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ দিশ গায়ন-বায়ন হৈছে অসমৰ সত্ৰসমূহত চলি অহা ধৰ্মীয় লোক-কৃষ্টিৰ প্ৰদৰ্শন। এই লোক-কৃষ্টি পৰিৱেশনৰ গায়কসকলক গায়ন বুলি কোৱা হয়। তেওঁলোকে তালো বজায়। আনহাতে খোল আৰু বাঁহী বজোৱা বাদ্যযন্ত্ৰীসকলক কোৱা হয় বায়ন। মাজুলীত গায়ন বা বায়ন হোৱাটো কোনো পেছা নহয় যদিও ইয়াক লৈ সকলোৱে পৰম্পৰাগতভাৱে গৌৰৱ কৰি অহাৰ লগতে নিজৰ পৰিচয়ৰ অংশ হিচাপেও গণ্য কৰি আহিছে।
“পঢ়া-শুনা কৰাৰ পিছতো যদি মই চাকৰি এটা নাপাও, যদি চাকৰি মোৰ ভাগ্যতে নাই, তেন্তে মই কি কৰিম?’’ বাস্তৱক উদঙাই দি পাৰ্থৰ প্ৰশ্নসূচক মন্তব্য। সেয়ে তেওঁ দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত সংগীত শিক্ষা আহৰণ কৰিবলৈ আগ্ৰহী। তেওঁৰ বায়েকে ইতিমধ্যে উত্তৰ প্ৰদেশৰ কোনো এখন গাঁৱত সংগীত শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
“মা-দেউতায়ো গুৱাহাটীত সংগীতৰ শিক্ষা লম বুলি ভাবি থকা কথাটোত সন্মতি জনাইছে,’’ তেওঁ কয়। “এই সমৰ্থনটোৱে বহু ডাঙৰ কথা। সেয়া অবিহনে মইনো কেনেকৈ সংগীতৰ শিক্ষা ল’ব পাৰিম?’’ এই পৰিকল্পনাত চাউল আৰু খৰিৰ ক্ষুদ্ৰ ব্যৱসায় কৰা তেওঁৰ পিতৃয়ে কোনো আপত্তি কৰা নাই যদিও মাতৃ এই সিদ্ধান্তক লৈ সিমান সুখী নহয়। মাকে পাৰ্থই ঘৰৰ পৰা দূৰত পঢ়িবলৈ যোৱাতো মুঠেই বিচৰা নাই।
যেতিয়া অনুষ্ঠানৰ সময় আহে তেতিয়া পাৰ্থই বগা ধুতি-কুৰ্তা আৰু মূৰত পাগ মাৰি গাত চেলেং চাদৰ লয়। শিল্পীসকলে ডিঙিত বিশেষ মণিৰ মালা মতামণি পিন্ধে আৰু কপালত চন্দনৰ ফোঁট লয়।
যুৱ শিল্পীসকলৰ দল এটাই অনুষ্ঠানত পৰিৱেশন কৰিবলৈ সাজু হোৱাৰ প্ৰাকক্ষণত আমি পাৰ্থৰ সৈতে কথা-বতৰা পাতো। মঞ্চৰ পিছফালে তেওঁলোকক যথেষ্ট আত্মবিশ্বাসী দেখা যায় আৰু তেওঁলোকে এজনে আনজনক পাগ বন্ধাত, ছেফটিপিনেৰে চেলেং মেৰিয়াই লোৱাত সহায় কৰি দিয়ে।


বাঁওফালেঃ গড়মূৰ সৰুসত্ৰত মঞ্চৰ আঁৰত পৰিৱেশনৰ সময়ত পিন্ধিবলগীয়া মালাডাল ঠিকে আছে নে নাই সেয়া পৰীক্ষা কৰি চাইছে ১৬ বছৰীয়া পাৰ্থ প্ৰতী ম বৰুৱাই। সোঁফালেঃ মানস দত্তই (নীলা কামিজ পৰিহিত) শুভাশীষ বৰাক পাগ বন্ধাত সহায় কৰিছে


সত্ৰত তাল আৰু খোল পৰিৱেশন কৰিছে ডেকা গায়ন-বায়নসকলে। মাজুলীত গায়ন-বায়ন হোৱাটো পেছা নহয়, কিন্তু এয়া হৈছে তেওঁলোকৰ পৰিচয়
এই দলটোৰ এজন সদস্য হৈছে মানস দত্ত। পাৰ্থতকৈ ১০ বছৰে ডাঙৰ মানস আছে বায়নৰ ভূমিকাত। শেহতীয়াকৈ তেওঁ গুৱাহাটীৰ এটা টিভি চেনেলত কনিষ্ঠ উপ-সম্পাদক হিচাপে কাম কৰিবলৈ লৈছে।
৯ বছৰ বয়সতে তেওঁ খুৰাক আৰু ঘৰৰ ডাঙৰসকলৰ পৰা বায়নৰ শিক্ষা ল’বলৈ আৰম্ভ কৰিছিল। তেওঁ কয়, “সত্ৰীয়া পৰিৱেশত ডাঙৰ-দীঘল হোৱা হেতুকে আমি জ্যেষ্ঠসকলক দেখিয়েই এয়া শিকি গৈছো।’’ এনেকৈয়ে তেওঁ মেট্ৰিক পৰীক্ষা দিয়াৰ সময়তে খোল বাদনতো সংগীত বিশাৰদৰ পৰীক্ষাত উত্তীৰ্ণ হয়।
তেওঁৰ পৰিয়ালটোত গায়ন-বায়নৰ পৰিৱেশ বিৰাজমান। খুৰাক ইন্দ্ৰনীল দত্ত গড়মূৰ সৰু সত্ৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক পুৰোধা ব্যক্তিস্বৰূপ। তেওঁ কয়, “খুৰাৰ বয়স এতিয়া প্ৰায় ৮৫ বছৰ। এই বয়সতো তেওঁ কোনোৱে খোল বজোৱা দেখিলে ৰ’ব নোৱৰা হৈ পৰে আৰু এপাক নাচি দিয়ে।’’
গায়ন-বায়নৰ পৰিৱেশনৰ শৈলী সত্ৰভেদে তাল, মান, ৰাগ আৰু মুদ্ৰাৰ সংখ্যা আৰু প্ৰকাৰ অনুযায়ী পৃথক। তেনে এক ভিন্নতা বা শ্ৰেণী হৈছে ধুৰা। এয়া গড়মূৰ সৰু সত্ৰ আৰু গড়মূৰ বৰ সত্ৰৰ বাবে অনন্য। বৰসবাহৰ দিনটোত বছৰত এবাৰ এয়া পৰিবেশন কৰা হয়। সাধাৰণতে আহাৰ মাহত (ইংৰাজী জুন-জুলাই) এই বৰসবাহ অনুষ্ঠিত হয়। আন দুটা সাধাৰণ ৰূপ বা শ্ৰেণী হ’ল বৰপেটা সত্ৰৰ পৰা বৰপেটীয়া আৰু মাজুলীৰ কমলাবাৰী সত্ৰৰ কমলাবৰীয়া। মাজুলীৰ অধিকাংশ সত্ৰই কমলাবাৰী শৈলী অনুসৰণ কৰে। পৰিবেশকসকল প্ৰায় প্ৰতিটো ক্ষেত্ৰৰেই লোক হোৱা দেখা যায়।
গায়ন-বায়নৰ লগতে সূত্ৰধাৰী নৃত্যও ভাওনা আৰম্ভ কৰাৰ আগতে পৰিৱেশন কৰা হয়। “এইবোৰৰ অবিহনে ভাওনা কেতিয়াও সম্পূৰ্ণ নহয়,” মানসে কয়। “সূত্ৰধাৰে ভাওনাৰ প্ৰসংগ আৰু কাহিনীৰ সাৰমৰ্ম বৰ্ণনা কৰে। আজিকালি অসমীয়াতো সূত্ৰধাৰে বৰ্ণনা দিয়ে। কিন্তু মূল ভাষা হৈছে ব্ৰজাৱলী।”
‘যদি আন কোনোৱে এয়া শিকিব বিচাৰে তেন্তে তেওঁলোকক ইয়াৰ বাবে বহু সময় লাগিব। যিহেতু আমি এই পৰিৱেশত জন্ম হৈছো, আমি ইয়াতেই ডাঙৰ-দীঘল হৈছো আৰু অতি কম বয়সৰ পৰাই [শিল্পবিধ] দেখি আহিছো, সেয়া আমি শিকি যাও‘
*****
সত্ৰত প্ৰায় তিনি বছৰ বয়সৰ পৰাই শিশুসকলে সত্ৰীয়া সংস্কৃতিৰ শিক্ষা ল’বলৈ আৰম্ভ কৰে। মাজুলীৰ অন্যতম প্ৰধান উৎসৱ ৰাসৰ সময়ত এনে দৃশ্য দেখা যায়, তেতিয়া শিশুসকলে অভিভাৱকৰ লগত আখৰা গৃহলৈ যায়। পঢ়কঃ মাজুলীৰ সত্ৰ আৰু ৰাস মহোৎসৱ
দলটোৰ আন এজন সদস্য ১৯ বছৰীয়া বায়ন সুভাশীষ বৰাই চতুৰ্থ শ্ৰেণীত থাকোতেই ইয়াৰ সৈতে জড়িত হৈ পৰিছিল। মানসৰ আত্মীয় সুভাশীষেও খুৰাকহঁতক দেখি-শুনিয়েই শিকিছিল। তেওঁৰ এগৰাকী খুৰাক ক্ষীৰোদ দত্ত হৈছে বৰবায়ন। এই উপাধি সত্ৰখনে বিশেষজ্ঞ বায়নক প্ৰদান কৰে।
ৰাস উৎসৱত নৃত্যত ভাগ লোৱাৰ লগতে সৰুতে তেওঁ ভগৱান কৃষ্ণৰো ভাও লৈছিল। সুভাষীশে আন প্ৰায় ১০গৰাকী সৰু ল’ৰা-ছোৱালীৰ সৈতে সংগীত বিদ্যালয়ত খোলবাদন শিকিছিল। ১৯৭৯ চনত স্থাপিত শ্ৰী শ্ৰী পীতাম্বৰদেৱ সাংস্কৃতিক মহাবিদ্যালয়খন মাজতে কেবাবাৰো বন্ধ হৈ পৰে যদিও চেগা-চোৰোগাকৈ চলি আহিছিল। কিন্তু ২০১৫ চনত শিক্ষকৰ অভাৱত পুনৰ বন্ধ হৈ পৰে।
২০২১ চনৰ পৰা আৰম্ভ হোৱা মানস আৰু ক্ষীৰোদ দত্তই গায়ন-বায়ন শিকাবলৈ লোৱাত ১৯ বছৰীয়া প্ৰিয়ব্ৰত হাজৰিকা আৰু আন ২৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে সুভাশীষে সেয়া শিকিবলৈ আৰম্ভ কৰে। প্ৰিয়ব্ৰতে মহাবিদ্যালয়খন বন্ধ হোৱাৰ পূৰ্বে তিনি বছৰ ধৰি খোল বাদনৰ শিক্ষা লৈছিল।
“যদিহে মই আৰু এবছৰ শিকিব পাৰিলোহেতেন তেন্তে মই বিশাৰদ সম্পূৰ্ণ কৰিব পাৰিলোহেতেন,’’ তেওঁ কয়। ''মই স্কুলখন এতিয়াও চলি থাকিব বুলি ভাবিছিলো।’’


বাওঁফালেঃ প্ৰিয়ব্ৰত হাজৰিকা (বাওঁফালে) , শুভাশীষ (সোঁফালে) আৰু সুৰুয জ্যোতি বৰা (মাজত) য়ে বায়ন নৱজ্যোতি বৰাক পাগ বন্ধাত সহায় কৰিছে। সোঁফালেঃ প্ৰিয়ব্ৰতে সিদ্ধাৰ্থ বৰাক কান্ধত চেলেং চাদৰ লোৱাত সহায় কৰিছে। এই চেলেং চাদৰ অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে গাত মেৰিয়াই লোৱা হয়
গায়ন বা বায়ন হোৱাৰ প্ৰয়োজনীয় পৰম্পৰাগত পাঠ্যক্ৰম কি আৰু কেনেধৰণৰ সেই বিষয়েও তেওঁ উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীসকলক প্ৰথমে বিভিন্ন তাল শিকোৱা হয় আৰু সেয়া তেওঁলোকে হাতৰ তলুৱাৰে বজাবলৈ শিকে। এই প্ৰাৰম্ভিক পৰ্যায়ত নৃত্য আৰু খোল বাদনৰ মূল কথাবোৰো শিকোৱা হয়। ছাত্ৰ-ছাত্ৰীয়ে মাটি আখৰাও শিকে।
''মাটি আখৰাক সত্ৰীয়া সংস্কৃতিৰ গুৰুত্বপূৰ্ণ সোপান বুলিব পাৰি। ই ব্যায়ামৰ দৰেই,’’ মানসে বুজাই দিয়ে। “এজনে যদি এয়া কৰে তেন্তে তেওঁলোকৰ শৰীৰৰ ২০৬ডাল হাড়ৰ সকলোবোৰেই শক্তিশালী হ’ব আৰু শৰীৰৰ পৰা জড়তা নাইকিয়া হৈ পৰিব।” চৰাই-চিৰিকটি আৰু জীৱ-জন্তুৰ বিশেষ ভংগীৰ নামেৰে কেইবাটাও ভিন্ন প্ৰকাৰৰ আখৰাৰ নামাকৰণ কৰা হৈছে – ম’ৰাই পানী খোৱা, কচাই পানী খোৱা, তেলটুপি ইত্যাদি।
পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে শিকিব বিচৰা বিষয় অনুসৰি ভাগ ভাগ কৰা হয়। কোনোৱে নৃত্য শিকে, কোনোৱে খোল বাদন শিকে আৰু কোনোবাই বৰগীত শিকে। গায়ন হোৱাৰ পৰিকল্পনা কৰাসকলে এই পৰ্যায়ত তাল বজাবলৈ শিকে।
মানসে কয়, “যদি আন কোনোৱে এয়া শিকিব বিচাৰে তেন্তে তেওঁলোকক ইয়াৰ বাবে বহু সময় লাগিব। যিহেতু আমি এই পৰিৱেশত জন্ম হৈছো, আমি ইয়াতেই ডাঙৰ-দীঘল হৈছো আৰু অতি কম বয়সৰ পৰাই [শিল্পবিধ] দেখি আহিছো, সেয়া আমি শিকি যাও। কিন্তু যিসকল এই পৰিৱেশৰ নহয়, তেওঁলোকক সঠিকভাৱে এয়া শিকিবলৈ বহু বছৰৰ প্ৰয়োজন হ’ব।”


বায়নসকলে বজোৱা পৰম্পৰাগত বাদ্য খোল হৈছে সত্ৰ অনুষ্ঠানৰ মূল বাদ্যস্বৰূপ। খোলবাদন আৰম্ভ কৰাৰ পূৰ্বে এখন বিশেষ কাপোৰ ওপৰলৈ তুলি ধৰি গুৰুৰ সৈতে আটায়ে প্ৰাৰ্থনা জনায়
যোৱা কিছু বছৰত গায়ন-বায়নৰ জনপ্ৰিয়তা বাঢ়িছে। পূৰ্বতে কেৱল সত্ৰত চৰ্চা কৰা এই কলা আজি অসমৰ গাঁওবোৰতো পৰিৱেশন কৰা হয়। তথাপিও গায়ন আৰু বায়ন হ’বলৈ আগ্ৰহী লোকৰ সংখ্যা কমি আহিছে। ভাল কৰ্মসংস্থাপনৰ সন্ধানত নৱপ্ৰজন্মই মাজুলী এৰি দূৰ-দূৰণিলৈ যাবলৈ লৈছে।
''ভৱিষ্যতলৈ এইবোৰ নাথাকিবই বুলি ভয় এটা লাগে,’’ প্ৰিয়ব্ৰতে কয়।
শংকৰদেৱৰ সংগীতমূলক সৃষ্টিৰাজিৰ অধিকাংশ তেওঁৰ জীৱনকালতে ধ্বংস হৈ গৈছিল। উত্তৰাধিকাৰী সূত্ৰে যি পোৱা গৈছে সেয়া তেখেতৰ বিশাল সৃষ্টিৰাজিৰ সামান্য অংশহে আৰু সেয়া প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। এই সৃষ্টিৰাজিক যুগ-যুগলৈ জীয়াই ৰাখিবলৈ মানস যেন একপ্ৰকাৰ বদ্ধ পৰিকৰ।
“প্ৰজন্মৰ পিছত প্ৰজন্ম আহিব, প্ৰজন্ম গৈ থাকিব, কিন্তু শংকৰদেৱৰ সৃষ্টি অমৰ হৈয়ে ৰ’ব। এনেকৈয়ে তেওঁ আমাৰ মাজত অনন্ত কাললৈ প্ৰৱাহিত হৈ থাকিব।’-তেওঁ কয়। ‘মাজুলীত জন্ম গ্ৰহণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলিয়ে ভাবো। এই পৰম্পৰা মাজুলীত জীয়াই আছে আৰু জীয়াই থাকিব। সেইটো, মই ন দি ক’ব পাৰো।”

তুলসী বৰা (মাজত) আৰু প্ৰিয়ব্ৰতে (সোঁফালে) জ্যোতিস্মান দত্তক গড়মূৰ সত্ৰৰ নামঘৰত পাগ বন্ধাত সহায় কৰিছে

দলটোৰ এগৰাকী গায়ন সুৰুযে তেওঁৰ সতীৰ্থ শিল্পী শুভাশীষৰ বাবে মালাৰ ব্যৱস্থা কৰি দিছে

গায়ন সমুদ্ৰ হাজৰিকাৰ পাগত বকুল ফুলৰ মালা দেখা গৈছে। এয়া হৈছে প্ৰদৰ্শনত পিন্ধা সাজ-সজ্জাৰ এক পৰম্পৰা

দলটোৰ কমবয়সীয়া শিল্পীসকলৰ মাজৰ এগৰাকী অনুৰাগ শইকীয়া মঞ্চৰ ওচৰত ৰৈ আছে। সত্ৰত শিশুসকলে তেনেই কম বয়সৰে পৰা সত্ৰীয়া সংস্কৃতিৰ আদিপাঠ ল ’ বলৈ আৰম্ভ কৰে

মাজুলীৰ অন্যতম উৎসৱ ৰাস মহোৎসৱৰ প্ৰথম দিনা সন্ধিয়া ফটোৰ বাবে প ’ জ দিছে শান্তনু ভূঞাই

ৰাস মহোৎসৱত অনুষ্ঠান পৰিৱেশনৰ বাবে ৰৈ আছে ১৩ বছৰীয়া বায়ন জ্যোতিস্মান দত্ত

সূত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ হ ’ ব ৰিকি বৰা , সূত্ৰধাৰে ভাওনাৰ আঁত ধৰে আৰু কাহিনীৰ সাৰমৰ্মৰ বৰ্ণনা আগবঢ়ায়

নিত্যনন্দ দত্তই মঞ্চত পৰিৱেশনলৈ যোৱাৰ পূৰ্বে গায়ন-বায়নৰ দলটোৰ জ্যোতিস্মানক মৃত্তিকা তিলক লগাই দিছে

পৰম্পৰাগত সাজত ফটোৰ বাবে প ’ জ দিছে শুভাশীষ বৰা , প্ৰিয়ব্ৰত হাজৰিকা আৰু জ্যোতিস্মান দত্তই

গড়মূৰ সৰু সত্ৰৰ নামঘৰত নৃ-সিংহ যাত্ৰা ভাওনা প্ৰদৰ্শনৰ সময়ত সমুদ্ৰ হাজৰিকাই সেৱা কৰিছে

অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে দলটোৱে নৃসিংহৰ মুখাক সেৱা কৰিছে

প্ৰিয়ব্ৰতৰ হাতত থকা খোলটো পৰীক্ষা কৰি চাইছে নৱজ্যোতি বৰাই , সেয়া চাই ৰৈছে সতীৰ্থ বায়ন জ্যোতিস্মান (বাওঁফালে) আৰু পাৰ্থই (সোঁফালে)

নামঘৰত অনুষ্ঠান পৰিৱেশন , পৰম্পৰাগত গায়ন-বায়নৰ শিক্ষা বিভিন্ন প্ৰকাৰৰ তাল বজোৱাৰ জৰিয়তে আৰম্ভ হয়

সত্ৰভেদে পৰিৱেশনৰ ধৰণ তাল , মান , ৰাগ আৰু মুদ্ৰাৰ সংখ্যা তথা প্ৰকাৰ অনুযায়ী পৃথক হয়

আৰম্ভণিতে শিকাৰুসকলক নৃত্যৰ প্ৰাথমিক জ্ঞানো দিয়া হয়। পিছলৈ নিজ নিজ পছন্দ অনুযায়ী নৃত্য , খোল আৰু বৰগীতকে ধৰি বিভিন্ন ভাগত ভাগ হৈ শিক্ষা গ্ৰহণ কৰে

নৃসিংহৰ ভাওনাত গায়নৰ সৈতে গোৱা দেৱজিৎ দত্তই নেপথ্যৰ সংগীতৰো ব্যৱস্থা কৰি আহিছে

ৰিকি বৰাই সূত্ৰধাৰী নৃত্য পৰিৱেশন কৰিছে , এয়া অবিহনে ভাওনা আধৰুৱা

নৃত্য পৰিৱেশনৰ অন্তত মঞ্চ এৰাৰ পূৰ্বে হাতত শৰাই লৈ থকা অৱস্থাত ৰিকি
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেশ্যন(MMF)ৰ ফেল’শ্বিপৰ সাহায্যৰে যুগুতোৱা হৈছে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি