কাষৰ খেতিয়কবোৰে ইডালৰ পিছত বটগছ বিক্ৰী কৰাৰ সময়ত কিন্তু এতিয়া ৬০ বছৰীয়া সুব্বাইয়াই তেওঁৰ খেতিপথাৰৰ বটগছজোপা শাখা-প্ৰশাখা মেলি বৃহৎ এজোপা হোৱালৈকে দেখিছিল। দুটা দশক আগতে সুব্বাইয়াই তেওঁৰ দুই একৰ মাটিৰ খেতিপথাৰত এইজোপা গছ লগাই সাৰ-পানী দি ডাঙৰ-দীঘল কৰিছিল। সৰু এটা পুলিৰ পৰা মহীৰূহ হৈ পৰা গছজোপাই গ্ৰীষ্মৰ দেই পোৰা ৰ’দত আশ্ৰয় দিছিল।

এতিয়া সেইজোপা গছ সুব্বাইয়াই মাত্ৰ ৮ হাজাৰ টকাত বিক্ৰী কৰিবলগীয়া হৈছে। পত্নীৰ চিকিৎসাৰ বাবে এই সিদ্ধান্ত ল’বলগীয়া হ’ল খেতিয়কজনে। দুটা বছৰ আগৰ কথা, গৌৰী-গণেশা হাব্বা (কৰ্ণাটকৰ স্থানীয় উৎসৱ)লৈ পোন্ধৰ দিনমান থাকোতে সুব্বাইয়াৰ পত্নী ৫৬ বছৰ বৰ্ষীয় মহাদেৱাম্মাই ছাগলী চৰাবলৈ নিওতে শিলত পিচল খাই পৰে। পৰি তেওঁৰ নিতম্বৰ হাড় ভাগি যায়।

“জাকটোৰ পৰা আঁতৰি যোৱা ছাগলী পোৱালী এটাৰ পিছে পিছে খেদি গৈছিলো, শিলটো নেদেখিলো। পৰাৰ পিছত মই উঠিব পৰা নাছিলো,” সেই ভয়াৱহ দিনটোৰ কথা সুঁৱৰি মহাদেৱাম্মাই কয়। “প্ৰচণ্ড বিষ উঠিছিল। ধন্যবাদ যে ৰাস্তাৰ মানুহে মোক দেখা পালে আৰু ঘৰলৈ অহাত সহায় কৰিলে।”

কোনোমতে জোৰা-টাপলি মাৰি চলা পৰিয়ালটোক এই ঘটনাই জোকাৰি পেলালে।

Left: Mahadevamma uses a walker to stroll in the front yard of her house.
PHOTO • Rangaswamy
Right: Subbaiah had to sell the beloved banyan tree he planted and nurtured on his field to raise funds for Mahadevamma’s medical treatment
PHOTO • Rangaswamy

বাওঁফালে: মহাদেৱাম্মাই ৱাকাৰ লৈ ঘৰৰ আগচোতালত চলা-ফিৰা কৰে। সোঁফালে: সুব্বাইয়াই তেওঁৰ পত্নীৰ চিকিৎসাৰ খৰছ উলিয়াবলৈ তেওঁ মৰমত আপডাল কৰা বৰগছজোপা বিক্ৰী কৰিবলগীয়া হ’ল

মহীশূৰ-ঊটি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নঞ্জনগুড় চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰৰ হুনাচানালু গাঁৱত দম্পতিহাল থাকে। তেওঁলোক কৰ্ণাটকৰ অনুসূচিত জাতি হিচাপে তালিকাভুক্ত আদি সম্প্ৰদায়ৰ লোক। দম্পতিহালৰ সন্তান দুটি - ২০ বৰ্ষীয় কন্যা পৱিত্ৰা আৰু ১৮ বৰ্ষীয় পুত্ৰ অভিষেক।

পৱিত্ৰাই ৮ম মানলৈকে পঢ়িছে। অভিষেকৰ জন্মগতভাৱে শ্ৰৱণজনিত সমস্যা আছে আৰু দুয়োখন কাণেৰে ভালকৈ নুশুনে। মানুহে কথা পাতি থাকিলে শুনা নোপোৱা হেতুকে তেওঁ কথা ক’বলৈ নিশিকিলে। অভিষেকে আকাৰে-ইংগিতে মানুহৰ লগত কথা পাতে আৰু গাড়ীৰ হৰ্ণ আদি নুশুনে কাৰণে অকলে চলা-ফিৰা কৰোঁতে সাৱধান হ’বলগীয়া হয়।

সুব্বাইয়াই তেওঁৰ পুত্ৰ অভিষেকক মাণ্ডিয়া জিলাৰ পাণ্ডৱপুৰা তালুকৰ চিনাকুৰালি গাওঁস্থিত বাক আৰু শ্ৰৱণশক্তিহীনৰ জ্ঞান বিকাশৰ বিশেষ আবাসিক স্কুলত নামভৰ্তি কৰাইছিল। অভিষেকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছে। তেওঁ এতিয়া পৰিয়ালৰ গৰু-ছাগলী আদি চৰাই সময় কটায় আৰু ঘৰৰ খৰছ উলিয়াবলৈ ওচৰৰ চহৰত কাম বিচাৰি ফুৰে।

সময় বাগৰাৰ লগে লগে মহাদেৱাম্মাৰ চিকিৎসাৰ খৰছ বাঢ়ি আহিবলৈ ধৰিলে, তেওঁলোকৰ জমা-জৰি সকলো শেষ হ’ল। বটগছজোপা বিক্ৰী কৰাৰ লগতে কাষৰে গাঁৱৰ খেতিয়ক স্বামীৰ হাতত তেওঁৰ দুই একৰ মাটি লীজত দি পৰিয়ালটোৱে ৭০ হাজাৰ টকা গোটালে।

Mahadevamma (left) in happier times pounding turmeric tubers to bits. She used to earn Rs. 200 a day working on neigbouring farms before her fracture and subsequent injuries left her crippled.
PHOTO • Ramya Coushik
Right: (From left to right) Pavithra, Subbaiah, Mahadevamma and Abhishek in front of their home
PHOTO • Rangaswamy

সুখৰ দিনত মহাদেৱাম্মাই হালধি গুড়ি কৰা কামত লাগি থকা ফটো। তেওঁ আগতে চুবুৰীয়া খেতিপথাৰত কাম কৰি দিনে ২০০ টকা উপাৰ্জন কৰিছিল, দূৰ্ঘটনাটোৰ পিছত তাৰ মূধা মৰিল। সোঁফালে: (বাওঁফালৰ পৰা সোঁফাললৈ) ঘৰৰ সন্মুখত পৱিত্ৰা, সুব্বাইয়া, মহাদেৱাম্মা আৰু অভিষেক

এগালমান পৰীক্ষাৰ পিছত মহীশূৰৰ কে. আৰ. হস্পিতালৰ ডাক্তৰে ক’লে যে মহাদেৱাম্মাৰ অস্ত্ৰোপচাৰ কৰিব লাগিব। কিন্তু ইয়াকো জনালে যে তেওঁৰ ৰক্তহীনতা আৰু থাইৰয়ডৰ সমস্যা থকা হেতুকে এই অস্ত্ৰোপচাৰ সহজ নহ’ব। তেওঁক ১৫ দিন হস্পিতালত ৰাখি দৰৱ-পাতি দি থকা হ’ল আৰু ছসপ্তাহৰ ভিতৰত অস্ত্ৰোপচাৰৰ বাবে উভতিবলৈ কোৱা হ’ল। কিন্তু তেতিয়ালৈ দম্পতিহালৰ যাতায়ত, এক্স-ৰে, তেজপৰীক্ষা আৰু দৰৱ-পাতিৰ নামত প্ৰায় ৪০,০০০ টকা খৰছ হৈ গ’ল।

মহাদেৱাম্মাই বিষ সহ্য কৰিব পৰা নাছিল, অস্বস্তিতো ভুগিছিল। সেয়ে দম্পতিহালে অস্ত্ৰোপচাৰ নকৰাকৈ বিকল্প চিকিৎসাৰ বাবে তেওঁলোকৰ গাঁৱৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দূৰৰ চুবুৰীয়া ৰাজ্য তামিলনাডুৰ ইৰোড জিলাৰ চিংগিৰিপালায়ামলৈ যোৱাৰ সিদ্ধান্ত ল’লে। চিংগিৰিপালায়ামত পাৰম্পৰিক অস্থি চিকিৎসাৰ বাবে জনা যায়। এই চিকিৎসাত ভৰিৰ গোৰোহাৰ পৰা নিতম্বলৈকে কাপোৰ মেৰিয়াই ভগা হাড় জোৰাবলৈ কাঠ এচটা বান্ধি দিয়া হয় আৰু হাড় ভঙা স্থানত ভেষজ তেল ঢলা হয়। এই পদ্ধতিও পিছে সস্তা নাছিল। সুব্বাইয়া আৰু মহাদেৱাম্মাই প্ৰত্যেক ১৫ দিনৰ ব্যৱধানত চাৰিবাৰ গাড়ী ভাৰা কৰি তালৈ যাবলগীয়া হৈছিল। প্ৰতিটো ছেচনত ৬,০০০ টকা পৰিশোধ কৰিছিল। তাৰোপৰি চিংগিৰিপালায়মৰ পৰা অহা-যোৱাৰ নামত ৪,৫০০ টকা গাড়ীভাৰা দিবলগীয়া হৈছিল।

এই চিকিৎসাৰ পৰা পিছে আন কেতবোৰ জটিলতাৰহে সৃষ্টি হ’ল। কাঠৰ চটাটোৰ এটা চুকে মহাদেৱাম্মাৰ ভৰিৰ ছালত আঘাত কৰে। ভৰিৰ হাড় পৰ্য্যন্ত সেই কাঠচটা সোমাই গ’ল আৰু ঠাইখিনি গেলি পূঁজ ওলাবলৈ ধৰিলে। তাকে দেখি সুব্বাইয়াই তেওঁক প্ৰাইভেট ক্লিনিক এখনলৈ লৈ গ’ল। সেই চিকিৎসাত তেওঁৰ আৰু ৩০,০০০ টকা খৰছ হ’ল, কিন্তু আৰোগ্যলাভৰ কোনো লক্ষণ দেখা নগ’ল।

ভগা ভৰিখনেৰে ঘৰত ইফাল-সিফাল কৰোঁতে মহাদেৱাম্মা দুবাৰকৈ পৰে। তেনেকৈ তেওঁ আঠুতো গুৰুতৰ আঘাত পালে। তাৰ চিকিৎসাৰ নামত তেওঁৰ আৰু ৪,০০০ টকা খৰছ হ’ল। চিকিৎসা স্বত্ত্বেও তেওঁ এতিয়া আঠু সম্পূৰ্ণকৈ ভাঁজ কৰিব নোৱাৰা হ’ল।

Left: Mahadevamma's x-ray showing her fracture.
PHOTO • Rangaswamy
Right: Her wounded foot where the splint pressed down.  Mahadevamma can no longer use this foot while walking
PHOTO • Rangaswamy

বাওঁফালে: মহাদেৱাম্মাৰ এক্সৰেত তেওঁৰ ফ্ৰেক্সাৰ স্পষ্ট। সোঁফালে: কাঠচটা লাগি হোৱা ক্ষতচিহ্ন। মহাদেৱাম্মাই এতিয়া খোজ কাঢোতে এইখন ভৰি পাতিব নোৱাৰে

আগতে নিজৰ দুই একৰ মাটিত সুব্বাইয়াই কপাহ, মাকৈ, চেপেটা কলাই, মটৰমাহ, দাইল আৰু লেছেৰা মাহ আদিৰ খেতি কৰি কিছু উপাৰ্জন কৰিব পাৰিছিল, এতিয়া মাটিখিনি লীজত থকাই সেই সুবিধাও তেওঁ হেৰুৱালে। স্থানীয় আত্মসহায়ক গোট এটাৰ পৰা তেওঁ ৪ টকা সুতত ১ লাখ টকাৰ ঋণ ল’বলগীয়া হ’ল। তেতিয়াৰে পৰা তেওঁ মাহে সেই ঋণৰ বাবদ ৩,০০০ টকাকৈ দি আহিছে আৰু অহা ১৪ মাহলৈ সেই কিস্তি দি থাকিব লাগিব। লীজত থকা মাটিখিনি ঘূৰাই পাবলৈ তেওঁ এবছৰৰ ভিতৰত ৭০,০০০ টকা পৰিশোধ কৰিব লাগিব।

সুব্বাইয়াই কাম পালে দিনে ৫০০ টকা উপাৰ্জন কৰিব পাৰে, মাহেকত তেওঁ ২০ দিনৰ ওপৰত কাম নাপায়। তেওঁ সেই অঞ্চলৰ খেতিপথাৰত মজদুৰ হিচাপে কাম কৰে আৰু গাঁৱত ঘৰ বনোৱা কামত সহায় কৰে। কুঁহিয়াৰৰ খেতি চপোৱা সময়ত তেওঁ ছুগাৰ ফেক্টৰিত কুঁহিয়াৰ কাটে। মহাদেৱাম্মাই আগতে খেতিপথাৰত বন নিৰোৱা কাম কৰি দিনে ২০০ টকা উপাৰ্জন কৰিব পাৰিছিল। এতিয়া আয় কৰাতো দূৰৰে কথা, আনৰ সহায় অবিহনে চলা-ফিৰাই কৰিব নোৱাৰে।

তেওঁলোকে নিজৰ খীৰতী গাইজনীৰ গাখীৰ বিক্ৰী কৰি মাহে ৬,০০০ টকা পাইছিল। সেইটোও যোৱা দুবছৰ ধৰি পোৱালী দিয়া নাই। এনেকৈ উপাৰ্জনৰ আন এটা উৎস বন্ধ হৈ আছে।

পৰিয়ালটোৰ হাতত এতিয়া হুনাচানালু গাঁৱৰ ঠেক গলিটোৰ এটা মূৰে চূণ দিয়া এটা কোঠালীৰ ঘৰটোৱে বাচিছে।

দূৰ্ঘটনাটোৰ পূৰ্বে সুব্বাইয়াই তেওঁৰ পুত্ৰৰ ভাল এটা ভৱিষ্যতৰ আশা কৰিছিল, বধিৰ বিশেষ স্কুলত পঢ়ুৱাইছিল। “সি চোকা। মাত্ৰ কথা ক’ব নোৱাৰে,” নিজৰ পুত্ৰৰ কথা গৌৰৱেৰে তেওঁ কয়। এতিয়া ল’ৰাটোক পঢ়াব নোৱাৰি মনত অসন্তোষ ভাৱ জাগিছে সুব্বাইয়াৰ।

Left: Subbaiah at work. He earns Rs. 500 for a day of work that starts at 9 a.m. and stretches till 5 a.m.
PHOTO • Rangaswamy
Right: Mahadevamma stands with the support of a walker along with Subbaiah in front of the single-room house they share with their two children
PHOTO • Rangaswamy

বাওঁফালে: কামৰ সময়ত সুব্বাইয়া। তেওঁ ৯ বজাৰ পৰা কাম আৰম্ভ কৰি সন্ধিয়া ৫ বজাত সামৰে, দিনটোৰ ৫০০ টকা পায়। সোঁফালে: দুটি সন্তানৰ সৈতে নিজৰ এটা কোঠাৰ ঘৰটোৰ সন্মুখত সুব্বাইয়াৰ সৈতে মহাদেৱাম্মা

তেওঁলোকৰ জীয়ৰী পৱিত্ৰাই ৰন্ধা-বঢ়া কৰে, সৰা-পোচা কৰে। পৱিত্ৰাৰ বিয়াৰ সম্ভাৱনাও এতিয়া ক্ষীণ, দেউতাকে কয়। বিয়া এখনৰ খৰছ বহন কৰিবপৰা অৱস্থা পৰিয়ালটোৰ নাই।

“তেওঁক হস্পিতাললৈ নিওতে যোৱাৰ ভাৰা ৫০০ টকা ভৰিবলগীয়া হয়। তাৰোপৰি দৰৱ-পাতি আৰু এক্স-ৰে আদিৰ খৰছ আছেই। জীৱনজোৰা সঞ্চয় কাহানিবাই চিকিৎসাৰ নামত উদং। ক’ত পইচা পাম আৰু,” হতাশ হৈ পৰা সুব্বাইয়াই কয়।

গছজোপা হেৰুওৱাক লৈ তেওঁ এতিয়াও দুখ কৰে। “মই নিজে ৰুই ডাঙৰ কৰিছিলো। গছজোপা যদি বেচিবলগীয়া নহ’লহেঁতেন। কিন্তু আন কিবা উপায় আছিল জানো?”

মহাদেৱাম্মাক প্ৰয়োজন হোৱা দীঘলীয়া চিকিৎসা ব্যয় বহন কৰাৰ ক্ষমতা পৰিয়ালটোৰ নাই। তেওঁক ভাল চিকিৎসাৰ জৰিয়তে সুস্থ কৰাৰ বাবে বুজন পৰিমাণৰ টকাৰ প্ৰয়োজন। লীজত দিয়া মাটিখিনি ঘূৰাই আনিবলৈকো তেওঁক আৰু টকা লাগে, সন্তানহালকো নিজৰ ভৰিত থিয় দিব পৰা কৰি তুলিব লাগে।

“এতিয়া ঘৰৰ আগচোতালত সহায় অবিহনে খোজো কাঢ়িব নোৱাৰো,” হতাশাত ভাগি পৰা মহাদেৱাম্মাই কয়।

“অকলেই চাৰিজনীয়া পৰিয়ালটোৰ পেট পুহিবলগীয়া হৈছে, পইচাৰ সদায়েই নাটনি। মোৰ শত্ৰুৰো এনে বিলৈ নহওঁক। দুখ-দুৰ্দশাৰ সীমা নেদেখা হৈছো,” নিঃসহায় হৈ পৰা সুব্বাইয়াই কয়।

অনুবাদ: পংকজ দাস

Ramya Coushik

Ramya Coushik is a communications consultant based in Bangalore. She writes on nature and natural farming.

Other stories by Ramya Coushik
Editor : Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das