কৃষকৰ হাতত থকা ৫০০ টকীযা নোটত মাটি লাগি থাকে বা একেবাৰে জৰাজীর্ণ হৈ থাকে অথবা জাপ দি মেৰিয়াই থোৱা থাকে। অন্ধ্রপ্ৰদেশৰ অনন্তপুৰ জিলাৰ খৰাংপীড়িত তাড়িমাৰি মণ্ডলৰ সাৰৰ দোকানী পি উমেশে এইদৰে কয়।

শেহতীযা সময়খিনিত উমেশে কৃষকৰ হাতত খমখমীয়া নতুন ৫০০ টকাৰ নোট দেখা নাই তাড়িমাৰিৰ যি কৃষকে তেওঁৰ দোকানত শস্যৰ বীজ বা সাৰ ক্রয কৰে, তেওঁলোকে ফটা-চিৰা বা লেতেৰা নোট লৈ আহে। কিন্তু ৮ নৱেম্বৰৰ দিনা যেতিয়া এজন কৃষকে তেওঁৰ সাৰৰ ঋণ পৰিশোধ কৰিবলৈ একেবাৰে নতুন পাঁচশ টকাৰ চাৰিখন নোট দিলে, উমেশ সতর্ক হৈ পৰিল। নোট কেইখন ২০১৪ চনত ছপা কৰা।

টকাবোৰ যদি প্ৰচলন হৈ থাকিলহেতেন,  যোৱা দুটা বছৰত এনে চকচকীযা নতুন হৈ থকা সম্ভৱ নহয। মনতে উমেশে ভাবিলে যে নোটকেইখন নকল হব পাৰে। ৮ নৱেম্বৰৰ বিমুদ্রাকৰণৰ আগলৈকে তাড়িমাৰিত নকল টকা পৰিলক্ষিত হোৱা নাছিল যদিও সম্প্রতি তেওঁৰ দুই এজন গ্রাহকে নকল টকা দিছে।  সেযে উমেশে পাচঁশ টকাৰ নতুন নোট চাৰিখন পৰীক্ষা কৰাই নিশ্চিত হল যে সেয়া নকল টকা নহয়।

PHOTO • Rahul M.

আগৰ ধাৰ মৰাৰ বাবে এজন খেতিয়কে ২৩ নবেম্বৰৰ দিনা নতুন ৫০০ টকীয়া চাৰিখন নোট দিয়াত সাৰৰ দোকানী পি. উমেশে সচকিত হৈ উঠিছিল

তেওঁৰ চকু কপালত উঠিল। আটাইকেখন নোটৰ নম্বৰ অনুক্রমিক। এনেকুৱা লাগে যেন বেংকৰ পৰা প্ৰথমবাৰৰ বাবে উলিযাই আনিছে। কোনোবা গুপ্ত ভাণ্ডাৰৰ পৰা ৫০০ টকাৰ নোট কেইখন উলিযাই আনিছে বুলি উমেশে ভবাৰ থল আছে। অনন্তপুৰৰ ব্যৱসায়ীযে বৃহত্ পৰিমানৰ ক'লা টকা ব্যৱহাৰ কৰিছে বুলি সাৰ বিক্রেতা উমেশে সন্দেহ কৰিবলৈ ধৰে। সেই ব্যৱসায়ীসকল নিকটৱর্তী জিলা বা তামিলনাডুৰ হ'ব পাৰে। তাড়িমাৰি ১১ খন গাঁৱৰ ৩২,৩৮৫ জন বাসিন্দা একবাৰে গ্রাম্য আৰু তেওঁলোকৰ সাক্ষৰতাৰ মান অতি নিম্নগামী। সেয়ে এনে ব্যৱসায়ীযে খেতিয়সকলৰ পৰা শস্য ক্রয় কৰিবলৈ ক'লা টকা ব্যৱহাৰ কৰিব পাৰে বুলি উমেশে সন্দেহ কৰিবলৈ ধৰে।

উমেশৰ দৰে দুই এজনৰ বাদে তাড়িমাৰি গাঁৱৰ প্ৰত্যেকেই বিমুদ্রাকৰণৰ ফলত বিপৰ্যস্ত হল। উমেশে পুৰণি মুদ্রা গ্রহণ কৰি তেওঁৰ বেংকত থকা একাউন্টত বৈধ্য ব্যৱসায়ৰ উপাৰ্জন ৰূপে জমা কৰে। বিমুদ্রাকৰণৰ পিচত খেতিযসকলে পুৰণি মুদ্রাৰে ঋণ পৰিশোধ কৰিবলৈ ধৰে।

উমেশৰ সাৰৰ দোকানৰ ওচৰতে থকা তাড়িমাৰিৰ সুৰা বিপনীতো বিক্রী বৃদ্ধি পাবলৈ ধৰিছে কাৰণ কর্তৃত্ব পোৱা বা নোপোৱা সকলো সুৰা বিপনীযে পুৰণি মুদ্রা গ্রহণ কৰিবলৈ আৰম্ভ কৰি দিয়ে।

এই ৫০ টকা আমি ঘূৰাই পালো। সুৰাৰ নিচা কিছু পৰিমানে অপ্ৰকৃতিস্থ হৈ পৰা চিনা গংগান্নাই আমাক দেখুৱালে। ৮ জন আন কর্মহীন কৃষি শ্রমিকৰ সৈতে গংগান্নাই ১০০০ টকাৰ পুৰণি নোটেৰে সুৰা ক্রয কৰি পান কৰে। ৫০০ টকাৰ এখন পুৰণি নোট ভঙাবলৈ সুৰাবিপনীৰ পৰা কমেও ৪০০ টকাৰ সুৰা ক্রয কৰিব লাগিব।

সুৰা ক্রয় কৰাৰ জৰিয়তে পুৰণি নোট চলোৱাৰ সহজ উপায তাড়িমাৰিৰ বহুতেই অৱলম্বন কৰিবলৈ ধৰিছে। মই কাম শেষ কৰি প্ৰতিদিনে এটা কোৱাটাৰ বটল পান কৰো। এজন কৃষকৰ পথাৰত ট্রেক্টৰৰ চালকৰূপে দিন মজুৰী কৰা এছ নাগভূষনে কয। স্থানীয় সুৰাৰ এটা কোৱাটাৰ বটলৰ দাম এই অঞ্চলত ৬০-৮০ টকা। এতিয়া নাগভূষণে আগতে যিমান পান কৰিছিল,  আৰু চাৰি-পাচঁগুণ অধিক সুৰাপান কৰিবলৈ লৈছে। তেওঁৰ দৈনিক মজুৰী ৫০০ টকা। বর্তমান তেওঁ কর্মহীন। যিখিনি ধন জমা আছে-সেয়া পুৰণি মুদ্রা। গতিকে সকলো ধন সুৰাৰ বিপনীত ব্যয় কৰিছে।

নাগভূষণৰ দৰে এইবাৰ তাড়িমাৰিৰ আন কৃষি শ্রমিকসকলেও কাম বিচাৰি হাহাকাৰ কৰিবলগীযা হৈছে। অনন্তপুৰত চলিত বর্ষত অপৰ্যাপ্ত বৰষুণৰ বাবে বাদামৰ খেতি একেবাৰে হতাশজনক হৈ পাৰ। বহুতো খেতিযকে খেতিত লোকচান ভৰাৰ ফলত কৃষিশ্রমিকসকলৰ বাবেও মজুৰী দিনৰ অভাৱ হল।

তাড়িমাৰি মণ্ডলৰ বাদাম খেতিযকসকলে সাধাৰণতে দীপান্বিতাৰ পিচত তেওঁলোকৰ শস্য চপায়,  প্ৰায় নৱেম্বৰ মাহলৈকে শস্য চপোৱা কাম চলাই থাকে আৰু গোটেই ডিচেম্বৰ মাহটো তেওঁলোকে উত্পাদিত বাদাম বিক্রী কৰে। তেওঁলোকৰ পথাৰত কাম কৰা শ্রমিকসকল দৈনিক অথবা প্ৰতি সপ্তাহত মজুৰী আদায দিযায়া নহয়। বছৰটোৰ শস্য চপোৱাৰ পিচত জমা হৈ থকা মজুৰী শ্রমিকসকলক আদায় দিযা হয়। সেই বাবেই এই সমযত প্ৰতিজন খেতিত যথেষ্ট টকাৰ প্ৰয়োজন হয়।

উত্পাদিত শস্য বিক্রী কৰা ধনেৰেই খেতিয়কে তেওঁলোকৰ নিজৰ ভিতৰতে অনানুষ্ঠানিকভাবে প্ৰতিমাহে শতকৰা ২ টকা হাৰৰ সুদত লোৱা ঋণৰ ধনো পৰিশোধ কৰিব লগীযা হয়। এই ধন যদি আমি এতিযা ঘূৰাই নিদিও,  তেন্তে সুদ বৃদ্ধি হৈ থাকিব। তাড়িমাৰি গাঁৱত ১৬ একৰ খেতিৰ মাটি থকা কৃষক টি ব্রহ্মানন্দ ৰেড্ডীযে এইদৰে কয়।

বিমুদ্রাকৰনৰ এসপ্তাহৰ পিচত ৰেড্ডীযে তেওঁৰ উত্পাদিত বাদাম বিক্রী কৰিলে। আন জিলাৰ পৰা অহা ক্রেতা ব্যৱসায়ীযে পুৰণি ৫০০ আৰু ১০০০ টকাৰ নোটেৰে তেওঁৰ ধন আদায দিলে। বেংকত থকা একাউন্টত তেওঁ ধনখিনি জমা কৰিলে। ঋণ পৰিশোধ কৰিবলৈ আৰু শ্রমিকসকলৰ পৰিশ্রমিক আদায় দিবলৈ সৰহকৈ নতুন মুদ্রাৰ আৱশ্যক হৈছে। কিন্তু তাড়িমাৰি মণ্ডলৰ বেংকবোৰত নতুন মুদ্রাৰ গুৰুতৰ নাটনি হৈছে।

PHOTO • Rahul M.

তাড়িমাৰি মণ্ডলৰ এটা বেংকৰ বাহিৰত খেতিয়কৰ শাৰীঃ ঋণ পৰিশোধ কৰিবলৈ আৰু শ্রমিকসকলৰ পৰিশ্রমিক আদায় দিবলৈ টি ব্রহ্মানন্দ ৰেড্ডীৰ দৰে কৃষকক সৰহকৈ নতুন মুদ্রাৰ আৱশ্যক হৈছে। আকৌ তাড়িমাৰি মণ্ডলৰ বেংকবোৰত নতুন মুদ্রাৰ গুৰুতৰ নাটনি হৈছে।

ৰেড্ডী আৰু আন মাটিৰ গৰাকীসকলে শস্য চপোৱাৰ সময়ত প্ৰতিজন শ্রমিক দৈনিক ২০০ টকাকৈ মজুৰী দিযে। কামৰ ধৰণ আৰু কৃষিশ্রমিকৰ চাহিদাৰ ওপৰত নির্ভৰ কৰি সময়ে সময়ে দিন মজুৰীৰ হাৰ ৪৫০ টকালৈ বৃদ্ধি পাব পাৰে।

এতিযা কাম নোহোৱা হৈছে আৰু বৈধ মুদ্রাৰ অন্তর্ধান ঘটিছে। শ্রমিকসকলে ইয়াৰ ফলত দুর্ভো্গ ভূগিছে। প্ৰায় এমাহ ধৰি আমাক মজুৰী আদায় দিযা নাই। কিছুদিন ধৰি কর্মহীন হৈ থকা কৃষি শ্রমিক নাৰাযণস্বামায়ে এইদৰে অভিযোগ কৰে।

ইযাৰ মাজতে যদি কোনো সুৰামত্ত (অথবা উপায়ন্তৰ) শ্রমিকে তেওঁলোকৰ প্ৰাপ্য লাগে বুলি দাবী কৰে, আমিও আমাৰ মান ৰাখিবলৈ পুৰণি ৫০০ বা ১০০০ শ টকাৰ নোট দিও। একৰ মাটিৰ গৰাকী তথা বাদাম খেতিযক ভি সুধাকৰে এইদৰে কয়।

অধিকাংশ কৃষি শ্রমিকেই বেংকলৈ যোৱাৰ কথা ভাবিব নোৱাৰে আৰু কাম বিচৰাৰ পৰিবর্তে বেংকত শাৰী পাতি ৰৈ থাকিবলৈ কৃষি শ্রমিকসকলৰ সময় নাই। আনফালে, বহুতৰে আকৌ বেংকত একাউন্ট নাই। যিসকলে গম নাপায়,  সেইসকল শ্রমিকে হাতত জমা থকা পুৰণি ৫০০ বা ১০০০ শ টকাৰ নোট লৈ এনে নোট বিমুদ্রাকৰণ সত্বেও গ্রহণ কৰা চিৰপৰিচিত স্থানত অৰ্থাত সুৰাৰ বিপনীত উপস্থিত হয়।

PHOTO • Rahul M.

তাড়িমাৰিৰ ভাৰতীয় ষ্টেট বেংকত দীঘলীয়া অকোৱা-পকোৱা শাৰী। কাম বিচৰাৰ পৰিৱৰ্তে এই দীঘলীয়া শাৰীত থিয় দি থাকিবলৈ প্ৰায়ভাগ কৃষিশ্ৰমিকৰে সময় নাই, বহুতৰে আকৌ বেংক একাউণ্ট নাই

কামৰ কষ্ট লাঘৱ কৰিবলৈ (পথাৰত কৰা কিছুমান কষ্টসাধ্য কাম) আমি সুৰা পান কৰিবই লাগিব। পূৱা ১০ বজাতে অলপ সুৰা পান কৰি আহি কৃষি শ্রমিক স্বামীযে এইদৰে কয়। যাৰ পথাৰত কাম কৰে,  সেই কৃষি মালিকসকলেও সুৰাপান কৰিবলৈ উত্সাহিত কৰে। শ্রমিকসকলে যাতে তেওঁলোকে সুৰাপানক উত্সাহিত কৰে।

আমি প্ৰতিদিনেই মজুৰীৰ উপৰি শ্রমিকক ৩০-৪০ টকা দিও (মজুৰী খেতি চপোৱাৰ পিচতহে দিয়া হয়) তেওঁলোকে যাতে এই পইচাৰে দিনটোৰ বাবে অলপ সুৰা ক্রয কৰিব পাৰে। এই ভাষ্য পামৰ মালিক সুধাকৰৰ। এই পাৰস্পৰিক বুজাবুজিৰ মাজেৰে নিয়োগকর্তাৰ প্ৰতি কৃষি শ্রমিকৰ বিশ্বাস দৃঢ় হয় আৰু পিচদিনা পূৱা পুনৰ কাম কৰিবলৈ মালিকৰ পথাৰত উপস্থিত হয়। অথচ তেওঁলোকৰ কামৰ মূল মজুৰী খেতিৰ মালিকে নিদিয়ে।

যিখন তাড়িমাৰি গাঁৱৰ কৃষি শ্রমিকে আগতে কামৰ শেষত গধূলি সুৰাপান কৰিছিল, এতিযা কাম বিচাৰি নোপোৱাৰ বাবে গোটেই দিনেই সুৰাপান কৰিব বিচাৰে। হাতত থকা অৱশিষ্ট পুৰণি ৫০০ টকীযা নোটেৰে সুৰাৰ দাম দিয়ে।

Rahul M.

Rahul M. is an independent journalist based in Andhra Pradesh, and a 2017 PARI Fellow.

Other stories by Rahul M.