উদাসীন সুৰত কিন্তু মুখত মিচিকিয়া হাঁহি এটা লৈ হাঁহি মুৰলীয়ে ভঙা বাংলাতে ক'লে, "সব মাছ চেছ [সকলো মাছ শেষ হৈছে]। দুবছৰ পূৰ্বে আমি জলধা গাঁৱৰ নিকটৱৰ্তী ৰামনগৰ মাছৰ বজাৰত লগ পাইছিলো, সেয়েহে তেওঁ কৈছিল, "সব কিচ্চু ডিফৰেণ্ট [সকলো সলনি হৈছে]।" মুৰলীৰ চকুত ভাঁহি উঠিছে যে কিদৰে মাছবোৰ বংগোপসাগৰৰ পৰা নাইকিয়া হ’বলৈ ধৰিছে।

তেওঁ সাগৰৰ মাজৰ এটা 'ক’লা অঞ্চলৰ'ৰ বিষয়ে উল্লেখ কৰে। ২০১৭ চনত বিজ্ঞানীসকলে প্ৰায় "মৃত অঞ্চল" বা ৬০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ এক প্ৰতিবেদন দিছিল যি সাগৰত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াত অক্সিজেনৰ পৰিমাণ নগণ্য, নাইট্ৰজেন হ্ৰাস পাইছে আৰু কোনো সামুদ্ৰিক জীৱ নাই। প্ৰতিবেদন অনুসৰি এয়া প্ৰাকৃতিক প্ৰক্ৰিয়াৰ লগতে মানুহৰ হস্তক্ষেপৰ ফলাফল।

মুৰলী (তেওঁৰ উপাধি জনা নগ’ল) বেস্থা মাছমৰীয়া সম্প্ৰদায়ৰ আৰু অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ গৌবুন্দাপালেম গাঁৱত (লোকপিয়লত গুণ্ডলাপালেম হিচাপে ৰেকৰ্ড আছে) ডাঙৰ-দীঘল হৈছিল। তেওঁ বিগত দুটা দশক ধৰি অক্টোবৰ-মাৰ্চ মাহৰ মাছ ধৰা বতৰত বংগোপসাগৰৰ উপকূলত অৱস্থিত পূব মেদিনীপুৰ জিলাৰ ৰামনগৰ ব্লকৰ জলধা গাঁৱলৈ আহি আছে। এই বছৰকেইটা তেওঁ অলপ-অচৰপ বাংলা শিকিছে আৰু ইয়াক হিন্দী আৰু ইংৰাজীৰ সৈতে মিহলি কৰি তেওঁ কথা কয়।

ভাৰতীয়, বাংলাদেশী আৰু শ্ৰীলংকাৰ উপকূলৰ বহুতো বন্দৰত মুৰলীৰ পৰিয়াল আৰু বন্ধু আছে বুলি তেওঁ দাবী কৰে ৷ তেওঁ কয়, "জাফনাৰ পৰা জাম্বুদ্বীপলৈকে সকলোৱে মোৰ পৰিয়াল" ৷ তেওঁ মোক বিশেষভাৱে একো নকৈ মোক তেওঁৰ এজন বন্ধু স্বপন দাসৰ সৈতে পৰিচয় কৰাই দিয়ে। প্ৰায় ৪০ বৰ্ষীয় মুৰলীয়ে কয়, "এই আমাৰ ভাই [এয়া মোৰ ভাতৃ]।"

Murali
PHOTO • Neha Simlai
An owner-captain of a modified fishing boat, Sobahan Shordaar guides his boat FB Manikjaan through the waters of coastal Bangladesh
PHOTO • Neha Simlai

মুৰলীয়ে ( বাওঁফালে ) কয় , ২০০০ চনৰ আৰম্ভণিৰ পৰা ইয়াত কাম কৰাটো কঠিন হৈ পৰিছে তেওঁ আৰু আন লোকসকলে মাছ ধৰা নাও ( সোঁফালে ) এখনত ঋতু অনুসৰি কাম বিচাৰি আছে , যেন এই নাওখন চোবাহান চৰ্দাৰৰ মালিকানাধীন

৩৫ বছৰীয়া স্বপনেও বহু ঠাই ভ্ৰমণ কৰিছে। দুয়ো এই বজাৰৰ প্ৰব্ৰজনকাৰীসকলৰ মাজত থাকি দৈনিক মজুৰি তথা খাদ্যৰ বিনিময়ত মাছ ধৰা নাৱত কৰ্মচাৰী হিচাপে কাম কৰে। অক্টোবৰ-মাৰ্চ মাহত তেওঁলোকে প্ৰতি মাহে ৩,০০০ ৰ পৰা ১০,০০০ টকাৰ ভিতৰত উপাৰ্জন কৰে (মাছ ধৰা সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি)।

আমি তিনিও লাহে লাহে দক্ষিণ চব্বিশ পৰগণা জিলাৰ আবজাখালি গাঁৱৰ ফালে আগবাঢ়িছো; প্ৰথমে এখন বাছত আৰু তাৰ পিছত নাৱেৰে। আমি জম্বুদ্বীপলৈ যোৱাৰ পথত ৰওঁ (লোকপিয়লত জম্মু দ্বীপ হিচাপে লিপিবদ্ধ কৰা হৈছে)। আমি মীন পালন আৰু প্ৰসিদ্ধ ৰঙা কেঁকোৰা চাবলৈ আবজাখালিলৈ গৈ আছো, যিবোৰ মই ইয়ালৈ জৰীপ কৰিবলৈ আহিছো। দুয়োফালৰ পৰা সাগৰ দ্বীপ আৰু ফ্ৰাছেৰগঞ্জৰ দ্বাৰা পৰিবেষ্টিত জম্বুদ্বীপত বছৰৰ ছমাহ কোনেও বাস নকৰে। অক্টোবৰৰ পৰা মাৰ্চলৈকে ই মাছ ধৰা শিবিৰলৈ পৰিণত হয় য'ত উপমহাদেশৰ বিভিন্ন প্ৰান্তৰ মাছমৰীয়াসকল আহে আৰু গোট খায়। যেতিয়া মই স্বপনক সুধিছিলো যে তেওঁ কেতিয়া ঘৰলৈ ঘূৰি যাব, তেওঁ হাঁহি হাঁহি কয়, "এয়াইতো মোৰ ঘৰ।"

মাছ ধৰাৰ এই ঋতুকালীন কাৰ্যকলাপ আৰু মাছমৰীয়াসকলৰ অস্থায়ী ঘৰবোৰক স্থানীয়ভাৱে চাবৰ বুলি জনা যায়। দীৰ্ঘদিন ধৰি পৰিভ্ৰমী মাছমৰীয়াসকলে জম্বুদ্বীপৰ দৰে নিম্ন অঞ্চলৰ অস্থায়ী গাওঁবোৰত বসতি স্থাপন কৰিছে। এই গাওঁবোৰৰ প্ৰতিখন গাওঁ কেইবাটাও কুন্থি বা গোটৰে গঠিত; প্ৰতিটো কুন্তীৰ এজন 'গৰাকী' থাকে যিয়ে ১-১০ খন মাছ ধৰা নাঁৱৰ নেতৃত্ব লয়। তেওঁলোক কোন ঠাইৰ পৰা আহিছে সেয়া গুৰুত্বপূৰ্ণ নহয়; সকলো মাছমৰীয়াই ইজনে সিজনক জানে আৰু প্ৰায়ে গোটেই পৰিয়ালটো শীতকালত মাছ শুকোৱাৰ কামৰ বাবে অথবা নাওখনৰ চালক দল হিচাপে নিকটৱৰ্তী অঞ্চলৰ পৰা ইয়ালৈ আহে।

অৱশ্যে, মুৰলী আৰু স্বপনে উল্লেখ কৰে যে ২০০০ চনৰ আৰম্ভণিৰ পৰা কঠোৰ সীমান্ত নিয়ন্ত্ৰণে ইয়াত কেইমাহমানৰ বাবেও বসতি স্থাপন কৰাটো কঠিন কৰি তুলিছে আৰু এতিয়া নাঁৱত কাম কৰাটো সহজ হৈ থকা নাই। মুৰলীয়ে কয়, "মাছবোৰ শেষ হৈ গৈছে, আৰু এতিয়া [টহলদাৰি] আৰক্ষীৰ সংখ্যাও বৃদ্ধি পাইছে, সেয়েহে কামো শেষ হৈছে।"

Fishing boats engaged in sabar near Jambudwip
PHOTO • Neha Simlai
The Indian Sundarbans
PHOTO • Neha Simlai

বাওঁফালে: জম্বুদদ্বীপৰ দৰে দ্বীপসমূহত মাছমৰীয়াসকলে অস্থায়ী গাওঁ স্থাপন কৰে। সোঁফালে: কিন্তু সুন্দৰবনত সাধাৰণতে উপলব্ধ মাছবোৰ এতিয়া নাইকিয়া হৈ গৈ আছে

'মৃত অঞ্চল' আৰু হ্ৰাস হোৱা মাছৰ উপৰিও, তেওঁলোক তথা অন্যান্য মাছমৰীয়াসকলৰ বাবে গভীৰ সাগৰত চীনা, ছিংগাপুৰ আৰু অন্যান্য বাণিজ্যিক ট্ৰলাৰৰ সৈতে প্ৰতিযোগিতা কৰাটো কঠিন হৈ পৰিছে। ১৯৯০-ৰ দশকৰ শেষৰ ফালৰ পৰা সামুদ্ৰিক মীন পালনৰ বৰ্ধিত বাণিজ্যিকীকৰণৰ সৈতে, মাছ ধৰাৰ পৰিমাণো ক্ৰমান্বয়ে হ্ৰাস পাইছে। ইন্ধনৰ মূল্যও বৃদ্ধি পাইছে, যাৰ ফলত সৰু নাও চলোৱা ব্যয়বহুল হৈ পৰিছে। মুৰলীয়ে কয়, "সকলো সলনি হৈছে... সাগৰ, মাছ, আমাৰ কাম... সকলো।"

বিদেশী ট্ৰলাৰবোৰ তেওঁলোকৰ কৰ্মচাৰীৰ সৈতে কেনেদৰে আহে আৰু সাগৰৰ তলখন চলাথ কৰি ফুৰে, সকলোবোৰ তেওঁলোকৰ জালত কিদৰে সামৰি লয় সেয়া স্বপনে বৰ্ণনা কৰে। এতিয়া কিছুমান প্ৰজাতি বিচাৰি পোৱাটো কঠিন হৈ পৰিছে বুলি তেওঁলোকে অনুধাৱন কৰিছে। সুন্দৰবনত সচৰাচৰ দেখা পোৱা চাপিলা, মোলা, কাজলী আৰু বাতাচীৰ দৰে সতেজ পানীৰ মাছ এতিয়া দ্ৰুতগতিত হ্ৰাস পাইছে।

‘‘একুৱাটিক ইক'চিষ্টেম হেল্থ এণ্ড মেনেজমেণ্ট’’ আলোচনীত প্ৰকাশিত এটা প্ৰৱন্ধ অনুসৰি গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপত জলজ কৃষিৰ বাবে ব্যৱহৃত নদী আৰু হ্ৰদৰ নিম্নতম তাপমাত্ৰা ০.৫ ৰ পৰা ১.৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত কেৱল মীন পালনেই নহয়, মাছমৰীয়াসকলৰ উপাৰ্জনো প্ৰভাৱিত হৈছে যাৰ আন যিকোনো জীৱিকাৰ উপায় হাতত নাই। তেওঁলোকক এতিয়া আন বৃত্তিলৈ যাবলৈ আৰু কামৰ বাবে প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰা হৈছে।

মাছমৰীয়াসকলে তেওঁলোকৰ চৌপাশে কি ঘটি আছে বুজাবলৈ সেয়া ‘জলবায়ু পৰিৱৰ্তন’ শব্দটো ব্যৱহাৰ নকৰিব পাৰে, কিন্তু তেওঁলোকে ক'ত বাস কৰে, কি খায় আৰু কি কাম কৰে এই আটাইবোৰৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কি হ’ব পাৰে সেয়া বুজি পায়। এই বছৰ, মুৰলীয়ে অনুভৱ কৰিছিল যে 'চাবৰ' এতিয়া ব্যৱহাৰ্য হৈ থকা নাই। তেওঁ অনুধাৱন কৰিছে, তেওঁলোকে আন কৰবালৈ যাব লাগিব। স্বপনৰ বাবে পৰম্পৰাগতভাৱে মাছ ধৰাটো তেওঁৰ একমাত্ৰ দক্ষতা আৰু তেওঁ জানে যে কেইবছৰমানৰ ভিতৰত তেওঁ ইয়াৰ পৰা একো নাপাব। তেওঁ অহা বছৰ এই ঠাইলৈ ঘূৰি আহিব পাৰিব নে নাই সেই বিষয়ে নিশ্চিত নহয়। নতুবা আন এটা ঋতুও চাবলৈ পাব নে নাপায় সেই সন্দৰ্ভতো তেওঁ নিশ্চিত নহয় ৷

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Neha Simlai

Neha Simlai is a consultant based in Delhi, who works on environmental sustainability and conservation across South Asia.

Other stories by Neha Simlai
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder