গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে

আমাৰ শ্ৰমেৰে আনৰ সুফলা পথাৰ

মাটিৰ গৰাকীয়ে ফটো উঠি গৌৰৱবোধ কৰিছিল। তেওঁ তাত থিয় হৈ আছিল, আনহাতে তেওঁৰ খেতিপথাৰত বীজ সিঁচি থকা নগৰাকী মহিলা শ্ৰমিকৰ শাৰী সেই সময়ত দুগুণ হৈ পৰিছিল। মালিকে তেওঁলোকক দৈনিক ৪০ টকাকৈ দিছিল। মহিলাসকলে পিছত আমাক কৈছিল যে মাটিৰ গৰাকীয়ে তেওঁলোকক মাত্ৰ ২৫ টকাকৈহে দিছিল। তেওঁলোক আটাইকেইগৰাকী ওড়িশাৰ ৰায়গড়ৰ ভূমিহীন মহিলা আছিল।

ভাৰতত ভূমি থকা পৰিয়ালৰ মহিলাসকলৰ আনকি ভূমিৰ অধিকাৰো নাই। এই অধিকাৰ তেওঁলোকৰ বাবে বা শাহুৱেকৰ বাবেও নাই। অবিবাহিত, বিধৱা বা বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক তেওঁলোকৰ আত্মীয়ৰ খেতিপথাৰত শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰোৱা হয়।

ভিডিঅ’ চাওক: সাইনাথে কয়, 'লেঞ্চৰ মাজেৰে মই যি দেখিছিলো সেয়া আছিল জমিদাৰ অকলে আৰু পোনহৈ থিয় হৈ আছে; কৰ্মৰত মহিলাসকলে হাউলি কাম কৰি আছে'

চৰকাৰী তথ্য অনুসৰি, ভাৰতত মহিলা শ্ৰমিকৰ সংখ্যা হৈছে ৬ কোটি ৩০ লাখ। ইয়াৰ ভিতৰত ২.৮ কোটি বা ৪৫ শতাংশই হ’ল মহিলা কৃষি শ্ৰমিক। কিন্তু এই পৰিসংখ্যাও বিভ্ৰান্তিকৰ। ইয়াত ছয় মাহ বা ততোধিক সময়ৰ বাবে নিযুক্তি নোপোৱা মহিলাসকল অন্তৰ্ভুক্ত নহয়। এই তথ্য অতিশয় গুৰুত্বপূৰ্ণ। ইয়াৰ অৰ্থ হৈছে যে এই লক্ষাধিক মহিলাক দেশৰ অৰ্থনীতিত অৰিহণা যোগোৱা শ্ৰমিক হিচাপে গণ্য কৰা নহয়। পোনপটীয়াকৈ খেতিৰ কাম কৰাৰ উপৰিও গ্ৰামীণ মহিলাসকলে কৰা আন সকলো কামক 'ঘৰুৱা কাম' বুলি উপেক্ষা কৰা হয়।

আনকি চৰকাৰী বিষয়াসকলে "অৰ্থনৈতিক কাৰ্যকলাপ" বুলি বিবেচনা কৰা কৰ্মবোৰৰ ভিতৰত নিম্নতম মজুৰিৰ সৈতে কৃষিয়েই হৈছে একমাত্ৰ খণ্ড যি মহিলাসকলৰ বাবে মুকলি। কিন্তু পূৰ্বে ভূমিহীন শ্ৰমিকসকলে যিমান দিন কাম পাইছিল, এতিয়া নাপায়। এই সকলোবোৰ অৰ্থনৈতিক নীতিৰ কাৰণে হ’বলৈ ধৰিছে। যান্ত্ৰিকীকৰণৰ বৃদ্ধিয়ে এই সংকটক আৰু অধিক বৃদ্ধি কৰি তুলিছে। নগদ শস্যৰ দিশে পৰিৱৰ্তনে ইয়াক অধিক জটিল কৰি তুলিছে। নতুন চুক্তি প্ৰণালীয়ে ইয়াক অধিক সমস্যালৈ থেলি দিছে।

PHOTO • P. Sainath
PHOTO • P. Sainath
PHOTO • P. Sainath

অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰত দুগৰাকী সৰু ছোৱালীয়ে এখন পথাৰত পোক-পতংগ বিচাৰি আছে। (তলত) তেওঁলোকৰ গাঁৱত ৰঙা নোমযুক্ত পলু বিচৰাটো হৈছে এক মজুৰি পোৱা কাম। পথাৰৰ গৰাকীয়ে তেওঁলোকক প্ৰতি কিলোগ্ৰাম পলুৰ পৰিৱৰ্তে ১০ টকাকৈ দিয়ে। এক কিলো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে প্ৰায় এক হাজাৰ পোক-পতংগ বিচাৰিব লাগিব।

ভূমিৰ দৰে সম্পদৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ অভাৱৰ ফলত দৰিদ্ৰ শ্ৰেণীৰ লগতে সকলো মহিলাৰ অৱস্থা দুৰ্বল হৈ আহিছে। মালিকীস্বত্ব আৰু সামাজিক স্থিতি পৰস্পৰে পৰস্পৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। মাটিৰ ওপৰত মালিকীস্বত্ব থকা বা নিয়ন্ত্ৰণ থকা খুব কমেই মহিলা আছে। যদি তেওঁলোকৰ ভূমিৰ এই অধিকাৰ নিশ্চিত কৰা হয়, পঞ্চায়তী ৰাজত তেওঁলোকৰ অংশগ্ৰহণ অধিক সুচাৰুৰূপে সম্পন্ন হ’ব।

PHOTO • P. Sainath

এইটো কোনো কাকতালীয় সংযোগ নহয় যে ভূমিহীনসকলৰ ভিতৰত সৰ্বাধিক সংখ্যকেই হ’ল দলিত (যাক জাতি ব্যৱস্থাত 'অস্পৃশ্য' বুলি গণ্য কৰা হয়)। প্ৰায় ৬৭ শতাংশ মহিলা কৃষি শ্ৰমিক দলিত সম্প্ৰদায়ৰ। পৃথিৱীৰ অধিকাংশ শোষণ শ্ৰেণী, জাতি, লিংগৰ ভিত্তিত হয়।

ভূমিৰ অধিকাৰ লাভ কৰিলে দৰিদ্ৰ আৰু নিম্ন বৰ্ণৰ মহিলাসকলৰ অৱস্থা উন্নত হ'ব। ইয়াৰ পিছত, আনৰ পথাৰত কেতিয়াবা কাম কৰিব লগা হ'লেও তেওঁলোকে উন্নত মজুৰিৰ বাবে দৰদাম কৰিব পাৰিব। আৰু তেওঁলোকৰ ধনৰ লেনদেন বৃদ্ধি পাব।

ইয়াৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালৰ দাৰিদ্ৰ্য অৱস্থাৰ কিছু উন্নতি হ’ব। পুৰুষে তেওঁলোকৰ উপাৰ্জনৰ অধিকাংশ নিজৰ ওপৰত ব্যয় কৰে, আনহাতে মহিলাসকলে তেওঁলোকৰ সকলো উপাৰ্জন নিজৰ পৰিয়ালৰ ওপৰত ব্যয় কৰে। আৰু ইয়াৰ দ্বাৰা পৰিয়ালৰ শিশুসকল আটাইতকৈ উপকৃত হয়।

PHOTO • P. Sainath

এয়া তেওঁলোকৰ বাবে ভাল, তেওঁলোকৰ সন্তান আৰু পৰিয়ালৰ বাবে ভাল কথা। চমুকৈ, এইটো ক'ব পাৰি যে ভাৰতৰ পৰা যদি দৰিদ্ৰতা নিৰ্মূল কৰিব লাগে, তেন্তে মহিলাৰ ভূমি সম্পৰ্কীয় অধিকাৰ নিশ্চিত কৰিব লাগিব। পশ্চিমবংগৰ দৰে ৰাজ্যই ইয়াক পুনৰ বিতৰণ কৰা ভূমিৰ ৪০০,০০০ টা গোচৰত যৌথ পট্টা দিয়া আৰম্ভ কৰিছে। কিন্তু এতিয়াও বহু কাম কৰিবলৈ বাকী আছে।

যিহেতু মহিলাসকলক পথাৰত হাল চলাব দিয়া নহয়, গতিকে তেনে ক্ষেত্ৰত "হাল যাৰ, মাটি তাৰ’’ এই পুৰণি বচন আমি এৰিব লাগিব আৰু নতুনকৈ ক’ব লাগিব, "খেতি তাৰ, যিয়ে তাত কৰে কাম।"

PHOTO • P. Sainath

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder