গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে

জীৱনজুৰি হাউলি থকা

দুপৰীয়াৰ তীক্ষ্ণ ৰ'দত অণ্ঠ-কণ্ঠ শুকাই যোৱাত তেওঁ বিজয়নগৰমত ক্ষন্তেক সময় ৰৈছিল। কিন্তু আগৰ দৰেই বেঁকা হৈয়েই ৰৈছিল। তেওঁ জানিছিল যে কিছু মুহূৰ্তৰ ভিতৰতে পুনৰ কাম আৰম্ভ কৰিব লাগিব – একেটা ভংগিমাত।

কাজুৰ এই খেতপথাৰত তেওঁৰ গাঁৱৰ মহিলাৰ আন দুটা গোটেও কাম কৰি আছিল। খেতিপথাৰৰ পৰা দুই কিলোমিটাৰ দূৰৈত এটা দলে তেওঁলোকৰ ঘৰৰ পৰা দুপৰীয়াৰ আহাৰ আৰু পানী লৈ আহিছিল। আনটো গোটে বিপৰীত দিশত কাম কৰি আছিল। আটাইকেইগৰাকীয়ে হাউলি কাম কৰি আছিল।

ওড়িশাৰ ৰায়গড়ত অৱস্থিত এই পথাৰখনত পুৰুষো আছিল। লেঞ্চৰ মাজেৰে চাবলৈ গ’লে এয়া এক আশ্চৰ্যকৰ দৃশ্য আছিল। সকলো পুৰুষ থিয় হৈ আছিল৷ আনহাতে মহিলাসকল হাউলি আছিল৷ ওড়িশাৰ নোৱাপাৰাত বৰষুণেও এই মহিলাগৰাকীক অপতৃণ আঁতৰ কৰাত বাধা দিব পৰা নাছিল। ছাতি এটাৰ তলত থাকি তেওঁ হাউলি কাম কৰি গৈছিল।

ভিডিঅ চাওক : পি সাইনাথে কয় , ' যেতিয়াই মই মহিলাসকলক কাম কৰা দেখিছিলো , মোৰ মনলৈ প্ৰথম চিন্তা এইটোৱেই আহিছিল যে তেওঁলোকে সদায়েই হাউলি আছিল '

হাতেৰে ৰোপণ কৰা, চপোৱা আৰু অপতৃণ আঁতৰ কৰাটো কঠোৰ পৰিশ্ৰম। এনে কৰোতে বেদনাদায়ক পৰিস্থিতিত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আৱদ্ধ থাকিব লাগে।

ভাৰতত, ৮১ শতাংশ মহিলাই খেতিপথাৰ, মজুৰি, বন্য সামগ্ৰী সংগ্ৰহ আৰু পশুৰ যত্ন লোৱা কাম কৰে। কৃষিকৰ্মত লিংগৰ ওপৰত ভিত্তি কৰি এক বৃহৎ বৈষম্য আছে। মহিলাসকলক হাল চলাবলৈ অনুমতি দিয়া নহয়। কিন্তু বাকী কৃষিকৰ্মবোৰত বিশেষকৈ বীজ সংৰোপণ, অপতৃণ নিৰ্মূলকৰণ, শস্য চপোৱা, আৰু শস্য চপোৱাৰ পিছৰ আন সকলো কাম তেওঁলোকে সমানেই কৰে৷

এক বিশ্লেষণ অনুসৰি, কৃষিকৰ্মৰ ক্ষেত্ৰত মহিলাৰ ভাগ এনেধৰণৰঃ

পথাৰত বীজ সিঁচাৰ বাবে মাটিখিনি সাজু কৰি তোলা কামৰ ৩২% মহিলাই কৰে;
বীজ সিচা কাম কৰা ৭৬% হৈছে মহিলা;
কঠিয়া তুলি নি ভূঁই ৰোৱা কামত নিয়োজিত শ্ৰমিকৰ ৯০% মহিলা;
শস্য ঘৰলৈ চপোৱা কামত নিয়োজিতসকলৰ ৮২% মহিলা;
খাদ্য প্ৰক্ৰিয়াকৰণৰ কামত নিয়োজিতসকলৰ ১০০% মহিলা; আৰু
দুগ্ধ উৎপাদনত নিয়োজিতসকলৰ ৬৯% মহিলা।

PHOTO • P. Sainath
PHOTO • P. Sainath

এইবোৰ কামৰ অধিকৰে অৰ্থ হৈছে দীঘলীয়া সময়ৰ বাবে আৱদ্ধ হৈ থকা বা বহি থকা আৰু কাম কৰা। ইয়াৰ উপৰিও কৃষিত ব্যৱহৃত বহুতো সঁজুলি মহিলাৰ অনুকূলে তৈয়াৰ কৰা হোৱা নাই।

পথাৰত কাম কৰোঁতে, মহিলাসকলে হাউলি বা বহি থাকিয়েই নিৰন্তৰ আগবাঢ়িব লাগে। সেইকাৰণে তেওঁলোকৰ পিঠি আৰু ভৰিৰ তীব্ৰ বিষ এটা সাধাৰণ সমস্যা। ৰোপণৰ সময়ত প্ৰায়ে গভীৰ পানীত থিয় হৈ থাকিবলগীয়া হোৱাৰ বাবে এই মহিলাসকলৰ ছালৰ ৰোগ হোৱাৰ আশংকা থাকে।

ইয়াৰ উপৰিও, পুৰুষৰ বাবে প্ৰস্তুত কৰা সঁজুলিবোৰৰ পৰা মহিলাসকল আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা থাকে। দাঁতজাতীয় সৰঞ্জামৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱাটো এক সচৰাচৰ ঘটনা, আনহাতে ইয়াৰ চিকিৎসা সেৱা লাভ কৰাটোও বিৰল। ধনুষ্টংকাৰ হোৱাৰ সম্ভাৱনা সকলো সময়তে লাগি থাকে।

PHOTO • P. Sainath
PHOTO • P. Sainath
PHOTO • P. Sainath

এই ধৰণৰ কাৰ্যৰ বাবে কৃষিক্ষেত্ৰত নৱজাতকৰ মৃত্যুৰ উচ্চ হাৰ এক ডাঙৰ সমস্যা। উদাহৰণ স্বৰূপে, ৰোপণৰ সময়ত মহিলাসকলে দিনটোৰ বেছিভাগ সময়েই হাউলি থাকে। মহাৰাষ্ট্ৰৰ এটা অধ্যয়নত দেখুৱাইছে যে এই সময়ত গৰ্ভপাত আৰু নৱজাতকৰ মৃত্যুৰ সৰ্বাধিক সংখ্যক ঘটনা প্ৰতিবেদিত হৈছে। দীঘলীয়া সময়ৰ বাবে ভৰি দুখন মেৰিয়াই বহি থাকিলে ভাগৰ আৰু চাপ বৃদ্ধি হয়, যাৰ ফলত প্ৰায়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বে কেঁচুৱা জন্ম হয়।

ইয়াৰ উপৰিও, মহিলা কৰ্মীসকলে পৰ্যাপ্ত খাদ্যও নাপায়। ইয়াৰ কাৰণ হৈছে দৰিদ্ৰতা। অতীজৰ পৰম্পৰা অনুসৰি পৰিয়ালটোৰ আন সদস্যসকলে প্ৰথমে খাব লাগিব আৰু মহিলাসকলে শেষত খাব পাব, ইয়েই পৰিস্থিতিটো আৰু অধিক দুখজনক কৰি তোলে। গৰ্ভৱতী মহিলাসকলে উন্নত খাদ্য নাপায় কিন্তু তেওঁলোকক ইয়াৰ আটাইতকৈ বেছি প্ৰয়োজন। যিহেতু মাতৃসকল নিজে পুষ্টিহীন, নৱজাতক শিশুৰ ওজন ইমান কম হয় যে তেওঁলোকে জীয়াই থাকিব নোৱাৰে।

ইয়াৰ বাবে, কৃষিত কাম কৰা মহিলাসকল সঘনাই গৰ্ভধাৰণ আৰু নৱজাতকৰ উচ্চ হাৰৰ মৃত্যুৰ চক্ৰত আৱদ্ধ হৈ পৰে যি তেওঁলোকৰ স্বাস্থ্য অধিক ক্ষতিগ্ৰস্ত কৰে। গৰ্ভধাৰণ আৰু সন্তান জন্মৰ সময়ত এনে মহিলাৰ বৃহৎ সংখ্যাত মৃত্যু হয়।

PHOTO • P. Sainath

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder