“চাওক মোৰ পানীৰ মটৰটো বালিত কেনেকৈ পোত গৈ আছে,” বানৰ পানীত আংশিকভাৱে ডুব যোৱা মটৰ পাম্পটো খান্দি উলিয়াবলৈ চেষ্টা কৰা সুন্দ গাঁৱৰ খেতিয়ক দেৱেন্দ্ৰ ৰাৱতে কয়। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ শিৱপুৰি জিলাত। “বানে মোৰ মাটি পুতি পেলালে আৰু মোৰ তিনিটা পাম্প এতিয়া আধা-আধি বালিৰ তলত। কুঁৱা এটাও খহি গ’ল। এতিয়া কি কৰিম?” ৪৮ বছৰ বয়সীয়া খেতিয়কগৰাকীয়ে প্ৰশ্ন কৰে।

নৰৱাৰ টেহচিলৰ অন্তৰ্গত সুন্দ গাওঁখন সিন্ধ নদীৰ দুই উপনৈৰ মাজত অৱস্থিত। ২০২১ৰ আগষ্টত নৈখন ওফন্দি উঠাত ৬৩৫ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল মতে) গাওঁখনৰ প্ৰচুৰ ক্ষতিসাধন হৈছিল। আগতে এনেকুৱা বিধ্বংসী বান কেতিয়া আহিছিল মনত নপৰা দেৱেন্দ্ৰই কয়, “বানে ত্ৰিশ বিঘা মাটিৰ ধানখেতি নষ্ট কৰি পেলালে। মোৰ পৰিয়ালটোৱে এই বানত হোৱা খহনীয়াত ছয় বিঘা মাটি হেৰুৱালে।”

কালি পাহাৰিৰ গাওঁখন সম্পূৰ্ণৰূপে বানৰ পানীয়ে আগুৰি আছে, ঠিক এটা দ্বীপৰ দৰে। এতিয়া অতিবৃষ্টি হ’লেই গাঁৱৰ মানুহে ইটোৰ পৰা সিটো পাৰলৈ পানী ভাঙি নাইবা সাতুৰি যাবলৈ বাধ্য হয়।

“বানৰ সময়ত আমাৰ গাওঁখন তিনিদিন ধৰি পানীত ডুবি আছিল,” দেৱেন্দ্ৰই কয়। চৰকাৰী নাৱে থাকি যোৱা ১০-১২ জন লোকদ বাদে আন লোকসকলক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা গাঁৱৰ মানুহখিনিয়ে ওচৰৰে বজাৰত শিবিৰ পাতি থাকে নাইবা কাষৰ গাঁৱৰ সম্পৰ্কীয়ৰ ঘৰত থাকিবলৈ যায়। বানৰ সময়ত বিদ্যুতৰ সংযোগ কটা গৈছিল আৰু এমাহ পিছতহে সংযোগ দিয়া হৈছিল, দেৱেন্দ্ৰই মনত পেলায়।

PHOTO • Rahul

সুন্দৰ বাসিন্দা দেৱেন্দ্ৰ ৰাৱতে ২০২১ৰ বানপানীত পোত যোৱা পাম্পটো উলিয়াবৰ যত্ন কৰিছে

পশ্চিম মধ্যপ্ৰদেশত ২০২১ৰ ১৪ মে’ৰ পৰা ২১ জুলাইলৈ বৃষ্টিপাত ২০ৰ পৰা ৫৯ শতাংশলৈ হ্ৰাস পাইছিল, ভাৰতীয় বতৰবিজ্ঞান বিভাগে কয়।

এসপ্তাহ পিছত ২৮ জুলাইৰ পৰা ৪ আগষ্টলৈ বৃষ্টিপাত স্বাভাৱিকতকৈ ৬০ শতাংশ বেছি হৈছিল। সিন্ধ নদীৰ দুই বান্ধ মাৰিখেৰাৰ অটল সাগৰ বান্ধ আৰু নৰৱাৰৰ মোহিনী বান্ধ পানীৰ প্ৰৱল সোত বৈছিল। কৰ্তৃপক্ষই গেট খুলি দিয়াত সুন্দ গাওঁখন জলমগ্ন হৈ পৰে। “ফ্লাড-গেট কেইখন খুলি দিয়াত বাদে আমাৰ একো উপায় নাছিল। বান্ধটো ভাঙি নাযাবলৈ আমি পানী এৰি দিবলগীয়া হৈছিল। ২০২১ৰ ২-৩ আগষ্টত হোৱা প্ৰচুৰ বৃষ্টিপাতৰ কাৰণে এনে এটা পৰিস্থিতি উদ্ভৱ হৈছিল,” অটল সাগৰ বান্ধৰ এছ.ডি.অ’ জি. এল. বৈৰাগীয়ে কয়।

মধ্যপ্ৰদেশত অতিবৃষ্টি হ’লে সিন্ধ নদীখন আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। “সিন্ধ নদীখন গংগা অৱবাহিকাৰে এটা অংশ। হিমালয়ৰ পৰা ওলোৱা নদী নহয়। ই দক্ষিণৰ পৰা উত্তৰলৈ বয় আৰু বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰে,” ভূপালৰ বৰকাটুল্লাহ বিশ্ববিদ্যালয়ৰ জৈৱবিজ্ঞান বিভাগৰ অধ্যাপক বিপিন ব্যাসে কয়।

বানে শস্যৰ চক্ৰতো প্ৰভাৱ পেলাইছে। “আমাৰ ধান আৰু তিলৰ খেতি নষ্ট হৈ গৈছে। এইবছৰ ঘেঁহুৰ খেতিও আমি কৰিব নোৱাৰিলোঁ,” দেৱেন্দ্ৰই কয়। সিন্ধ নদীৰ অৱবাহিকাত সৰিয়হৰ খেতি কৰা কৰা হয়। বানপানীৰ পিছত বহু খেতিয়কে সৰিয়হৰ খেতি কৰাটোৱে পছন্দ কৰে।

PHOTO • Rahul
PHOTO • Aishani Goswami

বাওঁফালে: বানবিধ্বস্ত নিজৰ খেতিপথাৰৰ কাষত দেৱেন্দ্ৰ আৰু ৰামনিৱাস (সোঁমাজত)। সোঁফালে: ৰামনিৱাসে (বগা চোলা পিন্ধাজন) কয়, ‘জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰচুৰ বৃষ্টিপাত আৰু বানে আমাৰ খেতি নষ্ট কৰি আহিছে’

জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা লোকচানৰ কথা দোহাৰি দেৱেন্দ্ৰই ভতিজাক ৰামনিৱাসে কয়, “জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰচুৰ বৃষ্টিপাত আৰু বানে আমাৰ খেতি নষ্ট কৰি আহিছে। তাতে আকৌ অতিপাত গৰমত শস্য মৰাৰ ৰিস্ক থাকেই।”

তেওঁ কয় যে বানপানীৰ পিছত পাটৱাৰি (গাঁৱৰ লেখ ৰাখোঁতা) আৰু সৰপঞ্চে গাওঁখনৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ আহে আৰু ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি দিয়ে।

“মোৰ নষ্ট হৈ যোৱা ধানখেতিখিনিৰ বাবদ মই এবিঘাত ২,০০০ টকাকৈ পাইছিলো,” দেৱেন্দ্ৰই কয়। “বানে খেতিখিনি নষ্ট নকৰাহ’লে আমি কমেও তিনিৰ পৰা চাৰি লাখ টকা মুনাফা লাভ কৰিলোঁহেঁতেন,” ৰামনিৱাসে কয়।

দেৱেন্দ্ৰৰ পৰিয়ালটো সম্পূৰ্ণৰূপে খেতিৰ ওপৰত নিৰ্ভৰ কৰে। লকডাউনত শস্যৰ বজাৰ দৰ বহুত কমি গৈছিল। মহামাৰীৰ দিন ধৰি পৰিয়ালটোৱে দূৰ্ভোগ ভূগি আহিছিল। দেৱেন্দ্ৰৰ জীয়েক আৰু ভতিজাজনীৰ ২০২১ত বিয়া হয়। “কৰ’নাই সকলো মহঙা কৰি পেলালে, কিন্তু বিয়াখন ইতিমধ্যে ঠিক কৰি থোৱা আছিল কাৰণে নাপাতি উপায় নাছিল,” দেৱেন্দ্ৰই বুজাই কয়।

তেনেতে ২০২১ৰ আগষ্টত কোনেও অনুমান কৰিব নোৱাৰাকৈ বানপানী আহিল আৰু পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা কৰি পেলালে।

PHOTO • Aishani Goswami
PHOTO • Rahul

বাওঁফালে: ২০২১ৰ বানপানীত সিন্ধ নদীৰ পাৰত থকা বহু গছ উভালি পৰিছিল। সোঁফালে: নৰৱাৰৰ মোহিনী বান্ধ

*****

সিন্ধ নদী উপত্যকাৰ ইন্দেৰগাহ টেহচিলৰ তিলাইথা গাঁৱত চাহাব সিং ৰাৱতে আশাহত হৈ তেওঁৰ খেতিপথাৰলৈ চাই ৰৈছে। “আবতৰীয়া বৰষুণে মোৰ চাৰে বাৰ বিঘা কুঁহিয়াৰৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে,” তেওঁ কয়। খেতিয়কে কয় যে দাতিয়া জিলাত ২০২১ৰ শীতকালত প্ৰচুৰ বৃষ্টিপাত হৈছিল, যাৰ ফলত খেতিয়কসকলৰ বহুত লোকচান হয়।

সুন্দত ঘৰবোৰ ওখ ঠাইত থকা কাৰণে বাচি গ’ল। কালিপাহাৰী গাওঁ পঞ্চায়তৰ সুমিত্ৰা সেনে মনত পেলায় কেনেকৈ তেওঁলোকে ঘনে ঘনে পানী বাঢ়নি পানী জুখি আছিল আৰু কম সময়তে যাতে ওখ ঠাইলৈ উঠি যাব পাৰে, তাৰবাবে পাঁচ কিলোগ্ৰাম খাদ্যশস্য সাজু ৰাখিছিল।

৪৫ বছৰ বয়সীয়া সুমিত্ৰা সেনে দিনহাজিৰা কৰা আৰু কাষৰে স্কুল এখনত ৰন্ধা-বঢ়া কৰে। তেওঁৰ স্বামী ধনপাল সেনে (৫০) যোৱা দহবছৰ ধৰি পাউচ নিৰ্মাণ কোম্পানী এটাত কাম কৰি আছে। তেওঁলোকৰ সৰুটো পুতেক অতীন্দ্ৰ সেনে (১৬)ও তাত কাম কৰে। নাই সম্প্ৰদায়ৰ সুমিত্ৰাই চৰকাৰৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ কাৰ্ড এখন বনাই লৈছে।

দাতিয়া জিলাৰ সেওন্ধা ব্লকৰ মদনপুৰা গাঁৱৰ বিদ্যাৰাম ৱাঘেলে কয় যে তেওঁ বানত তিনি বিঘা খেতিমাটি হেৰুৱাইছে। “শস্যৰ চিন-মোকাম নাই, এতিয়া গোটেই পথাৰখন বালিয়ে পুতি পেলাইছে,” বিদ্যাৰামে কয়।

PHOTO • Rahul
PHOTO • Rahul
PHOTO • Rahul

বাওঁফালে: চাহাব সিং ৰাৱতৰ ৭.৭ একৰ মাটিৰ কুঁহিয়াৰ খেতি আবতৰীয়া বৰষুণে নষ্ট কৰি পেলাইছিল। সোঁমাজত: সুমিত্ৰা সেনে কয় যে বানৰ পানী ঘৰ সোমোৱাৰ আগতেই ওখ ঠাইলৈ যোৱাৰ বাবে পাঁচ কিলো খাদ্যশস্য তেওঁ সাজু কৰি থৈছিল

*****

সুন্দৰ বাসিন্দাই কয় যে চৰকাৰে বহুত টকা খৰছ হোৱাৰ কথা ভাবি নদীখনৰ ওপৰত দলং নবনায়। এইখন গাঁৱত প্ৰায় ৭০০ বিঘা কৃষিভূমি আছে আৰু এই আটাইখিনি গাঁৱৰ মানুহৰ নিজা মাটি। গাওঁখনৰ বাসিন্দা ৰামনিৱাসে কয়, “আমি আন ঠাইত থিতাপি লাগিলেও (জীয়াই থাকিবলৈ) খেতিৰ বাবে ইয়ালৈ ঘূৰি আহি থাকিবই লাগিব।”

দেৱেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালে কয় যে জলবায়ু পৰিৱৰ্তন, আবতৰীয়া আৰু অতিবৃষ্টি আৰু নদীখনত বান্ধৰ সংখ্যা বঢ়াৰ বাবে হোৱা বানৰ সমস্যা আদি স্বত্ত্বেও তেওঁলোকৰ পৰিয়ালে নিজৰ গাওঁখন এৰি নাযায়। “আমি গাঁৱৰ মানুহে কেতিয়াও এই ঠাই এৰি নাযাও। আমাক চৰকাৰে একে পৰিমাণৰ মাটি যদি আন ক’ৰবাত দিয়ে, তেতিয়াহে আমি যাম,’ তেওঁ কয়।

অনুবাদ: পংকজ দাস

Rahul

Rahul Singh is an independent reporter based in Jharkhand. He reports on environmental issues from the eastern states of Jharkhand, Bihar and West Bengal.

Other stories by Rahul
Aishani Goswami

Aishani Goswami is a water practitioner and architect based in Ahmedabad. She has a Masters in Water Resource Engineering and Management and studies rivers, dams, floods and water.

Other stories by Aishani Goswami
Editor : Devesh

Devesh is a poet, journalist, filmmaker and translator. He is the Translations Editor, Hindi, at the People’s Archive of Rural India.

Other stories by Devesh
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das