“আমাৰ ঘৰৰ মূধচৰ পৰা এন্দুৰ সৰি পৰা আৰু মৰি যোৱাৰ কথা মোৰ এতিয়াও মনত আছে। মই জীৱনত দেখা এইটো আছিল আটাইতকৈ অমংগলীয়া দৃশ্য। এই কথা শুনি আপোনাৰ আজি হাঁহি উঠিব পাৰে, কিন্তু ঘৰৰ ওপৰৰ পৰা এন্দুৰ তলত পৰি যোৱা মানে আমি ঘৰ এৰি যাব লাগিব, তদুপৰি পুনৰ কেতিয়া ঘৰলৈ উভতিম তাৰ নিশ্চয়তা নাই।”

কইম্বাটোৰৰ কালাপাট্টিৰ এগৰাকী বাসিন্দা এ. কুৰান্দাইয়াম্মালৰ পৰা অতীতৰ এই ঘটনাৰ বিশদ বৰ্ণনা লাভ কৰিছিলো। ১৯৪০ চনৰ আৰম্ভণিতে শেষবাৰৰ বাবে তামিলনাডুৰ এই চহৰখনত প্লেগ সংক্ৰমিত হোৱাৰ সময়ত বৰ্তমানৰ ৮০ বছৰীয়া এই বৃদ্ধা তেতিয়া এগৰাকী কিশোৰী আছিল।

বৰ আইৰ পৰা আৰম্ভ কৰি প্লেগ তথা কলেৰাকে ধৰি বিভিন্ন মহামাৰীয়ে কইম্বাটোৰৰ অতীত ইতিহাস অসুখী কৰি তুলিছিল আৰু ৰাজ্যখনত এতিয়াও জনসাধাৰণৰ মাজত সেই দুঃস্বপ্নৰ স্মৃতিয়ে বিৰাজ কৰিছে। ফলস্বৰূপে ‘প্লেগ মাৰিয়াম্মান’ (ব্লেক মাৰিয়াম্মান)ৰ মন্দিৰ সেই অঞ্চলত ঘনকৈ গঢ়ি উঠিল। কইম্বাটোৰ চহৰত ১৬টা প্লেগ দেৱীৰ মন্দিৰ গঢ়ি উঠিছিল।

সেই কাৰণে ক’ভিড-১৯ৰ আগমনক ক’ৰনা দেৱী ৰূপে গণ্য কৰি মন্দিৰত উপাসনা কৰা হৈছে। কিন্তু প্লেগ মাৰিয়াম্মানৰ পুণ্যস্থানবোৰৰ বিৰাট প্ৰভাৱ আছিল আৰু আজিও এই প্ৰভাৱ বিদ্যমান। ইয়াৰ নিলগৰ টিৰুপ্পুৰ জিলাত কেইটামান এনে মন্দিৰ এতিয়াও আছে আৰু ইয়াত উৎসৱ-পাৰ্বণ অনুষ্ঠিত কৰা হয় আৰু সেইবোৰে বহুতো লোকক আকৰ্ষণ কৰে।

১৯০৩ চনৰ পৰা ১৯৪২ চনলৈ কইম্বাটোৰ চহৰখন কমেও দহবাৰ প্লেগত আক্ৰান্ত হৈছিল, প্লেগে হাজাৰ হাজাৰ লোকৰ প্ৰাণ লৈছিল। প্লেগৰ অন্ত পৰা কেইবাদশক হ’ল যদিও চহৰখনৰ জনমানসত ইয়াৰ বিধ্বংসী স্মৃতি এতিয়াও সজীৱ হৈ আছে। কুৰান্দাইয়াম্মালৰ দৰে প্ৰবীণসকলৰ আগত প্লেগৰ প্ৰসংগ উত্থাপন কৰা মানে চহৰখনৰ অতীত ইতিহাসৰ এক দুৰ্বিসহ অধ্যায়ৰ স্মৃতি ৰোমন্থন।

প্লেগ আই (মাৰিয়া্ম্মান) মন্দিৰসমূহৰ ভিতৰত টাউন হল এলেকাত থকা মন্দিৰটোৰ নাম বেছি জনাজাত, তাতেই ব্যস্ত সন্ধিয়া এটাত ফুল বেছিবলৈ সাজু হৈছে এগৰাকী বিক্ৰেতা। “আজি শুক্ৰবাৰ। আজি মানুহৰ ভিৰ বেছি হ’ব,” সূতাৰে ফুল দুই হাতেৰে গুঠি থকাৰ পৰা মূৰ নোতোলাকৈ প্ৰায় ৪০ বছৰ বয়সীয়া মহিলা কানাম্মালে কয়।

“আপুনি জানে, তেওঁ মহা শক্তিবান। আমাৰ এতিয়া ক’ৰনা দেৱীৰ মন্দিৰ আছে যদিও কোনো কথা নাই, ব্লেক মাৰিয়াম্মান হৈছে আমাৰ মাজৰে এগৰাকী আই। আমি তেওঁক সদায় পূজা কৰি যাম, বিশেষকৈ বেমাৰ হ’লে আমি তেওঁৰ ওচৰ চাপো, কিন্তু অসুস্থ নহ’লেও বহুতো লোকে ব্লেক মাৰিয়াম্মানক পূজা-অৰ্চনা কৰে।” সাধাৰণ উপাসক মানে কানাম্মালে ক’ব বিচাৰিছে যে একাংশ নিয়মীয়া ভক্তই সুখ-সমৃদ্ধি, সফলতা আৰু দীৰ্ঘ জীৱনৰ কামনাৰে এই দেৱীৰ কাষ চাপে। প্লেগ যুগৰ অন্ত পৰাৰ প্ৰায় চাৰি দশকৰ পিছত কানাম্মালৰ জন্ম হৈছিল। কিন্তু তেওঁৰ সমসাময়িক বহুতো লোকে মাৰিয়াম্মানৰ মন্দিৰত উপাসনা কৰে।

The Plague Mariamman temple in Coimbatore’s Town Hall area is 150 years old.
PHOTO • Kavitha Muralidharan
Devotees believe that the deity can cure them when they fall sick
PHOTO • Kavitha Muralidharan

বাওঁফালেঃ কইম্বাটোৰৰ টাউন হল এলেকাত থকা প্লেগ মাৰিয়াম্মানৰ মন্দিৰটো ডেৰশ বছৰ পুৰণি। সোঁফালেঃ ভক্তসকলে বিশ্বাস কৰে যে বেমাৰ হ’ লে দেৱীয়ে নিৰাময় কৰিব পাৰে

প্লেগৰ প্ৰভাৱ ইমান গভীৰ আছিল যে কইম্বাটোৰ সাংস্কৃতিক নৃতত্বৰ ই এক অংগ হৈ পৰিছিল। “প্লেগৰ ফলত হোৱা দুৰ্যোগ আৰু মৃত্যুৰ বিভীষিকা কইম্বাটোৰ চহৰৰ প্ৰাচীন বাসিন্দাসকলে নিজ চকুৰে দেখিছিল। তেওঁলোকৰ বহুতেই প্লেগে সৃষ্টি কৰা দুৰ্যোগৰ বলি হৈছিল। এই চহৰত প্লেগত আক্ৰান্ত নোহোৱা এটা পৰিয়ালো বিচাৰি পোৱা নাযাব,” কইম্বাটোৰৰ লেখক চি. আৰ. ইলাংগ’ৱানে কয়।

ভিন ভিন সময়ত হোৱা প্লেগৰ সংক্ৰমণৰ ফলত ১৯০৯ত ৫৫৮২ জনৰ আৰু ১৯২০ত ৩৮৬৯ জনৰ মৃত্যু হোৱাৰ তথ্য কইম্বাটোৰ চহৰৰ জিলা জনগণনা হাতপুথি , ১৯৬১ত উল্লেখ কৰা হৈছে। অন্যান্য প্ৰতিবেদনত দেখা যায় যে ১৯১১ত প্লেগ মহামাৰীৰ আক্ৰমণৰ ফলত কইম্বাটোৰ চহৰৰ জনসংখ্যা ৪৭ হাজাৰলৈ হ্ৰাস পায়। ৫৩ হাজাৰ জনসংখ্যা থকা কইম্বাটোৰ চহৰত ১৯০১ চনত হোৱা প্লেগৰ সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ আকাশলংঘী হৈছিল।

ইলাংগ’ৱানে কয় যে তেওঁৰ নিজৰ পৰিয়ালে এই বিভীষিকাত প্ৰাণ নেহেৰুৱাকৈ চহৰৰ পৰা পলাই গৈ অৰণ্যত আশ্ৰয় লৈছিল। তেনে আশাবিলাকৰ প্ৰাসংগিকতা আজিৰ পৰিস্থিতিত বিচাৰ্য্য বিষয়।

“সেই অন্ধকাৰ বছৰবোৰত, য’ত স্বাস্থ্যসেৱাৰ উন্নত ব্যৱস্থা নাছিল, গতিকে মানুহে দৈৱশক্তিৰ শৰণাপন্ন হৈছিল,” জিলাখনৰ নৃগোষ্ঠীয় ইতিহাসৰ প্ৰতি গভীৰ আকৰ্ষণ থকা কইম্বাটোৰৰ পতংগতত্ত্ববিদ পি. শিৱকুমাৰে কয়।

আতংক আৰু হতাশাই সঘনে আগুৰি ধৰাৰ বাবেই দৈৱশক্তিৰ শৰণাপন্ন হৈ মানুহে জীয়াই থকাৰ আশাত বন্দী হয়। কইম্বাটোৰত চলি থকা প্লেগ মহামাৰী যুগৰ মধ্য কালছোৱাত, ১৯২৭ত দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে ঘোষণা কৰিলে যে “ধৰ্ম প্ৰাথমিকভাৱে আৰু মূলতঃ ভীতিগ্ৰস্ততাৰ ভিত্তিশীল। আংশিকভাৱে ই হ’ল অজ্ঞানতাৰ আতংক আৰু আংশিকভাৱে আপোনাৰ জ্যেষ্ঠ ভ্ৰাতৃৰ দৰে বিপদ অথবা বিপদৰ সময়ত উপস্থিত হ’ব বুলি কৰা বাঞ্চাৰ দৰে।”

মন্দিৰসমূহ স্থাপনৰ আঁৰত ভিন্ন যুক্তি থাকিলেও এতিয়াও ভক্তৰ সমাগমেৰে ৰজনজনাই থকা ১৬ টা মন্দিৰৰ ভাবিবলগীয়া একো নাই। আনকি জনপ্ৰিয়তাৰ ক্ৰমবিকাশত নামৰ সালসলনি হৈছে। “মানুহে আনকি প্লেগ মাৰিয়াম্মানৰ ঠাইত ব্লেক মাৰিয়াম্মান বুলি ক’বলৈ আৰম্ভ কৰিছে। তামিল ভাষাত মাৰি মানে ক’লা। অৱশ্যে এই উত্তৰণে দুয়োটা নামৰ মাজৰ ঘনিষ্ঠ সংগতিত কোনো প্ৰভাৱ নেপালায়,” ইলাংগ’ৱানে কয়।

ইতিহাসৰ প্ৰচ্ছায়াত প্লেগ নিজেই ধূসৰ হৈ পৰা স্বত্ত্বেও এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ মুখ বাগৰি অহা বিভীষিকাময় স্মৃতিবোৰ বিভিন্ন ৰূপত উদ্ভাসিত হৈ থাকে।

People turn to Plague Mariamman for prosperity and long life, but they also seek relief from diseases like chicken pox, skin ailments, viral infections, and now Covid-19
PHOTO • Kavitha Muralidharan

মানুহে দুৰ্য্যোগৰ সময়ত সহায়ৰ বাবে, দীৰ্ঘজীৱন আৰু প্ৰাচুৰ্য্য্যৰ বাবে প্লেগ মাৰিয়াম্মানক পূজা কৰে। বসন্ত ৰোগ, ছালৰ ৰোগ, ভাইৰেল সংক্ৰমণ আৰু এতিয়া ক’ ভিডৰ কাৰণেও তেওঁলোকে দেৱীৰ কাষ চাপে

“মোৰ মনত আছে যে মোৰ অসুখ হ’লেই মা-দেউতাই মন্দিৰলৈ লৈ যায়, মোৰ ককাদেউতা সদায় মন্দিৰলৈ গৈছিল। মা-দেউতাই বিশ্বাস কৰিছিল যে মন্দিৰৰ পৱিত্ৰ পানীয়ে ৰোগ নিৰাময়ত সহায় কৰিব। মন্দিৰত তেওঁলোকে পূজা কৰিছিল। এতিয়া মোৰ কন্যাসন্তান যেতিয়া অসুস্থ হয় ময়ো একেই নিয়ম মানো। মই তাইক মন্দিৰলৈ লৈ যাওঁ আৰু পূজা আগবঢ়াও, মন্দিৰৰ পৱিত্ৰ পানী তাইক দিও। মা-দেউতাৰ নিচিনাকৈ মই সদায় মন্দিৰলৈ নাযাও যদিও মাজে মাজে যাওঁ। এই চহৰৰ বাসিন্দা হিচাপে ই আমাৰ জীৱনৰ এটা কাম বুলি মই ভাৱো,” কইম্বাটোৰৰ ৩২ বছৰীয়া বাসিন্দা নিকিলা চি. নামৰ মহিলাগৰাকীয়ে এইদৰে কয়।

*****

“মই চতুৰ্থ প্ৰজন্মৰ পুৰোহিত হিচাপে এই মন্দিৰত সেৱা আগবঢ়াই আহিছো। মাজু আই (বসন্ত ৰোগ), ছালৰ ৰোগ, ক’ভিড-১৯ আৰু ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য বিচাৰি বহুতো মানুহ ইয়ালৈ আহে। মানুহৰ মাজত এক বিশ্বাস দৃঢ় হৈ পৰিছে যে এই দেৱীয়ে বিভিন্ন ৰোগৰ পৰা সকাহ দিয়ে,” টাউন হল এলেকাৰ প্লেগ মাৰিয়াম্মান মন্দিৰৰ ৪২ বছৰীয়া পূজাৰী এম. ৰাজেশ কুমাৰে কয়।

“১৫০ বছৰৰো অধিক কাল ধৰি এই মন্দিৰ ইয়াত আছে। প্লেগ যেতিয়া প্ৰথমতে কইম্বাটোৰ চহৰলৈ আহে (১৯০৩-১৯৪২), তেতিয়া মোৰ আজোককাই ভাবিলে যে প্লেগ মাৰিয়াম্মানৰূপে এটা অতিৰিক্ত বিগ্ৰহ মন্দিৰত স্থাপন কৰা হওঁক। তেওঁৰ পিছত মোৰ ককাদেউতা আৰু দেউতাই এই বিগ্ৰহৰ পূজা-অৰ্চনা চলাই আহিছে। এতিয়া মই কৰোঁ। এইগৰাকী দেৱীৰ কৃপাত এই অঞ্চলৰ কোনো লোক তেতিয়াৰে পৰা প্লেগত আক্ৰান্ত হোৱা নাই। আৰু সেইকাৰণে এই দেৱীৰ ওপৰত মানুহৰ বিশ্বাস অক্ষুণ্ণ আছে,” ৰাজেশ কুমাৰে কয়।

কইম্বাটোৰৰ সাইবাবা কলনিত থকা মন্দিৰক লৈও এনেধৰণৰ কাহিনী আছে। “পূৰ্বতে প্ৰায় ১৫০ বছৰ আগতে এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল,” এই অঞ্চলৰ প্লেগ মাৰিয়াম্মান মন্দিৰৰ পৰিচালনা সমিতিৰ এজন সদস্য ৬৩ বছৰীয়া ভি. জি. ৰাজাশেখৰনে কয়। সেয়ে প্লেগৰ প্ৰাদুৰ্ভাৱৰ আগতেই এই মন্দিৰ স্থাপন কৰা হৈছিল।

আমোদজনক ঘটনা এইয়ে যে এই দুয়োটা মন্দিৰ তথা এনেকুৱা আন বহুতো মন্দিৰ ইতিমধ্যে মাৰিয়াম্মান মন্দিৰ হৈ পৰিছে – কিন্তু এই দেৱীগৰাকীক ভিন্ন ৰূপত ভিন্ন অৱতাৰৰূপে অৰ্চনা কৰা হয়। প্লেগে যেতিয়া এই অঞ্চলত সংহাৰ চলাইছিল, সেই সময়ত যি বিধ্বংসী পৰিস্থিতিৰ উদ্ভৱ হৈছিল, সেয়ে মন্দিৰবিলাকত শিলত কটা প্লেগদেৱীৰ অতিৰিক্ত বিগ্ৰহ স্থাপন কৰা হৈছিল আৰু এই দেৱীক প্লেগ মাৰিয়াম্মান বুলি কোৱা হৈছিল।

তেওঁ পূজাৰীৰ দায়িত্ব পালন কৰি থকা এই মন্দিৰটো স্থাপনৰ প্ৰায় তিনি দশকৰ পিছত প্লেগে এই চহৰত দেখা দিছিল, পৰিয়ালৰ সদস্যৰ মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ আন সদস্যই ঘৰ এৰি গৈছিল অথবা ঘৰৰ ওপৰৰ পৰা এন্দুৰ পৰি মৰি যোৱা দেখিলেই প্লেগ আহিছে বুলি মানুহ ঘৰৰ পৰা পলাই গৈছিল। কমেও ৪-৫ মাহৰ পিছত মানুহবিলাক নিজৰ ঘৰলৈ ঘূৰি আহিছিল,  ৰাজশেখৰনে কয়।

V.G. Rajasekaran is an administrative committee member of the Plague Mariamman shrine in Coimbatore’s Saibaba Colony.
PHOTO • Kavitha Muralidharan
The temple existed from before the plague outbreaks in early to mid-20th century
PHOTO • Kavitha Muralidharan

বাওঁফালেঃ কইম্বাটোৰৰ সাইবাবা কলনীৰ প্লেগ মাৰিয়াম্মান পৱিত্ৰ স্থানৰ পৰিচালন কমিটিৰ সদস্য ভি. জি. ৰাজাশেখৰন। সোঁফালেঃ বিংশ শতিকাত প্লেগৰ প্ৰাদুৰ্ভাৱৰ আগতেই এই তীৰ্থস্থল আছিল

সেই সময়ৰ এখন সৰু গাওঁ বৰ্তমানৰ সাইবাবা কলনীৰ বাসিন্দাসকলে প্লেগৰ পৰা আৰোগ্য লাভ কৰিবলৈ মন্দিৰত প্লেগ দেৱীৰ সুকীয়া বিগ্ৰহ স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল আৰু এই দেৱীক প্লেগ মাৰিয়াম্মান বুলি কৈছিল। “আমাৰ পৰিয়ালত দুজনৰ মৃত্যু হৈছিল। মোৰ খুড়াৰ যেতিয়া অসুখ হয়, ককাদেউতাই তেওঁক মন্দিৰলৈ লৈ যায় আৰু প্লেগ মাৰিয়াম্মানৰ আগত প্ৰণাম কৰিবলৈ কয়, তাৰপিছত তেওঁৰ শৰীৰত নিম আৰু হালধি সানি দিয়ে। তেওঁ তেনেকৈয়ে সুস্থ হৈ উঠিছিল,” শেখৰনে কয়।

তেতিয়াৰে পৰা সেই গাওঁখন তথা আন বহুতো অঞ্চলত (যিবিলাক বৰ্তমান কইম্বাটোৰ চহৰৰ অন্তৰ্ভূক্ত), তেওঁলোকে বিশ্বাস কৰিছিল যে মাৰিয়াম্মানক পূজা-অৰ্চনা কৰিলেই প্লেগ ৰোগৰ পৰা ৰক্ষা পাব।

ইলাংগ’ৱানে কয় প্লেগ মাৰিয়াম্মানৰ মন্দিৰ গঢ়ি উঠাৰ আঁৰত থকা ই এটা কাৰণ হ’ব পাৰে। “সাইবাবা কলনী, পীলামেৰু, পাপ্পানাইকেনপালয়াম, টাউন হল তথা অন্যান্য অঞ্চলবিলাক সেই সময়ত বেলেগ বেলেগ একোখন গাওঁ আছিল। এতিয়া সকলোবোৰ কইম্বাটোৰ চহৰৰ অংশ হৈ পৰিছে।”

তামিল সাংস্কৃতিক ইতিহাসৰ লেখক আৰু কালানুক্ৰমিক ষ্টেলিন ৰাজাংগামৰ মতে প্লেগ মাৰিয়াম্মানৰ উপাসনা “এক স্বাভাৱিক পৰিস্থিতিৰ ফল, ভয়ংকৰ দুৰ্য্যোগৰ সৃষ্টি কৰা এক মহামাৰীৰ প্ৰতিক্ৰিয়াৰ ফল। এই বিশ্বাসৰ ধাৰণা এয়ে যে আপুনি আপোনাৰ সমস্যা সমাধান কৰিবলৈ বা বিভিন্ন আপদৰ সমাধান বিচাৰি ইশ্বৰৰ ওপৰত বিশ্বাস ৰাখে। মানৱ জাতিৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে ৰোগ। সেয়ে কাৰ্য্যতঃ ৰোগমুক্তি বিচাৰি কৰা আশাক কেন্দ্ৰ কৰি এই বিশ্বাসৰ সৃষ্টি হৈছে।”

“খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মতো একেই। ৰোগ আৰোগ্যৰ বাবে ল’ৰা-ছোৱালীক মছজিদলৈ লৈ যোৱা হয়। খ্ৰীষ্টান ধৰ্মত আমি আৰোগ্য মাধা (মংগলময় মাতৃক) উপাসনা কৰো। বৌদ্ধ ধৰ্মীয় ভিক্ষুসকলেও ৰোগীক ঔষধ দিয়ে। তামিলনাডুত আমাৰ সিদ্ধাৰসকল আছে, পূৰ্বতে তেওঁলোকে চিকিৎসা কৰিছিল। সেইকাৰণে আমি চিকিৎসাৰ এই ধাৰাটোক সিদ্ধাপন্থী বুলি কওঁ,” ৰজনগামে কয়।

তামিলনাডুৰ প্ৰায় প্ৰতিখন গাঁৱতে মাৰিয়াম্মান মন্দিৰ আছে। বেলেগ বেলেগ অঞ্চলত মাৰিয়াম্মানক বেলেগ নামেৰে উপাসনা কৰা হয় যদিও তেওঁৰ উপাসনাস্থল সকলোতে আছে। কোনো নিৰ্দিষ্ট দেৱ-দেৱতাসকলৰ ধাৰণা আৰু তেওঁলোকৰ ক্ৰোধ অথবা আৰোগ্য কৰাৰ সামৰ্থ্য কোনো এক ধৰ্ম বা কোনো এখন দেশৰ পৰিসীমাৰ মাজত আৱদ্ধ নহয়। সাম্প্ৰতিক বছৰবোৰত প্লেগ আৰু আন মহামাৰীবিলাকৰ ক্ষেত্ৰত থকা ধৰ্মীয় দিশটোক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পণ্ডিতসকলে গভীৰভাবে চাবলৈ ধৰিছে।

A temple in the Pappanaickenpudur neighbourhood of Coimbatore. Painted in red, the words at the entrance say, Arulmigu Plague Mariamman Kovil ('temple of the compassionate Plague Mariamman')
PHOTO • Kavitha Muralidharan

কইম্বাটোৰৰ গাতে লাগি থকা পাপ্পানাইকেনপুৰুৰৰ এটা মন্দিৰ। প্ৰৱেশদ্বাৰতে ‘আৰুলমিগু প্লেগ মাৰিয়াম্মান ক’ভিল’ (কৰুণাময়ী প্লেগ মাৰিয়াম্মানৰ মন্দিৰ) বুলি ৰঙা আখৰেৰে লিখা আছে

ইতিহাসবিদ ডুৱেন জে. অচেইনৰে ২০০৮ত প্ৰকাশিত গৱেষণা পত্ৰ ‘ ধৰ্ম আৰু মহামাৰী ৰোগ ’ত এই বিষয়টো উত্থাপন কৰিছে। “মহামাৰী ৰোগৰ ক্ষেত্ৰত কোনো একক অথবা বহুতো ধৰণ পূৰ্বানুমান কৰিব পৰা ধৰ্মীয় নিদান নাই। এইটো ধৰি লোৱা শুদ্ধ নহয় যে ধৰ্মীয় নিদানসমূহ সদায় মানৱজাতিৰ ৰোমহৰ্ষক ভৱিষ্যতবাণী নহয়। বৰঞ্চ লিংগ, শ্ৰেণী অথবা বৰ্ণৰ দৰে ধৰ্মও এটা বিশ্লেষণীয় বৰ্গ বুলি বিবেচনা কৰাটোৱেই মংগল। মহামাৰীৰ ক্ষেত্ৰত ধৰ্মৰ সঁহাৰিও এক আধাৰৰূপে গণ্য কৰাই ভাল, যি আধাৰ প্ৰতিনিয়ত পৰিৱৰ্তন হৈ থাকে, যাৰ ওপৰত ভিত্তি কৰি ৰোগ আৰু মানৱ জাতিৰ মানসিক অৱস্থাৰ ওপৰত পৰা প্ৰভাৱৰ অধ্যয়ন কৰিব পাৰি।”

*****

আজিও তামিলনাডুত মাৰিয়াম্মানৰ বাৰ্ষিক উৎসৱ আম্মান থিৰুভিড়া উদযাপন এক সাধাৰণ ঘটনা। ইয়াৰ জৰিয়তে জনস্বাস্থ্য আৰু ধৰ্মীয় বিশ্বাসৰ মাজৰ সম্পৰ্কক বুজাৰ আৱশ্যকতা অপৰিহাৰ্য্য, ষ্টেলিন ৰাজাংগমে কয়। তামিল মাহ আদি (জুলাই মাজভাগৰ পৰা আগষ্টৰ মাজভাগলৈ)ৰ সময়ত গোটেই ৰাজ্যখনত থকা আম্মান মন্দিৰসমূহত এই উৎসৱ অনুষ্ঠিত হয়।

“সাধাৰণতে তামিলনাডুত চিট্টিৰাই, বৈগাচী আনি (ক্ৰমে মধ্য এপ্ৰিলৰ পৰা মধ্য মে’লৈ, মধ্য মে’ৰ পৰা মধ্য জুনলৈ আৰু মধ্য জুনৰ পৰা মধ্য জুলাইলৈ) মাহকেইটা যথেষ্ট গৰম হয়। মাটি শুকাই যায় আৰু গছ-গছনি শুষ্ক হৈ পৰে। খৰাঙৰ ফলত এবিধ বেমাৰ হয় যাক আম্মাই (বসন্ত) বুলি কোৱা হয়। এইক্ষেত্ৰত শীতলতা একমাত্ৰ উপশমৰ উপায়। সেয়ে সকলোতে মাৰিয়াম্মানৰ উৎসৱ উদযাপন কৰা হয়,” ৰাজাংগামে কয়।

কাৰ্য্যতঃ মাজুআই আৰু বৰআই (বসন্ত ৰোগ)ৰ পৰা সাময়িক উপশম বিচাৰি মুট্টু মাৰিয়াম্মান (এই দেৱীৰ আন এক ৰূপ)ক পূজা কৰা হয়। “কাৰণ এই ৰোগবিধ প্ৰথমতে মানুহৰ ছালত আৰম্ভ হয়, এই দেৱীক মুঠু মাৰিয়াম্মান বুলি কোৱা হয়, তামিল ভাষাত মুট্টু মানে মুকুতা। বসন্ত ৰোগক প্ৰতিহত কৰিব পৰাকৈ চিকিৎসা বিজ্ঞানৰ যথেষ্ট অগ্ৰগতি হৈছে যদিও মন্দিৰবোৰত আৰোগ্যকামী লোকৰ ভিৰ কমা নাই।”

বৈজ্ঞানিক মূল্যবোধ নাথাকিলেও চিকিৎসা বিষয়ক সুফল থাকিব পাৰে বুলি ভবা কিছুমান নিয়ম-প্ৰণালী এই উৎসৱৰ লগত সাঙোৰ খাই থকা দিশটোলৈ ৰাজাংগামে আঙুলিয়াই দিয়ে। “কোনো এখন গাঁৱত যদি উৎসৱ আৰম্ভ হোৱা বুলি ঘোষণা কৰা হয়, লগে লগে কাপু কাট্টুথাল বুলি কোৱা এক ব্ৰত আৰম্ভ কৰা হয়, ফলস্বৰূপে উৎসৱ শেষ নোহোৱালৈকে কোনো মানুহে গাঁৱৰ বাহিৰলৈ যাব নোৱাৰে। পৰিয়ালৰ পৰা আৰম্ভ কৰি ৰাস্তা-ঘাট আৰু গাওঁখনত সকলো স্বাস্থ্যবিধি তেওঁলোকে মানি চলিব লাগিব। এই উৎসৱৰ সময়ত বীজাণুনাশক হিচাপে গণ্য কৰা নিমপাতৰ ব্যাপক ব্যৱহাৰ হয়।”

বিজ্ঞানীসকলে যি সময়ত সমাধান সূত্ৰত আহি উপনীত হৈছে, তেনেক্ষেত্ৰত ক’ভিড-১৯ৰ বাবে ঘোষণা কৰা নিৰ্দেশনাসমূহৰ বহু সাদৃশ্য দেখা যায় বুলি ৰাজাংগামে কয়। “স্বাস্থ্য সুৰক্ষাৰ বাবে শাৰীৰিক দূৰত্ব ৰক্ষা কৰি চলা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰা ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে আগবঢ়োৱা নিৰ্দেশনাৰ অন্যতম চৰ্ত। কিছুক্ষেত্ৰত দেখা যায় যে ক’ভিড আৰম্ভ হোৱাৰ সময়ত মানুহে উপায়হীন হৈ নিমপাত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।”

আক্ৰান্ত লোকক নিলগাই ৰখা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰা এক বিশ্বজনীন ধাৰণা। ক’ভিড-১৯ আৰম্ভ হোৱাৰ সময়ত উৰিষ্যাৰ জনস্বাস্থ্য বিষয়াসকলে কোৱাৰেণ্টাইন আৰু শাৰীৰিক দূৰত্ব মানি চলা পুৰী জগন্নাথৰ নিয়ম আৰোপ কৰে। বাৰ্ষিক ৰথযাত্ৰাৰ আগতে ভগৱান জগন্নাথে নিজকে অনাচাৰঘৰ (পৃথক কোঠা)ত আৱদ্ধ কৰি ৰখাৰ দিশটোক কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে তুলি ধৰে

The doorway of a Plague Mariamman temple in Coimbatore’s Peelameedu area
PHOTO • Kavitha Muralidharan

কইম্বাটোৰৰ পীলামীৰু অঞ্চলৰ প্লেগ মাৰিয়াম্মান মন্দিৰৰ প্ৰৱেশদ্বাৰ

কোনো এক দেৱী আৰু ৰোগ প্ৰতিহত কৰিবলৈ যাৰ ক্ষমতা আছে, ‘এই ধাৰণা বিশ্বজনীন, সেয়ে কৰ্ণাটকৰ এটা আম্মান মন্দিৰ এইডচ্ ৰোগৰ বাবে উৎসৰ্গিত কৰা হৈছে।’ নিউয়ৰ্কৰ ছিয়েনা বিশ্ববিদ্যালয়ৰ ধৰ্মীয় অধ্যাপনা সহযোগী অধ্যাপিকা তথা লেখিকা এছ পেৰুণদেৱীয়ে কয়।

মাৰিয়াম্মানৰ উপাসনা এক বিস্তৃত ধাৰণা বুলি তেওঁ কয়। “তামিল ভাষাত মাৰি মানে্ বৰুষণকো বুজায়। মুলাইপাৰিৰ দৰে কিছুমান আনুষ্ঠানিকতা (কৃষি উৎসৱ)ত মাৰিয়াম্মানক শস্যৰ অধিস্থাত্ৰীৰূপে উপাসনা কৰা হয়। কিছুমান ক্ষেত্ৰত এই দেৱীক ৰত্নৰূপে উপাসনা কৰা হয়। প্লেগৰ ক্ষেত্ৰতো এয়ে হৈছিল।” কিন্তু পেৰুণদেৱীয়ে মহামাৰীক কাল্পনিক বিলাস কৰাৰ বিৰুদ্ধে সতৰ্ক কৰিছিল। মাৰিয়াম্মানৰ লোকগীতলৈ আঙুলিয়াই তেওঁ কয়, “জীৱন যাত্ৰাৰ সহচৰৰূপে মহামাৰীক গ্ৰহণ কৰি মুখামুখি হোৱাৰ প্ৰচেষ্টা আৰু ইয়াৰ সমাধানৰ অন্বেষণ লোকগীতত দেখা যায়।”

*****

তেনেহ’লে মাৰিয়াম্মান কোন?

এই দ্ৰাবিড়ীয় দেৱীয়ে দীৰ্ঘদিন ধৰি গৱেষক, ইতিহাসবিদ আৰু লোকসংগীতজ্ঞসকলক মুগ্ধ কৰি আহিছে।

সম্ভৱতঃ তামিলনাডুৰ গাওঁসমূহত আগতে আৰু এতিয়াও মাৰিয়াম্মান আটাইতকৈ জনপ্ৰিয় দেৱী। সেয়েহে তেওঁক অভিভাৱিকা দেৱীৰূপে গণ্য কৰা হয়। উৎসৰ ভিন্নতা অনুসৰি এই দেৱীক লৈ গঢ়ি উঠা কাহিনীৰো ভিন্নতা আছে।

একাংশ ইতিহাসবিদে ক’ব বিচাৰে বৌদ্ধ পৰম্পৰাই এই দেৱীক নাগাপাট্টিনামৰ পৰা অহা এগৰাকী বৌদ্ধধৰ্মীয় ভিক্ষুকিনীৰূপে স্বীকৃতি দিব বিচাৰে, বৰআই (মাৰাত্মক বসন্ত ৰোগ)ৰ কবলত পৰা অৰ্থাত মহামাৰীগ্ৰস্ত লোকসকলে তেওঁৰ পৰা আৰোগ্য বিচাৰিছিল। বুদ্ধৰ ওপৰত আস্থা ৰাখিবলৈ তেওঁ মহামাৰীত আক্ৰান্ত লোকসকলক কৈছিল আৰু বহুতো লোক আৰোগ্য হৈছিল, তেওঁলোকক নিমপাত গুড়ি কৰি চিকিৎসা কৰাৰ লগতে প্ৰাৰ্থনা কৰিবলৈ কৈছিল। লগতে স্বাস্থ্যৰক্ষা, পৰিচ্ছন্নতা আৰু বদ্যানতাৰ পৰামৰ্শ দিছিল। তেওঁ নিৰ্বাণ লাভ কৰাৰ পিছত মানুহে তেওঁ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰিলে আৰু সেই ঠাইতে জন্ম পালে এক পৰম্পৰাই- সেয়া হ’ল মাৰিয়াম্মান কাহিনীৰ আৰম্ভণি।

এই প্ৰসংগত আৰু বহুতো কাহিনী শুনা যায়। আনকি পৰ্তুগীজ কাহিনীত আছে, তেওঁলোক যেতিয়া নাগাপাট্টিনামলৈ আহিছিল, তেওঁক মেৰিআম্মান নামে নামাকৰণ কৰিছিল আৰু খ্ৰীষ্টান দেৱী বুলি দাবী কৰিছিল।

Wall panels in the inner sanctum in Peelamedu temple give the details of consecration ceremonies performed in 1990 and 2018.
PHOTO • Kavitha Muralidharan
Stone figures representing three goddesses in the temple: (from the left) Panniyariamman, Plague Mariamman and Badrakaliamman
PHOTO • Kavitha Muralidharan

বাওঁফালেঃ পীলামেৰু মন্দিৰৰ ভিতৰভাগত ১৯৯০ আৰু ২০১৮ৰ ভিতৰত হোৱা প্ৰাণপ্ৰতিষ্ঠাৰ সবিশেষ লিখা আছে। সোঁফালেঃ মন্দিৰৰ ভিতৰৰ তিনি দেৱীৰ শিলামূৰ্তি। বাওঁফালৰ পৰাঃ পান্নিয়াৰিআম্মান প্লেগ মাৰিয়াম্মান আৰু ভদ্ৰকালিআম্মান

আন কিছুমান কাহিনী মতে এই দেৱী শীতলাৰ সমমৰ্য্যদা সম্পন্ন দেৱী বুলি কোৱা হয়, শীতলা হৈছে উত্তৰ ভাৰতীয় বৰআই (বসন্ত ৰোগ)ৰ দেৱী, আন আন সংক্ৰামক ৰোগৰ বাবেও শীতলা দেৱীক প্ৰাৰ্থনা কৰা হয়। শীতলা (সংস্কৃত যাৰ অৰ্থ হৈছে যি শীতল কৰে)ক ভগৱান শিৱৰ পত্নী দেৱী পাৰ্বতীৰ পুনৰ অৱতাৰ ৰূপেও গ্ৰহণ কৰা হয়।

কিন্তু যোৱা কেইবাদশকৰ গৱেষণাই দাঙি ধৰা তথ্য প্ৰমাণে দেখুৱায় যে তেওঁ এগৰাকী গ্ৰাম্য জনগণৰ দেৱী, সাধাৰণতে দলিত আৰু নিম্নজাতৰ লোকসকলে তেওঁক পূজা কৰিছিল, আচলতে তেওঁ আছিল এগৰাকী দলিতমূলীয় দেৱী।

অবিশ্বাস্যভাৱে যুগ-যুগান্তৰ অতিক্ৰমী মাৰিয়াম্মানৰ শক্তি আৰু তেওঁৰ প্ৰতি আকৰ্ষণ উত্তৰণৰ প্ৰক্ৰিয়াত উচ্চ বৰ্ণৰ লোকৰ বৃদ্ধি পাবলৈ ধৰে।

তামিলনাডুৰ মাৰিয়াম্মান উপাসনা নামে এক গৱেষণা পত্ৰত ইতিহাসবিদ আৰু লেখক কে. আৰ. হনুমন্তনে ১৯৮০ত উল্লেখ কৰে, “তামিলনাডুৰ প্ৰাচীন বসবাসকাৰীসকলে পূজা কৰা মাৰিয়াম্মান হৈছে এক প্ৰাচীন দ্ৰাৱিড়ীয় দেৱী... পাৰিয়া দেৱীৰ সৈতে একেলগে তেওঁৰ আবিৰ্ভাৱ হৈছিল (পাৰিয়াৰসকল এটা অনুসূচীত জাতি), এসময়ত অচ্যুত আৰু তামিলনাডুৰ পুৰণি দ্ৰাবিড়ীয় লোকৰ প্ৰতিনিধি আছিল।”

এই দেৱীৰ বিভিন্ন মন্দিৰত পাৰিয়াৰসকলক “দীৰ্ঘদিন ধৰি পুৰোহিতৰূপে ভূমিকা পালন কৰা দেখা যায়। উদাহৰণ স্বৰূপে, তিৰুবেৰকাৰু নামৰ চেন্নাইৰ ওচৰৰ কাৰুমাৰিয়াম্মান মন্দিৰত পাৰিয়াৰ পুৰোহিত দেখা যায়। পূৰ্বৰ সকলো পুৰোহিত পাৰিয়াৰ সম্প্ৰদায়ৰ আছিল। ১৮৬৩ত যেতিয়া এই মন্দিৰৰ পৰা ব্ৰাক্ষ্মণ পূজাৰীয়ে পাৰিয়াৰ পূজাৰীসকলক স্থানান্তৰিত কৰে,” হনুমন্তনে কয়। ব্ৰিটিছ ঔপনিৱেশিক আইনে নিম্নবৰ্ণৰ লোকসকলৰ পৰা মন্দিৰৰ দায়িত্ব উচ্চবৰ্ণৰ লোকৰ হাতলৈ আইনগতভাৱে হস্তান্তৰ কৰিছিল আৰু সেই প্ৰথা এতিয়াও বিদ্যমান। স্বৰাজোত্তৰ কালত তামিলনাডুৰ দৰে ৰাজ্যই এনেধৰণৰ অন্যায্য অধিকাৰ পৰিহাৰ কৰিবলৈ বা বিলোপ কৰিবলৈ নিজাকৈ আইন গ্ৰহণ কৰিছিল।

*****

আৰু এতিয়া ক’ৰনা দেৱীৰ মন্দিৰ? চিন্তনীয় নহয়নে?

কইম্বাটোৰৰ উপকণ্ঠ অঞ্চল ইৰুগুৰৰ এটা মন্দিৰৰ পৰিচালক আনন্দ ভাৰতীয়ে কয়, “ক’ৰনা দেৱীকো প্লেগ মাৰিয়াম্মানৰ দৰে পূজা কৰা হ’ব। আমি যেতিয়া ক’ৰনা দেৱীৰ বিগ্ৰহ স্থাপন কৰাৰ সিদ্ধান্ত লওঁ (ইতিমধ্যে থকা এটা মন্দিৰত) সেই সময়ত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ তুংগত আছিল। আমাৰ বিশ্বাস যে একমাত্ৰ এই দেৱীৰ পূজা-অৰ্চনাই এই ৰোগ নিৰাময় কৰিব পাৰে।”

গতিকে ক’ভিড-১৯ যেতিয়া হয়, সেই সময়ত দেশৰ কেইখনমান মুষ্টিমেয় ঠাইৰ ভিতৰত কইম্বাটোৰ এনে এখন ঠাই, য’ত ২০২০ৰ শেষৰফালে সেই দিনবোৰত ক’ৰনাৰ পৰা ৰক্ষা পাবলৈ পূজা কৰা হৈছিল।

কিন্তু এই দেৱী? আমি কিয় ক’ৰনা মাৰিয়াম্মান বুলি নকওঁ? ঠিক আছে, এই শব্দবিলাক ক’ৰনাৰ লগত সাঙুৰি দিয়াৰ ক্ষেত্ৰত ন্যায়সংগত সংযোজনৰ সমস্যা আছে বুলি উল্লেখ কৰি ভাৰতীয়ে কয়, “মাৰিয়াম্মান শব্দটো প্লেগৰ ক্ষেত্ৰত ইতিমধ্যে গ্ৰহণীয় হৈ পৰিছে। কিন্তু ক’ৰনাক কেৱল দেৱী বুলি ক’বলৈ সিদ্ধান্ত লৈছো।”

There is a Mariamman temple in almost every village of Tamil Nadu. She may have a different name in some regions, but her shrines are there

তামিলনাডুৰ প্ৰায় প্ৰতিখন গাঁৱতে মাৰিয়াম্মান মন্দিৰ আছে। বেলেগ বেলেগ অঞ্চলত মাৰিয়াম্মানক বেলেগ নামেৰে উপাসনা কৰা হয় যদিও তেওঁৰ উপাসনাস্থল সকলোতে আছে

চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি স্বত্ত্বেও দেৱীৰ উপাসনা আৰু বিভিন্ন আনুষ্ঠানিকতা জনস্বাস্থ্যৰ প্ৰতি জনসাধাৰণৰ সঁহাৰিৰ অংশ হৈ পৰিছে।

প্লেগ মাৰিয়াম্মানৰ মন্দিৰসমূহৰ দৰে, ক’ৰনা দেৱীৰ মন্দিৰত ভক্তসকলক সোশৰীৰে সোমাব দিয়া নাই, কাৰণ লকডাউন। আপাততঃ এই মাৰাত্মক ভাইৰাছৰ বাবে গঢ়ি তোলা মন্দিৰত মহামাৰীৰ সকলো নিয়ম-বিধি, আনকি পূজা-অৰ্চনাৰ ক্ষেত্ৰতো মানি চলিবলগা হয়। মন্দিৰ প্ৰশাসনে দাবী কৰিছে যে বিশেষ উদ্দেশ্য লৈ পূজাৰ আনুষ্ঠানিকতা পালন কৰা হৈছে, ৪৮ দিনৰ অন্তত ক’ৰনা দেৱীৰ মাটিৰ মূৰ্তি নদীত বিসৰ্জন কৰা হয়। এতিয়া এই মন্দিৰ সকলোৰে বাবে খোলা আছে। কিন্তু ভক্তসকলে উপাসনা কৰিবলৈ মন্দিৰত দেৱীৰ প্ৰতিমূৰ্তি নাই।

প্লেগ মাৰিয়াম্মান মন্দিৰৰ দৰে কইম্বাটোৰৰ জনজীৱনত ক’ৰনা দেৱীৰ মন্দিৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰাৰ সম্ভাৱনাৰ ধাৰণা লেখক ইলাংগ’ৱানে মানি ল’বলৈ অস্বীকাৰ কৰিছে। “এই দুয়োটাৰ মাজত তুলনা কৰিব নোৱাৰি। কইম্বাটোৰৰ ইতিহাস আৰু সংস্কৃতিৰ অভিন্ন অংশ হৈ পৰিছে প্লেগ মাৰিয়াম্মানৰ মন্দিৰসমূহ।”

আনকি চহৰখনৰ প্লেগ মাৰিয়াম্মান উপাসনাথলসমূহে অগণন ভক্তক আকৰ্ষণ কৰি আহিছে। অথচ প্লেগ আজি অতীতৰ এক দুঃস্বপ্নৰ স্মৃতি মাথোন। ২০১৯ত ক’ৰনা ভাইৰাছৰ আৰম্ভণিৰ আগতে, পাপ্পানাইকেনপালায়ামৰ বেলেগ মন্দিৰৰ বিগ্ৰহৰ ওপৰত এটা ভাটৌ চৰাই উঠি থকা ঘটনাই মানুহৰ মাজত মৃদু উত্তেজনাৰ সৃষ্টি কৰিছিল, ভক্তসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছিল।

তথ্য অনুসৰি এই ঘটনাটো কেইবাঘণ্টাও পৰিলক্ষিত হৈছিল, ফলস্বৰূপে মন্দিৰলৈ অধিক ভক্তৰ আগমন ঘটিছিল। ইলাংগ’ৱানে কয়, “মাৰিয়াম্মান এগৰাকী গ্ৰাম্য দেৱী। সাধাৰণ জনতাৰ মাজত তেওঁৰ মন্দিৰৰ প্ৰাসংগিকতা কেতিয়াও নেহেৰায়। উদাহৰণ স্বৰূপে টাউন হলৰ কনীয়াম্মান মন্দিৰৰ উৎসৱৰ যজ্ঞৰ অগ্নিকুণ্ড একে অঞ্চলৰ প্লেগ মাৰিয়াম্মান মন্দিৰত তৈয়াৰ কৰা হৈছিল। আনুষ্ঠানিকতাবোৰ আন্তঃসম্পৰ্কযুক্ত। কনীয়াম্মানক কইম্বাটোৰৰ অভিভাৱিকা দেৱী ৰূপে গণ্য কৰা হয়।”

এনেধৰণৰ ইতিহাস আৰু কিংবদন্তিৰ মাজত থকা অভিন্ন কাহিনী সম্পৰ্কে বৰ্তমান প্ৰজন্মৰ লোকসকল অৱগত নহয়। তথাপিও তেওঁলোকৰ বাবে যেন এই মন্দিৰৰ তাৎপৰ্য্য আছে। “এই মন্দিৰৰ এনেকুৱা ইতিহাস যে আছে মই জনা নাছিলো। কিন্তু মাৰ সৈতে মই এই মন্দিৰলৈ নিয়মীয়াকৈ আহো আৰু ভৱিষ্যতেও আহি থাকিম। মোৰ ক্ষেত্ৰত ইয়াৰ কোনো পৰিৱৰ্তন নহয় অথবা নহ’ব, বৰঞ্চ মোৰ বিস্ময় অধিক বৃদ্ধি পাব,” কইম্বাটোৰৰ ২৮ বছৰীয়া উদ্যোগী আৰ. নাৰায়নে কয়।

কবিথা মুৰালিধৰণে ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানেৰে জনস্বাস্থ্য আৰু নাগৰিকৰ স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদকীয় হস্তক্ষেপ কৰা নাই।

অনুবাদ: পংকজ দাস

Kavitha Muralidharan

Kavitha Muralidharan is a Chennai-based independent journalist and translator. She was earlier the editor of 'India Today' (Tamil) and prior to that headed the reporting section of 'The Hindu' (Tamil). She is a PARI volunteer.

Other stories by Kavitha Muralidharan
Illustrations : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das