ৰাতি দুই বাজিছিল। ঘিটমিটীয়া আন্ধাৰত আমি তামিলনাডুৰ ৰামানাথপুৰম জিলাৰ (মুখে মুখে ৰামনাদ বুলি কয়) মেচিন লগোৱা ভটভটীখনত উঠিলো।

মেচিন লগোৱা ভটভটীখন পিছে তেনেই জৰাজীৰ্ণ, লেইলেণ্ড বাছৰ ইঞ্জিন এটা তাত লগোৱা আছে (যিটো ইঞ্জিন ১৯৬৪ত সমালোচিত হৈছিল যদিও মানুহে সেয়া নাৱত লগাবলৈ ধৰে আৰু মই যাত্ৰা কৰা দিনটোলৈ, ১৯৯৩লৈ এইখন নাও চলি আছে)। মাছমৰীয়াকেইজন স্থানীয় লোক আছিল, সেয়ে তেওঁলোকে ক’ত আছে সেয়া ধৰিব পাৰিছিল, মই পিছে কোনো উৱাদিহ পোৱা নাছিলো। বংগ উপত্যকাৰ কোনোবাখিনিত আছো, সিমানখিনিয়ে জানিছিলো।

আমি সাগৰৰ মাজলৈ গৈ থকাৰ প্ৰায় ১৬ ঘণ্টা হ’ল, মাজে মাজে সাগৰখন উত্তাল হৈও পৰিছিল। কিন্তু পাঁচজনীয়া দলটোৰ কাৰোৱে মুখৰ হাঁহি মাৰ যোৱা নাছিল। তেওঁলোকৰ আটাইৰে উপাধি আছিল ফাৰ্নাণ্ডো- তাৰে মাছমৰীয়াসকলৰ সাধাৰণতে উপাধি ফাৰ্নাণ্ডোৱে থাকেই।

মেচিনচালিত সেই নাওখনত পোহৰ বুলিবলৈ বিশেষ একো নাছিল। ফাৰ্নাণ্ডো এজনে লাঠি এডালৰ এটা মূৰত কেৰাচিনত ভিজোৱা কাপোৰ মেৰিয়াই জ্বলাই লৈছিল। মোৰ চিন্তা লাগিছিল। এই আন্ধাৰখনত কেনেকৈ ফটো ল’ম?

মাছে এই সমস্যাটো সমাধান কৰিলে।

জালত অহা মাছবোৰ আন্ধাৰত ফছফৰাছৰ দৰে জিলিক উঠিল (আন কি হ’ব পাৰে মই নিশ্চিত নহয়) আৰু নাওখনৰ অকণমান ঠাই পোহৰ হৈ পৰিল। সিয়েই কেমেৰাৰ কাৰণে পোহৰৰ কাম কৰিলে। ফ্লেছ নমৰাকৈও মই কেইখনমান ফটো ল’ব পাৰিলো (সেইবিধ আহিলা মই সদায়েই অপছন্দ কৰি আহিছো)।

এঘণ্টামান পাছত মই জীৱনত প্ৰথমবাৰৰ বাবে চাগে ইমান সতেজ মাছ খাইছো, তাকো ৰান্ধিছে এনে এটা পৰিৱেশত। ডাঙৰ টিনৰ পুৰণি বাকচ এটা ফুটা কৰি ওলোটাই লৈ তাৰ তলত তেওঁলোকে কোনোমতে জুই ধৰিছে আৰু মাছ পুৰিছে। আমি দুদিন ধৰি সাগৰত আছিলো, ১৯৯৩ত ৰামনাদ উপকূলত এয়া আছিল মোৰ তিনিটা ভ্ৰমণৰ এটা। সকলো সময়তে আনন্দমনে মাছমৰীয়াসকলে কাম কৰিছিল আৰু সেই আদিম আহিলাৰেই প্ৰতিকূল পৰিৱেশ নেওচি তেওঁলোকে দক্ষতাৰে সকলোখিনি সমাধা কৰিছিল।

Out on a two-night trip with fishermen off the coast of Ramnad district in Tamil Nadu, who toil, as they put it, 'to make someone else a millionaire'
PHOTO • P. Sainath

উপকূলীয় গাৰ্ড আমাৰ দুবাৰো কাষ চাপিছিল, সেয়া আছিল এলটিটিইৰ সময় আৰু শ্ৰীলংকাখন আছিল মাত্ৰ দুই কিলোমিটাৰ দূৰত। অসন্তোষ স্বত্ত্বেও গাৰ্ডজনে মোক বিশ্বাস কৰিবলৈ বাধ্য হ’ল, ৰামনাদৰ উপায়ুক্তৰ এখন চিঠি চাই তেওঁ মোক সাংবাদিক হিচাপে বিশ্বাসত ল’লে, যদিওবা তেওঁৰ একেবাৰে মান নাছিল।

এই উপকূলৰ প্ৰায়ভাগ মাছমৰীয়াই ধাৰত আছে। তেওঁলোকে নগদ ধন আৰু উৎপাদিত সামগ্ৰী হিচাপে অতিকৈ কম মজুৰিতে কাম কৰে। তেওঁলোকৰ আটাইতকৈ বেছি পঢ়া-শুনা কৰাজনে ৬ষ্ঠ মানলৈ পঢ়িছে। ইমান যে তেওঁলোকে কষ্ট কৰে, তাতে আকৌ খোজে খোজে জীৱনৰ শংকা, তাৰে বিনিময়ত তেওঁলোকে বিশেষ একো নাপায়। অৱশ্যে কেতিয়াবা ডাঙৰ মিছামাছ ধৰিব পাৰিলে ভাল টকা পায়। মেচিনচালিত নাৱেৰে মাছ মৰাসকলৰ লগত মেচিন নথকা দেশী নাও লৈ যোৱাসকলৰ মাজত শ্ৰেণীপাৰ্থক্য বিশেষ নাই।

দুয়োবিধ নাৱেই জৰাজীৰ্ণ। ঢলপুৱা আমি আকৌ এবাৰ মাছ মাৰিলো। তাৰপাছত সাগৰতীৰলৈ ঘূৰি আহিলো। ফাৰ্নাণ্ডোসকলৰ মুখত হাঁহি লাগি আছিল। তেওঁলোকৰ জীৱনৰ অংক বুজিব নোৱাৰি শহাবেঙা লগা মোৰ মুখখন চাই তেওঁলোক খুব ফুৰ্ত্তি পাইছিল।

তেনেই সহজ অংক, তেওঁলোকৰ মাজৰ এজনে কয়ঃ “আনক ধনী কৰিবলৈ আমি কষ্ট কৰি মৰো”


এই প্ৰতিবেদনৰ এক ছুটি সংস্কৰণ ১৯৯৬ৰ ১৯ জানুৱাৰীত দা হিন্দু বিজনেছলাইনত প্ৰকাশ পাইছিল।

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das