“ক’ৰনাৰ কথা জানো, কিন্তু কাম নকৰাকৈ থাকিব নোৱাৰো। খেতিয়ে আমাৰ একমাত্ৰ আশা, খেতিয়কৰো। আমি কাম নকৰিলে জীয়াই থাকিম কেনেকৈ?” সুভদ্ৰা চাহুৱে কয়।

সুভদ্ৰা এগৰাকী ঠিকাদাৰ। তেওঁ ৩০ জনীয়া মহিলাৰ দল এটা  চলায়, আটাইকেইগৰাকী চত্তীশগড়ৰ ধামতাৰি চহৰৰ পৰা পাঁচ কিলোমিটাৰমান দূৰৰ বালিয়াৰা গাঁৱৰ কৃষিশ্ৰমিক।

আমি এদিনাখন আবেলি তেওঁলোকক লগ পাইছিলো। জুলাই মাহৰ সেয়া ২০ তাৰিখ। ধাননি পথাৰৰ মাজৰ ৰাস্তা এটাত ট্ৰেক্টৰ এখনে তেওঁলোকক নমাই থৈ গৈছিল। তেওঁলোকে বৰ হুৰমুৰ কৰিছিল, আন এখন পথাৰৰ কাম সামৰি আহিছিল। সাজ লগাৰ আগেয়ে ভূঁই ৰোৱা কাম শেষ কৰিব লগা আছিল।

“আমি প্ৰতি একৰত ৪,০০০ টকা পাওঁ,” সুভদ্ৰাই কয়। “এদিনত আমি দুই একৰ মাটিত কঠীয়া ৰোঁও।” এনেকৈ দলটোৰ প্ৰতিজন শ্ৰমিকে দিনে ২৬০ টকা উপাৰ্জন কৰে।

এয়া কঠীয়া ৰোৱাৰ সময়, তেওঁলোকক লগ পোৱাৰ সময়লৈকে তেওঁলোকে ইতিমধ্যে ২০-২৫ একৰ মাটিত কঠীয়া ৰুইছে। আৰু কেইটামান দিনলৈ এই কাম চলি থাকিব।

woman working the farm
PHOTO • Purusottam Thakur

বালিয়াৰা গাঁৱৰ শ্ৰমিক তথা ঠিকাদাৰ সুভদ্ৰা চাহু : 'কাম নকৰিলে জীয়াই থাকিম কেনেকৈ'

জুলাই মাহৰ মাজভাগৰ এটা দিনত ধামতাৰি চহৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত কলিয়াৰি-খাৰেংগা গাঁৱৰ ৰাস্তাত আমি আন এটা শ্ৰমিকৰ দল লগ পালো। “কাম নকৰিলে নাখাই মৰিব লাগিব। ঘৰত বহি থকাৰ বিলাসিতা আমাৰ নাই (ক’ভিডৰ ভয়ত),” ধামতাৰি ব্লকৰ খাৰেংগা গাঁৱৰ ভুখিন চাহুৱে কয়। তেওঁ ২৪ জনীয়া শ্ৰমিকৰ দলৰ নেত্ৰী। “আমি শ্ৰমিক মানুহ, আমাৰ হাত-ভৰিয়েই সৰ্বস্ব। কিন্তু কাম কৰোঁতে আমি শাৰীৰিক ব্যৱধান ৰাখো…”

তেওঁ আৰু আনসকলে ৰাস্তাৰ দুয়োপাৰে বহি দুপৰীয়াৰ আহাৰ খাই আছিল - দাইল, ভাত আৰু পাচলি। সেয়া তেওঁলোকে ঘৰৰ পৰা আনিছিল। তেওঁলোকে ধলপুৱা ৪ বজাতে উঠে, ঘৰৰ কাম শেষ কৰে আৰু পুৱাৰ আহাৰ খাই ৬ বজাত পথাৰত উপস্থিত হয়। ১২ ঘণ্টা কাম কৰাৰ পিছত তেওঁলোক ঘৰমুৱা হয়। তেতিয়া সন্ধিয়া ৬ বাজে। আকৌ ৰন্ধা-বঢ়া, ঘৰৰ আন কাম বন থাকেই - ভুখিনে নিজৰ লগতে দলটোৰ আন মহিলাসকলৰ দিনটো কেনেকৈ যায় সেয়া বৰ্ণনা কৰি কয়।

“আমি প্ৰতিদিনে দুই একৰ মাটিত কঠীয়া ৰোঁও, প্ৰতি একৰত ৩,৫০০ টকা পাও,” ভুখিন কয়। এই দাম কেতিয়াবা সলনিও হয়, ৩,৫০০ৰ পৰা ৪,০০০ পাও (এইটো চিজনত ধামতাৰিত) আৰু দলটোত কিমানজন মানুহ আছে, দৰদাম আদিৰ ওপৰত সেয়া নিৰ্ভৰ কৰে।

ভুখিনৰ গিৰিয়েকে কেইবছৰমান আগতে ভুপাললৈ কাম কৰিবলৈ গৈ কেতিয়াও ঘূৰি নাহিল। “আমাক গাঁৱতে এৰি তেওঁ গুছি গ’ল। তেওঁ আমাৰ সৈতে কোনোধৰণৰ যোগাযোগ ৰখা নাই,” তেওঁ কয়। তেওঁৰ ল’ৰাটো কলেজত পঢ়ে আৰু দুজনীয়া পৰিয়ালটোত তেঁৱেই একমাত্ৰ উপাৰ্জনকাৰী।

একেটা বাটতে আমি আন এটা কৃষিশ্ৰমিকৰ দল লগ পালো। তাৰে প্ৰায়ভাগেই মহিলা, কেইগৰাকীমান পুৰুষ। ৰুবৰ বাবে কঠীয়া কঢ়িয়াই আনিছে। “এয়াই আমাৰ জীৱিকাৰ উৎস। সেয়ে আমি কাম কৰিবই লাগিব। আমি নকৰিলে শস্য কেনেকৈ ফলিব? নোখোৱাকৈতো কোনো থাকিব নোৱাৰে,” ধামতাৰি ব্লকৰ দাৰি গাঁৱৰ ঠিকাদাৰ সবিতা চাহুৱে কয়। “আমি ক’ৰনাক ভয় কৰি থাকিলে কাম কৰিব নোৱাৰিম। আমাৰ ল’ৰা-ছোৱালীহঁতক কোনে খুৱাব? আৰু আমাৰ কামটো এনেকুৱা যে আমি ব্যৱধান ৰাখিব লাগে (পথাৰত)।” জুলাই মাজভাগত তেওঁলোকক লগ পোৱা সময়ত সবিতা আৰু তেওঁৰ ৩০ জনীয়া দলটোৱে ২৫ একৰ মাটিত প্ৰতি একৰত ৩,৬০০ টকাকৈ কঠীয়া ৰুইছে।

Bhukhin Sahu from Karenga village tells me, 'We are labourers and we have only our hands and legs...'
PHOTO • Purusottam Thakur

কাৰেংগা গাঁৱৰ ভুখিন চাহুৱে মোক কয় , 'আমি শ্ৰমিক, হাত-ভৰিৰেই আমাৰ একমাত্ৰ সম্বল…'

“একো কাম নোহোৱা হৈছিল (লকডাউন কঠোৰ হোৱা সময়ত)। সেই সময়ত সকলো বন্ধ হৈ গৈছিল। তাৰপিছত খাৰিফ শস্যৰ ঋতু পৰিল আৰু আমি কামলৈ আহিলো,” খাৰেংগা গাঁৱৰ কৃষিশ্ৰমিক হিৰৌন্দি চাহুেৱে কয়।

জুলাই মাহৰ ২০ তাৰিখলৈকে দেশৰ বিভিন্ন ঠাইৰ পৰা ধামতাৰি গাঁৱলৈ ১,৭০০ মানুহ ঘূৰি আহিছিল। ধামতাৰিৰ শ্ৰম বিভাগৰ এগৰাকী বিষয়াই মোক কৈছিল। এইসকলৰ ভিতৰত আছিল শিক্ষাৰ্থী, কাম থকা মানুহ আৰু প্ৰায় ৭০০ মান প্ৰব্ৰজিত শ্ৰমিক। চত্তীশগড়ত ইতিমধ্যে ১০,৫০০ ক’ভিড পৰিঘটনা নিশ্চিত কৰা হৈছে। ধামতাৰিৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডা. ডি.কে. টুৰে মোক কয় যে জিলাখনত ৪৮ টা ক’ভিড কে’চ ধৰা পৰিছে।

হিৰৌন্দি থকা একেটা দলতে দাৰি গাঁৱৰ চন্দ্ৰিকা চাহুও আছে। তেওঁৰ দুজনী জীয়ৰী আৰু এজন পুত্ৰ আছে। ল’ৰাটো কলেজত পঢ়ি আছে আৰু ছোৱালী দুজনী ১০ম আৰু ১২শ মানত পঢ়ি আছে। “মোৰ স্বামীও শ্ৰমিক আছিল, কিন্তু এদিনাখন দূৰ্ঘটনাত তেওঁৰ ভৰিখন ভাগিল,” তেওঁ কয়। “তাৰ পিছত তেওঁ আৰু কাম কৰিব নোৱাৰা হ’ল আৰু তিনি বছৰ আগতে আপোনঘাতী হ’ল।” চন্দ্ৰিকা আৰু তেওঁৰ ল’ৰা-ছোৱালীকেইটাই কেৱল তেওঁৰ আৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰি চলে। চন্দ্ৰিকাই মাহে ৩৫০ টকাৰ বিধবা পেঞ্চন পায় আৰু পৰিয়ালটোৰ বিপিএল কাৰ্ড এখন আছে।

আমি কথা পতা আটাইকেইজন শ্ৰমিকে ক’ভিড-১৯ৰ বিষয়ে জানে আৰু কয় যে তেওঁলোকে ইমান চিন্তা কৰি নাথাকে। এনেও তেওঁলোকে কাম কৰাৰ সময়ত ইজনে সিজনৰ পৰা দূৰত্ব বৰ্তাই ৰাখে, সেয়ে অসুবিধা নাই। “আমি ৰ’দত কাম কৰো, সেয়ে ক’ৰনা লগাৰ কোনো মানেই নাই,” সবিতাৰ দলটোৰ পুৰুষ শ্ৰমিক ভুজবল চাহুৱে কয়। “এবাৰ আপোনাৰ গাত লাগিলে মাৰিহে নিব,” তেওঁ কয়, “কিন্তু আমি শ্ৰমিক হয়, ভয় কৰিলে নচলে।”

আৰু ১৫ দিনমান ভূঁই ৰোৱা কাম চলিব বুলি তেওঁ কয়। “তাৰপিছত একো কাম নাথাকিব।” জিলাখনৰ ধামতাৰি আৰু কুৰুদেই দুটা ব্লক য’ত জলসিঞ্চনৰ ব্যৱস্থা আছে। সেয়ে তাত কৃষকে দুবাৰ খেতি কৰে আৰু দুটা ঋতুত খেতিৰ কাম পোৱা যায়। “আমি আৰু বেছি কাম কৰিব লাগিব,” ভুজবলে কয়।

Labourers from Baliyara village, not far from Dhamtari town, on their way to paddy fields to plant saplings
PHOTO • Purusottam Thakur

ধামতাৰিৰ পৰা নাতিদূৰত থকা বালিয়াৰা গাঁৱৰ শ্ৰমিকে ভূঁই ৰোৱা কামলৈ ওলাইছে

'Everyone needs food to eat', said Sabita Sahu', a contractor from Darri village. 'If we will fear corona, we will not able to work'
PHOTO • Purusottam Thakur

'নোখোৱাকৈ কোন থাকিব পাৰে, খাবই লাগিব,' সবিতা চাহুৱে কয়, তেওঁ দাৰি গাঁৱৰ এগৰাকী ঠিকাদাৰ ‘ক’ৰনাক ভয় কৰি থাকিলে আমি কাম কৰিব নোৱাৰিম’

'We earn 4,000 rupees per acre, and together manage to plant saplings on two acres every day'
PHOTO • Purusottam Thakur

‘আমি প্ৰতি একৰত ৪,০০০ টকা পাওঁ আৰু দিনে দুই একৰ মাটিত কোনোমতে কাম সম্পূৰ্ণ কৰোঁ’

That’s a daily wage of around Rs. 260 for each labourer in the group
PHOTO • Purusottam Thakur

দলটোৰ প্ৰতিজন শ্ৰমিকে এনেকৈ গাইপতি দৈনিক ২৬০ টকা পায়

All the labourers we spoke too knew about Covid-19; some said they didn’t care, others said that while working they anyway stood at a distance from each other, so it was fine
PHOTO • Purusottam Thakur

আমি কথা পতা প্ৰত্যেকজন শ্ৰমিকেই ক ’ভিড-১৯ৰ কথা জানে; কিছুমানে কয় যে তেওঁলোকে ইমান গুৰুত্ব নিদিয়ে, আন কিছুমানে কয় যে পথাৰৰ কামত তেওঁলোকে এনেও ইজনৰ পৰা সিজনে দূৰত্ব বৰ্তাই কাম কৰে

The sowing and planting of paddy would continue for roughly 15 days (after we met the labourers in July)
PHOTO • Purusottam Thakur

হাল বোৱা , ভূঁই ৰোৱা কাম আৰু কোনোমতে ১৫ দিন চলিব (আমি তেওঁলোকক জুলাইত লগ পোৱাৰ পিছৰ ১৫ দিনমান)

Bhukhin Sahu and the others were sitting on the road and eating a lunch of rice, dal and sabzi, which they had brought from home. They wake up at 4 a.m., compete household tasks, have a morning meal and reach the field at around 6 a.m.
PHOTO • Purusottam Thakur

ভুখিন চাহু আৰু দলটোৰ আন শ্ৰমিকসকলে ৰাস্তাৰ কাষতে দাইল -ভাত আৰু পাচলি ভাজিৰে দুপৰীয়াৰ আহাৰ খাবলৈ বহিছে তেওঁলোকে পুৱা ৪ বজাতে উঠে , ঘৰৰ কাম-বন সামৰে আৰু কিবা অলপ খাই কামলৈ ওলাই আহে, ৬ বজাত পথাৰ পায়হি

That’s a daily wage of around Rs. 260 for each labourer in the group
PHOTO • Purusottam Thakur

তেওঁলোকে ১২ ঘণ্টা কাম কৰে , ফটোত শ্ৰমিকে কঠিয়া পথাৰলৈ নিছে, সন্ধিয়া ৬ বজামানত তেওঁলোক ঘৰ উভতে


অনুবাদ: পংকজ দাস

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.

Other stories by Purusottam Thakur
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das