সেয়া ১৯৪৯ চনৰ কথা। ৪ বৰ্ষীয় জীৱন কৃষ্ণ পোদ্দাৰে তেওঁৰ পিতৃ-মাতৃ, আইতাকৰ সৈতে পশ্চিম বংগৰ বাৰিশাল জিলাস্থিত তেওঁলোকৰ ঘৰৰ পৰা পলাই আহিছিল। ১৯৪৬ৰ নোৱাখালি বিদ্ৰোহৰ ফলত বহুল পৰিমাণে প্ৰব্ৰজন ঘটিছিল আৰু সেয়া বহু বছৰলৈ চলি আছিল। তেওঁলোকে তাৰপৰা পলাই অহাৰ দুবছৰ পিছত পৰিয়ালটোৱে সুন্দৰবন অভিমুখে যাত্ৰা কৰিছিল।

এতিয়া ৮০ বছৰ বসয়ত বৰষুণৰ বতৰত ঘৰৰ বাৰান্দাত বহি তেওঁ সেই দিনবোৰ মনত পেলাইছে যিয়ে তেওঁক পাথৰপ্ৰতিমা খণ্ডৰ কৃষ্ণদাসপুৰ গাঁৱলৈ লৈ আহিল। এই ঠাইখনেই এতিয়া তেওঁৰ ঘৰ। "তাতে হিংসাৰ উন্মেষ ঘটিছিল, সেয়ে আমি সেই ঠাই এৰিবলগা হ'ল। মোৰ মা উষা ৰাণী পোদ্দাৰে আমাৰ বস্তু-বাহিনীবোৰ ১৪ টা বেগত বোজাই কৰিছিল। আমি নাৱেৰে আহি খুলনা চহৰ (তেতিয়াৰ পূৰ্ববংগ) পাইছিলো। এখন ৰেলগাড়ীৰে আমি বেনাপোল পালো। আমি আমাৰ ধন-বিত আৰু আ-অলংকাৰবোৰ কাপোৰতে লুকাই আনিছিলো।"

জীৱনে তেওঁলোকৰ পৰিয়ালটোক পশ্চিম বংগৰ নাদিয়া জিলাৰ এটা শৰণাৰ্থী শিবিৰলৈ লৈ অহাৰ কথা মনত পেলালে। তাতে তেওঁলোকে অইন ২০ হাজাৰ শৰণাৰ্থীৰ সৈতে ১১ মাহ থাকিবলগীয়া হৈছিল। শৰণাৰ্থীসকলক দণ্ডকাৰণ্য (ভাৰতৰ কেন্দ্ৰীয় ভূভাগত থকা অৰণ্যৰে আবৃত বাস্তাৰ অঞ্চল), আন্দামান দ্বীপসমূহত অথবা পশ্চিমবংগৰ সুন্দৰবনত থিতাপি ল'বলৈ কোৱা হৈছিল।

"মোৰ পিতৃ শৰত চন্দ্ৰ পোদ্দাৰে সুন্দৰবনকে বাছি ল'লে," জীৱনে ক'লে। "তেওঁ খেতিৰ বাবে মাটি বিচাৰিছিল। মাছ আৰু চাছ (বাংলা ভাষাত মাছ আৰু খেতি)য়েই আচিল মূল আকৰ্ষণদ্বয়। তেওঁৰ মতে দণ্ডকাৰণ্য আৰু আন্দামান জনবসতিহীন হাবি আৰু তাতে জীৱন নিৰ্বাহ কঠিন হ'লহেঁতেন।"

জীৱনৰ পৰিয়ালটো আছিল সেই ১৫০ টা পৰিয়ালৰ মাজৰ এটা যিয়ে হাওৰা এৰি নাৱেৰে সুন্দৰবনলৈ যাত্ৰা কৰিছিল। তেওঁলোক মথুৰাপুৰ খণ্ডলৈ আহিছিল য'ত ভাৰত চৰকাৰে তেওঁলোকক কৃষিৰ বাবে হাবি-বন মোকলাবলৈ কৈছিল। খোৱাপানী পৰিস্কাৰ নাছিল আৰু বহুলোকে কলেৰাত ভুগি প্ৰাণ হেৰুৱাইছিল। ডাক্তৰ আহিছিল ১৫ দিনৰ মুৰত। তেতিয়াই দুৰ্ভিক্ষই দেখা দিছিল আৰু আমি অনাহাৰে কটাবলগীয়া হৈছিল।"

জীৱনৰ পিতৃয়ে এটা চৰকাৰী কাৰ্যালয়ত কাম পাইছিল য'ত তেওঁৰ কাম আছিল হাতেৰে ঘুৰোৱা পাংখা এখন অইন কৰ্মচাৰীৰ বাবে ঘুৰাই থকা। তেওঁৰ মাকে মহ পুহি তাৰে গাখীৰ আৰু কণি বিক্ৰী কৰিছিল।

তেওঁলোকৰ পৰিয়ালটোক কৃষ্ণদাসপুৰ গাঁৱত ১০ বিঘা মাটি দিয়া হৈছিল আৰু তাতে তেওঁলোকে ধানখেতি আৰম্ভ কৰে। অলপ ধন জমা হোৱাৰ পিছত তেওঁলোকে আৰু অলপ মাটি লৈ গাঁৱতে এটা ঘৰ সাজে, এই গাওঁখনৰ জনসংখ্যা এতিয়া ২,৬৫৩ (২০১১ চনৰ লোকপিয়ল মতে)।

জীৱনে তেওঁৰ পৰিয়াল আৰু ১১ টা ল'ৰা-ছোৱালীৰ সৈতে জীৱ নিৰ্বাহ কৰে আৰু ২০১০ চনমানত গাঁৱৰ পোষ্টমাষ্টৰ হিচাপে অৱসৰ লৈছে। একেটা ডাকঘৰৰ পৰা পিয়ন হিচাপে অৱসৰ লোৱা প্ৰিয়ৰঞ্জন দাসো পূৰ্ববংগীয় মূলৰ। ১৯৫০ৰ দশকৰ আৰম্ভণিতে তেওঁ পৰিয়ালৰ সহিতে নোৱাখালিৰ পৰা সুন্দৰবনত উঠিছিল। তেতিয়া তেওঁৰ বয়স আছিল দুবছৰ। "আমি গছৰ ডাল-পাত সিজাই খাইছিলো কিয়নো আমাৰ হাতত খাবলৈ একো নাছিল। তাতে আকৌ কলেৰাৰ প্ৰকোপত বহুলোকে সেই ঠাই এৰিবলগা হৈছিল যদিও আমি এৰা নাছিলো।," তেওঁ মনত পেলালে।

পশ্চিম বংগ, চোটা নাগপুৰ আৰু উৰিষ্যাৰ বিভিন্ন স্থানৰ পৰা ১৭৬৫ চনৰ পিছত বহু পৰিয়াল সুন্দৰবনলৈ আহিছিল যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগলৰ অসামৰিক প্ৰশাসন দখল কৰি লয়। অমিতেশ মুখোপাধ্যায় (দুৰ্যোগৰ সৈতে বসবাসঃ ভাৰতীয় সুন্দৰবনত সম্প্ৰদায় আৰু উন্নয়ন) আৰু আন্নু জালাইছে (মানুহ আৰু বাঘঃ ভাৰতৰ পশ্চিম বংগৰ নৃতাত্বিক অধ্যয়ন) সেই ঔপনিৱেশিক শাসকৰ কথা লিখিছে যিয়ে তেওঁলোকৰ ৰাজহ বৃদ্ধি কৰাত মন দিছিল, উপমহাদেশখনৰ বিভিন্ন অঞ্চলৰপৰা শ্ৰমিক আনিছিল আৰু খেতি কৰাইছিল।

সুন্দৰবন এলেকাত কাম কৰা ঠাকুৰ ছচাইটি ফৰ ৰুৰেল ডেভলপমেণ্ট নামৰ বেচৰকাৰী সংস্থাটোৰ ৰবি মণ্ডল কয়, "মেদিনীপুৰত হোৱা বানপানী আৰু দুৰ্ভিক্ষ, ১৯৪৭ৰ বংগ বিভাজন আৰু ১৯৭১ৰ বাংলাদেশৰ স্বাধীনতাৰ যুঁজৰ ফলত বহুলোকে সেই ঠাই এৰে আৰু সুন্দৰবনত আহি থিতাপি লয়।"

স্কটিছ ব্যৱসায়ী ডেনিয়েল হেমিলটনে গোচাবা খণ্ডৰ দ্বীপবোৰত সমবায় ভিত্তিক আন্দোলনৰ জৰিয়তে গ্ৰামীণ সংৰচনাৰ কাম আৰম্ভ কৰাৰ সময়তে ১৯০৫ চনত পুনৰাই প্ৰব্ৰজন ঘটে। গোচাবাত বসবাস কৰা প্ৰব্ৰজনকাৰীসকলৰ উত্তৰপুৰুষে এতিয়াও সুন্দৰবনৰ উন্নয়নৰ দিশত তেওঁৰ অৰিহণাৰ কথা সোঁৱৰে।

জোতিৰামপুৰ গাঁৱৰ বাসিন্দা আশী বছৰ গৰকা ৰেৱতী সিঙৰ ঘাইঘৰ ৰাঁচীত। তেওঁৰ ককা আনন্দমাই সিং ১৯০৭ চনতে হেমিলটনৰ সমবায় আন্দোলনৰ সময়তে গোচাবালৈ আহিছিল। "তেওঁলোকে ট্ৰামগাড়ীৰে কানিং খণ্ডত উঠেহি। তেওঁলোকে তাৰপৰা গোচাবালৈ বোধকৰো খোজকাঢ়ি আহিছিল। পিছলৈ হেমিলটনে তেওঁলোকৰ যাতায়ৰ বাবে সৰু সৰু নাও সাজিছিল।"

ৰেৱতীয়ে শুনামতে তেতিয়া জনসংখ্যা কম আছিল আৰু বাঘ-ঘৰিয়ালে প্ৰায়ে আক্ৰমণ চলাইছিল। খোৱাপানী পৰিস্কাৰ নাছিল। পৰিস্থিতি সলনি হৈছেনে? "এতিয়া বাঘৰ আক্ৰমণ কমিছে," তেওঁ কয়। "তেতিয়া কাৰো হাতত চাকৰি নাছিল আৰু এতিয়া কাম পোৱাটো কঠিন হৈ পৰিছে। মই ধান খেতি কৰিছিলো কিন্তু নৈৰ পানীয়ে প্ৰায়ে খেতি নষ্ট কৰে বাবে সেয়া এৰিলো।" ৰেৱতীৰ তিনি পুত্ৰই অংসগঠিত খণ্ডত কাম কৰে।

সমবায় আন্দোলনৰ সহযোগী হোৱাৰ বাবে ৰাঁচীৰ পৰা প্ৰব্ৰজন কৰা ভগল চৰ্দাৰৰ নাতি লখন চৰ্দাৰে মনত পেলায় যেতিয়া হেমিলটনৰ অনুৰোধত প্ৰখ্যাত কবি আৰু সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯৩২ চনত গোচাবা সাক্ষাত কৰিছিল।


02-IMG_2147-US-'Maach and chaash brought us to Sundarbans%22.jpg

লখন আৰু সন্ধ্যা চৰ্দাৰঃ লখনৰ ককা ৰাঁচীৰ পৰা ১৯০০ দশকৰ আৰম্ভণিতে গোচাবালৈ প্ৰব্ৰজন কৰিছিল

সুন্দৰবনৰ বহুসংখ্যক লোক পশ্চিম বংগৰ মেদিনীপুৰ এলেকাৰ পৰা অহা। মেদিনীপুৰত হোৱা সঘন বানপানী আৰু দুৰ্ভিক্ষৰ ফলতে তাৰে বাসিন্দাসকলে সুন্দৰবনলৈ খেতিয়ক হিচাপে অথবা শ্ৰমিক হিচাপে কাম কৰিবলৈ সুন্দৰবনলৈ আহে। জোতিৰামপুৰ গাঁৱৰ জ্যোতিৰ্ময় মণ্ডলে মনত পেলালে যেতিয়া তেওঁৰ ককাকে হেমিলটনৰ সমবায় আন্দোলনৰ পূৰ্বেই মেদিনীপুৰৰ পৰা সুন্দৰবনলৈ খোজকাঢ়ি আহিছিল। "ককা নৈশ চকীদাৰ হিচাপে কাম কৰিছিল আৰু জ্বৰ হৈ মৃত্যুমুখত পৰে। মোৰ আইতা দিগম্বৰী মণ্ডলে লোকৰ মহ চৰাই, ধানখেতি কৰি আৰু ঘীউ বিক্ৰী কৰি পেটৰ ভাত মোকলাইছিল।"

মহম্মদ মোলহৰ শ্বেইখে গোচাবাৰ আৰামপুৰ গাঁৱত জীৱিকাৰ বাবে খৰি কাটে। তেওঁৰ আজোককাই দুই ভাতৃৰ সৈতে মেদিনীপুৰৰ পৰা সুন্দৰবনলৈ আহিছিল। সেয়া আছিল ১৫০ বছৰ আগৰ কথা। "তেওঁলোকে গৰম লোহাৰে বাঘৰ মুখামুখি হোৱাৰ কাহিনী শুনিবলৈ পাইছিলো। তেওঁলোকৰ খেতিপথাৰবোৰ কেনেদৰে বানপানী আৰু দুৰ্ভিক্ষই নষ্ট কৰিছিল সেইবোৰো আমি শুনিছিলো।"


03-IMG_2154-US-'Maach and chaash brought us to Sundarbans%22.jpg

মহম্মদ মোলহৰ শ্বেইখৰ আজোককাই প্ৰায় ১৫০ বছৰ আগতে মেদিনীপুৰৰ পৰা সুন্দৰবনলৈ আহি থিতাপি লৈছিল

১৯৪৩ চনৰ পশ্চিম বংগৰ দুৰ্ভিক্ষৰ সময়তে মেদিনীপুৰৰ পৰা আকৌ এবাৰ প্ৰব্ৰজন ঘটে। এই সময়চোৱাতে এতিয়াৰ সত্তুৰ বৰ্ষীয় হৰিপ্ৰিয়া কৌৰে স্বামীৰ পৰিয়াল সহিতে গোচাবালৈ আহিছিল। তাই বাস কৰা জোতিৰামপুৰ গাওঁখনৰ নামটো তাইৰ শহুৰেকৰ জোতিৰাম কৌৰৰ নামতে ৰখা হৈছে। "জোতিৰাম আৰু ক্ষেত্ৰমোহন- এই দুই ভাই-ককায়ে মেদিনীপুৰৰ পৰা গোচাবালৈ আহোতে ২৭ টা পৰিয়াল লগত লৈ আহিছিল। এই পৰিয়ালকেইটাই হাবি-বন চাফা কৰি থিতাপি লৈছিল," তেওঁ কয়।

কথাখিনি কৈ থকাৰ সময়তে হৰিপ্ৰিয়াৰ ঘৰটো অন্ধকাৰত ডুব গৈ আছিল। কেইঘণ্টামান আগতে বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল। ইয়াত জীৱিকাৰ সমল খুব কম, চিকিৎসা সেৱা পোৱা দুৰুহ, আৰু বাট-পথৰ যোগাযোগ আৰু যাতায়ত দুৰ্গম। তথাপি সুন্দৰবনত এতিয়া বসবাস কৰাসকলৰ জীৱন তাহানিৰ পূৰ্বপুৰুষে থিতাপি লোৱাৰ সময়তকৈ কষ্টকৰ নহয়। এটা ভাল জীৱন যাপনৰ বাবে সংগ্ৰাম অব্যাহত যদিওবা তেওঁলোকে অতীতৰ সেই বিলাই-বিপত্তি আৰু বঞ্চনাৰ কথা পাহৰা নাই।

ফটোঃ উৰ্বশী চৰকাৰ

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar