html নৈৰ পৰা প্লেটলৈঃ সুন্দৰবনৰ মিছামাছৰ কাহিনী

পুৰ্ণিমা মিস্ত্ৰীয়ে মাছমৰা জালখন লৈ ৰায়মংগল নৈৰ পৰা উঠি আহিছে, তাইৰ কঁকালৰ পৰা পানী বাগৰিছে। তাই নৈৰ দাঁতিকাষত আধা ঘণ্টা ধৰি সাতুৰিছে আৰু মিছা মাছৰ পোনাৰ সন্ধানত জালখন পিছে পিছে টানি নিছে।

নৈৰ পাৰত, তাই জালখনৰ লগত লাগি অহাবোৰ এৰুৱাইছে, তাৰে বনবোৰৰ পৰা পোনা, ঠানি আৰু অইন মাছ আদি আঁতৰ কৰাত লাগিছে। তাইৰ শাৰী আৰু চুলিকোচা তীক্ষ্ণ ৰদত শুকাবলৈ লৈছে। কিন্তু পুৰ্ণিমাই আকৌ এবাৰ নৈত নামিব লাগিব। "মই বিক্ৰী কৰিব পৰাৰ জোখাৰে মিছামাছ সংগ্ৰহ কৰিব লাগিব। ইয়াৰ বাবে ২-৩ ঘণ্টাৰ প্ৰয়োজন হ'ব," তাই ক'লে।   

মাছ ধৰিবলৈ এনেদৰে বোকা-মাটিত নমাৰ বিষয়ে পুৰ্ণিমাই কোৱামতে তাই ঘণ্টাৰ পিছত ঘণ্টা ধৰি পানী আৰু বোকামাটিত থকাৰ ফলত ছালৰ সংক্ৰমণ আৰু খজুৱতি হয়। "চোৱা আমাৰ কামবোৰ কেনে কষ্টসাধ্য," তাই কয়। "এনেদৰেই সুন্দৰবনৰ মানুহে জীৱন যাপন কৰে।"

পুৰ্ণিমাই তাইৰ দুজনী কন্যা আৰু পুত্ৰ থকা পৰিয়াল পুহিবৰ কাৰণে এই কাম দুবছৰ আগৰপৰাই কৰি আহিছে। তাত স্বাভাৱিক পেছা বুলি পৰিচিত মাছধৰা কামটোত তাইৰ স্বামী নাই, কিয়নো তেওঁ পানীত নামিব ভয় কৰে আৰু সেয়ে মাছ মাৰিব যাব নোৱাৰে। সেয়ে তেওঁ ঘৰতে বিক্ৰিৰ বাবে পাচলি খেতি কৰে।  


ভিডিঅ চাওকঃ পুৰ্ণিমা মিস্ত্ৰীয়ে বিক্ৰীৰ জোখাৰ মাছৰ পোনা ধৰিবৰ বাবে ৰায়মংগল নৈৰ পানী চলাথ কৰিছে

তাই ঘৰিয়াল আৰু বাঘৰ মুখামুখি হ'ব বুলি ভয় খায়- যিটো সুন্দৰবনৰ কিছুমান এলেকাত প্ৰায়ে হয়।  "কেতিয়াবা মোৰ মনত ঘৰিয়ালৰ ভয় সোমায়; ঘৰিয়ালে এই গাঁৱৰে বহুতকে আক্ৰমণ কৰিছে," পুৰ্ণিমাই কয়। "বন বিভাগে বাঘক আঁতৰাই ৰাখিবৰ বাবে জাল পাতি থোৱাৰ বাবে বাঘ ইয়ালৈ নাহে।"

পুৰ্ণিমাই যোগেশ্বৰিত থাকে, এই গাওঁখনত ৭ হাজাৰৰো অধিক মানুহৰ বসতিস্থল আৰু ঘৰবোৰ পশ্চিম বংগৰ হিংগালগঞ্জ খণ্ডৰ ৰায়মংগল নৈৰ পাৰত সিঁচৰিত হৈ আছে। সুন্দৰবনৰ আনবোৰ এলেকাৰ দৰে যোগেশ্বৰীৰ মহিলা আৰু ল'ৰা-ছোৱালীয়ে পোনা সংগ্ৰহৰ কাম কৰে। মাছ-কেঁকোৰা আৰু বন্য উপজাত সামগ্ৰী যেনে মৌ আৰু খৰি বিক্ৰী কৰিলে তেওঁলোকৰ ঘৰুৱা সা-সামগ্ৰী আহে।  

ৰাজ্য চৰকাৰৰ সংগৃহীত তথ্য অনুযায়ী (২০০৯ চনৰ পৰা) সুন্দৰবনত বাস কৰা ৪৪ লাখ লোকৰ ২ লাখৰো অধিক লোকে দৰিদ্ৰতাৰ কবলত পৰি উপায়ন্তৰ হৈ মিছামাছৰ পোনা সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰিবলগা হয়।

হেমনগৰ গাঁৱৰ সোমা মণ্ডলে কোৱামতে এই কামটো মুলতঃ মহিলাই কৰে। "পুৰুষে ডাঙৰ মাছ-কেঁকোৰা আদি ধৰিব যায়, যিটোৰপৰা ভাল টকা আয় হয় )আৰু এই কাম বাবে তেওঁলোকে একলগ হৈ নাও ভাড়া কৰে)। পোনা সংগ্ৰহ কৰাটো মহিলাৰ কাম হৈ পৰে, আৰু অতি দৰিদ্ৰ পৰিয়ালৰ ক্ষেত্ৰত সৰু লৰা-ছোৱালীয়েও সেই কাম কৰে। এই কামত আয় একেবাৰে নগন্য, কিন্তু তাত বাদে কোনো উপায়ো নাই। গাঁৱৰ প্ৰতিঘৰৰে অন্তত এগৰাকী হলেও মহিলাই এই কাম কৰে। আমি বেছিকৈ খেতি-বাতিটো লাগিব নোৱাৰো, গাঁৱৰ মাটি-পানী লুণীয়া হোৱা হেতুকে বাৰিষা ধানখেতি কৰাত বাদে আন একো কৰিবপৰা নাযায়।"


Purnima in water catching prawns

বাওফালেঃ জোখাৰে মিছা মাছৰ পোনা ধৰিবলৈ যোৱাসকলে প্ৰায় পাঁচ ঘণ্টামান পানীত নামি থাকিবলগা হয়। সোঁফালেঃ সোঁত কম থকা অৱস্থাতে এগৰাকী মহিলাই তেওঁৰ জালখন টানিছে, এয়ে পোনা ধৰাৰ বাবে ভাল সময়  

নৈৰ সোঁত কম হৈ থকাৰ সময়তে সোমাই পোনা ধৰিবলৈ নৈলৈ প্ৰায় প্ৰতিদিনে যায়। পানী কম থাকিলে মাছ ধৰিবৰ বাবে সুবিধা। কিন্তু সেই সময় সলনি হৈ থাকে। সোমাই কেতিয়াবা মাজৰাতি আৰু কেতিয়াবা পুৱতি নিশা ৪ মান বজাতে নৈলৈ যাবলগীয়া হয়। "ৰাতিৰ ভাগত আশে-পাশে ঘৰিয়ালেই আছে নে আন কিবা বন্য জন্তু আছে, সেয়া ধৰিবকে নোৱাৰি। দিনৰ পোহৰত অন্ততঃ আমি সেয়া দেখা পাও আৰু আঁতৰি থাকিব পাৰো।"  

পুৰ্ণিমা আৰু সোমাৰ দৰে পোনা সংগ্ৰাহকৰ আয় ঋতু অনুযায়ী ভিন ভিন হয়। "শীতকালটো আটাইতকৈ ভাল সময়, আমি প্ৰতি ১০০০ পোনাৰ বিপৰীতে ৩০০ টকা পাও," তেওঁ কয়। "অইন সময়ত দৰ কমি ১০০ টকা হয়গৈ, কেতিয়াবা আকৌ সেই দৰ ৬০ টকালৈও নামে।"

ভাল দিনত ২০০০ মান পোনা গোট খায়, কিন্তু এনে ভাল দিন বছৰটোত কেইটামান দিনৰ বাবেহে আহে। প্ৰায়ভাগ সময়তে, সোমাৰ হাতত ২০০-৫০০ মানহে টকা থাকে। "এইখিনি টকাৰে অত্যাৱশ্যকীয় সামগ্ৰীখিনি বজাৰৰপৰা (হেমনগৰৰ বজাৰ) ক্ৰয় কৰাৰ বাবে যথেষ্ট, কিন্তু তাতকৈ বেছি একো কৰিব নোৱাৰি," তেওঁ কয়।

Prawns

মিছা মাছৰ পোনাবোৰ তেনেই সৰু, চুলি এডালৰ সমান। সেইবোৰৰ দৰ প্ৰতি ১০০০ হিচাপত কৰা হয়

শীতকালত, ডিচেম্বৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত, সোমাই তামিলনাডুৰ ইৰোড জিলাৰ এটা কাপোৰৰ কাৰখানাত কাম কৰিবলৈ যায়, তাতে তেওঁ পৰ্দা আৰু গাৰুৰ কভাৰ চিলাইৰ কাম কৰে। যদিও শীতকালতে পোনাৰ দৰ আটাইতকৈ ভাল হয়, বহু মহিলাই সেই হিমচেঁচা পানীত কাম নকৰিবলৈয়ে চেষ্টা কৰে। সোমাৰ গিৰীয়েক সৌমেন মণ্ডলেও ইৰোডৰ সেই একেটা কাৰখানাতে কাম কৰে। সোমাই ২০০-৫০০ টকা উপাৰ্জন কৰাৰ বিপৰীতে তেওঁ খুব কমেই আৰ্জে। সিহত দুটাৰ পাঁচ বছৰীয়া সন্তানটি গাঁৱত আইতাকৰ লগত থাকে।

মাছৰ পোনা সংগ্ৰহৰ পদ্ধতিবোৰ পৰিৱেশবিদ আৰু বন বিভাগ দুয়োটাই সমালোচনা কৰে। সেই জালখনত পোনাৰ বাদেও অইন বহুতো প্ৰজাতিৰ মাছ আহে। কিন্তু সেই মাছবোৰ পেলাই দিয়া হয়। এনেদৰে সেই প্ৰজাতিবোৰ কমি আহিব পাৰে। এনেদৰে জাল টনাৰ ফলত ভুমি অৱক্ষয় হয় আৰু পাৰ নৈ ভেঁটা দিয়াৰ বাবে সজা পাৰবোৰ দুৰ্বল কৰি তুলিব পাৰে।

পুৰ্ণিমাই অৱশ্যে অইন মাছবোৰ পেলাই নিদিয়ে। তেওঁৰ ঘৰৰে কাষতে এটা পুখুৰী আছে, তাতে তেওঁ মাছবোৰ পালে। "পুখুৰী নথকাবোৰে বাকী মাছবোৰ পেলাই দিবলগা হয়," ৰায়মগংল নৈৰ পাৰত পোনাবোৰ বাচি থকাৰ মাজতে তেওঁ কথাটো বুজাই ক'লে।

যদিওবা এই গাওঁবোৰৰ মহিলাসকলৰ ওপৰতে মিছা মাছবিধৰ বজাৰখন চলি আছে, কিন্তু বেপাৰৰ এই শৃংখলটোত তেওঁলোককেই আটাইতকৈ কম মজুৰী দিয়া হয়। পোনাবোৰ সংগ্ৰহ কৰাৰ পিছত, ব্যৱসায়ৰ লাভ হোৱা অংশটো পুৰুষৰ হাততে থাকে।

সাধাৰণতে, মাজৰ মানুহে গাঁৱে গাঁৱে আহি মহিলাসকলৰ পৰা পোনা সংগ্ৰহ কৰি সেয়া ভেৰীত পোহাৰ কৰাৰ বাবে লৈ যায়। ভেৰী হৈছে চাউথ পাৰগানাচ জিলাৰ কানিং, জীৱনতালা, ছাৰবেৰিয়া আদিকে ধৰি বিভিন্ন এলেকাত বৃহদাকাৰ কৃত্ৰিম আবদ্ধ পানী জমা ৰাখি মাছপোহা ব্যৱস্থা। ইয়াতে প্ৰায় তিনিমাহৰ বাবে পোনাবোৰ পালন কৰা হয় আৰু এইখিনি সময়তে পোনাবোৰ পৰিপক্ক হৈ উঠে। তেতিয়া সেয়া কানিং, বাৰাছত আৰু ধামাখালিৰ পাইকাৰী বজাৰত বিক্ৰী কৰা হয়। তেতিয়া সিবোৰ বাহিৰলৈ পঠিওৱা হয়, বিশেষকৈ পানীভৰ্তি প্লাষ্টিকৰ বেগত ভৰাই মটৰচাইকেলেৰে পুৰুষেই এই কাম কৰে।


tiger prawns

চাউথ ২৪ পাৰগানাছ জিলাত লুণীয়া আবদ্ধ পানীত পোনা পোহাৰ পিছত সেয়া সঠিক আকাৰ পায়

ভালদৰে বিকশিত হৈ উঠা পোনাৰ পাইকাৰী বজাৰত ভাল দাম পোৱা যায়। কানিঙৰ মাছৰ বজাৰৰ হোলচেলাৰ তৰুণ মণ্ডলে কোৱামতে তেওঁৰ আয় মুলতঃ মিছা মাছ বিক্ৰি কৰিয়ে আহে। "এয়া বৰ ভাল ব্যৱসায়। আমি সেয়া ভেৰীৰ পৰা ৩৮০-৮৮০ টকামানত কিনো আৰু তাৰপিছত ৪০০-৯০০ টকামানত বিক্ৰী কৰো [প্ৰতিকিলো হিচাপত, আকাৰৰ ওপৰত নিৰ্ভৰ কৰি]। আমাৰ প্ৰতিকিলোত ১০-২০ টকা লাভ থাকে। আমাৰ যোগান মুলতঃ সুন্দৰবনৰ বাসন্তি আৰু গোচাবা আদি খণ্ডৰপৰাই আহে। আমি সেয়া এজেণ্টলৈ বিক্ৰী কৰো যিবোৰে ডাঙৰ কোম্পানীৰ হৈ সেয়া ক্ৰয় কৰি শেহত ৰপ্তানি কৰে।"

২০১৫-১৬ চনত ভাৰতৰ সাগৰীয় খাদ্যৰ ৰপ্তানিৰ মূল্য আছিল ৪৬৮ কোটি টকা, ইয়াৰে ৭০ শতাংশ ৰপ্তানি মিছামাছৰ হয় যিবোৰ ঘাইকৈ জাপান, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যোগান ধৰা হয়। ক'লা বাঘ মিছামাছ বুলি জনাজাত এই বাঘ মিছামাছ এই ব্যৱসায়ৰ এক গুৰুত্বপুৰ্ণ অংশ। মিছামাছৰ উৎপাদনকাৰী আৰু সাগৰীয় খাদ্যৰ ৰপ্তানি কৰা ৰাজ্যৰ তালিকাত পশ্চিম বংগৰ নাম প্ৰথম শাৰীতে আহে।

সোমা আৰু পুৰ্ণিমাৰ দৰে পোনা সংগ্ৰহকাৰীয়ে এই টকাৰ এটা ক্ষুদ্ৰ অংশহে দেখা পায়। এজেণ্টসকলে দামদৰ নিৰ্ধাৰণ কৰাৰ লগেত বেপাৰখন নিয়ন্ত্ৰণ কৰে বাবেই মহিলাসকলে বেছি দাম মাতিব নোৱাৰে। "পোনাৰ দামৰ লগতে মাজৰ মানুহে (প্ৰতিগৰাকী মহিলাৰ বিপৰীতে) আমাক বছৰেকত এক আমানত দিয়ে যিটো আমি ঘুৰাব নালাগে," সোমাই ক'লে। সেই আমানত লোৱাৰ বাবেই আমি কেৱল সিহতলৈয়ে পোনাবোৰ বেছিবলগা হয়, আন কাৰোলৈ বেছিব নোৱাৰা হও। আমি মহিলাসকলে বেছিকৈ একগোট হ'ব নাপাও আৰু দৰদাম কৰিবও নাপাও।"

কিন্তু সোমা আৰু পুৰ্ণিমাৰ দৰে শ্ৰমিকৰ বাবেই বাঘ মিছাৰ এই পাইকাৰী আৰু ৰপ্তানিৰ বজাৰখন চলে আৰু ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই মহঙা সোৱাদ ধনাঢ্যৰ প্লেটলৈ আহে।

আটাইবোৰ ফটোঃ উৰ্বশী চৰকাৰ

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Translated by: Rashmi Rekha Das

Urvashi Sarkar
urvashisarkar@gmail.com

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar