প্ৰতিদিনে কাম পালে আমি খাবলৈ পাওঁ| ৮ নৱেম্বৰত বাংগালুৰুৰ পৰা বুর্চালৈ উভতি অহা ডি নাৰায়নাপ্পাই কলে| এইখন গাৱঁৰ আন বহুতো দলিত লোকৰ দৰে, তেৱো চহৰৰ নির্মান ক্ষেত্রবোৰত কাম কৰিবলৈ বছৰৰ অধিকাংশ সময়প্ৰব্রজিত হয় আৰু মাজে সময়ে কেইদিনমানৰ বাবে ঘৰলৈ আহে|

অন্ধ্রপ্ৰদেশ কর্নাটকৰ সীমামূৰীয়া অনন্তপুৰ জিলাৰ ৰোদ্দাম মণ্ডলত থকা গাওঁখনত প্ৰব্ৰজনকাৰীসকল উভতি আহি নৱেম্বৰত প্ৰায় এমাহ ঘৰতে কটায়| এই মাহটোত, আনসকলে কৃষি পামত কাম কৰে, দীঘলীয়াকৈ পামবোৰত কাম কৰাৰ সুযোগে নাই|

PHOTO • Rahul M.

"আমি আম্বেদকাৰৰ মানুহ", অনানুষ্ঠানিকভাৱে টকা ধাৰলৈ লোৱাটো তেওঁৰ সম্প্ৰদায়ৰ লোকৰ বাবে কিমান কঠিন সেয়া বাখ্যা কৰি বুচাৰ্লাৰ ডি নাৰায়নাপ্পাই কয়।

নৱেম্বৰত নিজৰ গাৱঁলৈ অহাটো প্ৰব্রজনকাৰীসকলৰ বাবে বিশেষ আনন্দৰ সময়| শান্তি নামৰ পূর্বপূৰুষৰ দিনৰ পৰা পালন কৰি অহা উত্সৱৰ বাবে বাহিৰত কাম কৰি অর্থিক সামায্য জমা কৰে, সেয়ে লৈ আছে| মহামাৰীৰ পৰা ৰক্ষা পৰিব বুলি কৰি অহা বিশ্বাসকে সাৰোগত কৰি বুচার্লাৰ অনুসূচিত জাতি কলনীত থকা ১৫০ টা দলিত পৰিয়ালৈ উত্সৱৰ সময়ছোৱাত এই পূজা-অর্চনা কৰে দেবী পেডাম্মাক সন্তুষ্ট কৰাবলৈ পূজা স্থলীত তেওঁলোকে গৰু আৰু ভেড়া বলি দিয়ে| পূজাৰ গোটেই দিনটো বলি দিয়া জন্তুৰ মাংসৰে ভোজ-ভাত খোৱা হয়|

এই বছৰ বলি দিয়াৰ দিন ৮ নৱেম্বৰত ঠিক কৰা হল| উত্সৱৰ সাচতীয়া ধন লগত লৈ প্ৰব্রজনকাৰীসকল আহিবলৈ আৰম্ভ কৰিছে| কিন্তু, তেওঁলোকৰ মূৰত বিমুদ্রাকৰণৰ মাধমাৰ|

গাওঁখনত নগদ ধনৰ ভয়ানক সংকটৰ লগতে অনাবৃষ্টি আৰু অতি বৃষ্টিৰ বাবে বাদাম আৰু মুনিৰ উত্পাদন হ্রাসপোৱা অথবা বজাৰত দামৰ উঠা-নমাই ৰোড্ডামৰ কৃষকৰ উপাৰ্জনত আঘাত হানিছে| ফলস্বৰূ্পে পাম মালিকসকলে নিয়মীয়াকৈ শ্রমিক নিয়োগ কৰিব নোৱাৰা হৈছে| নৱেম্বৰ মাহৰ ১৫ দিন পুৰুষ শ্রমিকক ১৫০ টকা আৰু মহিলা শ্রমিকক ১০০ টকাৰ বিনিময়ত কাম কৰাই যদিও এই গাওঁখনৰ বিভিন্ন জাতিৰ কৃষি শ্রমিকসকলক পাম মালিকে দৈনিক মজুৰী আদায় দিব নোৱাৰিলে|

PHOTO • Rahul M.

দেৱাল লিখনঃ কাম নোপোৱা এগৰাকী দলিত লোকে বুচাৰ্লাৰ এখন ৰেচনৰ দোকানৰ বাহিৰত এনেদৰে জিৰণি লৈছে। বিড়ম্বনাৰ কথা যে কৰ্মহীন লোকৰ বাবে দেৱালখনত এক চৰকাৰী হেল্পলাইন নম্বৰ জিলিকি আছে

কাম নোহোৱাকৈ নৱেম্বৰ মাহটো পাৰ কৰিব লগা হৈছে। আগত আহি আছে শান্তিউত্সৱ। সেয়ে দলিতসকলে কমকৈ খাবলৈ লৈছে| কৃষি শ্রমিক হনুমাক্কাই কলে, থকাখিনি চাউলেৰে আৰু কেইদিনমান চলিব লাগিব| নৱেম্বৰ মাহটোত এই গৰাকী কৃষি শ্রমিক মহিলাৰ দৰে অনুসূচিত জাতি কলনীত থকা প্ৰায় ৬০০ টা দলিত পৰিয়ালে প্ৰতিদিনে আহাৰ কমকৈ খাবলৈ লৈছে, আনকি প্ৰতিসপ্তাহত আগৰ দৰে মাংসও খোৱা নাই|

নাৰায়নাপ্পাৰ পত্নী, দুটা লৰা দুই বোৱাৰী আৰু এটা দুবছৰীয়া নাতিকে ধৰি সাতজনীয়া পৰিয়ালটোক প্ৰতিমাহত ৯০ কিলোগ্রাম চাউল আৰু ৩০সেৰ (কিলোতকৈ অলপ কম) ৰাগি লাগে| কিন্তু নৱেম্বৰত আমি ৬০ কিলো চাউল আৰু ১০ সেৰ ৰাগি খাইছো| নাৰায়নাপ্পাই কয়|

নাৰায়নপ্পাই তেওঁৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰৰ ৰোড্ডাম গাঁৰ জি আৰ ৰাঘৱেন্দ্রৰ দোকানৰ পৰা চাউল ক্ৰয় কৰে| ৫০ কিলোগ্রামৰ এক বস্তা চাউলৰ দাম ১২০০ টকা| ৰাঘৱেন্দ্রৰ ব্যৱসায়ো বেয়া| অক্টোবৰত ২৫ কিলোগ্রাৰ প্ৰায়২০ বস্তা চাউল বিক্ৰী কৰিছিলো| যোৱা মাহ (নৱেম্বৰ) ত মাত্র ৮-১০ বস্তামান চাউল আমি বিক্ৰী কৰিলো| এয়া দোকানী ৰাঘৱেন্দ্রৰ কথা|

PHOTO • Rahul M.

জি আৰ ৰাঘৱেন্দ্ৰ (বাওফালে) তেওঁৰ ৰোড্ডাম গাঁওস্থিত প্ৰভিজন ষ্টৰত। নবেম্বৰ মাহত তেওঁৰ দোকানত আগৰ মাহৰ হিচাপত আধাতকৈও কম বিক্ৰী হৈছে, কাৰণ হৈছে নোটৰ নাটনি

মণ্ডলটোৰ ২১ খন গাৱঁৰ খাদ্য-সামগ্রী যোগান ধৰি অহা ৰোড্ডামৰ আন গেলামালৰ দোকানেও বিমুদ্রাকৰণৰ পিচত ব্যৱসায়ত মন্দাৰ চিকাৰ হৈছে| সকলো অত্যাৱশ্যকীয় সামগ্রীৰ বিক্ৰী হ্রাস পাইছে, প্ৰতি সপ্তাহত আমি তিনি বাকছকৈ চাবোন বিক্ৰী কৰি আহিছো| ডিচেম্বৰৰ প্ৰথম সপ্তাহত এবাকছ চাবোন সম্পর্ণকৈ বিক্ৰী কৰিব নোৱাৰিলো| গাওঁখনৰ আন এজন দোকানী অশ্বথলীয়ে আমাক কয়|

খাদ্যসামগ্রীৰ দোকানৰ পৰা বুচার্লাৰ অনুমতিত কলনীৰ বাসিন্দাই মাত্র অলপমান চাউল-দাইল ক্ৰয় কৰিছে| আন লোকসকলেও মাহটোত মাত্র এবাৰ দোকানলৈ আহি অলপমান বস্তু ক্ৰয় কৰিছে| কাৰণ মানুহে এতিয়া দোকানৰ পৰা সৰহকৈ বস্তু কিনি আনি ঘৰত জমা কৰিবলৈ টকা নাই| টকা নোহোৱা বাবে এইবাৰ আমি বস্তু কিনিব নোৱাৰিলো (সুলভ মূল্যৰ দোকানৰ চাউলো আনিব নোৱাৰিলো) এইদৰে কয় হনুমাক্কাই| কামৰ অভাৱত এতিয়া তেওঁ ঘৰত বহি সময় পাৰ কৰিছে|

PHOTO • Rahul M.

জীয়ৰীৰ সৈতে হনুমাক্কা (বাওফালে), ৰেচনৰ দোকানৰ পৰা ধাৰত চাউল অনা হৈছে, ডিচেম্বৰৰ আনাদায়খিনি পিছলৈ দিব লাগিব

অভাৱৰ সৈতে দলিত কলনীৰ লোকসকল পৰিচিত| ১৯৯০ ৰ আগলৈকে অঞ্চলটোৰ বিভিন্ন গাৱঁৰ ইয়াৰ বহুতো লোক বন্ধা শ্রমিক আছিল| তেওঁলোকে এতিয়াৰ এই অৱস্থাত পূর্বৰ সেই অভাৱৰ দিনবোৰৰ কথা মনত পেলাইছে| তেওঁলোকে কয় য়ে এয়া অভাৱ যথেষ্ট কম| ৩০ বছৰৰ আগতে খৰাংপীড়িত হৈ ভোগ কৰা নিদাৰুণ অনাটনতকৈ এইবাৰৰ অনাটন (বিমুদ্রাকৰণৰ ফলত) বহুত ভাল| মই যেতিয়া ২০ বছৰীয়া আছিলো, আমি কেতিয়াবা একেৰাহে তিনি-চাৰি দিন নোখোৱাকৈ আছিলো| তেতেলী গছৰ পাত চিঙি আনি পানীত তিয়াই থৈ তাকে খাইছিলো, নহলে জীয়াই থাকিবৰ বাবে কেতিয়াবা তাল গছৰ সাহ উলিয়াই খাইছিলো| সেই সময়ত মই ১৪ বছৰৰ বাবে জিঠাগাড়ু (বন্ধা শ্রমিক) আছিলো| বর্তমান ৪৯ বছৰ হোৱা নাৰায়নাপ্পাই এইদৰে নিজৰ নিদাৰুণঅতীতৰ কথা দোহাৰে।

গাৱঁৰ কৃষি পামত বা পথাৰত খেতিৰ কাম কৰাৰ সুবিধা এতিয়া বছৰৰ কেবামাহ কাম বিচাৰি আন ঠাইলৈ যায়| নাৰায়নাপ্পাৰ পৰিয়ালৰ মানুহে কাম কৰিবলৈ বাংগালুৰুলৈ যায়| তিনি-চাৰি মাহত এবাৰ ঘৰলৈ আহে| চহৰৰ নির্মাণ সংস্থাত তেওঁলোকে কাম কৰে, যিবোৰ অট্টালিকা নির্মাণ কৰে, সেইবোৰৰ একেবাৰে ওপৰৰ চালিত তেওঁলোক থাকে| কঠিন কামৰ বিনিময়ত পোৱা ধনেৰে তেওঁলোকে পেটপূৰাই খাইছিল| আমি দুসাজ ভাত যিকোনো প্ৰকাৰে খাও, নাৰায়নাপ্পাই কয়| বিমুদ্রাকৰণে আমাৰ মুখৰ ভাত মুঠিও কাঢ়ি নিলে|

নৱেম্বৰৰ প্ৰথম সপ্তাহত নাৰায়নাপ্পাৰ পৰিয়াল যেতিয়া বুচার্লালৈ ঘুৰি আহিল, তেতিয়া কৃষি পাম বোৰত কাম নোহোৱা হল, তেতিয়া হাতত থকা জমা ধনেৰে সকলো ক্ৰয় কৰিব লগা হল|

গাওঁখনৰ আন জাতিৰ লোকসকলৰ দিনবোৰ সামান্য ভালেৰে গৈছে-ভড়ালত থকা খাদ্যশস্য ইঘৰে সিঘৰে মিলাই লৈছে বা জমা থকা টকা ইজনে সিজনৰ পৰা ধাৰে লৈ কোনোমতে চলিছে| কিন্তু নাৰায়নাপ্পাৰ জাতিৰ মানুহৰ খাদ্যবস্তু জমা নাই আৰু গাওঁখনৰ আন জাতিৰ মানুহৰ পৰা ধাৰলৈ পোৱা ইমান সহজ নহয়|

আমি আম্বেদকাৰৰ মানুহ| কিয় তেওঁলোকে আমাৰ পৰা টকা ধাৰলৈ নাপায় সেই সম্পর্কে নাৰায়নাপ্পাই ব্যাখ্যা কৰিলে| বা গাওঁখনৰ আনজাতৰ মানুহৰ চাউল-দাইল জমা থাকিলেও তেওঁলোকে পোৱা সম্ভৱ নহয় বুলি কয়| তেওঁ নিজৰ জাতিটোৰ নাম (মাড়িগা) কব বিচৰা নাছিল| সময়ত তেলুগু ভাষাত ইয়াক নিন্দাসূচক শব্দৰূপে ব্যৱহাৰ কৰিছিল| তদুপৰি তেওঁ এতিয়া নিজকে অভাৱী বুলি নাভাবে| এতিয়া আমাৰ সন্মান আছে| কোনোবাই আমাক খাবলৈ দিলেও আমি নাখাও| লাগিলে আমি সামান্য কিবা খাই থাকিম| কিন্তু আনক ভালকৈ খাইছো বুলি কম| নাৰায়নাপ্পাই কয়|

PHOTO • Rahul M.

নাৰায়নাপ্পাৰ তলা লগোৱা ঘৰটো। অইনসকলৰ সৈতে তেওঁৰ পৰিয়ালটোৱে তেওঁলোকৰ সময়সূচীৰ কেবাসপ্তাহ আগতেই বাংগালুৰুলৈ গৈছে

বিমুদ্রাকৰণৰ বাবে খোৱাৰ পৰিমাণ কমাই দি নাৰায়নাপ্পাৰ পৰিয়ালে বিমুদ্রাকৰণৰ লগত তাল মিলাব বিচাৰিছে, কিন্তু ৰোড্ডামৰ পৰিয়ালক বিপদলৈ ঠেলি দিলেও অনুসচিত কলনীত বিশেষ উদ্বেগৰ সৃষ্টি হোৱা নাই| আমাৰ লগত বেচি টকা নাই| আমাক মাত্র লাগে কাম| নাৰায়নাপ্পাই কলে|

পুনশ্চঃ এমাহ অর্দ্ধাহাৰে থকাৰ পাছত নাৰায়নাপ্পাৰ পৰিয়ালে ৪ ডিচেম্বৰত বাংগালুৰুলৈ গল, আচলতে তিনি সপ্তাহৰ পিচত যোৱাৰ কথা আছিল| আন বহুতো দলিত পৰিয়ালেও বৃদ্ধাসকলৰ লগত লৰা-ছোৱালী এৰি থৈ গল| যোৱা মাহত উত্সৱমুখৰ হৈ পৰা বুচার্লাৰ এচ চি কলনী কেইদিনমানৰ পিচত নিমাও-মাও হৈ পৰিল|

অনুবাদঃ ৰশ্মি ৰেখা দাস

Rahul M.

Rahul M. is an independent journalist based in Andhra Pradesh, and a 2017 PARI Fellow.

Other stories by Rahul M.