‘আৰক্ষীৰ দ্বাৰা আমাক ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে। গেলামাল বা অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে আমি যেতিয়া ঘৰৰ পৰা ওলাও, আৰক্ষীয়ে আমাক বেত্ৰাঘাত কৰি ঘৰত সুমুৱাই থৈ যায়। ৰাতি প্ৰস্ৰাৱ কৰিবলৈ বাহিৰলৈ ওলোৱা সময়তো আৰক্ষীয়ে আমাক প্ৰহাৰ কৰিবলৈ ৰৈ আছিল,’ মুম্বাইত ক’ভিড-19 তলাবন্ধৰ প্ৰথম কেইদিনমানৰ স্মৃতি সুঁৱৰি দোলাৰামে কয়। 

তলাবন্ধৰ কথা শুনাৰ পিছত মালাড়ৰ কৰ্মস্থলীৰ পৰা ২৫ মাৰ্চৰ পুৱা দোলাৰাম আৰু তেওঁৰ লগৰ শ্ৰমিকসকল বৰিভেলীত থকা নিজৰ ভাড়াঘৰলৈ উভতি আহে। পৰিস্থিতি সলনি হোৱাৰ আশাৰে মাহে প্ৰতিজনে ১০০০ টকাকৈ ভাড়া দি থকা ১৫ জন শ্ৰমিক ছদিন ভাড়াঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিল। অতি সোনকালে তেওঁলোকৰ খোৱাবস্তু শেষ হৈ গ’ল। সেয়ে ৩৭ বছৰীয়া দোলাৰাম আৰু তেওঁৰ সতীৰ্থ শ্ৰমিকসকলে ৰাজস্থানৰ গাঁৱত থকা ঘৰলৈ উভতি যোৱাৰ কথা ভাবিলে।

‘মুম্বাইত কাম নোহোৱা হ’ল। হোলিৰ পিছত আমি কাম কৰা ঠাইলৈ উভতি অহাৰ পিছত (গাঁৱৰ পৰা) আমাৰ হাতত বেছি টকা নাছিল। সেয়ে মুম্বাইত থকাৰ প্ৰশ্নই নুঠে।’ ফোনত কথা পাতোতে দোলাৰামে কয়। মুম্বাইৰ পৰা ঘৰলৈ যাত্ৰা কৰাৰ আগত দোলাৰামে খবৰ পালে যে তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ অসুস্থ হৈ পৰিছে। তেওঁৰ পত্নী আৰু সুন্দৰ আৰু আন সম্পৰ্কীয় মানুহে শিশুটিক চিকিৎসাৰ বাবে লৈ গৈছিল। ইয়াৰ পিছত ভোপা বা স্থানীয় পৰম্পৰাগত বেজৰ ওচৰলৈ লৈ যায়, কিন্তু শিশুটিৰ অৱস্থা ভাললৈ নাহিল।

ৰাজস্থানৰ উদয়পুৰ জিলাৰ বাৰলিয়াত হোলি উদযাপন (৯ৰ পৰা ১০ মাৰ্চ) কৰাৰ পিছত দোলাৰাম মুম্বাইলৈ উলটি আহে। জীৱিকা উপাৰ্জনৰ বাবে বছৰি ৮ৰ পৰা ৯ মাহৰ বাবে তেওঁ চালুম্বাৰ ব্লকৰ গাঁৱত থকা ঘৰৰ পৰা বাহিৰলৈ আহে। ৰাজস্থানৰ বিভিন্ন চহৰ অথবা গোৱা, পুণে আৰু গুজৰাটৰ বিভিন্ন চহৰলৈ প্ৰব্ৰজন কৰি নিৰ্মাণ কাৰ্য চলি থকা ঠাইত যোৱা ১৫ বছৰ ধৰি দোলাৰামে ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আহিছে। যোৱা দুবছৰ ধৰি তেওঁ মুম্বাইলৈ আহি আছে। মাৰ্বল নিমজ কৰি মাহে ১২ হাজাৰ টকা উপাৰ্জন কৰে। ইয়াৰে ৭ৰ পৰা ৮ হাজাৰ টকা দোলাৰামে ঘৰলৈ পঠিয়ায়। ঘৰলৈ বছৰত দুবাৰ আহে- এবাৰ হোলিৰ সময়ত আৰু আনবাৰ অক্টোবৰ-নৱেম্বৰত প্ৰতিবাৰে ১৫ৰ পৰা ৩০ দিন পৰ্যন্ত ঘৰত থাকি যায়।

মুম্বাইৰ পৰা ৰাজস্থানৰ বাৰলিয়ালৈ যাত্ৰা কৰা দোলাৰামৰ বাবে সাধ্যাতীত আছিল। তাৰোপৰি অসুবিধাও বহুত আছিল। তলাবন্ধ আৰম্ভ হোৱাৰ ছদিন পিছত ৩১ মাৰ্চত তেওঁ আন কেবাজনৰ সৈতে মুম্বাইৰ পৰা ৰাজস্থানলৈ যাত্ৰা কৰে। ‘ৰাজস্থানৰ আমাৰ গাঁৱলৈ ২০ হাজাৰ টকা ভাড়াত গাড়ী এখন বন্দবস্ত কৰিলো। মহাৰাষ্ট্ৰৰ সীমান্তৰ পৰা আৰক্ষীয়ে আমাক ঘুৰাই পঠিয়ালে। আৰু আমাক মুম্বাইত আৱদ্ধ কৰি ৰাখিলে,’ তেওঁ কয়।

Young men wait for contractors at the labour naka in Udaipur. At least one male from most of the families in the district migrates for work (file photos)
PHOTO • Manish Shukla
Young men wait for contractors at the labour naka in Udaipur. At least one male from most of the families in the district migrates for work (file photos)
PHOTO • Jyoti Patil

উদয়পুৰৰ লেবাৰনাকাত ঠিকাদাৰৰ বাবে অপেক্ষাৰত এজন শ্ৰমিক। জিলাখনৰ প্ৰায়বিলাক পৰিয়ালৰ কমেও এজন পুৰুষ ব্য়ক্তিয়ে কামৰ বাবে প্ৰব্ৰজন কৰে  (ফাইল ফটো)

আৰক্ষীৰ বাধা স্বত্তেও তেওঁলোকে ১ এপ্ৰিলৰ পুৱা ৫ বজাত মুম্বাইৰ পৰা যাত্ৰা কৰিলে। এইবাৰ তেওঁলোকে দুজন দুজনকৈ গুজৰাট-মহাৰাষ্ট্ৰৰ সীমান্তৰ ফালে পদযাত্ৰা কৰিলে। লগত শুকান ৰুটি, কিন্তু সেইখিনি এদিনতে শেষ হ’ল। পিছদিনা তেওঁলোক সুৰাট আহি পালে, পৰিস্থিতি সেই সময়ত উত্তাল হৈ আছিল। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে ঘৰলৈ উভতি যোৱাৰ বাবে অনুমতি বিচাৰি প্ৰতিবাদ জনাইছে। তেওঁ কয়, সুৰাট আৰক্ষীৰ ভূমিকা ভাল আছিল। তেওঁলোকক চাহ আৰু বিস্কুট খাবলৈ দিছিল। সীমান্ত পাৰ হৈ ৩৮০ কিলোমিটাৰ দুৰৰ বংশৱাৰালৈ যাবলৈ আৰক্ষীয়ে এখন ট্ৰাক বন্দবস্ত কৰি দিছিল।

‘বংশৱাৰা সীমান্তত স্থানীয় প্ৰশাসনে তেওঁলোকৰ শৰীৰৰ উত্তাপ পৰীক্ষা কৰিছিল আৰু তাৰ পিছত যাবলৈ দিছিল। ‘তাত আমাক গ্লুকজ বিস্কুট খাবলৈ দিছিল। অলপ খাই বাকিখিনি ৰাস্তাত খাবলৈ লৈ আহিলো,’ দোলাৰামে কয়। তাৰ পৰা ৬৩ কিলোমিটাৰ দুৰৰ আছপুৰলৈ তেওঁ খোজকাঢি আহে। নিশা এখন ধৰমশালাত কটালে। তাৰপিছত শাক-পাচলি কঢ়িওৱা এখন পিক-আপ ভেনত চালুম্বাৰলৈ আহে। ২৪ কিলোমিটাৰ ৰাস্তা লৈ অহাৰ বাবে তেওঁলোকে ভাড়া লোৱা নাছিল। অৱশেষত ৫ এপ্ৰিলৰ সন্ধিয়া ৭ বজাত চালুম্বাৰৰ পৰা ১৪ কিলোমিটাৰ পথ খোজকাঢ়ি দোলাৰামে নিজৰ গাঁও বাৰলিয়াত উপস্থিত হয়।

বংশৱাৰাত কিছুমান আৰক্ষীয়ে তেওঁক আৰু লগৰ শ্ৰমিকসকলক ক’ৰণাভাইৰাছ বেমাৰ কঢ়িয়াই অনা বুলি কয়। ‘জ্বৰ আছে নেকি আমাক পৰীক্ষা কৰিছিল। কিন্তু আমাক কিয় এনে বৈষম্যমূলক আচৰণ কৰিছিল, নুবুজিলো,’ তেওঁ কয়।

ঘৰ আহি পালে যদিও দোলাৰামৰ সমস্যাৰ অন্ত নপৰিল। বাৰলিয়াৰ পৰা ৫-৬ কিলোমিটাৰ দুৰৰ মালপুৰস্থিত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৰুগীয়া পুত্ৰক লৈ গ’ল। ৬ এপ্ৰিলত আমি কথা পাতোতে তেওঁ কলে, ‘মোৰ ল’ৰাৰ খুব জ্বৰ উঠিছে, মই আৰু মোৰ পত্নিয়ে যেতিয়া ল’ৰাটো লৈ হাস্পতাললৈ গ’লো, আৰক্ষীয়ে আমাক আক্ৰমণ কৰিবলৈ ধৰে। ঘৰলৈ ঘুৰি যাবলৈ কয়। হাস্পতাললৈ যাবলৈ ওলোৱা বুলি কওঁতে আৰক্ষীয়ে আমাক যাবলৈ দিয়ে।’ ‘হাস্পতালতো ল’ৰাটোৱে ভাল চিকিৎসা নাপালে। সেই সময়ত হাস্পতালত বহুত মানুহ আছিল। ডাক্তৰে আনকি আমাৰ ল’ৰাটোক ভালকৈ নাচালে আৰু আমাক ঘৰলৈ উভতি যাবলৈ ক’লে।’

ৰোগ নিৰ্ণয় নোহোৱাকৈ তিনি দিনৰ পিছত দোলাৰামৰ পুত্ৰসন্তানৰ মৃত্যু ঘটে। প্ৰচণ্ড মানসিক আঘাতত কেবাদিনলৈ বাকৰুদ্ধ হৈ পৰা বুলি পিছত কথা পাতোতে দোলাৰামে আমাক জনালে। ‘কোনেও একো কৰিব নোৱাৰিলে, আনকি বেজ আৰু ডাক্তৰেও একো কৰিব নোৱাৰিলে। ল’ৰাটোক বচাবলৈ আমাৰ সাধ্যমতে সকলোখিনি কৰিছিলো। কিন্তু আমি তাক জীয়াই ৰাখিব নোৱাৰিলো।’ পৰিয়ালৰ বিশ্বাস যে শিশুটিৰ শৰীৰত অপশক্তি লম্ভিছিল।

Many labourers from Udaipur district, who migrate to different parts of the country, are stranded because of the lockdown (file photo)
PHOTO • Manish Shukla

উদয়পুৰ জিলাৰ পৰা দেশৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰা শ্ৰমিকসকল তলাবন্ধৰ বাবে আৱদ্ধ হৈ পৰিছে (ফাইল ফটো)

১১৪৯ জন লোকৰ বসতিপ্ৰধান বাৰলিয়া গাঁৱৰ প্ৰায় সকলো লোক অৰ্থাত মুঠ জনসংখ্যাৰ ৯৯.৫৬ শতাংস অনুসূচীত জাতি মীনাৰ অন্তৰ্ভূক্ত। আন ঠাইত কাম কৰিবলৈ যোৱা প্ৰব্ৰনজকাৰী শ্ৰমিকৰ পৰা গাওঁখনৰ মুল উপাৰ্জন হয়। যেনেকৈ দোলাৰামহঁতে কৰে। ৰাজস্থানৰ প্ৰব্ৰনজকাৰী শ্ৰমিকৰ বাবে কাম কৰা আজীৱিকা ব্যুৰ’ নামৰ এটা সংগঠনে চালুম্বাৰ ব্লকত অলপতে চলোৱা সমীক্ষাৰ পৰা দেখা যায় যে কমেও ৭০ শতাংশ পৰিয়ালৰ একোজন পুৰুষে কাম কৰিবলৈ প্ৰব্ৰজন কৰে। তেওঁলোকে ঘৰলৈ পঠিওৱা ধনৰ পৰা পৰিয়ালবিলাকৰ ৬০ শতাংশ উপাৰ্জন পুৰণ কৰে। মহিলা আৰু যুৱতী কিশোৰীসকলে চালুম্বাৰৰ স্থানীয় নিৰ্মাণক্ষেত্ৰবোৰত কাম কৰে।

তলাবন্ধৰ কাৰণে যেতিয়া দেশৰ সকলো ৰাজ্য সীমান্ত পথ বন্ধ কৰি দিয়া হ’ল, তেতিয়া ৰাজস্থানৰ হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিক বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰিল আৰু আন্তৰাজ্যিক যাতায়ত বন্ধ কৰি দিয়া হ’ল। ২৫ মাৰ্চৰ ইকনমিক টাইমচৰ প্ৰতিবেদন মতে আহমেদাবাদ চহৰত থকা ৰাজস্থানৰ ৫০ হাজাৰৰ বেছি শ্ৰমিকে খোজকাঢ়ি ঘৰলৈ উভতি আহিবলৈ ধৰিছে।

তলাবন্ধৰ বাবে আৱদ্ধ হৈ পৰাৰ পিছত ৰাজস্থানৰ গৃহ অভিমুখে খোজকঢ়া সকলৰ ভিতৰত বাৰলিয়াৰ ১৪ বছৰীয়া মুকেশ (নাম সলনি কৰা হৈছে) নামৰ কিশোৰজনো আছে। তেওঁ আহমেদাবাদৰ এখন ৰেষ্টুোৰাত কাম কৰিছিল। ৰুটি বনোৱা কাম কৰি মুকেশে মাহে ৮০০০ টকা উপাৰ্জন কৰিছিল। মুকেশ পৰিয়ালৰ প্ৰথম উপাৰ্জন কৰা সদস্য। মুকেশ বিধৱা মাতৃ ৰামলি (অন্য নাম) যক্ষ্মা ৰোগী। তেওঁ স্থানীয়ভাৱে নিৰ্মাণ শ্ৰমিকৰূপে কাম কৰিছে। কিন্তু এতিয়া দিনমজুৰী কৰিব নোৱাৰা হ’ল। ‘মই জানো, মোৰ বয়স কম। কিন্তু মই কাম কৰিবলৈ বাধ্য। কাৰণ আমাৰ আন কোনো উপায় নাই,’ আন চাৰিটা সৰু ভাই-ভনী থকা মুকেশে ক’লে।

‘টকা-পইছা নাই, কাম নাই। আমি এতিয়া কি কৰিম?’ মীনা জাতিৰ অন্তৰ্ভূক্ত ৰামলিয়ে ক’লে। ‘টকা উপাৰ্জন কৰিবলৈ আমি এতিয়াও কাম পালে কৰিম। সৰু ল’ৰা-ছোৱালীকেইটাক খুৱাব লাগিব আৰু ঋণ পৰিশোধ কৰিব লাগিব। চৰকাৰে আমাক একো দিয়া নাই,’ ফোনেত কথা পাতোতে তেওঁ কয়।

তলাবন্ধৰ বাবে নিৰ্মাণকাৰ্য বন্ধ হৈ গ’ল। ৰামলি বাধ্য হৈ ওচৰৰ গাঁৱৰ এঘৰৰ পথাৰত বিচাৰি ল’লে। কিন্তু দুই-তিনিদিন মান যোৱাৰ পিছত ৰামলিয়ে কামলৈ যোৱা বন্ধ কৰিবলগীয়া হ’ল। কাৰণ ঔষধ শেষ হ’ল আৰু ৰোগ বাঢ়িবলৈ ধৰিলে। ৰাজ্য চৰকাৰৰ সাহায্য অংশ হিচাপে অতি নিৰুপায় পৰিয়াললৈ আগবঢ়োৱা ৰেচনৰ টোপোলা পোৱাৰ বাবেও গাওঁ পঞ্চায়তৰ লগত বিতৰ্কত লিপ্ত হ’বলগীয়া হয় বুলি ৰামলিয়ে কয়। গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিব কেতিয়াও তেওঁৰ ঘৰলৈ অহা নাছিল। আৰু তালিকাত তেওঁ নাম অন্তৰ্ভূক্ত কৰা নাছিল। কাৰণ তেওঁৰ ঘৰলৈ অহা বাট নাই। ঘৰটো বনাঞ্চলৰ একেবাৰে ওচৰত।

Left: Mukesh and Ramli at home in Baroliya.'We have to work even now,' says Ramli. Right: Women in Baroliya usually work at local construction sites (file photo)
PHOTO • Dharmendra
Left: Mukesh and Ramli at home in Baroliya.'We have to work even now,' says Ramli. Right: Women in Baroliya usually work at local construction sites (file photo)
PHOTO • Noel

বাওঁফালেঃ বাৰলিয়াৰ ঘৰত মুকেশ আৰু ৰামলি। ‘আমি এতিয়াও কাম কৰিম,’ ৰামলিয়ে কয়। সোঁফালেঃ বাৰলিয়াৰ মহিলাসকলে সাধাৰণতে স্থানীয় নিৰ্মাণক্ষেত্ৰত কাম কৰে  (ফাইল ফটো)

অৱশেষত বহু চেষ্টা কৰাৰ পিছত মুকেশ আৰু ৰামলিয়ে ৰেচন পালে যদিও সম্পূৰ্ণ ৰেচন নাপালে। ‘আমি আটা বা চাউল নাপালো। আন লোকে পাইছে। কিন্তু ইয়াৰ বাবে কাক ক’ব লাগে মই নাজানো,’ মুকেশে আমাক ক’লে। তেওঁলোকে চেনী আৰু তেল আধা কেজিকৈ পালে। এশ গ্ৰাম জলকীয়া গুড়ি আৰু অলপ মচলা পালে। সাহায্যৰ পেকেটবোৰত এক কিলো চেনী, এক লিটাৰ তেল, পাঁচ কিলোগ্ৰামকৈ আটা আৰু চাউল আৰু অলপ মচলা থাকে।

‘চৰকাৰৰ ঘোষণা মতে আমি এই মাহত ৰেচন আগতীয়াকৈ দিছো। প্ৰতিজন ব্যক্তিৰ বাবে পাঁচ কিলো আটা, আন কোনো বস্তু দিয়া নাই। অহা পাঁচ দিনৰ ভিতৰত পাঁচ কিলো আটাৰ ৰেচন শেষ হ’ব।’ বাৰলিয়াৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দুৰৰ ডুংগাৰপুৰ জিলাৰ চাগৱাড়া ব্লকৰ তামতিয়া গাঁৱৰ ৪৩ বছৰীয়া সমাজকৰ্মী শংকৰলাল মীনাই কয়।

শংকৰে কয়, দুৰ্নীতি পৰায়ন ৰেচনৰ দোকানীয়ে পৰিস্থিতিৰ অৱনতি ঘটাইছে। ‘ৰেচনৰ বস্তু দিবলৈ আমাৰ গাঁৱলৈ অহা ৰেচন বিতৰকে জোখ-মাখ কৰাৰ সময়ত দুই-এক কিলোকৈ বস্তু চুৰি কৰে। আমি জানো যে তেওঁ বস্তু চুৰ কৰিছে, কিন্তু আমি কি ক’ম? একে বস্তুৰ বাবে গাঁৱৰ আন দোকানে দুগুণ দাম বিচাৰে।’

আকৌ বাৰলিয়াৰ কথালৈ আহো। জীৱিকাৰ সুযোগ নোহোৱাৰ বাবে মানুহৰ মাজত অনিশ্চয়তা বৃদ্ধি পাইছে। তলাবন্ধৰ বাবে সকলো ঠাইতে নিৰ্মাণ কাম বন্ধ কৰি দিয়া হ’ল, দোলাৰামৰ দৰে মানুহৰ নিজা মাটি নাই। সিফালে ল’ৰাটোৰ চিকিৎসাৰ বাবে বন্ধুমহল তথা মুম্বাইৰ ক্ষুদ্ৰ দোকানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সম্পৰ্কীয় লোকৰ পৰা ধাৰ লোৱা ৩৫ হাজাৰ টকা পৰিশোধৰ কথা ভাবি তেওঁ দিশহাৰা হৈ পৰিছে। ঘৰলৈ উভতি অহাৰ সময়ত এই টকা ধাৰলৈ লৈছিল। এনে বিপৰ্যস্ত অৱস্থাৰ মাজতে ১২ এপ্ৰিলৰ দুৰ্ঘটনাত তেওঁৰ এখন ভৰি ভাগে। কেতিয়া সুস্থ হৈ পুনৰ কাম কৰিব পাৰিব, সেয়া অনিশ্চিত। 

উপাৰ্জন নোহোৱাৰ ফলত তেওঁৰ পৰিয়ালৰ আৰ্থিক সমস্যা বাঢ়ি যাব বুলি ৰামলি শংকিত হৈ পৰিছে। মহাজনৰ পৰা লোৱা ব্যক্তিগত ১০ হাজাৰ টকাৰ ঋণ তেওঁ পৰিশোধ কৰিব লাগিব। তেওঁ চিকিৎসা, ঘৰৰ মেৰামতি আৰু এটা সন্তানৰ মেলেৰিয়া হোৱাৰ বাবে তেওঁ টকা ধাৰলৈ লৈছিল। আন ধাৰ মাৰিবলৈ তেওঁ এই টকা ধাৰলৈ লৈছিল।

হেৰাই যোৱাৰ সময় আৰু মজুৰী কেনেকৈ তেওঁলোকে ঘুৰাই পাব, সেই সম্পৰ্কে অস্পষ্ট হৈ পৰা দোলাৰাম, মুকেশ আৰু ৰামলিয়ে চকুৰ আগত কেৱল অনিশ্চিত বছৰটো দেখিছে। ‘মই হোলিৰ সময়তে হাতত থকা টকা-পইছা খৰছ কৰিলো। ঘৰলৈ উভতি আহিবলৈ অলপ টকা যোগাৰ কৰিলো। ঠিকাদাৰে আগধন নিদিলে। দেখা যাওক এতিয়া কি হয়,’ দোলাৰামে কয়।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Drishti Agarwal and Preema Dhurve

দৃষ্টি আগৰৱাল আৰু প্ৰীমা ধুৰ্বে আজীৱিকা ব্যুৰ’ নামে গ্ৰামীণ, ঋতুগত প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতি সেৱা, সমৰ্থন আৰু সুৰক্ষা আগবঢ়োৱা বিশেষ মুনাফাবিহীন সংগঠনটোত কৰ্মৰত।

Other stories by Drishti Agarwal and Preema Dhurve