‘এই বছৰ বহুত বৰষুণ হৈছিল। সেয়ে ভাবিলো নিজৰাৰ পানী বহু দিনলৈ থাকিব। মই মোৰ স্বামীক গাঁৱলৈ ঘুৰি আহি থাকিবলৈ ক’লো। আমি যথেষ্ট পৰিমাণে শাক-পাচলিৰ খেতি কৰিব পাৰিম। শ্ৰমিক হিচাপে আন ঠাইলৈ প্ৰব্ৰজিত হোৱাতকৈ নিজৰ মাটিত খেতি কৰা বেছি ভাল। কিন্তু কি হ’ল!’ মোৰ খুড়াৰ পত্নী, মোৰ খুড়ী জয়শ্ৰী পাৰেদে ডাঁৱৰে ঢাকি ধৰা আকাশখনলৈ চাই মোক ক’লে। সময় আছিল ২০১৯ৰ নৱেম্বৰ মাহ। ‘শীতকাল আহি পালে, এতিয়াও ঠাণ্ডা বতাহ বলা নাই। বাৰিষাৰ অন্ত পৰিছে, কিন্তু আকাশ এতিয়াও ফৰকাল হোৱা নাই। মই খেতি কৰা মেথি শাকবোৰ শুকাই যাবলৈ ধৰিছে। কালিলৈকে সৰিয়হবোৰ ঠিকেই আছিল, কিন্তু আজি তাতো বেমাৰ লাগিল। আমি কৰিম কি?’ মোৰ লগত কথা পাতি থাকোতে খুড়ীয়ে ৰুগীয়া গছবোৰ উভালি পেলোৱাত ব্যস্ত হৈ পৰিছিল।

‘বতৰ সলনি হৈছে। ভালকৈ ৰ’দ দিয়া দিন আমি নাপাও। সেই কাৰণে এইবিলাক (সংক্ৰমণ) হৈছে। ৰাসায়নিক বস্তু (কীটনাশক ঔষধ) বিক্ৰী কৰা দোকানীয়েও কৈছে। মই খাটাং যে সি এই বিষয়ে বহুত কথা জানে।’ মোৰ সন্মতিৰ প্ৰতি লক্ষ্য কৰি খুড়ীয়ে কৈ গ’ল। তেওঁলোকৰ গোটেই খেতিৰ মাটিতে আৰম্ভ হোৱা শস্যৰ ৰোগ বিয়পি পৰিব আৰু গোটেইবোৰ শাক-পাচলি লেৰেলি যাব বুলি খুড়ী শংকিত হৈছে। ‘মই এই টুকুৰা বোকা-মাটিতে কৰা শাক-পাচলি বিক্ৰী কৰি দিনে ২০০-২৫০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিলোহেঁতেন। কিন্তু লহপহকৈ বাঢ়ি অহাৰ সময়তে বেছিভাগ মৰি গ’ল। এতিয়া বাঢ়ি অহা শাক-পাচলিবিলাকো মৰিবলৈ ধৰিছে। শাক-পাচলিৰ খেতিৰ পৰা কিমান টকা পাম মই নাজানো, সেয়ে মোৰ বহুত চিন্তা লাগিছে। ঘেওড়া আৰু ৱালবোৰ ফুলিছিল, কিন্তু ফুলবোৰ মৰহি গ’ল আৰু সৰি পৰিল। বীনৰ গছতো বেমাৰ লাগিল।’ খুড়ীয়ে কৈ গ’ল।

ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰৰ গণেশপুৰীলৈ পাচিত ভৰাই মূৰত লৈ আহি খুড়ীয়ে শাক-পাচলিবোৰ পথৰ কাষত বহি বিক্ৰী কৰে। অথবা বাছত উঠি কেতিয়াবা ৱাছাইত থকা বজাৰলৈ লৈ যায়। ইয়াৰ পৰা মোৰ খুড়া-খুড়ীয়ে সপ্তাহত খুব বেছি ১০০০ টকা উপাৰ্জন কৰিব পাৰে। সেয়া তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ উৎস।

Jayashree and Ramchandra Pared grow vegetables and paddy on their one acre; with the land title they received under the FRA, they no longer have to migrate to the brick kilns
PHOTO • Mamata Pared

জয়শ্ৰী আৰু ৰামচন্দ্ৰ পাৰেডে শাক-পাচলি আৰু ধানখেতি কৰে। বন অধিকাৰ আইনৰ অধীনত লাভ কৰা মাটিত তেওঁলোকে এই খেতি কৰে। সেয়ে ইটাৰ ভাতীত কাম কৰিবলৈ প্ৰব্ৰজন কৰিবলগীয়া হোৱা নাছিল

মোৰ খুড়ীৰ বয়স ৪০ বছৰ আৰু খুড়াৰ বয়স ৪৩ বছৰ। দুয়ো নিম্বাৱালি গাঁৱত গাৰেলপাড়াৰ ওচৰত পাহাৰৰ কাষত এক একৰ মাটি পাইছিল। মোৰ খুড়া-খুড়ীৰ দৰে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাড়া তালুকৰ এই সৰু গাওঁখনত বাস কৰা ৫ টা পৰিয়ালৰ সৰহখিনি আদিবাসী, তেওঁলোক সকলো ৱাৰ্লি সম্প্ৰদায়ৰ লোক। তেওঁলোকৰ বেছিভাগেই ওচৰৰ ইটাৰ ভাতী, নিৰ্মাণ কাৰ্য অথবা ভিৱাণ্ডি আৰু ৱাছাইৰ কল-কাৰখানাত কাম কৰে। নিজৰ মাটিখিনিতো অলপ খেতি কৰে।

আমাৰো অলপ মাটি আছে- এক একৰ। বাৰিষা কালত আমাৰ পৰিয়ালৰ সকলোৱে একেলগে এই মাটিত ধান খেতি কৰো। ধানখিনি আমি বজাৰত বিক্ৰী নকৰো। আমি নিজে খাও। আমি তিঁয়হ, জাতিলাও, জিকা, কাৰান্দে, দীঘল বীন, জোৱাৰ, সৰিয়হ, নিগাৰ গুটি আৰু য়াম (কাঠআলুজাতীয় ফল) আদিৰ খেতি কৰো। পাহাৰৰ বিভিন্ন ধৰণৰ গছ আছে, সেইবোৰৰ ভিতৰত জামু, আলাৱ, কশিম্ব আৰু তোৰন আদি পোৱা যায়। সিবোৰৰ বনৰীয়া ফুল আৰু গুটি ধৰে। বাৰিষাৰ দিনত ইয়াত নানান ধৰণৰ বনৰীয়া শাক-পাচলি পোৱা যায়।

আমাৰ মাটিৰ মাজেৰে পাহাৰীয়া নিজৰা এটা বৈ গৈছে। বাৰিষাৰ অন্ত পৰাৰ লগে লগে নিজৰাৰ এটা অংশত সৰু নৰ্দমা খান্দি পানী জমা কৰি সেই পানী খুড়া-খুড়ীয়ে শাক-পাচলিৰ খেতিত ব্যৱহাৰ কৰে। নিজৰাৰ পানী যেতিয়া শুকাই যায়, তেতিয়া সিহঁতে কোদাল-বেলচাৰে নিজৰাটো ৫-৬ ফুট দ’ কৰি খান্দি লয়, দুয়োজনে চাৰিদিনমান কেইবাঘণ্টাকৈ এই কাম কৰে, খালটো খন্দা হ’লে পানী জমা কৰে।

Left: 'We have not even got permission to construct a house on the plot'. Right: The plot is uphill, near their old house; a paddle machine that lifts water eases their labour
PHOTO • Mamata Pared
Left: 'We have not even got permission to construct a house on the plot'. Right: The plot is uphill, near their old house; a paddle machine that lifts water eases their labour
PHOTO • Mamata Pared

বাওঁফালেঃ ‘আমি এই মাটিত ঘৰ নিৰ্মাণৰ অনুমতিও পোৱা নাই।’ সোঁফালেঃ সিহঁতৰ পুৰণি ঘৰৰ কাষতে এঢলীয়া মাটিখিনি, সেই কাৰণে পেডেল মেচিনেৰে পানী উঠাই নিজৰ শ্ৰম লাঘৱ কৰে

‘আমি জেচিবি ভাড়ালৈ আনি (মেচিন দুঘণ্টা চলালে ১৮০০ টকা ভাড়া দিব লাগে) ডাঙৰ খাৱৈ খন্দাৰ কথা ভাবিছিলো। বন বিভাগে এই কাম কৰিবলৈ অনুমতি নিদিলে। বন বিভাগৰ মতে এই মাটি কেৱল খেতিৰ কামত ব্যৱহাৰ কৰিব পাৰিব। কুঁৱা খন্দা বা ঘৰ নিৰ্মাণৰ অনুমতি দিয়া নহয়। আমি স্থানীয় বন বিভাগৰ কাৰ্যালয়লৈ দুবাৰ গ’লো, কিন্তু আচল বিষয়াজনক লগ নাপালো। আন এজন বিষয়াক কাৰ্যালয়ত লগ পালো। তেওঁ আমাক হাতেৰে খাৱৈ খান্দি ল’বলৈ ক’লে। হাতেৰে খান্দিলে বহুত সময় লাগিব,’ খুড়াই ক’লে।

প্লাষ্টিকৰ বস্তাত মাটি ভৰাই বান্ধ এটা বনাই নিজৰাৰ পানীত ভেটা দি খুড়া-খুড়ীয়ে পানী জমা কৰিব বিচাৰিছিল। ‘এই নিজৰাটোত আমি যেতিয়া অক্টোবৰ মাহত এই বান্ধটো নিৰ্মাণ কৰিছিলো, ভাবিছিলো যে পানী বহুত দিনলৈ থাকিব। কিন্তু দেখা গ’ল এতিয়া পানী প্ৰায় নোহোৱা হ’ল,’ খুড়াই ক’লে। আগতে খুড়া-খুড়ীয়ে বাল্টিং আদিৰে পাহাৰৰ এই খেতিৰ মাটিলৈ পানী কঢ়িয়াইছিল। কেইমাহমানৰ আগতে স্থানীয় বেচৰাকীৰ সংস্থা এটাই ভৰিৰে চলোৱা পেডেল মেচিন এটা দিলে, যিটোৰ দ্বাৰা কম কষ্টৰে পাহাৰৰ ওপৰলৈ পানী তুলিব পাৰি। মেচিনটোৱে তেওঁলোকৰ শ্ৰম কিছু পৰিমাণে লাঘৱ কৰিলে। কিন্তু পানী নোহোৱা হ’বলৈ ধৰিলে।

‘এই মাটিত ঘৰ বনোৱাৰ অনুমতিও আমি নাপালো। অতি সোনকালে আমাৰ মাটিৰ ওপৰেৰে এটা ঘাইপথ (মুম্বাই-বদোদৰা এক্সপ্ৰেছ হাইৱে) নিৰ্মাণ হ’ব আৰু আমাৰ ঘৰ ভাঙি পেলাব (এই সৰু গাওঁখনৰ সকলো পৰিয়াললৈ ২০১৮ চনতে উচ্ছেদৰ জাননী দিছিল)। আমাক আন ঠাইত থাকিবলৈ দিব। কিন্তু ক’ত সংস্থাপিত কৰিব নাজানো, যেতিয়ালৈকে সম্ভৱ, ইয়াতে থাকিম। সেই কাৰণে ভাবিছো মোৰ ঘৰটো আকৌ ভালকৈ বনাই ল’ম। মই বন বিভাগৰ বিষয়াক অনুৰোধ জনাইছিলো। কিন্তু তেওঁ নামানিলে। তেওঁ ক’লে, থকাৰ কাৰণে সৰু জুপুৰি ঘৰ এটা বনাই লওক।’ খুড়াই এইদৰে কৈ গ’ল।

খুড়া-খুড়ীক খেতিৰ কামৰ বাবে নিৰ্ভৰযোগ্য পানীৰ উৎস এটা লাগে। পানী যদি পায় আৰু অভাৱ যদি কমি যায়, তেন্তে তেওঁলোক আন ঠাইলৈ প্ৰব্ৰজিত হ’ব নালাগিব

ভিডিঅ’ চাওকঃ ‘আমি কেনেকৈ জীয়াই থাকিম

বনাঞ্চল অধিকাৰ আইনৰ অধীনত খুড়াই ২০১১ত যদিও ১ একৰ মাটিৰ নামজাৰি পাইছিল, তথাপি খুড়া আৰু তেওঁৰ পৰিয়ালক বনাঞ্চলৰ ভূমিত থকাৰ অধিকাৰৰ পৰা বাহিৰত কৰা হৈছে, অথচ আইনে এই অধিকাৰ প্ৰদান কৰিছে। খুড়া আৰু খুড়ীক খেতি কৰাৰ বাবে নিয়মীয়াকৈ পোৱা পানীৰ উৎস লাগে। তেওঁলোকে যদি পায়, পানীৰ নাটনি যদি নহয়, তেন্তে তেওঁলোক পুনৰ প্ৰব্ৰজিত হ’বলৈ বাধ্য নহ’ব।

কামত ব্যস্ত হৈ থকাৰ মাজতে খুড়াই মোক ক’লে যে আমাৰ গাঁৱৰ কাষতে থকা ইটাৰ ভাতীত তেওঁ বহুত দিন ধৰি কাম কৰিছিল। খুডীয়ে স্কুলত ভৰি দি পোৱা নাই, তেওঁৰ শিক্ষা শূন্য। খুড়াই দশম শ্ৰেণীলৈকে পঢ়া সম্পূৰ্ণ নকৰিলে। দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হ’বৰ হৈছিল। সেই সময়তে এটা ষাড় গৰুৱে খুড়াক বেয়াকৈ জখম কৰিল। বহুত দিনৰ কাৰণে তেওঁ বিছনাত পৰি থাকিবলগা হ’ল। সেই কাৰণে খুড়াই দশম শ্ৰেণীৰ ব’ৰ্ডৰ চুড়ান্ত পৰীক্ষা দিব নোৱাৰিলে। তেওঁৰ পঢ়া-শুনাৰ সপোনবোৰ আধৰুৱা হৈ ৰৈ গ’ল।

কিছুদিনৰ পিছত ২২ বছৰ বয়সত খুড়া বিবাহপাশত আবদ্ধ হ’ল। সেই সময়ত খুড়ীৰ বয়স আছিল ১৯ বছৰ। খুড়ীৰ ঘৰ আছিল থালিয়াচাপাড়া নামৰ ৱাছাই তালুকৰ সৰু গাওঁখনত। তেওঁলোকৰ প্ৰথম সন্তান অৰ্চনাৰ খুব অসুখ হ’ল। কি অসুখ তেওঁলোকে ধৰিব পৰা নাছিল, সকলো প্ৰকাৰৰ ঔষধ খুৱাই চোৱা হ’ল, কিন্তু কোনো ঔষধেই কামত নাহিল। অৱশেষত তেওঁলোকে এজন ভগত (স্থানীয় পৰম্পৰাগত বেজ)ৰ ওচৰলৈ লৈ গ’ল। তেওঁলোকে মোক ক’লে যে ভগতজনেই অৰ্চনাৰ অসুখ নিৰাময় কৰিলে। ছাগলী এটা বলি দিব লাগে বুলি ভগতজনে কৈছিল। কিন্তু ইমান পইছা ক’ত পাব? ছাগলীৰ দামৰ কথা দিনে-ৰাতিয়ে ভাবিবলৈ ধৰিলে বুলি খুড়াই মোক ক’লে। পিছত এজন সম্পৰ্কীয় মানুহক ক’লে। বলি দিবলগীয়া ছাগলী এটা ক্ৰয় কৰিবলৈ সেই মানুহজনে ১২০০ টকা ধাৰলৈ দিলে। কিন্তু ধাৰলৈ লোৱা টকা ঘুৰাই দিয়াৰ যেতিয়া সময় হ’ল, মানুহজনে বিচাৰিবলৈ ধৰিলে। খুড়া-খুড়ী বিপদত পৰিল যে এই ঋণ কেনেকৈ পৰিশোধ কৰিব। ইমান টকা তেওঁলোকৰ নাই। সেই সময়তে তেওঁলোকে ইটাৰ ভাতীৰ মালিকৰ পৰা এটা সুযোগ গ্ৰহণ কৰিলে। সম্পৰ্কীয় মানুহজনৰ পৰা ধাৰলৈ লোৱা টকা ওভতাই দি ইটাৰ ভাতীৰ কামলৈ যাবলগীয়া হ’ল।

Top row: The stream that flows by their land has a trench at one end to store water. It is created by a bund made from sacks. Bottom row: Methi and palak are some of the vegetables that the Pared family cultivates
PHOTO • Mamata Pared

ওপৰৰ শাৰীতঃ তেওঁলোকৰ মাটিৰ মাজেৰে বৈ যোৱা নিজৰাৰ এটা ফালে খাল এটা খন্দা হৈছে। তাতে পানী জমা হৈছে। তলৰ শাৰীতঃ পাৰেদ পৰিয়ালে খেতি কৰা শাক-পাচলিৰ ভিতৰত মেথি আৰু পালেং শাক আছে

‘মোৰ জীৱনত প্ৰথমবাৰৰ বাবে মই ইটাৰ ভাতীলৈ গ’লো। পৰিস্থিতিয়ে বাধ্য কৰাল,’ খুড়ীয়ে ক’লে। তেতিয়া সময় আছিল ২০০১ চন। ‘বহুত বছৰ ধৰি মই ইটাৰ ভাতীত কাম কৰিলো। এতিয়া সেই পৰিশ্ৰম কৰিব নোৱাৰো। মোৰ পিঠিৰ বিষ হৈছে। পিঠিৰ তলৰ অংশ বিষায়। সেই কাম আৰু কেতিয়াবা কৰিব পাৰিম বুলি মই নাভাবো।’

খুড়া-খুড়ীৰ সন্তান তিনিটা। ডাঙৰ ছোৱালী অৰ্চনাৰ বয়স ২০ বছৰ। তাই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। তাই চিলাই কাম শিকি আছে। ১৮ বছৰীয়া যোগীতাই এতিয়া দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু তেওঁলোকৰ পুত্ৰ ১৬ বছৰীয়া ৰোহিত এতিয়া দশম শ্ৰেণীৰ ছাত্ৰ। সিহঁত দুয়োটা জনজাতীয় আশমশালা (ছাত্ৰাবাস)ত থাকে। খুড়া-খুড়ীয়ে খেতিৰ উৎপাদনেৰে পৰিয়ালটোক খুৱায়। তেওঁলোকে বৰ কষ্টকৰ জীৱন যাপন কৰে। কিন্তু তেওঁলোকৰ সন্তান তেওঁলোকৰ দৰে যাতে কটাবলগীয়া নহয়, সেয়াই সপোন দেখে।

বেছি শিক্ষা নথকা বাবে খুড়াই কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা বাদ দি আন কাম নাপালে। উপাৰ্জন কৰিব পৰাকৈ খুড়াৰ আন কোনো বেলেগ দক্ষতা নাই। বনাঞ্চল অধিকাৰ আইনৰ অধীনত পোৱা এক একৰ মাটিয়েই পৰিয়ালটোৰ একমাত্ৰ সম্বল আৰু সম্পদ। নিয়মীয়াকৈ পানী পোৱাহেঁতেন, সম্ভৱতঃ মাটিডোখৰ ভাল কৰিব পাৰিলেহেঁতেন। তেতিয়া বেছি কাম কৰি বেছিকৈ উপাৰ্জন কৰিব পাৰিলেহেঁতেন। সুখী জীৱন এটা যাপন কৰিব পাৰিলেহেঁতেন। সেয়াই তেওঁলোকে আশা কৰে।

মাৰাঠী ভাষাৰ পৰা মেধা কালেৰ দ্বাৰা অনূদিত।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]