মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ আমাৰ নিম্বাভালি গাওঁখনৰ গছ এডালৰ তলত আদবয়সীয়া মানুহৰ দল এটা গোট খাইছে। ১০ বছৰ আগৰ ঘটনা এটা তেওঁলোকে আলোচনা কৰিছে, যাৰ প্ৰভাৱ এতিয়াও বিদ্যমান। চৰকাৰী বিষয়াৰ ডাঙৰ টিম এটা ডাঙৰ গাড়ী এখনত আহিছিল। তেওঁলোকৰ হাতত আছিল কাগজ-পাতি, জোখমাখৰ সঁজুলি, ৰুলাৰ আৰু টেপ আদি। মোৰ দেউতা পৰশুৰাম পাৰেড (৫৫)ৰ যিমানদূৰ মনত পৰে, তেওঁলোকে ভূজল বিচাৰি ক’ত খান্দিব, সেয়া সন্ধানত লাগি আছিল।

“তেওঁলোকক মোৰ মনত আছে। সিহঁতে কি কৰি আছে সেয়া বাৰে বাৰে সুধি থকাত তেওঁলোকে উভতি ধৰিছিল। ‘তোমালোকক পানী লাগে, নালাগে জানো?’ আমি লাগে বুলি ক’লো। পানী কিচকৌ নহী মাংগতা (পানী কাকনো নালাগে)?” দেউতাই মনত পেলালে। পানীৰ আকাল ঘটা অঞ্চল এটাত চৰকাৰে কিবা এটা ব্যৱস্থা কৰিব বিচাৰিলে কোনোনে আদৰি নল’ব, কিন্তু তাকে লৈ গঞাৰ সেই আনন্দৰ চমক নিমিষতে মাৰ গৈছিল।

কেইমাহমান পিছতে ৱাড়া তালুকৰ নিম্বাভালিৰ ৱাৰ্লিসকললৈ উচ্ছেদৰ ন’টিচ আহিল। সেয়া কোনো পানীৰ প্ৰকল্প নাছিল, দৰাচলতে মুম্বাই-বদোদৰা ৰাষ্ট্ৰীয় এক্সপ্ৰেছ হাইৱেৰ বাবে গাওঁখনৰ মাটিখিনি চিন কৰা হৈছিল।

“হাইৱেৰ কথা আমি তেতিয়াহে জানিব পাৰিলো,” ৫০ বছৰ বয়সীয়া বালকৃষ্ণ লিপটে কয়। সেয়া আছিল ২০১২ চনৰ কথা। দশক বাগৰিল, থগবাজিৰে ভূমি অধিগ্ৰহণ কৰা সেই ঘটনা এতিয়াও মোৰ গাওঁখনে সহজভাৱে ল’ব পৰা নাই। শক্তিশালী ৰাজ্যখনৰ বিৰুদ্ধে এয়া এখন হাৰিবলগীয়া যুঁজ, বহুতেই জানে। সেয়ে তেতিয়াই তেওঁলোকে অধিক ক্ষতিপূৰণ আৰু বিকল্প ভূমিৰ দাবী সংকুচিত কৰি গোটেই গাওঁখনৰ যথোচিত পুনৰ্সংস্থাপনৰ দাবী জনাইছিল।

Parashuram Pared (left) and Baban Tambadi, recall how land in Nimbavali was acquired for the Mumbai-Vadodara National Express Highway.
PHOTO • Mamata Pared
Residents of the village discussing their concerns about resettlement
PHOTO • Mamata Pared

বাওঁফালেঃ পৰশুৰাম পাৰেড (বাওঁফালে) আৰু ববন তামাড়িয়ে মনত পেলায় কেনেদৰে মুম্বাই-বদোদৰা ৰাষ্ট্ৰীয় এক্সপ্ৰেছ হাইৱেৰ কাৰণে নিম্বাভালিৰ মাটি অধিগ্ৰহণ কৰা হৈছিল। সোঁফালেঃ গাওঁখনৰ বাসিন্দাসকলে পুনৰ্সংস্থাপনৰ বিষয়ে আলোচনা কৰিছে

মহাৰাষ্ট্ৰ, গুজৰাট, দাদৰ আৰু নগৰ হাভেলি হৈ যোৱা ৩৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাইৱেৰ বাবে কেন্দ্ৰত শাসনাধিস্থ ভাৰতীয় জনতা দলৰ চৰকাৰে ভূমি অধিগ্ৰহণ কৰাত লাগিল। মহাৰাষ্ট্ৰৰ মাজেৰে যোৱা অংশটোত পালঘৰ জিলাৰ তিনিটা তালুকৰ ২১ খন গাওঁ পৰে। তাৰে মাজৰে এটা তালুক হৈছে ৱাড়া আৰু ১৪০ ঘৰ পৰিয়ালেৰে নিম্বাভালিখন তাৰেই অন্তৰ্গত এখন সৰু গাওঁ।

নিম্বাভালিৰ মাজেৰে হাইৱেৰ কেৱল ৫.৪ কিলোমিটাৰ পাৰ হৈ যায়। নিম্বাভালিৰ ৭১,০৩৫ বৰ্গমিটাৰ অংশ চিনাক্ত কৰা হ’ল আৰু গঞাই বাধা দিয়াৰ আগতেই ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হ’ল।

গঞাই যেতিয়া প্ৰকল্পটোৰ কথা বুজি পালে, তেতিয়া জ্যেষ্ঠসকলক তেওঁলোকৰ ঘৰৰ বাবদ যথোচিত আৰ্থিক ক্ষতিপূৰণ দিয়া হ’ব বুলি কোৱা হ’ল। সেই টকা আছিল মাটি কিনি ঘৰ বন্ধাৰ বাবে। কিন্তু কিন্তু আমাৰ গাঁৱৰ মানুহে সেই প্ৰতিশ্ৰুতি নাকচ কৰি ক’লে যে আমাক বিকল্প মাটিত সংস্থাপন নিদিয়ালৈকে কেতিয়াও মাটি এৰি নিদিও।

“আমি গঢ়ে ন লাখ টকাৰ ক্ষতিপূৰণৰ ন’টিচ পাইছিলো,” ৪৫ বছৰ বয়সীয়া চন্দ্ৰকান্ত পাৰেডে কয়। “কিহৰ বাবে? এই গছবোৰ চাওক – সেৱগা, সীতাফল, চিক্কু আৰু নিমগছ। আমি এই মাটিত আলু-কচু খেতি কৰো। এই সকলোবোৰৰ কাৰণে তেওঁলোকে টকা দিছে কিমান? নামমাত্ৰ। আপুনি এই ন লাখ টকাৰে মাটি কিনি, ঘৰ বান্ধি এই আটাইবোৰ গছ-লতা লগাব পাৰিব?” তেওঁ প্ৰশ্ন কৰিছিল।

Chandrakant Pared at his home in the village. "Can you buy land, build a house and plant all these trees for nine lakhs?” he asks.
PHOTO • Mamata Pared
Rajashree Pared shows the tubers and root vegetables cultivated by them
PHOTO • Mamata Pared

বাওঁফালেঃ গাঁৱৰ ঘৰত চন্দ্ৰকান্ত পাৰেড। আপুনি এই ন লাখ টকাৰে মাটি কিনি, ঘৰ বান্ধি এই আটাইবোৰ গছ-লতা লগাব পাৰিব ?” তেওঁ প্ৰশ্ন কৰে। সোঁফালেঃ ৰাজশ্ৰী পাৰেডে তেওঁলোকে কৰা আলু-কচুৰ খেতি দেখুৱাইছে

তাতে আন এটা সমস্যাও আছে। হাইৱেটো গাওঁখনৰ মাজেৰে পাৰ হৈ গৈছে, মাজেৰে দুচেও কৰিছে। “নিম্বাভালি গাঁৱৰ মানুহে তাহানিৰে পৰা থকাৰ দৰে একেলগে থাকিব খোজে। আমাক আমাৰ গাওঁথানৰ বাবে ক্ষতিপূৰণ লাগে, কিন্তু চৰকাৰে ক্ষতিপূৰণৰ পেকেজত আটাইবোৰ ঘৰ অন্তৰ্ভূক্ত কৰাটো আমি বিচাৰো। ইয়াৰ সকলো মানুহৰ বাবে ন্যায্য ক্ষতিপূৰণ আমি বিচাৰো। আপুনি উন্নয়নৰ নামত এই ৰাজপথ সাজিব বিচাৰিছে, আমাৰ আপত্তি নাই। কিন্তু আমাক পেটত গোৰ মাৰি কিয় কৰিব খুজিছে?” বিনোড কাকাড়ে কয়।

প্ৰকল্পটোৱে আমাৰ জীৱনবোৰ অনিশ্চিত কৰি তুলিছে। হাইৱেটোৰ কাৰণে ৪৯ ঘৰ পৰিয়ালৰ প্ৰায় ২০০ৰ পৰা ২২০ জন মানুহ পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ৰাস্তাটোৱে স্পৰ্শ নকৰা বাবে আকৌ চাৰিঘৰ মানুহ থাকি গৈছে। ইফালে আকৌ বনাঞ্চলত থকা চাৰিটা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে যদিও চৰকাৰে আনকি তেওঁলোকক ক্ষতিপূৰণৰ যোগ্য বুলি বিবেচনা কৰাতো থেৰোঁ-গেৰোঁ কৰিছে।

আমাৰ এই ৱাৰ্লি জনগোষ্ঠীটো এই মাটিত শতিকাৰ পিছত শতিকাজুৰি আছে। আমি কেৱল এই মাটিত ঘৰ সাজি থকা নাই, মাটিৰ সৈতে এটা আন্তৰিক সম্পৰ্ক গঢ়ি তুলিছো। এই মাটিৰ তেঁতেলী, আমগছৰ ছাঁত আমি গ্ৰীষ্মৰ তপত গা জুৰাইছো, সপৰ্য়া পাহাৰে আমাক খেৰ-খৰি দিছে। এইবোৰ এৰি আমি আন ক’ৰবালৈ যোৱাৰ কথা ভাবিলে মনত দুখ পাওঁ। আমাৰ জনগোষ্ঠীটোৰ কেইঘৰমান মানুহক এনেকৈ এৰি যাবলৈ আমাৰ মনে নকয়।

“মাটি জুখিবলৈ অহা বিষয়াসকলে আমাৰ একাত্মবোধ দেখি তবধ মানিছিল। ঘৰ হেৰুওৱাসকল হতাশাত ভাগি পৰাটো স্বাভাৱিক বুলি তেওঁলোকে কৈছিল। কিন্তু যিসকলৰ ঘৰ হাইৱেত যোৱা নাই, তেওঁলোকেও কান্দিছে,” ৪৫ বছৰ বয়সীয়া সবিতা লিপটে কয়। “মই ক’বলৈ যত্ন কৰিছিলো যে আমাৰ সন্মুখৰ আৰু পিছফালে থকা ঘৰৰ মাটিখিনি ৰাস্তাৰ কাৰণে লোৱা হৈছে। মোৰ ঘৰটো মাজতে পৰে। ৰাস্তাটো আমাৰ কাৰণে ডাঙৰ আহুকাল হৈ পৰিব।”

Balakrushna Lipat outside his house in Nimbavali
PHOTO • Mamata Pared
As many as 49 houses in the village are directly affected by the road alignment
PHOTO • Mamata Pared

বালকৃষ্ণ লিপট (বাওঁফালে), নিম্বাভালিৰ নিজ ঘৰৰ বাহিৰত। সোঁফালেঃ হাইৱেৰ কাৰণে অতিকমেও ৪৯ ঘৰ মানুহ ক্ষতিগ্ৰস্ত হ

একেলগে দশকৰ পিছত দশকজুৰি বাস কৰি অহা জনগোষ্ঠীটোৰ গাওঁখন এনেকৈ হাইৱেটোৱে দুভাগ কৰাটো যদি দুৰ্ভাগ্যজনক বুলি আমি ধৰো, তেন্তে তাতোকৈ দুৰ্ভাগ্যজনক ঘটনা আৰু ঘটিবলৈ আছিল। হাইৱেটোৰ দুয়োপাৰে থকা কেইঘৰমান মানুহৰ নাম-গোন্ধ চৰকাৰী মেপত একেবাৰেই নাছিল। তেওঁলোকক সম্পূৰ্ণৰূপে বাদ দিয়া হৈছিল। ৩-৪ ঘৰ মানুহ আকৌ বনাঞ্চলৰ মাটিত থকা বুলি চৰকাৰী নথিত আছিল। সকলো পৰিয়ালকে পুনৰ্সংস্থাপিত কৰিব লাগে বুলি গাওঁবাসীয়ে চৰকাৰৰ আগত যুক্তি দিছে। কিন্তু ৱাৰ্লিসকল একেলগে থকাৰ যি সামূহিক আহ্বান আৰু প্ৰয়োজনীয়তা, সেয়া কৰ্তৃপক্ষই বুজিবপৰা নাছিল।

“মই এই ঠাইত বহুবছৰ ধৰি বাস কৰি আহিছো। এয়া চোৱা ঘৰটোৰ বাবে ৰাজহ দিয়া পুৰণি কাগজ। কিন্তু এতিয়া চৰকাৰে কৈছে যে মই বনাঞ্চলৰ মাটি বেদখল কৰিছো আৰু ক্ষতিপূৰণৰ যোগ্য নহয়। মই ক’লৈ যাম?” কেইখনমান পুৰণি চৰকাৰী নথি মোৰ আগত জোকাৰি দেখুৱাই ৮০ বছৰীয়া দামু পাৰেডে কয়। তেওঁ মোৰ ককাৰ ভাতৃ। “মই এইবোৰ বুজি নাপাও। তোমালোক শিক্ষিত আৰু ডেকা। এতিয়া তোমালোকেই এইবোৰ চাবা,” তেওঁ এইবুলি কৈ মনে মনে থাকিল।

বনাঞ্চলৰ মাটিত ঘৰ থকা বুলি চৰকাৰী নথিত থকা বুলি কোৱা দুঘৰ মানুহ হৈছে দৰ্শনা পাৰেড (৪৫) আৰু গোবিন্দ কাকাড় (৭০)। দুয়োজনেই ইন্দিৰা আৱাস যোজনাৰ অধীনত ঘৰ সাজিছে, প্ৰতিবছৰে কৰ দিয়ে আৰু ঘৰটোত চৰকাৰে দিয়া মিটাৰসহ বিদ্যুতৰ সংযোগো আছে। কিন্তু হাইৱেৰ জোখ-মাখ কৰোঁতে তেওঁলোকৰ ঘৰ দুটা বনাঞ্চলত থকা বুলি ঘোষণা কৰা হৈছিল। তাৰ অৰ্থ তেওঁলোকে ক্ষতিপূৰণ নাপায়।

ক্ষতিপূৰণৰ বাবে এই জটিল যুঁজখনে এটা সময়ত সকলোকে এক কৰি তুলিছিল। পিছলৈ কিন্তু তেওঁলোকে দাবীবোৰ চালি-জাৰি চাই কমাবলগীয়া হ’ল। প্ৰথমে গোটেই প্ৰকল্পটোৰ বিৰোধিতা কৰা হৈছিল। তাৰপাছত তেওঁলোকে উচ্চ ক্ষতিপূৰণৰ দাবী কৰে আৰু শেষত গৈ তেওঁলোকে নিম্বাভালিৰ সকলো পৰিয়ালৰ যথোচিত পুনৰ্সংস্থাপনৰ বাবে যুঁজিবলৈ ল’লে।

Damu Pared with old tax receipts of his home (right). He says, “I have lived here for many years, but now the government is saying that I have encroached on forest land"
PHOTO • Mamata Pared
Old house
PHOTO • Mamata Pared

হাতত পুৰণি কৰ আদায় দিয়া ৰচিদ লৈ দামু পাৰেড (সোঁফালে)। তেওঁ কয়, 'মই বহুবছৰ ধৰি ইয়াত বাস কৰি আহিছো, কিন্তু এতিয়া চৰকাৰে কয় যে মই বনাঞ্চলৰ মাটি দখল কৰিছো'

“বিভিন্ন ৰাজনৈতিক দল-সংগঠন আৰু ইউনিয়ন আদি এখন স্বতন্ত্ৰ বেনাৰৰ তলত আহিল - শ্বেতকাৰী কল্যাণকাৰী সংগঠন। এই সংগঠনটোৱে মানুহক সজাগ কৰিলে, ৰেলী উলিয়ালে, প্ৰতিবাদ কৰিলে আৰু অধিক ক্ষতিপূৰণৰ বাবে চৰকাৰৰ সৈতে আলাপ-আলোচনা চলালে। কিন্তু এয়া কৰাৰ পিছত কৃষক আৰু সংগঠনৰ নেতাবোৰে মূৰ পোলোকা দিলে আৰু আমাৰ ওপৰতে আমাৰ ভাগ্য এৰিলে। যথোচিত ক্ষতিপূৰণৰ ইচ্ছুটো পিছপৰি ৰ’ল।”

কৃষ্ণ ভইৰ, শ্বেতকাৰী কল্যাণকাৰী সংগঠনৰ প্ৰাক্তন সচিবে এই কথা যুক্তি খণ্ডন কৰিব খোজে। “উচিত ক্ষতিপূৰণৰ বাবে আমি মানুহক সংগঠিত কৰিছিলো। এই হাইৱেটো হোৱাৰ পিছত মানুহৰ দৈনন্দিন জীৱনত পৰা প্ৰভাৱৰ বিষয়েও প্ৰশ্ন কৰিছিলো। যেনে ধৰক মানুহে কেনেকৈ ৰাস্তা পাৰ হ’ব, ল’ৰা-ছোৱালীয়ে কেনেকৈ স্কুল-কলেজলৈ যাব, জান-জুৰিৰ পানী যদি পথাৰত সোমায়, তেতিয়া কি হ’ব? আমি যুঁজিলো, কিন্তু মানুহে যেতিয়া কিছু ক্ষতিপূৰণ পাবলৈ ধৰিলে, তেওঁলোকে সকলো পাহৰিলে,” তেওঁ বুজাই কয়।

এই সকলোবোৰৰ মাজত অনা-আদিবাসী অৰুণ পাটিলে দাবী কৰে যে তেওঁৰ খেতিমাটিৰ কাষতে ৱাৰ্লিসকলে খেতি কৰা কিছু মাটি তেওঁৰ। গতিকে তেঁৱো ক্ষতিপূৰণ পাব লাগে। যাহওক, সেয়া মিছা বুলি প্ৰমাণিত হ’ল। “আমি আমাৰ সকলো কাম কাতি কৰি থৈ ৰাজহ বিষয়াৰ ওচৰলৈ কেবাবাৰো গ’লো। শেষত এয়া নিশ্চিত হ’ল যে আমাৰ আটাইখিনি মাটি গাওথান এলেকাতে পৰে,” ৬৪ বছৰ বয়সীয়া দিলীপ লখাণ্ডে কয়।

Children playing in the village
PHOTO • Mamata Pared
Houses at the foot of Saparya hill, which the government claims is on forest land and ineligible for compensation
PHOTO • Mamata Pared

বাওঁফালেঃ গাঁৱৰ ল’ৰা-ছোৱালীয়ে খেলিছে। সোঁফালেঃ সৰ্পয়া পাহাৰৰ দাঁতি থকা ঘৰ, চৰকাৰে সেয়া বনাঞ্চলৰ মাটিত থকা বুলি দাবী কৰি ক্ষতিপূৰণ নিদিয়াৰ সিদ্ধান্ত লৈছে

গাৰেলপাৰাৰ নিম্বাভালিৰ আদিবাসী চুবুৰীটোৰ লখাণ্ডেৰ ঘৰটো গাওথান (চৰকাৰে আবণ্টন দিয়া গাঁৱৰ মাটি)ৰ পাঁচ একৰ মাটিত বিয়পি আছে। মাটিৰ সঠিক সীমা নিৰ্ধাৰণৰ বাবে ৱাৰ্লিসকলে ভূমিৰ লেখ বিভাগত দৰ্খাস্ত কৰিছিল। বিষয়াসকল আহিল যদিও সেইদিনা বনবিষয়া উপস্থিত নথকাৰ অভিযোগত সেই কাম সম্পূৰ্ণ নকৰিলে।

ক্ষতিপূৰণৰ বাবে যোগ্য বিবেচিত হোৱাসকলেও তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত। তেনে নগণ্য ক্ষতিপূৰণেৰে আন ঠাইত ঘৰ বন্ধাটো প্ৰায় অসম্ভৱ কথা। “আমাক বনাঞ্চলৰ মাটিত ঘৰ সাজিব নিদিয়ে। আপোনালোকৰ উন্নয়নৰ নামত আমি আদিবাসীসকলে ক’লৈ উঠি যাওঁ?” ববন তামাড়িয়ে (৫২) প্ৰশ্ন কৰে।

যিমানবাৰ নিম্বাভালিৰ ৰাইজে মহকুমা বিষয়াৰ তালৈ গৈছে, তেওঁলোকে কেৱল প্ৰতিশ্ৰুতি আৰু আশ্বাস লৈ উভতিছে। “আমি এয়া সঁচা হোৱালৈ অপেক্ষা কৰিছো। তেতিয়ালৈ মাটিৰ বাবে সংগ্ৰাম চলি থাকিব,” বাবেই কয়।

নিম্বাভালিৰ ৱাৰ্লিসকলৰ বাবে হাইৱেটোৱে একো সমৃদ্ধি নানে, কিন্তু পুনৰ্সংস্থাপনৰ সঠিক এটা পৰিকল্পনা নোহোৱাকৈয়ে তেওঁলোকক স্থানচ্যুত কৰা হৈছে। মই মোৰ গাঁৱৰ বহুতকে বছৰ বছৰ ধৰি ইয়াৰ বিৰুদ্ধে যুঁজি অহা দেখিছো, যদিও এইখন হাৰিবলগীয়া যুঁজ, তেওঁলোকে আশা এৰা নাই।

এই ষ্ট’ৰিটো স্মৃতি কপ্পিকাৰ সম্পাদনা কৰিছে, তেওঁ এগৰাকী সাংবাদিক, স্তম্ভলেখক তথা মিডিয়া শিক্ষক।

অনুবাদ: পংকজ দাস

Mamata Pared

Mamata Pared is a journalist and a 2018 PARI intern. She has a Master’s degree in Journalism and Mass Communication from Abasaheb Garware College, Pune.

Other stories by Mamata Pared
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das