“সন্ধ্যা সকলো জীৱ-জন্তু ইয়ালৈ আহি বিশ্ৰাম কৰে। এইজোপা এজোপা বটবৃক্ষ”।

“সুৰেশ ধুৰ্বেয়ে তেওঁ কাম কৰি থকা পোষ্টাৰ আকাৰৰ কাগজখনত ৰং বোলাই থাকোতে কৈ আছিল। এইজোপা এজোপা আহঁত গছ। বহু চৰাই আহি ইয়াত বহিবহি। সকলোকে আদৰি লোৱা গছজোপাৰ আৰু ঠাল-ঠেঙুলি আঁকি আঁকি তেওঁ পাৰিক কয়”।

৪৯ বছৰীয়া গণ্ড শিল্পীগৰাকী মধ্যপ্ৰদেশৰ ভূপালত নিজৰ ঘৰৰ মজিয়াত বহি আছে। ওপৰ মহলাৰ দুৱাৰ আৰু খিৰিকিৰ পৰা গছ এজোপাৰে পোহৰ পাৰ হৈ যায়। মজিয়াত তেওঁৰ কাষতে সেউজীয়া পেইন্টৰ এটা সৰু জগ আছে যিটোত তেওঁ লেখনীডাল ডুবাই ডুবাই চিত্ৰ অঁকাত ব্যস্ত। “আগতে আমি বাঁহৰ মাৰি আৰু কেৰ্কেটুৱাৰ নোম (ব্ৰাছ হিচাপে) ব্যৱহাৰ কৰিছিলো। সেইবোৰ (কেৰ্কেটুৱাৰ নোম) এতিয়া নিষিদ্ধ হ’ল, যিটো ভালেই হৈছে বাৰু। আমি এতিয়া প্লাষ্টিকৰ তুলিকা ব্যৱহাৰ কৰো, তেওঁ কয়”।

সুৰেশে কয় তেওঁৰ ছবিয়ে কাহিনী কয় আৰু “মই যেতিয়া পেইন্টিং কৰো মই কি সৃষ্টি কৰিম সেই বিষয়ে বহু সময় চিন্তা কৰিবলগীয়া হয়। ধৰক দিপান্বিতা আহি আছে, মই উৎসৱৰ সৈতে জড়িত সকলো বস্তু যেনে গৰুৰ পৰা চাকিলৈকে চিন্তা কৰিব লাগে”। গ’ণ্ড শিল্পীগৰাকীয়ে জীৱিত প্ৰাণীবোৰ, অৰণ্য আৰু আকাশ, আখ্যান আৰু লোককথা, কৃষি আৰু তেওঁলোকৰ কামৰ সামাজিক অৱদান আদিৰ কথা মনত পেলায়।

জনগড় সিং শ্যাম প্ৰথম ভূপাললৈ আহি প্ৰথমে কাপোৰত আৰু পাছত কেনভাছ আৰু কাগজত ছবি আকিবলৈ লয়। গ’ণ্ড শিল্পীয়ে ৰং তুলিকাৰে তেওঁলোকৰ চাৰিওফালৰ জীৱ-জন্তু, হাবি-বন, আকাশ, কিংবদন্তি ব্যক্তি আৰু লোককাহিনীবোৰ ফুটাই তোলে

ভিডিঅটো চাওঁক- গ ’ণ্ড শিল্প : দেশ আৰু মাটিৰ কাহিনী

সুৰেশৰ জন্ম হৈছিল পটনগড় মালত- যিখন হৈছে তেওঁৰ দৰে ভূপালত থকা সকলো গ’ণ্ড শিল্পীৰে শিপা। নৰ্মদা নদীৰ দক্ষিণত অমৰকন্টক-আচানকমাৰ ব্যাঘ্ৰ সংৰক্ষিত অৰণ্যৰে ঘেৰি থকা এক অঞ্চলত এই ঠাইখন অৱস্থিত। এই অঞ্চল বন্য জীৱ-জন্তু, বিভিন্ন গছ-গছনি, ফুল, পক্ষী তথা পোক-পৰুৱাৰে সমৃ্দ্ধ যিবোৰ গ’ণ্ড চিত্ৰত স্পষ্টকৈ দেখিবলৈ পোৱা যায়।

“আমি হাবিত যি পাওঁ তাৰেই ছবি আঁকো। সেয়া লাগিলে শিমলু গছৰ সেউজীয়া পাত, ক’লা পাথৰ, ফুল বা ৰঙামাটি যিয়েই নহওঁক কিয়। আমি গণ্ড (ৰজন)ৰ সৈতে মিহলি কৰিছিলো,” তেওঁ মনত পেলায়। “এতিয়া আমি এক্ৰিলিক ব্যৱহাৰ কৰো। মানুহে কয় সেইবোৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিলে আমাৰ কামৰ বেছি ভাল দৰ পাম, কিন্তু সেইবোৰ ক’ৰ পৰা পাম?” কাৰণ অৰণ্যবোৰ সংকুচিত হৈ আহিছে বুলি তেওঁ লগতে কয়।

গ’ণ্ড পেইন্টিং উৎসৱ-পাৰ্বন তথা বিবাহৰ সময়ত গাঁৱত কৰা দেৱাল চিত্ৰকলা। ১৯৭০ চনত প্ৰসিদ্ধ গ’ণ্ড চিত্ৰশিল্পী জনগড় সিং শ্যাম ৰাজ্যখনৰ ৰাজধানী ভূপাললৈ আহে আৰু প্ৰথমে কাপোৰত আৰু পাছত কেনভাছ আৰু কাগজত চিত্ৰ আঁকিবলৈ লয়। তেওঁ কাপোৰ আৰু কাগজত চিত্ৰ অঁকাৰ নতুন চিত্ৰশৈলী সৃষ্টিৰ কৃতিত্ব অৰ্জন কৰে। প্ৰয়াত শিল্পীগৰাকীয়ে তেওঁৰ অৱদানৰ বাবে ১৯৮৬ চনত ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিছিল।

কিন্তু ২০২৩ চনৰ এপ্ৰিল মাহত যেতিয়া গ’ণ্ড কলাই ভৌগোলিক সূচক (জিআই টেগ) লাভ কৰে তেতিয়া জনগড়ৰ সমূদায়ৰ শিল্পীসকলক অৱহেলা কৰা হয় আৰু জিআই টেগ ভূপালৰ যুৱ পৰ্য্যাবৰণ শিক্ষন এৱম সামাজিক সংস্থান আৰু দিন্দৌৰি জিলাৰ তেজস্বিনী মেকালসূতা গোৰখপুৰ মহাসংঘলৈ আগবঢ়োৱা হয়। এই পদক্ষেপে ভূপালৰ শিল্পীসকলক, পৰিয়ালবৰ্গক তথা জনগড় সিঙৰ অনুৰাগীসকলক হতাশ কৰে। প্ৰয়াত শিল্পীগৰাকীৰ পুত্ৰ মায়ংক কুমাৰ সিঙে কয়, “আমি জনগড় সিঙৰ নামটো জিআই আবেদন কৰা লোকৰ তালিকাত থকাটো বিচাৰো। তেওঁৰ অবিহনে গ’ণ্ড কলা অস্তিত্ত্বহীন”।

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালে: ২০২৩ চনৰ এপ্ৰিল মাহত গ’ণ্ড শিল্পলৈ আগবঢ়োৱা ভৌগোলিক সূচক প্ৰমাণপত্ৰ। সোঁফালে: ভূপালৰ শিল্পী নাংকুশিয়া শ্যাম, সুৰেশ ধুৰ্বে, সুভাষ বয়ম, সুখণ্ডি ভ্যাম, হীৰামন ঊৰভেটী, মায়ংক শ্যাম – তেওঁলোকে কয় যে তেওঁলোকক উলাই কৰা হৈছে

দিন্দৌৰি জিলাৰ জিলা উপায়ুক্ত বিকাশ মিশ্ৰই এই বিষয়ত ক্ষিপ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “জিআই টেগ সকলো গ’ণ্ড শিল্পীৰ বাবে। আমি আপোনালোক ক’ত বাস কৰে তাৰ ভিত্তিত পক্ষপাত কৰা নাই। ভূপালৰ শিল্পীয়েও তেওঁলোকৰ কলাক গ’ণ্ড বুলিব পাৰিব কাৰণ তেওঁলোক সকলো ইয়াৰে। তেওঁলোক একে লোক”।

২০২৪ চনৰ জানুৱাৰী মাহত ভূপালৰ জনগড়ৰ অনুৰাগীৰ এক গোট জনগড় সম্বৰ্ধন সমিতিয়ে চেন্নাইৰ জিআই কাৰ্যালয়ত তেওঁলোকৰ নাম অন্তৰ্ভুক্তকৰণৰ বাবে এক পত্ৰ দাখিল কৰিছিল কিন্তু এই প্ৰতিবেদন প্ৰকাশ হোৱালৈকে এই বিষয়ত একো সলনি হোৱা নাই।

*****

পটনগড়ত ডাঙৰ-দীঘল হোৱা আৰু পৰিয়ালৰ একমাত্ৰ আৰু কণিষ্ঠ পুত্ৰ সুৰেশে বিভিন্ন সামগ্ৰীত শিল্প সৃষ্টি কৰিব পৰা দক্ষ কাৰুশিল্পী পিতৃৰ পৰা প্ৰশিক্ষণ লাভ কৰিছিল। “তেওঁ ঠাকুৰ দেৱৰ মূৰ্তি, নক্সা কটা আৰু দুৱাৰত সজ্জা হিচাপে নৃত্যৰত চিত্ৰ খোদিত কৰিব পাৰিছিল। তেওঁক কোনে শিকালে নাজানো কিন্তু তেওঁ ৰাজমিস্ত্ৰীৰ পৰা কাঠমিস্ত্ৰীলৈকে সকলো কাম কৰিব পাৰিছিল”।

শৈশৱত তেওঁ পিতৃৰ সৈতে ঘূৰি ফুৰিছিল আৰু দেখি দেখি তেওঁৰ পৰা কলা শিকিছিল। “মাটিৰ কাম হৈছিল (আমি উৎসৱৰ সময়ত মাটিৰ মূৰ্তি গঢ়িছিলো)। মোৰ পিতৃয়ে গাৱৰ মানুহৰ বাবে কাঠৰ কাম কৰিছিল। কিন্তু ই মূলতঃ চখ আছিল যাৰ বাবে তেওঁ ইয়াৰ পৰা ধন অৰ্জন কৰা নাছিল। খুব বেছি তেওঁ মূল্য হিচাপে কিছু খাদ্য শস্য লাভ কৰিছিল। সেয়া আছিল এক পাছেৰি (পাঁচ কেজি) ঘেঁহু বা ধান,” তেওঁ মনত পেলায়।

PHOTO • Priti David
PHOTO • Priti David

সুৰেশৰ (বাওঁফালে) জন্ম হৈছিল পটনগড় মালত- যিখন হৈছে তেওঁৰ দৰে ভূপালত থকা সকলো গ ’ণ্ড শিল্পীৰে শিপা। নৰ্মদা নদীৰ দক্ষিণত অমৰকন্টক-আচানকমাৰ ব্যাঘ্ৰ সংৰক্ষিত অৰণ্যৰে ঘেৰি থকা এক অঞ্চলত এই ঠাই অৱস্থিত। এই অঞ্চল বন্য জীৱ-জন্তু, বিভিন্ন গছ-গছনি, ফুল, পক্ষী তথা পোক-পৰুৱাৰে সমৃ্দ্ধ যিবোৰ গ’ণ্ড চিত্ৰত স্পষ্টকৈ দেখিবলৈ পোৱা যায় (সোঁফালে)

পৰিয়ালটোৰ বৰ্ষানিৰ্ভৰ ভূমিৰ এক ক্ষুদ্ৰ অংশ আছিল য’ত তেওঁলোকে খাবলৈ ধান, ঘেঁহু আৰু বুটৰ খেতি কৰিছিল। সৰু সুৰেশে আনৰ পথাৰত কাম কৰিছিল, “মই আনৰ পথাৰত কাম কৰি এদিন আঢ়ৈ টকা উপাৰ্জন কৰিব পাৰিছিলো কিন্তু সেয়াও দৈনিক নাছিল”।

১৯৮৬ চনত ১০ বছৰ বয়সত সেই সৰু ল’ৰাটো অনাথ হৈ পৰে। “মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰো”। তেওঁ স্মৰণ কৰি কয় যে তেওঁৰ ভাতৃ ভগ্নী সকলোৰে বিয়া হৈ যোৱাত তেওঁ নিজৰ ভৰণ-পোষণ নিজেই দিবলগীয়া হৈছিল। “এদিনাখন জনগড়ৰ মাকে গাঁৱৰ দেৱালবোৰত তেওঁ অঁকা চিত্ৰবোৰ দেখি ভাবিলে যে মোক তালৈ লৈ যাব পাৰি (ভূপাললৈ)। ‘সি কিবা এটা শিকিব পাৰিব’,” তেওঁ মনত পেলায়। এনেকৈয়ে তেওঁ মধ্যপ্ৰদেশৰ পৰা ৰাজধানী চহৰলৈ প্ৰায় ৬০০ কিলোমিটাৰ বাট অতিক্ৰম কৰিছিল।

সেইসময়ত জনগড় সিঙে ভূপালৰ ভাৰত ভৱনত কাম কৰি আছিল। “জনগড় জী, যাক মই দাদা বুলি মাতিছিলো, তেখেত মোৰ গুৰু আছিল। তেখেতে মোক কাম দিছিল। মই তাৰ আগতে কেতিয়াও কেনভাচত চিত্ৰ অঁকা নাছিলো, মই কেৱল দেৱালতহে চিত্ৰ আঁকিছিলো।” আৰম্ভণিতে তেওঁৰ কাম আছিল “কেৱল সঠিক ৰং উলিয়াবলৈ শিল আৰু অন্য সামগ্ৰী ঘঁহি থকা”।

সেয়া চাৰি দশকৰ আগৰ কথা। তেতিয়াৰ পৰাই চিত্ৰশিল্পত মনোনিবেশ কৰা সুৰেশে নিজস্ব এক সুকীয়া শৈলী ‘চিধি পিড়ি’ সৃষ্টি কৰিলে, “সেয়া আপুনি মোৰ সৃষ্টিত দেখা পাব” তেওঁ কয়। “আহক মই আপোনাক এইখন পেইন্টিঙৰ আঁৰৰ কাহিনী কওঁ...”

অনুবাদক: কুইলিন কাকতি

Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Editor : Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Video Editor : Sinchita Maji

Sinchita Maji is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker.

Other stories by Sinchita Maji
Translator : Quiline Kakoty

Quiline Kakoty is a freelance journalist, writer, blogger and translator. She has been into the field of journalism and translation for the last 15 years and has been contributing for several newspapers, magazines and web portal.

Other stories by Quiline Kakoty