PHOTO • Sapana Jaiswal

উচ্চতালৈ ভয় কৰা ২১ বছৰীয়া প্ৰব্ৰজিত শ্ৰমিক মহম্মদ ৱাবলুৱে নিতৌ ত্ৰিশ নম্বৰ মহলালৈ উঠা - নমা কৰে এতিয়া আৰু সেই ভয় নাই " সৰুতে ভয় লাগিছিল , এতিয়া আৰু সেই ভয় নাই ," তেওঁ কয় ৱাবলুৰ ঘৰ পশ্চিম বংগৰ দৰিদ্ৰতম জিলাৰ মাজৰ এখন , মালদাত

PHOTO • Sapana Jaiswal

ৱাবলু , বাবুল শ্বেইখ আৰু মণিৰুল ছেথ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ অট্টালিকা নিৰ্মাণৰ কামৰ লগত জড়িত এটি শ্ৰমিকৰ গোট এটাৰ সদস্য গোটটোৰ ভালেকেইজন শ্ৰমিকৰ বয়স ১৭ বছৰৰ আশে - পাশে তেওঁলোকে এদিনত ৪০০ টকাৰ পৰা ৬০০ টকালৈ মজুৰি লাভ কৰে

PHOTO • Sapana Jaiswal

মুম্বাইৰ গোড়েগাওঁ ইষ্ট অঞ্চলৰ কোনো এক হাউচিং চচাইটিৰ ছাইটত কৰ্মৰত শ্ৰমিক

PHOTO • Sapana Jaiswal

তেওঁলোকে ওচৰৰে এটি বস্তি অঞ্চলৰ ভাড়া কোঠালিত বসবাস কৰে কলেজ এৰি তেওঁলোকে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ স্বাৰ্থত এই ঠাইলৈ কাম বিচাৰি আহিছিল

PHOTO • Sapana Jaiswal

মহম্মদ বাবুল শ্বেইখ ( ২৭ ) য়ে কয় , " আমি সাতজন ককাই ভাই আৰু দুজনী বাই - ভনী ডাঙৰ ককায়েককেইজনে কাম কৰো , যাতে সৰু ভাই - ভনীহঁত স্কুললৈ যাব পাৰে " তেওঁৰ পিতৃ - মাতৃ যথেষ্ট বৃদ্ধ আৰু অসুখীয়া সাতগৰাকী ককায়েক ভায়েকৰ ভিতৰত কেৱল দুগৰাকী ঘৰত থাকে বাকীকেইজনে শ্ৰমিক হিচাপে কাম কৰিবলৈ ঘৰ এৰি ডাঙৰ ডাঙৰ চহৰলৈ যায়

PHOTO • Sapana Jaiswal

ৱাবলুৱে কয় , ' আমি কাম কৰিলেহে খাবলৈ পাওঁ কাম নাপালে ভোকত থাকিব লাগে'

PHOTO • Sapana Jaiswal

আকাশলংঘী অট্টালিকাত ৰং কৰা বিপদজনক কাম এবাৰ ভৰি পিচল খালেই মৃত্যু নিশ্চিত শ্ৰমিকসকলৰ কাপোৰ - কানিও ৰাসায়নিক পদাৰ্থ মিহলি বিষাক্ত ৰঙেৰে তিতি থাকে নতুন কাপোৰ লেতেৰা কৰিবলৈ বা নষ্ট নকৰিবলৈ তেওঁলোকে সেই একেইখিনি পুৰণা কাপোৰেই দিনৰ পিছত দিন ব্যৱহাৰ কৰে , ফলত উশাহ - নিশাহত বহুতো বিষাক্ত ৰাসায়নিক পদাৰ্থ সেৱন কৰে

PHOTO • Sapana Jaiswal

২২ বছৰীয়া মহম্মদ মণিৰুল ছেথৰ ঘৰো মালদা জিলাত তেওঁ স্কুলীয়া শিক্ষা আধাতে এৰি ১৭ বছৰ বয়সৰ পৰাই শ্ৰমিক হিচাপে কাম কৰি আছে কথা পাতিবলৈ তেওঁ অলপ সংকোচবোধ কৰিছিল

PHOTO • Sapana Jaiswal

খোৱা - বোৱা আৰু ঘৰ ভাড়াত খৰছ কৰাৰ পিছত তেওঁলোকে নিজৰ উপাৰ্জনৰ কিছু অংশ জমা কৰে আৰু বাকীখিনি প্ৰতিমাহে পৰিয়াললৈ পঠিয়ায়

অনুবাদ: সুগন্ধি প্ৰাপ্তি

Translator : Sugandhi Prapti

Sugandhi Prapti, from Guwahati, Assam, is a third-year undergrad student at the department of Sociology, Lady Shri Ram College for Women, University of Delhi. Fond of photography and filmmaking, she loves to capture people and their stories. She believes that having in-depth knowledge of one's mother tongue is one of our primary responsibilities.

Other stories by Sugandhi Prapti