তেওঁ বৰ খৰকৈ কঁথাখন চিলাই গৈছিল। বেজীটো খৰকৈ উঠা-নমা কৰিছিল। সেই বিদ্যা তেওঁ শিকিছিল আইতাকৰ পৰা। সৰু থাকোতে তেওঁ আইতাকৰ সেই শোতোৰা পৰা আঙুলিকেইটাই পুৰণি ধুতি, কপাহী চাদৰ, উৱলি যোৱা চোলা আদিৰ কোমল টুকুৰাবোৰেৰে কঁথা বনোৱা বৰ উৎসুকতাৰে চাইছিল। তেওঁৰ বিয়া হওঁতে যৌতুকত এনে এখন কঁথা পাইছিল। শীতাৰ্ত ৰাতিত গাত লৈ কুচি-মুচি শুবলৈ সেইখনেই আছিল তেওঁৰ নিৰ্ভয় গৰম কাপোৰ। কিন্তু তেওঁ যিদিনা নিজে এখন কঁথা চিলাবলৈ ল’লে, তেতিয়াই তেওঁ নানি জান (আইতাক)ৰ একেবাৰে কাষত থকা যেন অনুভৱ কৰিলে। তেওঁ সেই আৱেশত যেন নিজৰ ভাষাটো ক’বলৈ শিকিলে। তেওঁৰ বেজীটোত কল্পনা নাছিল, নিন্দা বা বিদ্ৰোহে তেওঁৰ বেজীটোক দিক দৰ্শোৱা নাছিল। তেওঁৰ হাতত বেজীটোৱে, আচলতে তেওঁ প্ৰাণ পাই উঠিছিল, তেওঁ সূতাডাল ভাল পাবলৈ শিকিলে আৰু কথাও পাতিলে। সূতাৰে ওপৰ-তল বাটেৰে তেওঁ জীয়াই উঠিল। তেওঁ সেই চিলাই আৰু ফুলবোৰত মুক্তমনে ভ্ৰমি ফুৰিল। তেওঁ মনতে কল্পনা কৰিলে এখন শুভ্ৰ চাদৰ, তাত ৰঙা, কমলা, সেউজীয়া ৰঙৰ লতাফুলৰ ভাঁজবোৰৰ মাজেৰে ভাটৌ এজাক উৰি গ’ল। লতাৰ ক্ষীণ, তীক্ষ্ণ পাতত তেওঁৰ ক্ষোভ তগবগাই উঠিল। তেওঁ তোলা ফুলবোৰৰ ঘনকৈ সীয়া মাজভাগত ক্ষুব্ধতাখিনি গোট খালে। মাছ, ঘোঁৰা, হাতী আৰু মৌমাখিবোৰে তেওঁৰ কোনোদিনে নোকোৱা কাহিনীবোৰৰ ছন্দত খোজ দিলে।

সাবিকা আব্বাচে কবিতাটো উৰ্দুত কৰা আবৃত্তি শুনক

প্ৰতিষ্ঠা পাণ্ড্যাই কবিতাটোৰ ইংৰাজী অনুবাদৰ কৰা আবৃত্তি শুনক

مادری زبانیں

شاید نہ میری
اور نہ  ہماری ماں کی کوئی زبان تھی
زبان تو مردوں کوملتی ہے
مردانیت کی وراثت میں
جس کو وہ جیسے چاہیں استعمال کر سکتے ہیں،
گالیاں ایجاد کرکے
غصہ کر،
قانون بنا کر،
چلاّ کر
کھوکھلے عشق کے خطوں میں،
دیواریں گود کر،
تاریخیں گڑھ کر

مردوں کی زبانیں ملتی ہیں
دفتی کی لغتوں میں
اس کو چھاپنے کے لیے
مشینوں کا ایجاد ہوا ہے
ماں کی زبانوں میں لکھی
کویتاؤں کےنیچے
خود کا نام گُدا ہے
بڑے بڑے کتاب گھروں میں
ان کی زبانوں کی ہی کتابیں اور میگزینوں کی
لمبی دھول بھری، جالا لگی الماریاں موجود ہیں
پارلیامنٹوں میں، ریلیوں میں
مردوں کی زبانیں ہی
بولی گئی ہیں
سنی گئی ہیں
لکھی گئی ہیں
سمجھی گئی ہیں
اشتہاروں میں چھاپی گئی ہیں

ہماری ماؤں کی زبانوں کی
تصویر و تاثیر الگ
انداز الگ
تاریخ الگ
بھاؤ الگ
باریک الگ

ڈبو کے عشق میں
بھگو کے لوبان کی دھونیوں میں
جہد کے دریا میں نہلا کر
مٹی کے قلم تیار کیے گئے ہیں
پھر چھپا کر انہیں رکھا گیا ہے
ساڑیوں کی پرتوں میں
ٹرنک میں دبا کر
انوکول موقعوں پر نکال کر
خون کی سیاہی سے ہتھیلیوں پر
مٹی کے قلم نے لکھی ہیں
ہماری مادری زبانیں

جب جب قلم بنا نہ سکیں
تو، بند کمروں کے کونوں میں
رانیوں نے، داسیوں نے
پھسپھسائی ہیں ہماری مادری زبانیں

جنہیں کمرے اور محل نہیں ملے
انہوں نے کھیتوں
اور جھونپڑیوں کی کچی زمینوں پر
ہنسیے اور کھرپیوں سے گودی ہیں
ہماری مادری زبانیں

جن کے ہاتھوں میں فن تھا انہوں نے
برقعوں اور ساڑیوں پر  کاڑھی ہیں
آری، زردوزی و مقیش کی
مادری زبانیں

قبروں کی اینٹوں پر گدی
مادری زبانیں
چتاؤں کی راکھ میں بجھی
مادری زبانیں
خوابیدہ پلکوں سےکھلے لال آسمان پر لکھی
مادری زبانیں
آندولنوں کی گلابی پکار
مادری زبانیں
دلوں کی دھڑک، عشق کی جھنکار
مادری زبانیں
تمنا کی طلب گار
مادری زبانیں

مردوں کی زبانوں کا
رنگ ایک
طریقہ ایک
آواز ایک
مگر رنگ برنگی اٹھلاتی
رس دار، نانا پرکار
مادری زبانیں
اختری کے حلق سے گرے الفاظ
فاطمہ کا انداز
عشق میں سرفراز
مادری زبانیں

ان ساری زبانوں کو چن کر
لفظوں کو سمیٹ کر
ہم لکھ رہے ہیں
نئے سرے سے
ہماری خود کی
مزیدار، جرار، تیز طرار، لمبی
مادری زبانیں

মাহঁতৰ ভাষাবোৰ

হয়তো মোৰ মা আৰু মোৰ
নিজা কণ্ঠ নাছিল
কণ্ঠ আছিল পুৰুষে পোৱা বংশগত উপহাৰ
তাকে সিহঁতে নিজে গঢ়ি-পিতি ব্যৱহাৰ কৰিছিল
গালি-শপনি দিবলৈ
খং-ৰাগ উজাৰিবলৈ
আইন জাপি দিবলৈ
আৰু ভিতৰিশূন্য প্ৰেমপত্ৰ লিখিবলৈ,
দেৱালত লিখিবলৈ
আৰু ইতিহাস নিৰ্মাণ কৰিবলৈ।

পুৰুষৰ বাবে শব্দবোৰ আহে
পকাবন্ধা মোটা কিতাপ হৈ
সেইবোৰ ছপাবলৈ মেচিন আৱিস্কাৰ হ’ল
মাৰ ভাষাত লিখা কবিতাৰ তলত
লিখা হ’ল পুৰুষবোৰৰ নাম।
তেওঁলোকৰ ভাষাত লিখা কিতাপবোৰ
মিথ্যাৰে ভৰা। ডাঙৰ ডাঙৰ গ্ৰন্থাগাৰৰ
ধূলি-মাকতিৰে ভৰা চেলফত থোৱা।
সংসদত, জনসভাত
তেওঁলোকৰেই ভাষা চলে
তেওঁলোকৰেই ভাষা শুনা হয়
নথিভুক্ত কৰা হয়,
লিখা হয়,
বুজা হয়,
বিজ্ঞাপন ছপা হয়।

আমাৰ মাহঁতৰ ভাষাবোৰ আছিল ভিন্ন।
ভাৱৰ প্ৰকাশত
প্ৰভাৱত
শৈলীত
ইতিহাসত
কথনত।

তেওঁলোকে ভালপোৱাৰ ভিজা মাটিৰ
নিজৰি কাপ সাজি
হাতত তুলি লৈছিল
ধূনাৰ ঐন্দ্ৰজালিক ধোঁৱাত তিয়াই
আৰু তেজ-ঘামত ধুই,
পুৰণি চাদৰখনৰ ভাঁজত, বাকচটোৰ তলত
নিৰাপদে লুকুৱাই থৈ দিছিল।
এই মাটিৰ কাপেই কেতিয়াবা ভৰপক ক্ষণত
আমাৰ হাতৰ তলুৱাত তেজৰঙা মহীৰে লিখে
আমাৰ মাহঁতৰ ভাষাবোৰ।

আৰু যদি ৰুদ্ধদ্বাৰ কোঠাত কাপ গঢ়ি ল’ব পৰা নাই,
তেওঁলোকে ফুচফুচাই কৈছে আমাৰ মাহঁতৰ ভাষাবোৰ,
ৰাণী আৰু দাসীবোৰে।

যাৰ কোঠা নাছিল, নাছিল অট্টালিকা,
তেওঁলোকে নিজ পথাৰৰ বোকামাটিভৰা বুকুত
কাচি আৰু কৰণিৰে,
জুপুৰীৰ মজিয়াত লিখিছিল
আমাৰ মাহঁতৰ ভাষাবোৰ।

যাৰ আঙুলি আছিল কামত কাজী
তেওঁলোকে আৰী, মুকাইশ আৰু জৰদৌজীৰে গঢ়া মাতৃভাষাত
সী লৈছিল অবায়া আৰু শাড়ী।

কবৰৰ শিলত খোদাই কৰা হৈছে
আমাৰ মাতৃভাষা
চিতাৰ জুইত জ্বলি
আকাশত ৰঙাকৈ লিখা হৈছে
সপোনভৰা অৱসন্ন চকুত ধৰা দিছে।
ইনকিলাবৰ লাল শ্লোগানত
আমাৰ বুকুৰ ধপধপনিত
প্ৰেমৰ গীতবোৰত
অধীৰ একান্ত বাঞ্চাত আছে
আমাৰ মাহঁতৰ ভাষাবোৰ !

পুৰুষৰ ভাষাবোৰ একেই
একেই ৰং
একেই ৰূপ
একেই স্বৰ
সুৱদী সাতোৰঙী ৰামধেনুৰ দৰে
বৈচিত্ৰময় মাহঁতৰ ভাষাবোৰ।
আমাৰ মাহঁতৰ ভাষাবোৰ
যেন আখতাৰীৰ কণ্ঠৰে নিগৰা শব্দ
ফাটিমাই শিকাৰ দৰে
প্ৰেমৰ সৰ্বোচ্চ চুড়াত থিয় দি কোৱা কথাখিনিৰ দৰে।

আমি এতিয়া আটাইবোৰ শব্দ গোটাবলৈ লৈছো
লিখিবলৈ লৈছো,
আমাৰ ৰোমাঞ্চভৰা সাহসী,
তৰ্ক আৰু তৰোৱালৰ তীক্ষ্ণতাৰে
নতুন এক আৰম্ভণি লিখি আছো।


অনুবাদ: পংকজ দাস

Poem : Sabika Abbas

Sabika is a poet, organiser and story teller. She is a Senior Editor at SAAG Anthology and Leads Movement and Community work with Fearless Collective.

Other stories by Sabika Abbas
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Painting : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das