প্ৰথম দৃষ্টিতে পেৰুৱেম্বা গাওঁখন দেখিলে চামৰা সংশোধন কৰা ঠাই যেন লাগিল। গৰু, ম’হ আৰু ছাগলীৰ ছাল গাওঁখনৰ মানুহৰ চোতালত শুকাবলৈ দিয়া হয়। দেখিলে এনে লাগে যেন বিক্ৰীৰ কাৰণে চামৰা সংসাধন কৰা হৈছে। কিন্তু ঘৰৰ চোতালবিলাকৰ পিছত যেতিয়া ঘৰৰ ভিতৰফালে দৃষ্টি নিক্ষেপ কৰিব, দেখিবলৈ পাব যে অপৰিশোধিত চৰ্মৰাজি কাড়াচি কোল্লান সম্প্ৰদায়ৰ হস্তশিল্পীসকলে উচ্চ মানসম্পন্ন সংগীতৰ ঘাত-বাদ্য যন্ত্ৰলৈ ৰূপান্তৰ কৰিছে।

কেৰালাৰ পালাক্কাড় চহৰৰ পৰা ১৪ কিলোমিটাৰ দূৰত অৱস্থিত পেৰুৱেম্বা গাঁৱত চামৰাৰে তৈয়াৰী বাদ্যযন্ত্ৰৰ প্ৰতি সমগ্ৰ দক্ষিণ ভাৰতৰ সংগীতজ্ঞসকলৰ অতি হেপাহ। “এই বাদ্যযন্ত্ৰবোৰ বজাব পৰা আমি সংগীতজ্ঞ নহয়, কিন্তু ভাল মানসম্পন্ন বাদ্যযন্ত্ৰ তৈয়াৰ কৰাৰ সুক্ষ্মতাৰ বিষয়ে আমি জানো,” এজন কাড়াচি কোল্লান মৃদংগ তৈয়াৰ কৰা ৪৪ বছৰ বয়সীয়া শিল্পী কে. মানিকান্দনে কয়। “আমি আগধন আৰু আগতীয়া বন্দৱস্তৰ ভিত্তিত বাদ্যযন্ত্ৰ তৈয়াৰ কৰো। আমি গ্ৰাহকৰ প্ৰয়োজন অনুসৰি গ্ৰাহকৰ ইচ্ছাপূৰণ কৰো। আমি দোকানত বা বাণিজ্যিক বিক্ৰেতাক আমাৰ উৎপাদিত সামগ্ৰী বিক্ৰী নকৰো।”

মন্দিৰৰ সংগীত আৰু কৰ্ণাটকী সংগীতত বহুলভাৱে ব্যৱহৃত মৃদংগম, মাদলম, চেন্দা, তবলা, ঢোল, গঞ্জিৰা আৰু বিভিন্ন ধৰণৰ ঢোল-ডবা আদি পেৰুৱেম্বাৰ কাড়াচি কোল্লানসকলে ন ন আৰ্হিত উৎপাদন কৰে। প্ৰায় ২০০ বছৰ ধৰি এই সম্প্ৰদায়ৰ লোকসকলে সংগীতৰ ঘাত-বাদ্য যন্ত্ৰ তৈয়াৰ কৰি আহিছে। এই বৃত্তিত জড়িত হোৱাৰ আগতে এই সম্প্ৰদায়ৰ লোকসকল বৃত্তিত কমাৰ আছিল আৰু তেওঁলোকে কৃষি-সঁজুলি তৈয়াৰ কৰিছিল বুলি মানিকান্দনে কয়। কৰ্ণাটকী সংগীতৰ কেন্দ্ৰৰূপে পালাক্কাড় খ্যাত হোৱাটোৱে পেৰুৱেম্বা গাঁৱৰ কাড়াচি কোল্লানসকলকো অনুপ্ৰাণিত কৰে। এই গাওঁখন পালাক্কাড় জিলাৰ পেৰুৱেম্বা গ্ৰাম পঞ্চায়তৰ অধীনস্থ, ভাল উপাৰ্জনৰ বাবে ইয়াৰ লোকসকলে বাদ্যযন্ত্ৰ সজা কামত ধৰে।

কালক্ৰমত কেৰালাৰ বাহিৰৰ কৰ্ণাটকী সংগীত মহলতো পেৰুৱেম্বাৰ সুনাম বিয়পি পৰিল। মৃদংগম বিশাৰদ পালঘাট টি এছ মণি আয়াৰ (১৯১২-১৯৮১) পেৰুৱেম্বাৰ মৃদংগৰে শ্ৰেষ্ঠত্ব লাভ কৰাৰ পিছত পেৰুৱেম্বাৰ খ্যাতি বিয়পি পৰে। তেওঁ মাদ্ৰাছ (বৰ্তমান চেন্নাই)ৰ বহুতো সংগীতজ্ঞক গাওঁখন চাবলৈ আমন্ত্ৰণ জনায়, বহুতো কাড়াচি কোল্লান হস্তশিল্পীসকলৰ স্থায়ী গ্ৰাহকলৈ পৰিণত হয়। মানিকান্দনৰ পিতৃ কৃষ্ণন মুৰুথালাপাৰাম্বুয়ে আয়াৰে ব্যৱহাৰ কৰা মৃদংগমসমূহ তৈয়াৰ কৰিছিল আৰু এই হস্তশিল্পীজনৰ সৈতে সংগীতজ্ঞজনৰ ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল।

The Kadachi Kollan wash and dry the animal skins in their courtyards in Peruvemba village
PHOTO • P. V. Sujith

পেৰুৱেম্বা গাঁৱৰ নিজৰ ঘৰৰ চোতালত কাড়াচি কোল্লানসকলে জন্তুৰ ছামৰা ধুই শুকাবলৈ দিয়ে

বৰ্তমান পেৰুৱেম্বা গাওঁখনত বসবাস কৰা ৩২০টা পৰিয়ালৰ ভিতৰত ৮০ টা পৰিয়াল কাড়াচি কোল্লান সম্প্ৰদায়ৰ (গ্ৰাম পঞ্চায়তৰ হিচাপ অনুসৰি)। ২০০৭ চনত গাওঁখনৰ হস্তশিল্পীসকলে কেৰালা ৰাজ্যিক থুকাল বাদ্যোপকৰণ নিৰ্মানা সংঘম নামেৰে চৰ্মভিত্তিক বাদ্যযন্ত্ৰ তৈয়াৰ কৰা সকলোকে লৈ ৰাজ্যভিত্তিক এটা সংগঠন গঢ়ি তোলে। তেতিয়াৰে পৰা বাদ্যযন্ত্ৰৰ বিক্ৰীমূল্য আৰু মেৰামতিৰ দাম তথা সংৰক্ষণৰ দিশবিলাক যৌথভাৱে সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি তেওঁলোকে সংগঠনৰ সকলো সদস্যৰ মাজত কাম সমানে ভগাই ল’বলৈ নিশ্চিত কৰে। এই সংগঠনৰ সম্পাদক হ’ল মানিকান্দন। ইয়াৰ ৬৫ জন সদস্য আছে আৰু ১১৪ জন প্ৰশিক্ষাৰ্থী আছে।

পেৰুৱেম্বাৰ হস্তশিল্পীসকলে কিছু বছৰ ধৰি ভাল উপাৰ্জন কৰি আহিছিল। বাদ্যযন্ত্ৰী শিল্পী তথা সংগীত প্ৰতিষ্ঠানৰ আগতীয়া বন্দৱস্ত মতে তেওঁলোকে বাদ্যযন্ত্ৰৰ আৰ্হি তৈয়াৰ কৰাৰ লগতে বাদ্যযন্ত্ৰও তৈয়াৰ কৰিছিল। কিন্তু ক’ভিড-১৯ৰ বাবে এই সকলোবিলাক সলনি হৈ গ’ল।

২০২০ৰ জানুৱাৰীত কেৰালাত যেতিয়া দেশৰ ভিতৰতে তিনিজন ক’ৰনা ভাইৰাছ সংক্ৰমিত ব্যক্তি ধৰা পৰিল, তেতিয়া চৰকাৰে কঠোৰভাৱে লকডাউন আৰোপ কৰে। ফেব্ৰুৱাৰীৰ পিছত পেৰুৱেম্বালৈ কোনো গ্ৰাহক আহিব নোৱাৰা হ’ল, সেয়ে গ্ৰীষ্মকালতো কামৰ আগতীয়া বন্দৱস্ত পোৱা নগ’ল - এই সময়ছোৱা বিক্ৰীৰ ভাল সময় আছিল।

“ফেব্ৰুৱাৰীৰ পৰা জুনলৈকে কেৰালাত বিভিন্ন ধৰণ উৎসৱ হয়। কিন্তু এই সময়ছোৱাত কোনেও এটা বাদ্যযন্ত্ৰ ক্ৰয় কৰিবলৈ নাহিল। কোনেও একো জানিব নিবিচাৰিলে আৰু মেৰামতিৰ কামো পোৱা নগ’ল,” মানিকান্দনে কয়। গ্ৰীষ্মকালত কেৰালাৰ মন্দিৰ আৰু গীৰ্জাসমূহত অনুষ্ঠিত হোৱা বিভিন্ন উৎসৱে সংগীতজ্ঞ-বাদ্যযন্ত্ৰীসকলক ব্যাপক পৰিসৰত একগোট কৰে। কেতিয়াবা একেলগে ৫০০ৰো অধিক হয়। তেওঁলোকে একে সময়তে কেইবাঘণ্টা ধৰি পাঞ্চাৰি মেলাম আৰু পঞ্চবাদ্যমৰ দৰে পৰম্পৰাগত সুৰ-সমলয় অনুষ্ঠিত কৰে।

লকডাউনৰ সময়ত লক্ষণীয়ভাৱে বিক্ৰী হ্ৰাস পালে। ২০২০ত লকডাউনৰ আগতে পেৰুৱেম্বাৰ ২৩ টা বাদ্যযন্ত্ৰ বিক্ৰী হৈছিল। “কেৱল মৃদংগম আৰু তলা বিক্ৰী হৈছিল, এটাও চেন্দা বিক্ৰী হোৱা নাছিল,” মানিকান্দনে কয়। তুলনামূলকভাৱে ২০১৯ত ৩৮০ টা বিক্ৰী হোৱা বাদ্যযন্ত্ৰৰ ভিতৰত ১১২ টা চেন্দা আছিল, চেন্দা হৈছে পাঞ্চাৰী মেলাম সংগীতানুষ্ঠানত ব্যৱহৃত মূল ঢোল।

Left: K. Manikandan fastens the leather straps of a mridangam. Right: Ramesh and Rajeevan Lakshmanan finish a maddalam
PHOTO • P. V. Sujith
Left: K. Manikandan fastens the leather straps of a mridangam. Right: Ramesh and Rajeevan Lakshmanan finish a maddalam
PHOTO • P. V. Sujith

বাওঁফালে: কে মানিকান্দনে মৃদংগম এটাৰ চামৰাৰ দন টানিছে। সোঁফালে: ৰমেশ আৰু ৰাজীৱন লক্ষ্মণনে এটা মাদলম সজা শেষ কৰিছে

কথাকলি নৃত্য-মাতত সংগীতকাৰসকলে ব্যৱহাৰ কৰা চেন্দা আৰু শুদ্ধ মাদলম পেৰুৱেম্বাৰ অতি জনপ্ৰিয় বাদ্যযন্ত্ৰ। একোটা নতুন মাদলম সাধাৰণতে ২৫,০০০ টকাৰ, চেন্দা ১২,০০০-১৫,০০০ টকাত বিক্ৰী হয় বুলি ৩৬ বছৰীয়া ৰাজীৱন লক্ষ্মণনে কয়। মাদলমৰ ছাল সলনি কৰিবলৈ একোজন হস্তশিল্পীয়ে ১২,০০০ টকা লয়, মাদলমৰ জৰিবোৰ টানিবলৈ বা সলনি কৰিবলৈ তেওঁলোকে ৮০০ টকা লয়। প্ৰতিবিধ বাদ্যযন্ত্ৰ বিক্ৰী কৰিলে তেওঁলোকৰ লাভ হয় আঠ শতাংশ।

“ক’ভিড লকডাউনৰ আগতে, গাওঁখনৰ প্ৰতিটো পৰিয়ালে মাহে ১৭,০০০-৪০,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিছিল,” মনি পেৰুৱেম্বা নামৰ ৬৪ বছৰীয়া লোকজনে কয়।

“আমাৰ জীৱিকাৰ আন উপায় নথকা বাবে আমাৰ সংকট অতি বেছি হৈ পৰিছে,” ৰাজীৱনে কয়। কিন্তু লকডাউনৰ সময়ত খেতি পথাৰে কাড়াচি কোল্লান পৰিয়ালবোৰক অলপ সহায় কৰিছে, খেতিৰ পৰা তেওঁলোকে অলপ উপাৰ্জন কৰিছিল। গাওঁখনত প্ৰতিঘৰ মানুহৰে আধা একৰৰ পৰা এক একৰ পৰ্য্যন্ত খেতিৰ মাটি আছে। সেই মাটিত তেওঁলোকে কল আৰু নাৰিকলৰ খেতি কৰিছিল। কল প্ৰতি কিলোত ১৪ টকা আৰু নাৰিকল প্ৰতি কিলোত ৫৪ টকা হিচাপে স্থানীয় বজাৰত বিক্ৰী হয়। নিজে খোৱাৰ কাৰণে কিছুমান পৰিয়ালে ধান খেতি কৰে।

মহামাৰীৰ আগতেও জীৱ-জন্তুৰ চামৰা বিচাৰি বাদ্যযন্ত্ৰ নিৰ্মাতাসকল সমস্যাৰ সন্মুখীন হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ (ঘৰচীয়া জীৱজন্তুৰ বজাৰ বিনিয়ম) বিধি, ২০১৭য়ে গৰুৰ চামৰাৰ সহজলভ্যতা হ্ৰাস কৰিছে। পশুধনৰ আন্তঃৰাজ্যিক সৰবৰাহ এই বিধিৰ বাবে বাধাগ্ৰস্ত হৈছে। তামিলনাডুৰ কইম্বাটোৰ জিলাৰ কচাইখানাৰ পৰা পশুৰ ছাল যোগান ধৰাও সম্পূৰ্ণ বন্ধ কৰা হ’ল।

পেৰুৱেম্বাৰ বাদ্যযন্ত্ৰ নিৰ্মাতাসকলে এতিয়া গাওঁখনৰ পৰা তিনি কিলোমিটাৰ নিলগৰ পুথুনগৰমত থকা মাংসৰ বজাৰত ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। “চৰ্ম বিক্ৰেতাসকলো সংকটত পৰিছে। পৰিস্থিতি এনেদৰে থাকিলে, আমি বাদ্যযন্ত্ৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ বাধ্য হ’ম,” ৰাজীৱনৰ ভাতৃ ২৫ বছৰীয়া ৰমেশ লক্ষ্মননে কয়।

Left: The men of a family work together at home. Right: Applying the black paste on a drumhead requires precision
PHOTO • P. V. Sujith
Left: The men of a family work together at home. Right: Applying the black paste on a drumhead requires precision
PHOTO • P. V. Sujith

বাওঁফালে: পৰিয়ালটোৰ পুৰুষবোৰে একেলগে কাম কৰে। সোঁফালে: ঢোলৰ তালিখনত ক’লা আৱৰণ লগোৱা কামটো সূক্ষ্মতাৰে কৰিব লাগে

“গৰুৰ ছাল অবিহনে পেৰুৱেম্বাত বাদ্যযন্ত্ৰ সজা সম্ভৱ নহয়,” ৩৮ বছৰীয়া হস্তশিল্পী সুমদ কাননে কয়। এটা গৰুৰ ছালৰ দাম ৪,০০০ টকা। “সকলো জন্তুৰ ছালৰ ভিতৰত গৰুৰ ছাল সকলো বাদ্যযন্ত্ৰতে লাগে। মৃদংগমত কম পৰিমাণৰ লাগে আৰু মাদলমত আটাইতকৈ বেছি পৰিমাণৰ লাগে।” ম’হ বা গৰুৰ চামৰাৰ লগত মিহলি কৰিবলৈ গৰুৰ চামৰা লাগে, প্ৰতিবিধ বাদ্যযন্ত্ৰতে বিভিন্ন পৰিমাণৰ প্ৰয়োজন হয়। “গৰুৰ ছাল যিহেতু চেন্দা আৰু মাদলমত বেছি প্ৰয়োজন হয়, ছাগলীৰ ছাল কেৱল মৃদংগমত ব্যৱহাৰ হয়। গৰুৰ অন্ত্ৰ ইড়াক্কা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়,” ৪৭ বছৰীয়া কে ভি বিজয়মে কয়।

কাড়াচি কোল্লানসকলৰ গোটেই পৰিয়াল বাদ্যযন্ত্ৰ নিৰ্মাণৰ কামত জড়িত হয়। মহিলাসকলে চামৰাবিাক ধুই, ঘঁহি-পিহি দিয়ে আৰু শুকোৱাৰ পিছত সেইবিলাক মসৃণ কৰা হয়। পুৰুষসকলে চামৰাবিলাক যন্ত্ৰত ব্যৱহাৰৰ উপযোগী কৰে, কাঠবিলাক বাদ্যযন্ত্ৰৰ বাবে প্ৰয়োজনীয় আকাৰ দিয়ে আৰু যন্ত্ৰবিধ তৈয়াৰ কৰি উলিয়ায়। বাদ্যযন্ত্ৰ তৈয়াৰ কৰা সঁজুলিবিলাক তেওঁলোকে নিজে তৈয়াৰ কৰি লয়, যেনে বটালী, চুৰিকটাৰী, ক্ষুৰ, সঁজুলি ধাৰ দিয়া তথা চেপেনা ইত্যাদি। শিশুসকলক সৰুৰে পৰা প্ৰশিক্ষণ দিয়া হয় আৰু আনকি ক’লা গোলাকাৰ অংশত আঠা লগাবলৈও শিকোৱা হয় - ইয়াক মাশিয়িড়াল বুলি কোৱা হয়। ঢোলৰ একেবাৰে মূৰৰ অংশত থাকে। স্থানীয়ভাৱে উপলব্ধ এবিধ ক’লা শিল - পূৰানাক্কাল্লুৰ গুড়ি মিহলি কৰি আঠা তৈয়াৰ কৰা হয় আৰু সিজোৱা চাউলৰ সৈতে ইয়াক সানি-পিটিকি পেলোৱা হয়। “এই আঠা লগাবলৈ অতি নিৰ্ভূল আৰু সুক্ষ্ম সঠিকতাৰ প্ৰয়োজন,” সুমোড কৃষ্ণনে কয়।

পালাক্কাড় জিলাত পৰ্য্যাপ্ত পৰিমাণে উৎপাদন হোৱা কঠাল গছৰ কাঠেৰে পেৰুৱেম্বা গাঁৱত হস্তশিল্পীসকলে সকলো বাদ্যযন্ত্ৰ নিৰ্মাণ কৰে। হস্তশিল্পীসকলে স্থানীয় কৃষক আৰু ব্যৱসায়ীৰ পৰা ঘনমিটাৰত ২৭০০ টকাকৈ দাম ভৰি ক্ৰয় কৰে।

উত্তৰ-পূৱ মৌচুমীৰ আগমন বিলম্বিত হ’লে (অক্টোবৰ-ডিচেম্বৰ) কঠাল গছৰ কাঠৰ মান কিছু পৰিমাণে নষ্ট হয়, ৰাজীৱনে কয়। “এইটো হয় বতৰৰ পৰিৱৰ্তনৰ কাৰণে। জীৱ-জন্তুৰ ছাল শুকোৱাৰ পৰম্পৰাগত পদ্ধতিৰ প্ৰতি ভাবুকি আহে,” তেওঁ কয়। ২০২০ৰ ডিচেম্বৰৰ পৰা ২০২১ৰ জানুৱাৰীৰ মাজত কেৰালাত এশ বছৰৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হৈছিল বুলি ডাঃ গোপাকুমাৰ চৌলাইলে কয়। কেৰালাৰ তিৰুছুৰত থকা কেৰালা কৃষি বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন শিক্ষা আৰু গৱেষণা একাডেমিত বৈজ্ঞানিক বিষয়া ৰূপে ডাঃ চৌলাইল বৰ্তমান কৰ্মৰত।

“আমি বিকল্প বস্তু ব্যৱহাৰৰ কথা কেতিয়াও ভবা নাছিলো। কঠাল গছৰ কাঠ আৰু গৰু-ম’হ-ছাগলীৰ ছাল আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, চৰকাৰে যদি সমগ্ৰ দেশত গোহত্যা বন্ধ কৰে, তেনেহ’লে আমি পুনৰ বাঁ-পিতল-লোৰ কাম কৰিবলৈ ঘূৰি যাব লাগিব,” মানিকান্দনে কয়। ৰাজ্যখনৰ আন আন ঠাইতো কাড়াচি কোল্লান সম্প্ৰদায়ৰ মানুহ আছে। পালাক্কাড জিলাৰ লাক্কিড়ি-পেৰুৰ আৰু তিৰুছুৰ জিলাৰ ভেল্লাৰাক্কাড় আৰু ভেলাপ্পায়াত থকা লোকসকলে এতিয়াও কৃষিকাৰ্য্যত ব্যৱহৃত সঁজুলি তৈয়াৰ কৰে বুলি তেওঁ কয়।

Kadachi Kollan craftsmen start learning the craft in their childhood
PHOTO • P. V. Sujith

কাড়াচি কোল্লান হস্তশিল্পৰ প্ৰশিক্ষণ শৈশৱৰে পৰা আৰম্ভ হয়

২০১৯ত কেৰালা চৰকাৰে কাড়াচি কোল্লান বৰ্গত অনুসূচীত জনজাতিৰ তালিকাৰ পৰা আঁতৰাই দিয়ে আৰু অনান্য পিছপৰা জাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰে। তেতিয়াৰে পৰা এই সম্প্ৰদায়টোৱে চৰকাৰী সাহায্য আৰু সমৰ্থন নোপোৱা হ’ল। “ৰাজ্য চৰকাৰে অধ্যয়ন আৰু অনুসন্ধান কৰি জানিব পাৰিলে যে কাড়াচি কোল্লানসকল অনান্য পিছপৰা বৰ্গৰ অন্তৰ্ভূক্ত। কোনোবাই নথিপত্ৰ নকল কৰিব পাৰে আৰু আমাক অনুসূচীত জনজাতিৰ প্ৰমাণপত্ৰ দিব পাৰে। কিন্তু বৰ্তমান চৰকাৰৰ পৰা কোনো ধৰণৰ বিত্তীয় সাহায্য আৰু সমৰ্থন লাভ কৰা নাই,” মানিকান্দনে কয়।

পালাক্কাড় জিলাৰ প্ৰতিষ্ঠিত সাংস্কৃতিক সংস্থা স্বৰলয়ৰ সচিব টি. আৰ. অজয়নে কয় কৰ্ণাটকী সংগীতৰ ভঁৰাল ৰূপে পালাক্কাড় জিলাই সুখ্যাতি অৰ্জন কৰিছে আৰু এই সুখ্যাতিৰ সৈতে পেৰুৱেম্বাৰ বাদ্যযন্ত্ৰ নিৰ্মাতা হস্তশিল্পীসকল আৰু তেওঁলোকৰ পৰম্পৰাৰ যথেষ্ট অৱদান আছে। “ৰাজ্যখনৰ মন্দিৰ আৰু সংগীতানুষ্ঠান তথা ৰাজ্যখনৰ বাহিৰৰ বহুতো অনুষ্ঠান এই গাওঁখনৰ ওপৰত নিৰ্ভৰশীল। আন কোনো ঠাইত এনেদৰে ভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ তৈয়াৰ নকৰে।”

কিন্তু পেৰুৱেম্বাৰ যুৱ প্ৰজন্মই আন বৃত্তি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। “এই কাম (বাদ্যযন্ত্ৰ নিৰ্মাণ)ৰ বাবে সাংঘাতিক প্ৰচেষ্টা আৰু ধৈৰ্য্য লাগে। কঠোৰ পৰিশ্ৰম হৈছে এই কামৰ প্ৰাথমিক বিনিয়োগ। সেয়ে নৱ প্ৰজন্মই আন বৃত্তিৰ প্ৰতি চকু দিছে,” ২৯ বছৰীয়া এম. ৰবিচন্দ্ৰনে কয়, তেওঁৰ ২১ বছৰীয়া ভ্ৰাতৃ বৰ্তমান পালাক্কাড় মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ। “নিয়ম মতে আমাৰ পৰিয়ালৰ মানুহে দ্বাদশ শ্ৰেণী নোপোৱালৈকে পঢ়ে আৰু তাৰপিছত এই বৃত্তিত পূৰ্ণকালীনভাৱে জড়িত হয়। কিন্তু নতুন প্ৰজন্মৰ লক্ষ্য আৰু আকাংক্ষা বেলেগ, কিন্তু গাওঁখনে ইয়াৰ অনন্য অস্তিত্ব অটুট ৰাখিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।”

লকডাউনৰ সময়ছোৱাত পেৰুৱেম্বাৰ কাড়াচি কোল্লান পৰিয়ালসমূহে মুখামুখি হোৱা সংকটৰ যাত্ৰা অভূতপূৰ্ব, মানিকান্দনে কয়। কিন্তু তেওঁ বিশ্বাস কৰে যে ভাল দিন আহি আছে। ডিচেম্বৰ মাহত কাড়াচি কোল্লান শিল্পী সংগঠনটোৱে বাৰটা বাদ্যযন্ত্ৰ মেৰামতি কৰাৰ কাম পায় আৰু নতুন বাদ্যযন্ত্ৰ তৈয়াৰ কৰা সম্পৰ্কেও জানুৱাৰী মাহত আলাপ-আলোচনা হৈছে। “পৰিস্থিতি দেখি অনুমান হয় যে ফেব্ৰুৱাৰীৰ শেষৰ পৰা আমি আকৌ আগৰ দৰে বাদ্যযন্ত্ৰ নিৰ্মাণ কৰাৰ ফৰ্মাইচ পাম, এই সংখ্যা প্ৰথম অৱস্থাত বেছি নহ’ব পাৰে, মই নাভাবো যে ২০২১ চনটো ২০২০ চনৰ পুনৰাবৃত্তি হ’ব,” তেওঁ কয়।

অনুবাদ: পংকজ দাস

K.A. Shaji

K.A. Shaji is a journalist based in Kerala. He writes on human rights, environment, caste, marginalised communities and livelihoods.

Other stories by K.A. Shaji
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das