ৰামচন্দ্ৰ পুলৱৰে কাম কৰি থকা ঠাইখনত সিঁচৰতি হৈ থকা বিভিন্ন পুতলাবোৰলৈ চাই তেওঁ কয়, “এইবোৰ নিৰ্জীৱ কিবা চামৰাৰ বস্তু নহয়। এইবোৰৰ গাত ইশ্বৰ আছে, সৰগীয় দেৱ-দেৱীৰ এয়া সাকাৰ ৰূপ।” খুব সুক্ষ্মভাৱে কাম কৰা তেওঁৰ পুতলাবোৰ তোলপাৱকুট্টু পুতলানাচত ব্যৱহৃত হয়। এয়া কেৰালাৰ মালাবৰৰ দক্ষিণ উপকূলৰ এক জনপ্ৰিয় কৃষ্টি।

পৰম্পৰাগতভাৱে এই পুতলাবোৰ বিশেষ কিছুমান সম্প্ৰদায় যেনে চাক্কিলিয়ানসকলে সাজি উলিয়াইছিল। শিল্পবিধৰ জনপ্ৰিয়তা কমি অহাত তেওঁলোকৰো আগ্ৰহ কমিল আৰু আন কামত ধৰিলে। সেয়ে কৃষ্ণনকুট্টি পুলাৱৰে শিল্পবিধ জীয়াই ৰখাৰ স্বাৰ্থত আনক শিকোৱাৰ দায়িত্ব ল’লে। তেওঁৰ পুত্ৰ ৰামচন্দ্ৰই আকৌ আৰু এখোজ আগুৱাই গৈ তেওঁৰ পৰিয়ালৰ লগতে চুবুৰীটোৰ মহিলাকসকলক এই শিল্পবিধৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। মন্দিৰৰ চৌহদত সাধাৰণতে পুৰুষে কৰা এই কামটোত এতিয়া ৰাজলক্ষ্মী, ৰজিতা আৰু অস্বস্থিহঁতে হাত দিব পাৰিছে।

এই পুতলাবোৰক কেৱল সেয়া নিৰ্মাণ কৰা শিল্পীসকলেই পৱিত্ৰ বুলি গণ্য কৰা নহয়, পুতলানাচ চাবলৈ অহা ভক্তসকলেও পুতলাবোৰক পৱিত্ৰ বুলি বিবেচনা কৰে। শিল্পসকলে পুতলাবোৰত ৰং কৰাৰ পৰা আৰম্ভ কৰি বিশেষ কিছুমান হাতুৰী-বতালিৰে তাক আকাৰ দিয়ে। “নিপুণ কমাৰ পাবলৈ নোহোৱা হোৱাত আজিকালি এই বিশেষ সঁজুলিবোৰো বনোৱা মানুহ পাবলৈ নাইকিয়া হ’ল,” ৰামচন্দ্ৰৰ পুত্ৰ ৰাজীৱ পুলাৱৰে কয়।

তথ্যচিত্ৰখন চাওক: পালাক্কাড়ৰৰ পুতলা নিৰ্মাতাসকল

পুতলাবোৰৰ নিৰ্মাণশৈলী প্ৰকৃতি আৰু প্ৰবাদৰ দ্বাৰা অনুপ্ৰাণিত। আৰ্হিবোৰ চাউলৰ দানা, চন্দ্ৰ আৰু সূৰ্য্যৰ দ্বাৰা অনুপ্ৰাণিত আৰু প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰতি উৎসৰ্গিত। মহাদেৱৰ ডম্বৰু আৰু কিংবদন্তিৰ পৰা অনুপ্ৰাণিত পোচাকৰ আৰ্হিৰে পুতলাবোৰ সজা হয়। চাওক: তোলপাৱকুট্টুৰ ছাঁ পুতলা নাচ

পুতলানাচৰ শিল্পীসকলে পুতলাবোৰ ৰং কৰিবলৈ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰে। কিন্তু এই ৰংবোৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া বৰ কষ্টসাধ্য। যুগৰ সৈতে মিলিবলৈ তেওঁলোকে এক্ৰিলিক ৰং ব্যৱহাৰ কৰে, বিশেষকৈ ছাগলীৰ ছাল, যিটো ডিজাইন আৰু ৰঙৰ আৰ্হিৰ সৈতে পৰীক্ষা-নিৰীক্ষাৰ বাবে ভাল।

তোলপাৱকুট্টু পৰম্পৰা কেৰালাৰ মালাবৰ অঞ্চলৰ সাংস্কৃতিক সমন্বয় আৰু পৰম্পৰাৰ এক প্ৰতীক আৰু বিভিন্ন শ্ৰেণীৰ লোকে ইয়াক বৃত্তি হিচাপে লোৱাটো এক আনন্দৰ বিষয়।

এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Sangeeth Sankar

Sangeeth Sankar is a research scholar at IDC School of Design. His ethnographic research investigates the transition in Kerala’s shadow puppetry. Sangeeth received the MMF-PARI fellowship in 2022.

Other stories by Sangeeth Sankar
Text Editor : Archana Shukla

Archana Shukla is a Content Editor at the People’s Archive of Rural India and works in the publishing team.

Other stories by Archana Shukla
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das