चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश्च नैक्षेरन्नश्नतो द्विजान् ॥

চণ্ডাল, বৰাহ, কুকুৰা, কুকুৰ,
ৰজস্বলা নাৰী আৰু নপুংসকে দ্বিজসকলৰ খাদ্যগ্ৰহণ প্ৰত্যক্ষ কৰা অনুচিত।

— মনুস্মৃতি ৩.২৩৯

মনে মনে চোৱাও নহয়, এই ন বছৰীয়া ল’ৰাটোৰ অপৰাধ আছিল তাতোকৈ বহু বেছি সাহসিক। ইন্দ্ৰ কুমাৰ মেঘৱাল, এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰই পিয়াহ সহিব নোৱাৰিলে। সি, এটি দলিত শিশুৱে উচ্চজাতৰ শিক্ষকৰ বাবে নিলগাই থোৱা কলহটোৰ পৰা পানী খালে।

শাস্তি পাবই। ল’ৰাটোৰ শিক্ষক ৰাজস্থানৰ সুৰাণা গাৱঁৰ সৰস্বতী বিদ্যা মন্দিৰৰ উচ্চজাতৰ ৪০ বছৰীয়া - চেইল সিঙৰ দ্বাৰা তাক কোবোৱা হ’ল, নিৰ্দয় ভাৱে।

২৫ দিনৰ পিচত, সহায় বিচাৰি বিচাৰি ৭ খন চিকিৎসালয় বাগৰাৰ অন্তত ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আহমেদাবাদ চহৰত জাল’ৰ জিলাৰ সেই সৰু ল’ৰাটোৱে শেষ নিশ্বাস ত্যাগ কৰিলে।

প্ৰতিষ্ঠা পাণ্ডেই পাঠ কৰা কবিতাটো শুনক

ভোগজৰাৰ কীটবোৰ

এসময়ত
এখন পঢ়াশালীত এটা কলহ আছিল।
শিক্ষকজন আছিল নৰদেৱতা,
তিনিটা বস্তা পূৰ –
এটা ব্ৰাহ্মণৰ বাবে,
এটা ৰজাৰ,
আৰু এটা আছিল দলিতবোৰ অনা সিকিটোৰ বাবে।

এসময়ত কেতিয়াও নথকা এখন ঠাইত
দ্বিজন্মা সময়ত,
কলহটোৱে এটা কণমানি শিশুক শিকালে –
তৃষ্ণা এক অপৰাধ।
তোমাৰ গুৰু এজন দ্বিজ,
জীৱন এক ক্ষতচিহ্ন,
আৰু তুমি ভোগজৰাত ৰাখি থোৱা এটা কীট,
নিৰ্বোধ বালক।”

এই ভোগজৰাটোৰ এক উদ্ভট নাম আছিলঃ সনাতনি দেশ
‘‘হে বালক, তোমাৰ ছাল চটা অপৰাধ,
জহন্নামে যোৱা তোমাৰ জাত।”
তথাপি, বালিয়ৰিতকৈয়ো শুকান হৈ পৰা
কাগজ যেন জিভাৰে
সি পান কৰিলে সেমেকা ‘মেহৰুণ’ৰ ক্ষুদ্ৰ এটি টোপাল।

উস!
ইমান পিয়াহ সহিব নোৱাৰি,
কিতাপত কোৱা নাছিলেনে: “আনক দিবা, মৰম কৰিবা, আৰু ভগাই ল’বা?”
তাৰ মেলখোৱা আঙুলি কেইটাই সাহস গোটাই
স্পৰ্শ কৰিলে শীতল কলহটো,
শিক্ষকজন আছিল এক নৰদেৱতা,
আৰু সি, নবছৰীয়া নিৰ্বোধ।

এটা ঔ কিল আৰু এটা গোৰ
আৰু এডাল যতনাই থোৱা লাঠিৰে
সংজ্ঞাহীন ক্ৰোধত
ল’ৰাটোক শিকনি দিয়া হ’ল,
এটা মিঠা বেবেৰিবাং পদ্যৰ দৰে নৰদেৱতাজনৰ হাঁহি বিৰিঙিল।

শিক্ষকজন তৃপ্ত হোৱাকৈ
ক্ষত-বিক্ষত বাওঁ চকু,
লেটা হৈ পৰা সোঁ চকু,
ক’লা পৰা ওঁঠ দুটা।
শিক্ষকজনৰ সন্তুষ্টিৰে
ভীতিগ্ৰস্ত কৰা হ’ল তাৰ তৃষ্ণা,
তেওঁৰ সম্প্ৰদায় আছিল বিশুদ্ধ।
তেওঁৰ হৃদয় এক গহ্বৰ
য’ত মৃত্যুৰ আৱাস।

এটা হুমুনিয়াহ, এটা ‘কিয়?’
আৰু প্ৰচণ্ড ঘৃণাৰে,
অদমণীয় ক্ৰোধত
নাম ৰখা হ’ল সেই তৃষ্ণাৰ
বেৰৰ ক’লাব’ৰ্ডখনে গেঙাই উঠিল মৰিশালীৰ ডাঁহটোৰ দৰে।

এসময়ত
এখন পঢ়াশালীত এটা মৃতদেহ আছিল,
হয় চাৰ! হয় চাৰ! তিনিটা টোপাল পূৰ!
এটোপাল এটা মন্দিৰৰ বাবে,
এটোপাল ৰজাৰ বাবে,
এটোপাল দলিতহঁত ডুব যোৱা কলহ এটাৰ বাবে।

অনুবাদ: ৰুবী বৰুৱা দাস

Joshua Bodhinetra

Joshua Bodhinetra is the Content Manager of PARIBhasha, the Indian languages programme at People's Archive of Rural India (PARI). He has an MPhil in Comparative Literature from Jadavpur University, Kolkata and is a multilingual poet, translator, art critic and social activist.

Other stories by Joshua Bodhinetra
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Editor : Pratishtha Pandya

Pratishtha Pandya is a Senior Editor at PARI where she leads PARI's creative writing section. She is also a member of the PARIBhasha team and translates and edits stories in Gujarati. Pratishtha is a published poet working in Gujarati and English.

Other stories by Pratishtha Pandya
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

Other stories by Rubee Barooah Das