দুবছৰ আগতে ৰুকছানাই বিহাৰৰ দাৰভাংগা জিলাৰ তেওঁৰ স্বামীৰ গাওঁ মোহন বাহেৰাত ৰেচন কাৰ্ডৰ বাবে দৰ্খাস্ত কৰিছিল। সেই মাহত পৰিয়ালে নিৰ্মাণ কৰা পকী ঘৰটোৰ কাম সম্পূৰ্ণ কৰি ৰুকছানাই আধাৰ কাৰ্ডৰ বাবেও আবেদন জনাইছিল। ইতিমধ্যে আধাৰ কাৰ্ড ৰুকছানাই পাইছে। আগতে তেওঁ ৰেচন কাৰ্ডৰ বাবে দুবাৰ আবেদন জনাইছিল যদিও নাপালে।

এইবাৰ তৃতীয়বাৰৰ কাৰণে ২০১৮ৰ আগষ্টত আকৌ তেওঁ আবেদন জনালে আৰু এতিয়া অপেক্ষাৰ বাবে সাজু হৈছিল।

ৰুকছানাৰ বয়স ৩০ বছৰ আৰু স্বামী মহম্মদ ৱাকিলৰ বয়স ৩৪ বছৰ, দুয়ো কঠোৰ পৰিশ্ৰম কৰি ভালকৈ ঘৰ চলাইছিল। পশ্চিম দিল্লীৰ পেটেল নগৰত ৰুকছানাই পাঁচখন ঘৰত কাম কৰে আৰু ৱাকিলে দৰ্জ্জীৰ কাম কৰে। তেওঁলোক দুয়ো মাহে প্ৰায় ২৭ হাজাৰ টকা উপাৰ্জন কৰে। ছয়জনীয়া পৰিয়ালটো (১২,৮,২ বছৰীয়া তিনি কন্যাসন্তান আৰু ১০ বছৰীয়া পুত্ৰসন্তান)ৰ যাৱতীয়া সকলো খৰছ কৰি তথা গাঁৱত থকা গৃহিণী মাতৃলৈ ৱাকিলে মাহে ২০০০ টকাকৈ পঠিওৱাৰ পিছত প্ৰতি মাহে অলপ টকা জমা কৰি পাৰিছিল।

কঠোৰ শ্ৰমৰ ফল তেওঁলোকে পাইছিল। পশ্চিম দিল্লীৰ নতুন ৰঞ্জিত নগৰ এলেকাৰ ৱাকিলে তেওঁ নিজৰ এখন সৰু চিলাইৰ দোকান খুলিলে। চিলাই দোকানত কাম কৰি মাহে ১২,০০০ টকা উপাৰ্জন কৰাতকৈ বেছি উপাৰ্জনৰ আশাত নিজৰ দোকান খুলিছিল। সেয়া আছিল ২০২০ৰ ১৫ মাৰ্চৰ সময়।

মাত্ৰ এটা সপ্তাহৰ পিছত সমগ্ৰ ভাৰতত ৰাষ্ট্ৰজোৰা তলাবন্ধ বলবৎ কৰা হ’ল

ৰুকছানাই কাম কৰা ঘৰৰ মালিকবিলাকে তেওঁৰ কাম কৰিবলৈ আহিব নালাগে বুলি ক’লে আৰু এই কথা পৰিষ্কাৰ হৈ পৰিল যে তলাবন্ধৰ মাহকেইটাত মালিকবিলাকে দৰমহা নিদিয়ে। মাত্ৰ এখন ঘৰত ৰান্ধনীৰ কাম কৰি আগতে মাহে ১৫,০০০ টকা পোৱাৰ বিপৰীতে এতিয়া ২,৪০০ টকা পায়। জুন মাহত সেই কামটোও ৰুকছানাই হেৰুৱালে। সেই সময়তে এঘৰত ৰন্ধা আৰু ঘৰ চাফাই কৰা কাম এটা পালে, কিন্তু নতুন নিয়োগকৰ্তাৰ ‘সৰ্বাধিক সংক্ৰমণকাৰী’ সম্পৰ্কে প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বিগ্ন, সেয়ে তেওঁ ৰুকছানাক মছজিদলৈ যায় নেকি বুলি জানিব বিচাৰিলে। “মই অসন্তুষ্ট হোৱা নাছিলো। ক’ৰণাৰ কাৰণে সকলো আতংকিত, সেয়ে নতুন মালিকৰ উদ্বিগ্নতাৰ কাৰণ মই বুজিব পাৰিছিলো,‘ ৰুকছানাই কয়। ’

When Rukhsana and her family couldn't pay rent for their room in West Delhi, the landlord asked them to leave
PHOTO • Chandni Khatoon
When Rukhsana and her family couldn't pay rent for their room in West Delhi, the landlord asked them to leave
PHOTO • Chandni Khatoon

পশ্চিম দিল্লীৰ ভাড়ালৈ লোৱা ঘৰৰ ভাড়া যেতিয়া ৰুকছানাহঁতে দিব নোৱাৰা হ’ল, তেতিয়া মালিকে ঘৰ খালী কৰি দিবলৈ ক’লে

জুন মাহত পৰিয়ালটোৰ সাঁচতীয়া ধন শেষ হ’ল। বিহাৰৰ গাঁৱত থকা এজন নিকটাত্মীয়ই সকীয়াই দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য আঁচনিৰ অধীনত বিহাৰৰ প্ৰব্ৰজনকাৰী শ্ৰমিকলৈ ৰাজ্য চৰকাৰে এককালীনভাৱে আগবঢ়োৱা ১,০০০ টকাৰ সাহায্য দাবী কৰিলে।

“মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দিয়া সাহায্য মই বেংকৰ পৰা উলিয়ালো, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া টকা উলিয়াব নোৱাৰিলো,” ৰুকছানাই ক’লে। প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনি অধীনত এপ্ৰিলৰ পৰা তিনি মাহৰ বাবে ৫০০ টকাকৈ আগবঢ়াইছিল। বেংকে জনালে যে তেওঁৰ একাউণ্টৰ লগত থকা লিংকত এটা ভূল আছে। “১০০০ টকাৰে কি হ’ব? এই টকা দুদিনো হাতত নাথাকিল,” তেওঁ কয়।

তেওঁৰ ঘৰৰ ওচৰতে থকা চৰকাৰী সৰ্বোদয়া কন্যা বিদ্যালয়ে মাৰ্চৰ শেষত আৰম্ভ কৰা খাদ্য-সামগ্ৰী বিতৰণৰ সাহায্য আছিল - দিনৰ এঘাৰটা বজাত আৰু বিয়লি পাঁচ বজাত দিনে দুবাৰকৈ খোৱা আহাৰ বিতৰণ কৰা হ’ল। “দুয়োবাৰতে তেওঁলোকে আমাক সিজোৱা ভাত আৰু দাইল বা ৰাজমাহ দিছিল। মছলাও নাই, নিমখো নাই। বেমাৰীৰ কাৰণে ৰন্ধা আহাৰ। প্ৰায় ২০০ মান মানুহৰ শাৰীত মই থিয় হ’লো। আগতে গৈ পালে আহাৰখিনি পাম।” নহ’লে ৰুকছানাই ওচৰতে থকা ঘৰত কাম কৰা মহিলা তেওঁৰ মাতৃৰ কাষ চাপিব লাগিব। মাকৰ পৰা দিনটো চলিবলৈ চাউল, দাইল অলপ আনিব লাগিব। (তেওঁৰ পিতৃও এজন দিনমজুৰ আছিল, কেইবাবছৰৰ আগতে যক্ষ্মাৰোগত তেওঁৰ মৃত্যু হৈছিল।)

বিদ্যালয়ত বিতৰণ কৰা তলাবন্ধৰ দিনৰ আহাৰ গোটেই পৰিয়ালটোৰ বাবে যথেষ্ট নহয়। “মই আৰু স্বামীয়ে অলপমান খাও যাতে ল’ৰা-ছোৱালীকেইটা ভোকত থাকিব লগা নহয়। আমাৰ বেলেগ উপায় কি আছে? ইয়াত আমাৰ ৰেচন কাৰ্ড নাই। গাঁৱত ৰেচন কাৰ্ডৰ বাবে আবেদন জনাইছিলো, কিন্তু নাপালো,” ৰুকছানাই মোক ক’লে।

Rukhsana returned to Bihar in June with her four children, aged 12, 10, 8 and 2 (not in the picture)
PHOTO • Chandni Khatoon

১২,১০,৮ আৰু দুবছৰীয়া চাৰিটা সন্তানক লগত লৈ ৰুকছানাই জুন মাহত বিহাৰলৈ ঘূৰি আহিল (আলোকচিত্ৰখনত নাই)

মে’ মাহৰ শেষৰফালে খাদ্য বিতৰণ বন্ধ কৰা হ’ল, বহুতো প্ৰব্ৰজনকাৰী শ্ৰমিক ঘৰলৈ ঘূৰি গ’ল- চৰকাৰে ক’লে। ইয়াৰ পিছত আগতে কাম কৰা ঘৰ এখনৰ মালিকে ৰুকছানাক অলপ খাদ্য-সামগ্ৰী দিলে - চাউল, আটা আৰু দাইল। “গাঁৱত যিহেতু কাম নাই, সেই কাৰণে আমি দিল্লীতে থাকি যাম বুলি ভাবিলো। কিন্তু এতিয়া ইয়াত থকা বিপজ্জনক হৈ পৰিছে।” ১১ জুনত ৰুকছানাই মোক টেলিফোনত জনালে।

সেই মাহত তেওঁলোকে সিদ্ধান্ত ল’লে যে ৱাকিল দিল্লীতে থাকি যাব আৰু ৰুকছানাই ল’ৰা-ছোৱালীকেইটাক লৈ ১১৭০ কিলোমিটাৰ দূৰত থকা বিহাৰৰ দাৰভাংগা জিলাৰ গাঁৱৰ ঘৰলৈ ঘূৰি যাব।

সেই সময়তে, তিনি মাহৰ ঘৰৰ ভাড়া (১৫,০০০ টকা) আৰু ৱাকিলৰ দোকানৰ ভাড়া (১৬,০০০ টকা) বাকী পৰিশোধ কৰাৰ সমস্যাই দেখা দিলে। পৰিয়ালটোৰ অনুৰোধ মৰ্মে ঘৰৰ মালিকে দুমাহৰ ভাড়া ৰেহাই দিলে। বিহাৰলৈ উভতি অহাৰ আগতে থকা ঘৰৰ এমাহৰ ভাড়া যোগাৰ কৰি ঘৰৰ মালিকক পৰিশোধ কৰিলে, আগতে কাম কৰা ঘৰৰ মালিকৰ পৰা ঋণলৈ ৰুকছানাই দোকানৰ এমাহৰ ভাড়াও দিলে।

তেওঁলোকে পাব লগা ৰেচন কাৰ্ডৰ পৰা অন্ততঃ খোৱা বস্তুখিনি বিহাৰত পাব বুলি ৰুকছানা নিশ্চিত আছিল। কিন্তু এতিয়ালৈকে পোৱা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ৰ অধীনত দৰিদ্ৰ সীমাৰ তলতৰ সকলো পৰিয়ালে ৰেহাই মূল্যৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিব পাৰিব - চাউল প্ৰতি কিলোত ৩ টকাকৈ, আটা ২ টকাকৈ আৰু বাজৰা (কণীধান) কিলোত ১ টকাকৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খুচুৰা কেন্দ্ৰ বুলি নিৰ্ধাৰিত সুলভ মূল্যৰ দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব। অগ্ৰাধিকাৰ বৰ্গৰ পৰিয়ালে মাহে ২৫ কিলোগ্ৰাম খাদ্য-সামগ্ৰী পাব আৰু অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত সামৰি লোৱা অধিক দৰিদ্ৰসকলে মাহে ৩৫ কিলোগ্ৰাম পৰ্যন্ত খাদ্য-সামগ্ৰী সুলভ মূল্যত পাব।

২০২০ৰ মে’ মাহত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে যে ‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’ ৰাষ্ট্ৰজুৰি প্ৰৱৰ্তন কৰা হ’ব (২০২১ৰ মাৰ্চত এই কাম সম্পূৰ্ণ কৰা হ’ব)। ইয়াৰ জৰিয়তে ৰেচন কাৰ্ড লগত লৈ ফুৰাৰ ব্যৱস্থাক অনুমোদন জনোৱা হ’ল, এজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰাৰ পিছত যিকোনো ঠাইত পঞ্জীয়ন কৰাই ল’ব পাৰিব। এই নিয়ম যদি প্ৰকৃততে প্ৰয়োগ কৰা হয়, ৰুকছানাৰ সমস্যাৰ দৰে অৱস্থাত পৰা যিকোনো লোকে দেশৰ যিকোনো পিডিএছ খুচুৰা বিক্ৰীকেন্দ্ৰৰ পৰা পোৱাৰ অধিকাৰ লাভ কৰিব।

পেটেল নগৰত ৰুকছানাহঁতৰ প্ৰতিবেশীয়ে এই বাতৰি শুনাৰ পিছত তেওঁলোকক ক’লে। পৰিয়ালটোৰ ৰেচন কাৰ্ড বিহাৰত অসম্পূৰ্ণ হৈ পৰি আছে - পাবলৈ কঠিন হৈছে।

“আমি অহা মাহবোৰৰ কাৰণে সাজু হ’ব লাগিব। কোনে জানে আমি যদি দিল্লীত আকৌ কাম পাওঁ কি নাপাওঁ? এই নতুন ব্যৱস্থাৰ নতুন ৰেচন কাৰ্ডৰ দ্বাৰা এনেকুৱা সময়ত আমি দিল্লীত বৰ্তি থাকিব পাৰিম,” ৰুকছানাই ক’লে। “অন্যথা আমি বিহাৰলৈ ঘূৰি যাব লাগিব। আনকি কাম নাপালেও গাঁৱত আমি ৰেচন কাৰ্ডখন থাকিলে পেটৰ ভাতমুঠি মোকলাব পাৰিম।”

In March, Rukhsana's husband Mohammed Wakil had opened a tailoring shop in Delhi. Now, he is struggling to re-start work
PHOTO • Sanskriti Talwar
In March, Rukhsana's husband Mohammed Wakil had opened a tailoring shop in Delhi. Now, he is struggling to re-start work
PHOTO • Sanskriti Talwar

মাৰ্চ মাহত ৰুকছানাৰ স্বামী ৱাকিলে দিল্লীত এখন চিলাইৰ দোকান খুলিছিল। পুনৰ কাম আৰম্ভ কৰিবলৈ তেওঁ কষ্ট কৰিবলগীয়া হৈছে

জুন মাহৰ ১৭ তাৰিখে, নতুন দিল্লী ৰেল ষ্টেচনৰ পৰা ক’ভিড-১৯ বিশেষ ৰেল বিহাৰ সম্পৰ্ক ক্ৰান্তিত উঠি ৰুকছানাই চাৰি সন্তানৰ সৈতে যাত্ৰা আৰম্ভ কৰিলে। ৱাকিল দিল্লীতে থাকি গ’ল। পুনৰ কাম আৰম্ভ কৰিব পাৰিব বুলি তেওঁ আশা কৰিলে।

বিহাৰলৈ উভতি আহিল যদিও ছেপ্টেম্বৰ মাহৰ আগভাগলৈকে তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰা হ’ল আৰু জুলাই-আগষ্ট মাহত দাৰভাংগা জিলাত হোৱা বানপানীয়ে পৰিস্থিতিৰ অধিক অৱনতি ঘটালে। মোহন বাহেৰা গাওঁখনত বানপানী হোৱা নাছিল যদিও ৰেচন কাৰ্ডৰ খবৰ ল’বলৈ যোৱা বিপদসংকুল হৈ পৰিছিল। এতিয়াও ২০২০ৰ জুলাই-আগষ্ট মাহত দুবাৰ ৰুকছানাই ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰৰ বেনিপুৰ নগৰ পৰিষদৰ কাৰ্যালয়লৈ গৈছিল আৰু ৰেচন কাৰ্ড দিয়া কাৰ্যালয় বন্ধ আছিল।

ৰেচন কাৰ্ডৰ কথা সুধিবলৈ ছেপ্টেম্বৰ মাহত ৰুকছানা আকৌ বেনিপুৰলৈ গৈছিল। কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ক’লে যে তেওঁৰ ৰেচন কাৰ্ড অহা নাই। গতিকে তেওঁ আকৌ আবেদন জনাব লাগিব।

“২০১৮ৰ আগষ্টত ৰেচন কাৰ্ডৰ কাৰণে আবেদন জনাবলৈ (তৃতীয়বাৰলৈ) মই মোৰ শাহুআইৰ সৈতে বেনিপুৰলৈ যাওতে কাৰ্যালয়ৰ মানুহে আমাক এটুকুৰা কাগজ দিছিল আৰু কৈছিল যে ৰেচন কাৰ্ড গাঁৱৰ ঘৰলৈ আহি যাব। কিন্তু মোৰ শাহুআই কেতিয়াও ৰেচন কাৰ্ড নাপালে”, তেওঁ কয়। সেই মাহতে মোহন বাহেৰা গাঁৱত তেওঁলোকৰ পকী ঘৰটোৰ কাম সম্পূৰ্ণ হৈছিল, স্থানীয় আত্মসহায়ক গোটৰ পৰা ৩৫,০০০ টকা ঋণলৈ লৈ ঘৰটোৰ নিৰ্মাণ আংশিকভাৱে আৰম্ভ কৰিছিল।

ৰেচন কাৰ্ডৰ কাৰণে ৰুকছানাই প্ৰথম আবেদন জনোৱাৰ পৰা এতিয়ালৈকে পাঁচ বছৰ হ’ল। প্ৰতিবাৰেই দৰ্খাস্ত দিয়াৰ পিছত তেওঁলোকৰ হাতত এটুকুৰা কাগজ তুলি দিয়ে। কিন্তু আজি পৰ্যন্ত কাৰ্ড আহি নাপালে। ২০১৮ৰ আগস্তত তৃতীয়বাৰৰ বাবে (২০২০ৰ জুনৰ আগতে শেষবাৰৰ বাবে ৰুকছানা বিহাৰলৈ গৈছিল) বেনিপুৰলৈ গৈ আবেদন দাখিল কৰাৰ সময়ত পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ডৰ প্ৰত্যায়িত কপিও লগত দিছিল। কিন্তু পৰিয়ালটোৱে দিল্লীত বনোৱা তেওঁলোকৰ আধাৰ কাৰ্ড পালে, তাৰ পিছত ৰেচন কাৰ্ডৰ কাৰণে আবেদন জনাব লাগে কাৰণে তেওঁ আধাৰ কাৰ্ডত দিয়া ঠিকনা সলনি কৰিবলগীয়া হ’ল।

'My husband would rather stay hungry than ask anyone for help,' says Rukhsana, who awaits her ration card in Mohan Bahera village
PHOTO • Rubi Begum

মোৰ স্বামীয়ে আনৰ ওচৰত হাত পতাতকৈ লঘো নে থাকিব, মোহন বাহেৰা গাঁৱত ৰেচন কাৰ্ডৰ বাবে অপেক্ষা কৰি থকা ৰুকছানাই ক’লে

অক্টোবৰ মাহৰ ৬ তাৰিখে তেওঁ মোক ফোনত কৈছিল, “এনেকুৱা কামবিলাক কৰাৰ কাৰণে টকা লাগে (উপঢৌকন)। তেতিয়া আপুনি সকলো পাব,” তেওঁ ভাবে যে দিল্লীত থকা তেওঁৰ মাতৃৰ ৰেচন কাৰ্ডত তেওঁৰ নাম থকা বাবে সম্ভৱতঃ ইমান চেষ্টাৰ পিছতো তেওঁৰ ৰেচন কাৰ্ড হোৱা নাই। “মোৰ মাৰ ৰেচন কাৰ্ডৰ পৰা মোৰ নাম কৰ্তন কৰিব লাগিব। তেতিয়াহে (ইয়াত) কিবা হ’ব বুলি মোৰ ধাৰণা হয়।”

ইয়াৰ কাৰণে কেইবাবাৰো ৰেচন কাৰ্ডৰ কাৰ্যালয়লৈ যাব লাগিব, বহুত লেখা-পঢ়া কৰিব লাগিব।

দিল্লীত থাকি যোৱা ৱাকিলে আগষ্ট মাহৰ পৰা নতুন চিলাই কামৰ দুই-এটা অৰ্ডাৰ পোৱা আৰম্ভ হৈছে। “কোনোবা সময়ত এটা বা দুটা গ্ৰাহক আহে। সেইদিনা মই ২০০-২৫০ টকা উপাৰ্জন কৰো। প্ৰায়ভাগ সময়ত গ্ৰাহক নাহে। প্ৰতিমাহে তেওঁ ঘৰলৈ ৫০০ টকাকৈ যেনেতেনে যোগাৰ কৰি পঠিয়াই আছে। ”

জুনৰ পৰা আগষ্টলৈ পৰিয়ালটোৱে যেতিয়া দিল্লীত ভাড়া দিব নোৱৰা হ’ল, ঘৰৰ মালিকে ৱাকিলক ঘৰ খালী কৰিবলৈ ক’লে আৰু ছেপ্টেম্বৰত ৱাকিলে খুব সৰু কোঠা এটা ভাড়া লৈ তালৈ গ’ল। দোকানৰ ভাড়া এতিয়াও দিবলৈ বাকী আছে আৰু দিল্লীত আগতে কাম কৰা মালিকৰ পৰা লোৱা ১২,০০০ টকাৰ ঋণ পৰিশোধ কৰিবলৈ গাঁৱৰ স্থানীয় আত্মসহায়ক গোটৰ পৰা ৩০,০০০ টকাৰ ঋণৰ বাবে আবেদন জনাইছিল। শাক-পাচলিৰ বেপাৰী আৰু বাকীকৈ বস্তু অনা আন লোককো পইছা দিবলগা আছে। ১৬ অক্টোবৰত গাঁৱৰ এজন মানুহৰ পৰা ৰুকছানাই ১০,০০০ টকা ঋণলৈ ল’লে আৰু দিল্লীৰ পূৰ্বৰ কামকৰা মালিকৰ পৰা লোৱা ধাৰ পৰিশোধ কৰিলে।

ৰুকছানাই বিহাৰত অলপ দিন থকাৰ কথা ভাবিছে। দিল্লীত আকৌ ঘৰুৱা কাম কৰাৰ সুবিধা পোৱা সম্পৰ্কে তেওঁ নিশ্চিত নহয়। তদুপৰি ৰেচন কাৰ্ডৰ কাৰণে গাঁৱত থাকিব লাগিব।

“মই জানো মোৰ স্বামীয়ে আনৰ ওচৰত হাত পতাতকৈ লঘোনে থাকিব,” তেওঁ কয়। “চৰকাৰে মাথোন কিবা কৰিব পাৰে আৰু আমাক ৰেচন কাৰ্ড দিব পাৰে।”

অনুবাদ - পংকজ দাস

Sanskriti Talwar

Sanskriti Talwar is an independent journalist based in New Delhi, and a PARI MMF Fellow for 2023.

Other stories by Sanskriti Talwar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das