পৰিয়ালটোৰ পেট পুহিবলৈ এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই, এই বুলিয়ে ৰুকচানা খাটুনে ভাবিছিল। দুটা বছৰত তিনিবাৰকৈ দীঘলীয়া প্ৰচেষ্টাৰ শেষত ২০২০ৰ নৱেম্বৰত তেওঁ ৰেচন কাৰ্ডখন পাইছিল। কিন্তু তাৰ পাছতে যে তেওঁলোকক জুৰুলা কৰিবলৈ মহামাৰীয়ে খাপ পিতি ৰৈ আছিল, কোনেনো জানিছিল, তাকো অতৰ্কিতে!

সেইখন আছিল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (এন.এফ.এছ.এ.)য়ে নিৰ্ধাৰণ কৰি দিয়া এক বিশেষ ধৰণৰ ‘অগ্ৰাধিকাৰযুক্ত পৰিয়াল’ৰ কাৰ্ড। সেই কাৰ্ডখন কোনবোৰ পৰিয়ালে পাব, সেয়া ৰাজ্য চৰকাৰে চিনাক্ত কৰে।

তাতে তেওঁলোকৰ গাঁৱৰ ঘৰৰ ঠিকনা আছিল যিখন অলপতে বিহাৰৰ দাৰভাংগা জিলাৰ পৌৰ পৰিষদৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছিল। ৰুকচানাই অৱশেষত তেওঁৰ সাতজনীয়া পৰিয়ালটোৰ বাবে ৰেচন কাৰ্ডখন পাবলৈ সক্ষম হৈছিল।

২০২১ৰ আগষ্টত তেওঁলোকে দিল্লীলৈ উঠি গ’ল। তাতেই কেণা লাগিল, ৰেচন পোৱাৰ যি আইনী অধিকাৰ, সেয়া পোৱাত অপ্ৰত্যাশিত বাধা আহি পৰিল।

কেন্দ্ৰ চৰকাৰৰ এক দেশ, এক ৰেচন কাৰ্ড (অ’এন.অ’.আৰ.চি.) আঁচনিৰ অধীনত ‘অগ্ৰাধিকাৰযুক্ত পৰিয়াল’ আৰু ‘দৰিদ্ৰৰ দৰিদ্ৰতম’ হিচাপে বৰ্গীকৃত কৰা এন.এফ.এছ.এ.ৰ হিতাধিকাৰীসকলে যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা নিজৰ ভাগৰ খাদ্যশস্য সংগ্ৰহ কৰিব পাৰে। ৰাজহুৱা বিতৰণ ব্যৱস্থা (পি.ডি.এছ.)ৰ অধীনত আধাৰৰ সৈতে লিংক কৰা বায়’মেট্ৰিক সত্যাপনৰ যোগেদি খাদ্যসামগ্ৰী বিতৰণ কৰাৰ বাবে এনে সুলভ মূল্যৰ দোকানক অনুজ্ঞাপত্ৰ দিয়া হয়। কিন্তু ৰুকচানাই নিজৰ ভাগৰ মাহিলী ৰেচনখিনি সংগ্ৰহৰ বাবে পশ্চিম দিল্লীৰ ছাদিপুৰ মেইন বাজাৰ এলেকালৈ যিমানবাৰ গৈছিল, ইলেকট্ৰনিক পইণ্ট-অৱ-চেল চমুকৈ ইপ’চটোত এটাই মেচেজ পোৱা গৈছিলঃ ‘আই.এম.পি.ডি.এছ.ত ৰেচন কাৰ্ড পোৱা নগ’ল’।

পি.ডি.এছ. ব্যৱস্থাৰ অধীনত কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহক খাদ্যশস্য বিতৰণৰ বাবে আবণ্টন দিয়ে যদিও অ’.এন.অ’.আৰ.চি. আঁচনিৰ অধীনত যাতে দেশৰ যিকোনো ঠাইৰ পৰা প্ৰব্ৰজনকাৰীয়ে নিজৰ প্ৰাপ্য ৰেচনখিনি সংগ্ৰহ কৰিব পাৰে, তাৰ বাবে ২০১৮ত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংহত পৰিচালনা ব্যৱস্থাৰ অৱতাৰণা কৰা হয়।

Rukhsana Khatoon and her eldest children Kapil and Chandni in their rented room in Shadipur Main Bazaar area of West Delhi.
PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বাওঁফালেঃ ডাঙৰ ল’ৰা কপিল আৰু চান্দনিৰ লগত পশ্চিম দিল্লীৰ ছাদিপুৰ মেইন বৈজাৰ এলেকাৰ ভাৰা কোঠালিটোত ৰুকচানা। সোঁফালেঃ সৰুজনী জীয়াৰী আশিয়াৰ সৈতে ৰুকচানা, তিনিবছৰীয়া জীয়াৰী জামজামে ফোনটোৰ সৈতে খেলিছে

ক’ভিড-১৯ লকডাউনৰ ফলত আৰ্থিকভাৱে ভাগি পৰা দিল্লীৰ এগৰাকী ঘৰুৱা কাম কৰা মহিলা ৰুকচানাই কেনেদৰে এখন ৰেচন কাৰ্ডৰ বাবে হাবাথুৰি খাই ফুৰিবলগীয়া হৈছে , তাকে লৈ ২০২০ৰ অক্টোবৰত পাৰিয়ে প্ৰতিবেদন প্ৰকাশ কৰিছিল। ক’ৰবাত বিনামূলীয়া খাদ্য বিতৰণৰ সময়ত তেওঁ শাৰী পাতি থাকিবলগীয়া হৈছিল। এতিয়াও কাম নোপোৱাত আৰু পি.ডি.এছ.ৰ অধীনত খাদ্যশস্য নোপোৱাত তেওঁ সন্তানসহ দাৰভাংগালৈ উভতিবলগীয়া হৈছে।

পাৰিয়ে তেওঁৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ কেইসপ্তাহমান পিছত বিষয়াবৰ্গই ৰুকচানাক বিহাৰলৈ গৈ সাক্ষাৎ কৰে, পৰিয়ালৰ আধাৰ কাৰ্ডবোৰ সত্যাপন কৰি পিছলৈ তেওঁৰ নামত ৰেচন কাৰ্ড এখন জাৰি কৰে।

“বিহাৰত মানুহে কেৱল বুঢ়া আঙুলিটো ৰাখিলেই (ইপ’চ থকা মেচিনটোৰ ফিংগাৰপ্ৰিণ্ট স্কেনাৰটোত) নিজৰ ৰেচনখিনি পায়,” তেওঁ কয়। তেওঁৰ ১১ বছৰীয়া পুত্ৰ আৰু ১৩ বছৰীয়া জীয়াৰীয়েও তেওঁ যাব নোৱাৰিলে ৰেচনখিনি আনিব পাৰে। “আটাইবোৰ যদি অনলাইনেই হৈছে, তেন্তে ইয়াত (দিল্লী) কিয় নহা হৈছে?”

৩১ বছৰ বয়সীয়া ৰুকচানা আৰু তেওঁৰ স্বামী মহম্মদ ৱাকিল (৩৫) আৰু তেওঁলোকৰ পাঁচোটি সন্তানৰ সৈতে ২০২১ৰ ২৫ আগষ্টত পৰিয়ালটো দিল্লীলৈ ৰেলেৰে আহিছিল। পশ্চিম দিল্লীৰ পাটেল নগৰৰ চাৰিঘৰ মানুহৰ তাত তেওঁ ঘৰুৱা কাম-বন কৰি মাহে ৬,০০০ টকা উপাৰ্জন কৰিছিল। বিহাৰলৈ যোৱাৰ আগতেই ২০২০ৰ নৱেম্বৰত ৱাকিলে চিলাই-কটাইৰ দোকানখন বন্ধ কৰিছিল, তেওঁ ২০২২ৰ মাৰ্চতহে নৰ্থ ইষ্ট দিল্লীৰ গান্ধী নগৰ মাৰ্কেটত দৰ্জী হিচাপে মাহে ৮,০০০ টকা বেতনৰ কাম পালে।

ক’ভিড-১৯ লকডাউনৰ আগতে দম্পতীহালে মিলি মাহে প্ৰায় ২৭,০০০ টকা উপাৰ্জন কৰিছিল।

Rukhasana’s husband, Mohammed Wakil, and their children outside their rented room.
PHOTO • Sanskriti Talwar
He works in the same room, tailoring clothes on his sewing machine
PHOTO • Sanskriti Talwar

বাওফালেঃ ভাৰা কোঠালীটোৰ বাহিৰত ৰুকচানাৰ স্বামী মহম্মদ ৱাকিল আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটা। সোঁফালেঃ একেটা কোঠাতে তেওঁ চিলাই মেচিনত মেচিনত কাম কৰে

২০২১ৰ ছেপ্টেম্বৰৰ পৰা কিমানবাৰ ৰুকচানাই সুলভ মূল্যৰ দোকানখনলৈ যাবলগীয়া হৈছে, তাৰ তেওঁ হিচাপ হেৰুৱাইছে।

“ডিলাৰজনে ইয়াত মোক কৈছে যে কাৰ্ডখন হেনো বিহাৰৰ পৰা ব্লক কৰি থোৱা আছে, আকৌ বিহাৰলৈ গৈ আমাৰ আটাইবোৰ আধাৰ কাৰ্ড মোৰ ৰেচন কাৰ্ডৰ সৈতে লিংক কৰিবলৈ কৈছে,” তেওঁ কয়। “মোৰ শহুৰজনা বেণীপুৰত থকা ৰেচনৰ অফিছলৈ গৈছিল, তেওঁক আকৌ দিল্লীৰ ৰেচন অফিছত আমাৰ আটাইবোৰ আধাৰ কাৰ্ড জমা দিবলৈ কোৱা হৈছে। আমি বিহাৰত বিচাৰ-খোচাৰ কৰোঁতে তেওঁলোকে আমাক দিল্লীত কথা পাতিবলৈ কয়। দিল্লীত আকৌ বিহাৰৰ কথা কয়।”

*****

২০০৯ত আন ২৩ খন গাঁৱৰ দৰে দাৰভাংগাৰ মোহন বাহেৰা গাওঁখনো বেণীপুৰ নগৰ পৰিষদৰ অধীনত সামৰি লোৱা হৈছিল, সেইখন গাঁৱতেই ৰুকচানাই থাকিব খোজে। “গাঁৱত থাকিলে স্বস্তি পাওঁ। ঘৰত থাকিলে খাদ্য বনোৱা, খোৱা, ল’ৰা-ছোৱালীকেইটা চোৱা-চিতা কৰা কামখিনিয়ে কৰিব লাগে।” দিল্লীত লোকৰ ঘৰত বন কৰা কামটো দৌৰাদৌৰি কৰি সামৰি ঘৰত আহি আকৌ নিজৰ পৰিয়ালটোৰ বাবে আহাৰ ৰান্ধিব লাগে।

ছাদিপুৰ মেইন বাজাৰৰ বাসিন্দাসকলৰ কোৱাৰ্টাৰবোৰ অতিকৈ ঠেক বিল্ডিঙত বনোৱা, মূল বজাৰখনৰ ৰাস্তাটোৰ দুয়োপাৰে সৰু সৰু ঘৰ। এটা সৰু কোঠালীয়েই ২০২১ৰ ছেপ্টেম্বৰৰ পৰা ৰুকচানাৰ ঘৰ। তাৰে ভাৰা ৫,০০০ টকা। এফালে পাকঘৰৰ কাৰণে মজিয়াখন অকণমান ওখ কৰা আছে, তাৰ বিপৰীতে এখন এজনীয়া বিচনা আছে। তাৰে মাজতে আছে ৱাকিলৰ চিলাই মেচিন আৰু কাপোৰ জোখা ডাঙৰ এখন মেজ। দৰ্জাৰ ঠিক কাষতে সোঁফালে শৌচাগাৰটো আছে।

ৰুকচানা আৰু তেওঁৰ তিনিজনী সৰু কন্যা ক্ৰমে ৯, ৩ আৰু এবছৰীয়া নাজমা, জামাজাম আৰু আশিয়া লোৰ বিচনাখনতে মাকৰ লগত শোৱে। ৱাকিল, ১১ বছৰীয়া কপিল আৰু ডাঙৰজনী জীয়াৰী ১৩ বছৰীয়া চান্দনী পকাতে পাৰি লোৱা কপাহী তুলিখনত শোৱে।

“গাঁৱত মানুহে জীৱ-জন্তুবোৰহে এনেকৈ ৰাখে। মই ধেমালীকৈ কোৱা নাই। ইয়াতকৈ ভাল কোঠাত তেওঁলোকে গৰু-ছাগলী ৰাখে,” ৱাকিলে কয়। “ইয়াত মানুহেই জীৱ-জন্তুৰ লেখীয়া হৈ পৰে।”

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

পৰিয়ালটোৱে সৰু ঠেক কোঠা এটাতে মাহে ৫,০০০ টকা ভাৰা দি ২০২১ৰ ছেপ্টেম্বৰৰ পৰা থাকিবলগীয়া হৈছে

এন.এফ.এছ.এ.ৰ অধীনত দেশৰ ৭৫ শতাংশ গ্ৰামীণ আৰু ৫০ শতাংশ নগৰী লোকক কিলোগ্ৰামত ৩ টকাকৈ চাউল, ২ টকাকৈ গমধান আৰু ১ টকাকৈ বজৰা সাহায্যপ্ৰাপ্ত খাদ্যশস্য সুলভ মূল্যৰ দোকানৰ পৰা ক্ৰয় কৰাৰ সুবিধা দিয়া হৈছে। ‘অগ্ৰাধিকাৰযুক্ত পৰিয়াল’ৰ কাৰ্ডত নাম থকা প্ৰতিজন সদস্যৰ নামত মাহে ৫ কিলোগ্ৰামকৈ, আকৌ আটাইতকৈ প্ৰতিৰোধহীন পৰিয়ালক বা ‘দৰিদ্ৰৰো দৰিদ্ৰ’ পৰিয়ালক প্ৰতিমাহে ৩৫ কিলোগ্ৰাম পৰ্য্যন্ত খাদ্যশস্যৰ অধিকাৰ অন্ত্যোদয়া অন্ন যোজনা (এ.এ.ৱাই.)ৰ অধীনত প্ৰদান কৰা হৈছে।

ৰুকচানাৰ হাতত থকা অগ্ৰাধিকাৰযুক্ত পৰিয়ালৰ কাৰ্ডত পৰিয়ালটোৰ পাঁচগৰাকীৰ নাম পঞ্জীয়ন কৰা আছে। প্ৰতিজনে মাহে ৩ কিলো চাউল আৰু ২ কিলো গমধান পাব লাগে।

এই ভাগকেইটাৰ বাবে যোগ্য হোৱাৰ চৰ্তসমূহ আয় আৰু ভোগকৰণৰ বিভিন্ন দিশ চাই ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰে। উদাহৰণ স্বৰূপে দিল্লীত বাৰ্ষিক ১ লাখ টকাৰ কম আয়ৰ পৰিয়াল অগ্ৰাধিকাৰযুক্ত আৰু এ.এ.ৱাই. বৰ্গত অন্তৰ্ভূক্ত কৰাৰ যোগ্য । প্ৰযোজ্য বৰ্গত অন্তৰ্ভূক্ত হোৱা-নোহোৱাটো সামাজিক, জীৱিকা সংক্ৰান্ত আৰু হাউছিঙৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। আয়ৰ দিশৰ পৰা কোনো পৰিয়াল যোগ্য বিবেচিত হ’লেও ব্যক্তিগত ব্যৱহাৰৰ বাবে চাৰিচকীয়া থকা, ৰাজ্যখনৰ কোনো নিৰ্দিষ্ট এলেকাত অট্টালিকা বা মাটি থকা, ২ কিলোৱাটৰ ওপৰৰ বিদ্যুতৰ সংযোগ থকা পৰিয়ালক এই বৰ্গত অন্তৰ্ভূক্ত কৰা নহয়। আন আঁচনিৰ অধীনত সাহায্যপ্ৰাপ্ত খাদ্যশস্য পোৱা পৰিয়ালক, বা আয়কৰ পৰিশোধ কৰা পৰিয়াল বা চৰকাৰী চাকৰি থকা পৰিয়ালক এই আঁচনিৰ বাবে বিবেচনা কৰা নহয়।

বিহাৰত এই যোগ্যতা বহিৰ্ভূক্তকৰণৰ চৰ্তৰে নিৰ্ধাৰণ কৰা হয়। মটৰচালিত বাহন থকা (তিনিচকীয়া বা চাৰিচকীয়া) পৰিয়ালক বা তিনিটা বা ততোধিক পকা কোঠা থকা বা ২.৫ একৰতকৈ জলসিঞ্চনযুক্ত মাটি থকা পৰিয়ালক অযোগ্য বুলি বিবেচনা কৰা হয়। মাহে ১০,০০০ৰ অধিক আয় কৰা পৰিয়াল বা চৰকাৰী চাকৰি থকা পৰিয়ালক অন্তৰ্ভূক্ত কৰা নহয়।

২০২০ৰ মে’ত কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশজুৰি এক দেশ, এক ৰেচন কাৰ্ড আঁচনি মুকলি কৰে। পূৰ্বতে পৰীক্ষামূলকভাৱে ২০১৯ত এইখন আঁচনি ৰূপায়ণ কৰা হৈছিল। এই আঁচনিয়ে ৰেচন কাৰ্ডখন ‘প’ৰ্টেবল’ কৰি তোলে। ৰেচন কাৰ্ডখন য’তেই পঞ্জীয়ন কৰা নহওঁক লাগিলে, আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ পিছত দেশৰ যিকোনো ঠাইতে ব্যৱহাৰ বাবে সুচল কৰি তোলা হয়। ৰুকচানাৰ দৰে পৰিস্থিতিত পৰা যিকোনো নাগৰিকে দেশৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা পি.ডি.এছ.ৰ অধীনত প্ৰাপ্য খাদ্যশস্য সংগ্ৰহ কৰিবলৈ এইখন আঁচনিয়ে সক্ষম কৰে।

দিল্লী চৰকাৰে এইখন আঁচনি ২০২১ৰ জুলাইত ৰূপায়ণ কৰিছিল।

*****

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বাওঁফালেঃ ৰুকচানাৰ ভনীয়েক ৰুবি খাতুন। মাজতঃ মেৰা ৰাচন এপটোত ৰুকচানাৰ পৰিয়ালটোৰ আধাৰৰ বিৱৰণ ‘seeded’ বুলি দেখুৱাইছে। সোঁফালেঃ এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ সুবিধা পাবলৈ ৰুকচানাৰ প্ৰব্ৰজনৰ স্থিতি এপটোত উন্নীত কৰিবলৈ যাওঁতে পপ-আপ হোৱা মেচেজটো

প্ৰতিদিনেই ৰুকচানাই পুৱা ৮ বজাৰে পৰা আবেলিলৈ বাচন-বৰ্তন, কাপোৰ-কানি ধোৱা কাম কৰে, আকৌ আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ একেটা কামকে কৰে। ৰুকচানাই কিয় দিল্লীত নিজৰ ৰেচন কাৰ্ডখন ব্যৱহাৰ কৰিব পৰা নাই এইবিষয়ে ২০২১ৰ ১ ডিচেম্বৰত ৰুকচানাৰ ভনীয়েক ৰুবি আৰু এইগৰাকী প্ৰতিবেদকে পাটেল নগৰস্থিত খাদ্য আৰু যোগান বিভাগৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ গৈ সুধিছিল।

‘মেৰা ৰাচন’ ম’বাইল এপটো ডাউনলোড কৰি পৰিয়ালৰ আটাইৰে আধাৰ কাৰ্ডবোৰ লিংক কৰা হৈছে নে নাই সেয়া চাই লওঁক, আমাক এনেকৈ পৰামৰ্শ দিয়া হ’ল। তেওঁলোকৰ অফিছৰ ৱেব প’ৰ্টেলটোৱে সিদিনা কাম কৰা নাছিল।

সেইদিনা আমি ৰুকচানাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সবিশেষ এপ্লিকেচনটোত ভৰালো। তেওঁলোকৰ এবছৰীয়া সন্তান আশিয়াৰ বাদে পৰিয়ালৰ আন সদস্যসকলৰ আধাৰ কাৰ্ড ‘seeded’ বুলি দেখুৱালে। কিন্তু অ’এন.অ’আৰ.চি.ৰ পঞ্জীয়নৰ বাবে ৰুকচানাৰ প্ৰব্ৰজনৰ তথ্য উন্নীত কৰিব বিচাৰিলে পপ-আপ মেচেজ এটা আহেঃ ‘ডেটা পোষ্ট কৰিব পৰা নগ’ল। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক।’

ডিচেম্বৰৰ ৭ তাৰিখে আকৌ এবাৰ চেষ্টা কৰাত একেই পপ-আপ মেচেজ আহিল।

তাৰ পাছত এজন পি.ডি.এছ. ডিলাৰে কয় যে কেতিয়াবা এনেকুৱা হয় যে দিল্লীলৈ প্ৰব্ৰজিত হৈ অহা লোকৰ নিজ গাঁৱত ৰেচনৰ বিতৰণ আৰম্ভ হ’লেহে দিল্লীত আই.এম.পি.ডি.এছ. ব্যৱস্থাটোৱে কাম কৰে। দিল্লীৰ হিতাধিকাৰীসকলে ৩১ নৱেম্বৰৰ আবেলিৰ ভাগত তেওঁলোকৰ ৰেচন লাভ কৰিছিল। বিহাৰত পৰৱৰ্তী পৰ্য্যায়ৰ ৰেচন ৫ ডিচেম্বৰৰ দিনা বিতৰণ কৰা হ’ব, ডিলাৰজনে কয়।

ৰুকচানাই আশা এৰি নিদি আকৌ ৫ ডিচেম্বৰৰ দিনা ৰেচনৰ দোকানখনলৈ যায়। কিন্তু মেচিনটোৱে সঁহাৰি এনেকৈহে দিলেঃ ‘আই.এম.পি.ডি.এছ.ত ৰেচন কাৰ্ড পোৱা নগ’ল’।

২০২১ৰ ছেপ্টেম্বৰৰ পৰা ৰুকচানাই যিকেইঘৰ মানুহৰ তাত কাম কৰে, তেওঁলোকে দিয়া আহাৰৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে। “কোনোৱে মোক কেঁচা শাক-পাচলি দিয়ে। কোনোবাই কেতিয়াবা ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰা নিজৰ ভাগৰ ৰেচনৰ অলপ দিয়ে।”

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বাওঁফালেঃ ছাদিপুৰ মেইন বাজাৰৰ এখন সুলভ মূল্যৰ দোকানত ৰুকচানা খাতুন। কিমানবাৰ যে দোকানখনলৈ যাবলগীয়া হৈছে, তেওঁ হিচাপেই হেৰুৱাইছে। সোঁফালেঃ সুলভ মূল্যৰ দোকানখনৰ ডিলাৰ ভাৰত ভূষণে ইপ’চ মেচিনটোত ৰুকচানাৰ আধাৰ কাৰ্ডৰ সবিশেষ দিলে অহা মেচেজটো দেখুৱাইছে

“কিমান যে দিন হ’ল চেষ্টা কৰি থকাৰ,” ৰুকচানাই কয়, তেওঁৰ কথাত অতিষ্ঠ হোৱাৰ সুৰ স্পষ্ট। বিহাৰৰ পৰা তেওঁৰ লগত দিল্লীলৈ অহা আনবোৰে ২০২১ৰ আগষ্টৰ পৰা ডিচেম্বৰলৈ অতিকমেও তিনিবাৰ ৰেচন নিছে।

দিল্লীৰ চৰকাৰী স্কুলত ২০২০ৰ ডিচেম্বৰ মাহৰ পৰা মধ্যাহ্ন ভোজনৰ পৰিৱৰ্তে বিতৰণ কৰা শুকান ৰেচনৰ টোপোলা কামত আহিছিল। তেওঁৰ ডাঙৰ দুই সন্তান কপিল আৰু চান্দনিয়ে পাটেল নগৰৰ চৰকাৰী স্কুলত পঢ়িছিল। প্ৰতিগৰাকীয়ে ১০ কিলোকৈ চাউল, ২ কিলোকৈ দাইল আৰু এক লিটাৰকৈ ৰিফাইন তেল পাইছিল। ২০২২ৰ মাৰ্চত মধ্যাহ্ন ভোজন পুনৰাই দিয়া আৰম্ভ কৰাত সেই টোপোলা নোপোৱা হ’লো, ৰুকচানাই কয়।

*****

দিল্লী চৰকাৰৰ অ’.এন.অ’.আৰ.চি.ৰ হেল্পলাইন নম্বৰত একাধিক কল কৰা হৈছিল যদিও কোনো কামত নাহিল। বাৰে বাৰে নেটৱৰ্ক ‘কনজেষ্টেড’ বুলি কৈ থাকে।

১৯৯১ৰ পৰা সুলভ মূল্যৰ দোকান চলোৱা দাৰভাংগাৰ বেণীপুৰৰ ৰেচনৰ ডিলাৰ পাৰৱেজ আলমে ফোনত কয় যে অকল ৰুকচানাৰে এনেকুৱা হোৱা নাই। “দিল্লীত থকা বহু প্ৰব্ৰজনকাৰী শ্ৰমিকে ফোন কৰি মোক কয় যে তেওঁলোকে দিল্লীত ৰেচন সংগ্ৰহ কৰিব পৰা নাই,” আলমে কয়।

দাৰভাংগাৰ জিলা যোগান মন্ত্ৰী অজয় কুমাৰে ফোনত কয় যে  তেওঁৰ কাৰ্য্যালয়ৰ কামবোৰ সুচাৰুৰূপে চলি আছে। “দিল্লীৰ বিষয়-ববীয়াইহে সঠিককৈ ক’ব পাৰিব সমস্যাটো কি হৈছে। আন কোনো ৰাজ্যই এনে সমস্যাৰ সন্মুখীন হোৱা বুলি কোনোৱে ৰিপ’ৰ্ট কৰা নাই (দিল্লীত বাদে),” তেওঁ কয়।

দিল্লীৰ খাদ্য আৰু যোগান বিভাগৰ অতিৰিক্ত আয়ুক্ত কুলদ্বীপ সিঙে ফোনত কয় যে ডিচেম্বৰ মাহত বিহাৰৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলৰ বাবে ইতিমধ্যে ৪৩,০০০ লেনদেন সম্পন্ন হৈছে। “এয়া সুকীয়া সমস্যা হ’ব পাৰে। এনেকুৱাও হ’ব পাৰে যে বিহাৰত হিতাধিকাৰীগৰাকীৰ নামটো ডিলিট কৰা হৈছে,” তেওঁ কয়।

PHOTO • Sanskriti Talwar

বিহাৰৰ দাৰভাংগা জিলাৰ নিজ গাঁৱৰ পৰা ৰুকচানা আৰু ৱাকিলে কাম বিচাৰি দিল্লীলৈ আহিছিল

২০২০ৰ মে’ মাহত কেন্দ্ৰ চৰকাৰে এক দেশ, এক ৰেচন কাৰ্ড আঁচনিৰ ঘোষণা কৰে। এই আঁচনিয়ে ৰেচন কাৰ্ডখন ‘প’ৰ্টেবল’ কৰি তোলে। ৰেচন কাৰ্ডখন য’তেই পঞ্জীয়ন কৰা নহওঁক লাগিলে, আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ পিছত দেশৰ যিকোনো ঠাইতে ব্যৱহাৰ বাবে সুচল কৰি তোলা হয়

২০২২ৰ ২৪ ফেব্ৰুৱাৰীত ৰুকচানা আৰু তেওঁৰ পৰিয়ালটোৱে বিয়া এখন খাবলৈ দাৰভাংগালৈ গৈছিল। ২৬ ফেব্ৰুৱাৰীৰ দিনা তেওঁলোক উভতি আহে আৰু তাৰে পিছদিনা তেওঁ নিজৰ জীয়াৰীক মোহন বাহেৰাত থকা সুলভ মূল্যৰ দোকানখনলৈ পঠিয়ায়।

সেই মাহটোত পৰিয়ালটোৱে ৰেচন সংগ্ৰহ কৰিব পাৰিছিল।

কিন্তু দিল্লীলৈ যোৱাৰ আগতে ২১ মাৰ্চৰ দিনা গাঁৱৰ ডিলাৰজনে ক’লে যে তেওঁৰ ৰেচন কাৰ্ডখন বাতিল কৰা হৈছে। “ওপৰৰ পৰা বন্ধ কৰা হৈছে,” তেওঁ ৰুকচানাক কয়।

“যোৱা মাহত দেখোন কাম কৰি আছিল, কেনেকৈ বন্ধ হ’বলৈ পালে?” ৰুকচানাই ডিলাৰজনক প্ৰশ্ন কৰিছিল।

আকৌ এবাৰ তেওঁক গোটেই পৰিয়ালৰ আধাৰ কাৰ্ড লৈ বেণীপুৰত থকা খণ্ড ৰেচন বিষয়াৰ কাৰ্য্যালয়লৈ যাবলৈ কোৱা হয়। দিল্লীৰ অফিছলৈকো আধাৰ কাৰ্ডকেইখন লৈ যোৱাৰ কথাও ডিলাৰজনে কৈছিল।

জিলা যোগান মন্ত্ৰী অজয় কুমাৰে কয় যে এনেদৰে ৰেচন কাৰ্ড এখন বাতিল হ’ব নোৱাৰে। অৱশ্যে তেওঁ কয় যে এনে পৰিস্থিতিত ৰুকচানা আৰু তেওঁ পৰিয়ালে নতুন এখন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

ইফালে দিল্লীত ৰুকচানাই পৰিস্থিতিৰ ওচৰত হাৰ মানিছিল। “ৰাচন তৌহ মেৰা বন্দ হী হৌ গয়া হ্যে (মোৰ ৰেচন বন্ধই হৈ গৈছে)।”

অনুবাদ: পংকজ দাস

Sanskriti Talwar

Sanskriti Talwar is an independent journalist based in New Delhi, and a PARI MMF Fellow for 2023.

Other stories by Sanskriti Talwar
Editor : Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das