জয়পালৰ টিনৰ চালি দিয়া ইটাৰে গঁথা দুটা কোঠাৰ ঘৰটোত একাধিক বৃহৎ আকাৰৰ সুন্দৰ ঘৰৰ আৰ্হি আছে। এই ঘৰবোৰ কেইবামহলীয়া, ওখ স্তম্ভবিশিষ্ট, বাৰান্দা আৰু মিনাৰ থকা।

আৰু এই ঘৰবোৰ কাগজত আঠা লগাই তৈয়াৰ কৰা হৈছে।

যোৱা ৪-৫ বছৰ ১৯ বছৰীয়া জয়পাল চৌহানে মধ্যপ্ৰদেশৰ খান্দৱা জিলাত থকা তেওঁৰ নিজ গাওঁ কৰৌলিৰ ঘৰত পুৱা আৰু সন্ধিয়াৰ কিছু সময় কটায় - সাৱধানে কাগজৰ নুৰাবিলাক মেৰিয়ায় আৰু ঘৰৰ দেৱাল বনাবলৈ ইটা জপাৰ দৰে এটাৰ ওপৰত আনটো জাপে। তাৰ পিছত দূৰ্গসদৃশ গাঁথনি সৃষ্টি কৰিবলৈ সেইবিলাক আঠাৰে লগ লগায়।

“মই সদায় ঘৰ ভাল পাওঁ আৰু ঘৰ তৈয়াৰ কৰাৰ প্ৰতি মোৰ খুব আগ্ৰহ আছে,” তেওঁ কয়। প্ৰায় ১৩ বছৰমান বয়সত জয়পালে মন্দিৰৰ কাৰ্ডব’ৰ্ডৰ মডেল তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল। আন এখন গাঁৱৰ বিবাহ উৎসৱলৈ যাওতে এঘৰ মানুহৰ ঘৰত এটা সৰু কাঁচৰ মন্দিৰ দেখিছিল আৰু সেই মন্দিৰটোৱে তেওঁক নিজে কাৰ্ডব’ৰ্ড ব্যৱহাৰ কৰি তেনে এটা মন্দিৰ তৈয়াৰৰ প্ৰচেষ্টা চলাবলৈ অনুসন্ধিৎসা জগাই তুলিছিল। তেওঁ এনেকুৱা কেবাটাও মডেল তৈয়াৰ কৰিছিল, সেইবিলাক উপহাৰ দিলে। আনকি ২০১৭ত বিদ্যালয়ৰ প্ৰদৰ্শনীত এটা মডেলৰ বাবে তেওঁ বঁটাও লাভ কৰিছিল।

কাৰ্ডব’ৰ্ডৰ মটৰচাইকেলৰ বাবেও তেওঁ বিদ্যালয়ত এবাৰ বঁটা জিকিছিল। তেওঁ তৈয়াৰ কৰা এনে সামগ্ৰীৰ ভিতৰত টেবুল ফেন, ৰেচিং কাৰ আৰু এটা পুৰণি পুতলাৰ চকা লগাই তৈয়াৰ কৰা এখন ক্ৰেন আছিল।

Jaypal with one of his paper creations; he also designs doors made by father Dilawar Chouhan (right), who works as a carpenter
PHOTO • Nipun Prabhakar

কাগজেৰে তৈয়াৰ কৰা এটা ডিজাইনৰ সৈতে জয়পাল, বৃত্তিত কাঠমিস্ত্ৰী তেওঁৰ পিতৃ দিলৱাৰ চৌহানে (সোঁফালে) তৈয়াৰ কৰা এখন দুৱাৰৰ আৰ্হিও প্ৰস্তুত কৰিছিল

জয়পালে কয়, “আৰ্দ্ৰতাৰ কাৰণে কালক্ৰমত কাৰ্ডব’ৰ্ড সেমেকি যাবলৈ ধৰাত এদিন মই ভাবিলো যে মই ঘৰত বিক্ৰী কৰিবৰ কাৰণে ভঙা-ছিঙা বস্তুৰ লগত পেলাই থোৱা মোৰ বিদ্যালয়ৰ পুৰণি কিতাপবিলাক কামত লগাব পাৰো। পুৰণি কিতাপৰ পৃষ্ঠাবিলাক মই গোলকৈ মেৰিয়াবলৈ আৰম্ভ কৰিলো আৰু ডাঙৰ ডাঙৰ ঘৰৰ মডেল বনোৱাত লাগিলো।”

পুনাছা তহচিলত থকা তেওঁৰ নিজ গাওঁ কৰৌলিত কংক্ৰীটৰ ডাঙৰ ডাঙৰ ঘৰবোৰ দেখাৰ পিছত তেওঁৰ মনলৈ নতুন নতুন ধাৰণা আহিবলৈ ধৰিলে। জয়পালে কয়, “গাঁৱৰ ভিতৰত যিবিলাক মানুহে নতুন ঘৰ নিৰ্মাণ কৰিছে, সেই সময়ত আমি মানে আমাৰ পৰিয়ালে বা আনসকলে আনৰ পথাৰত কাম কৰি গাঁৱৰ বাহিৰত থাকিবলগা হৈছে আৰু এতিয়াও পকীঘৰৰ পৰিৱৰ্তে কেঁচাঘৰত বাস কৰিছে। কিন্তু এই নতুন ঘৰবিলাকৰ কোনো এটাৰে আৰ্হি মোৰ একেবাৰে ভাল নালাগে। সেই কাৰণে মই দুই-তিনি ধৰণৰ ধাৰণা সংমিশ্ৰণ কৰোঁ আৰু এটাৰ লগত আনটো খাপ খুৱাও। ঘৰৰ আৰ্হি বা ডিজাইন যদি সহজ হয়, তেতিয়া ইয়াক খুব মাৰ্জিত দেখা যায়। কিন্তু যদি এই ডিজাইন সততে ব্যৱহাৰ কৰাৰ নিচিনা নহয়, তেতিয়া মই এনে ডিজাইন বা আৰ্হি কাগজৰ মডেললৈ ৰূপান্তৰ কৰোঁ।”

কেৱল মানসম্পন্ন দুৱাৰ আৰু খিৰিকী থকা ঘৰৰ ওপৰতে জয়পালে গুৰুত্ব নিদিয়ে, কিন্তু প্ৰতিকৃতিৰ খোদন আৰু অলংকৰণৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে। এনে এটা ঘৰৰ আৰ্হিৰ কাৰণে তেওঁৰ ধাৰণা সম্পৰ্কে কয়, “এটা ঘৰৰ শীৰ্ষৰ মজিয়া গাঁৱত থকা ঘৰৰ দৰে মই তৈয়াৰ কৰিছিলো, কিন্তু তলৰ মহলাটো সম্পূৰ্ণ সুকীয়া আছিল।” স্থানীয় শিক্ষক এজনৰ ঘৰটো দেখাৰ পিছত এনে আৰ্হি তৈয়াৰ কৰিবলৈ তেওঁ অনুপ্ৰাণিত হৈছিল, সেই শিক্ষকজনেই বিদ্যালয়ৰ পুৰণি টোকাবহী তেওঁক দিছিল। কিন্তু এই টোকাবহীবোৰৰ পৃষ্ঠাবোৰত অগণন চিত্ৰ আৰু ব্যংগচিত্ৰ আছিল, যিধৰণৰ কাগজ ঘৰৰ আৰ্হিবোৰত এনে কাগজ লগালে দেখিবলৈ বেয়া হয় বুলি জয়পালে কয়। সেইকাৰণে তেওঁ ওচৰতে থকা আন এখন চৰকাৰী স্কুলত থকা পুৰণি কিতাপ বিচাৰি আনিলে।

“মই কোনো (স্থাপত্য) পৰিকল্পনা বা ৰূপাংকন তৈয়াৰ নকৰো, মই মাথোন পোনপটীয়াভাৱে ঘৰবোৰ বনাবলৈ আৰম্ভ কৰো,” জয়পালে কয়। প্ৰথমতে তৈয়াৰ কৰা কিছুমান আত্মীয়সকলক উপহাৰ হিচাপে দিয়া হৈছিল, কিন্তু ঘৰৰ আৰ্হিবোৰ চাবলৈ যেতিয়া বিভিন্ন মানুহ তেওঁৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিলে, তেওঁ সেইবিলাক উপহাৰ হিচাপে দিয়া বন্ধ কৰিলে। তেতিয়ালৈকে তেওঁ সেইবোৰ বিক্ৰী কৰা নাছিল - এতিয়া ইয়াৰে কিছুমান মানুহে চাব পৰাকৈ ঘৰত সজাই থৈছে।

He looks for houses that have some ornamentation. This design (right) was inspired by the house (left) of a local teacher who gave him waste notebooks
PHOTO • Jaypal Chouhan
He looks for houses that have some ornamentation. This design (right) was inspired by the house (left) of a local teacher who gave him waste notebooks
PHOTO • Jaypal Chouhan

তেওঁ অলংকৰণ থকা ঘৰ পছন্দ কৰে। এই আৰ্হি (সোঁফালে) স্থানীয় শিক্ষক এজনৰ ঘৰটো (বাওঁফালে)ৰ পৰা অনুপ্ৰাণিত হৈ তৈয়াৰ কৰা হৈছিল, সেই শিক্ষকজনে পুৰণি নোটবুক দি সহায় কৰিছিল

ঘৰৰ এনেকুৱা মডেলৰ জটিলতাৰ তথা এই কামৰ বাবে তেওঁ ব্যয় কৰা সময়ৰ ওপৰত নিৰ্ভৰ কৰি কাগজেৰে এনেকুৱা এটা মডেল তৈয়াৰ কৰিবলৈ চাৰিৰ পৰা বিশ দিন পৰ্য্যন্ত সময়ৰ প্ৰয়োজন হয়। এনে প্ৰতিটো মডেলৰ উচ্চতা আৰু গভীৰতা ২ বাই ২ ফুট হয় আৰু ইয়াৰ প্ৰস্থ ২.৫ ফুট হয়।

এনেকুৱা কাগজৰ ঘৰৰ মডেল তৈয়াৰ নকৰা সময়ত জয়পালে পঢ়া-শুনা কৰে - ওচৰৰ এখন গাঁৱৰ বিদ্যালয়ৰ পৰা তেওঁ অলপতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে (মহামাৰীৰ বাবে অনলাইন যোগে)। নিজৰ গাওঁ কৰৌলি আৰু ওচৰৰ বিভিন্ন গাওঁ তথা নগৰত টেবুল, চকী, ঝুলনা আৰু বিভিন্ন আচ-বাব তথা দুৱাৰ খিৰিকীৰ চৌকাঠ তৈয়াৰ কৰা ৪৫ বছৰীয়া কাঠমিস্ত্ৰী পিতৃ দিলৱাৰ সিং চৌহানৰ সৈতে জয়পালে কাম কৰে।

কাঠৰ কামৰ প্ৰতি আগ্ৰহী নহয় বুলি জয়পালে কয়, কিন্তু দুৱাৰ-খিৰিকীৰ বিভিন্ন আৰ্হিৰে পিতৃ দিলৱাৰ সিং চৌহানক সহায় কৰাৰ লগতে তেওঁৰ সা-সঁজুলি যোগান ধৰা তথা ঘৰৰ মূধচ তৈয়াৰ কৰোঁতে কাম কৰি দিয়ে। জয়পালে কয়, “নিজৰ গাওঁ কৰৌলিত দুখন আৰু ওচৰৰ এখন গাঁৱৰ এটা ঘৰৰ বাবে তিনিখন দুৱাৰৰ নক্সা মই তৈয়াৰ কৰি দিছিলো। ইয়াৰ বাবে মই ইণ্টাৰনেট আৰু অনলাইন মেগাজিনৰ সহায় লোৱাৰ লগতে স্বকীয়তা দিয়াৰ প্ৰচেষ্টা চলাইছিলো - এটা সময়ত কাগজৰে এনে নক্সা তৈয়াৰ কৰিছিলো, কিন্তু বেছিভাগ সময়তে পোনপটীয়াভাৱে কাঠৰ ওপৰত এই নক্সা কৰোঁ আৰু মোৰ দেউতাই পিছত এইবিলাক তৈয়াৰ কৰে।”

আন সময়ত জয়পালে ভিনিহিয়েকৰ সৈতে কাম কৰে, ৬০ কিলোমিটাৰ নিলগৰ এখন গাঁৱত ঘৰ থকা ভিনিহিয়েক বৃ্ত্তিত এজন দৰ্জী। কেতিয়াবা তেওঁ তালৈ যায় আৰু কাপোৰ কটা বা চিলোৱা কাম কৰে।

জয়পালৰ মাতৃ ৪১ বছৰীয়া ৰাজু চৌহান এগৰাকী গৃহিণী। আগতে তেঁৱো পৰিয়ালৰ কাঠৰ সামগ্ৰী তৈয়াৰ কৰা কামত সহায় কৰিছিল। “তেওঁলোকে যদি এখন বিচনা তৈয়াৰ কৰে, তেওঁ ইয়াৰ খুৰা তৈয়াৰ কৰে আৰু মোৰ দেউতাই গোটেইখিনি কাম কৰে,” জয়পালে কয়। পৰিয়ালৰ উপাৰ্জন তথা অৱস্থা অলপ ভাল হ’বলৈ ধৰিছিল, আৰু জয়পালৰ মাতৃয়ে এই কাম কেতিয়াও নকৰা হ’ল।

Japyal's collection of hand-made items includes a table fan; he also designs some of the doors that his father makes in wood
PHOTO • Jaypal Chouhan
Japyal's collection of hand-made items includes a table fan; he also designs some of the doors that his father makes in wood
PHOTO • Jaypal Chouhan

জয়পালে হাতেৰে তৈয়াৰ কৰা বস্তুৰ ভিতৰত এখন টেবুল ফেন আছে, তেওঁ কিছুমান দুৱাৰ নক্সা তৈয়াৰ কৰিছিল, পিছত সেই নক্সাবিলাক দেউতাকে কাঠেৰে তৈয়াৰ কৰিছিল

মোমায়েক মনোহৰ সিং তনৱাৰ জয়পালে কাগজৰ মডেল তৈয়াৰ কৰা কামক খুব উৎসাহিত কৰে, তেওঁ এজন কৃষক। জয়পালৰ কাষৰ ঘৰটোত মোমায়েক আছিল, তেওঁৰ ঘৰলৈ অহা সকলো লোকক জয়পালৰ কামবিলাক দেখুৱাবলৈ লৈ আহে। যোৱা বছৰ সম্ভৱতঃ ডেংগুত আক্ৰান্ত হৈ এই মোমায়েকজনৰ মৃত্যু ঘটে।

কাগজেৰে ঘৰৰ আৰ্হি তৈয়াৰ কৰা কামক পিতৃ-মাতৃ দিলৱাৰ-ৰাজুৱে যথেষ্ট সমৰ্থন কৰে। “মই লিখা-পঢ়া নাজানো, কিন্তু সি ঠিকেই কৰিছে বুলি ভাবো। বহুতো মানুহ আহে আৰু তাৰ কাম চায়,” দিলৱাৰে কয়। “সি যিমান পাৰে পঢ়ক বুলি মই ভাবো আৰু মই মোৰ সামৰ্থ্যৰে যিমান পাৰো তাক পঢ়াই যাম। মই যদি মোৰ মাটি বিক্ৰী কৰিব লাগে, ঘৰ বিক্ৰী কৰিব লাগে, তাৰ পঢ়াৰ বাবে কৰিম। কাৰণ মাটি আকৌ আহিব, কিন্তু পঢ়াৰ সময় কেতিয়াও নাহে,” তেওঁ কয়। ৰাজুৱে খুব সহজভাৱে মোক কয়, “ল’ৰাটোৰ যত্ন লওঁক। আমাৰ বেছি একো নাই, সি আমাৰ লগত থকা একমাত্ৰ সন্তান, জয়পালৰ দুই ভগ্নীৰ বিয়া হৈছে।”

যি সময়ত জয়পালে তৈয়াৰ কৰা ঘৰৰ জাকজমকীয়া মডেলেৰে ঘৰটো সজাই তোলা হৈছিল, সেই সময়তে তেওঁলোকৰ পৰিয়ালৰ জীৱনলৈ নামি আহিছে বাস্তুহাৰা হোৱাৰ এক ভৱিষ্যত। ২০০৮ত তেওঁলোকে বৰ্তমান থকা গাওঁ কৰৌলিৰ পৰা তিনি কিলোমিটাৰ নিলগৰ টোকি গাওঁ এৰিবলগীয়া হৈছিল। ওমকাৰেশ্বৰ বান্ধৰ উপচি পৰা পানীয়ে তেওঁলোকৰ গাওঁ, তেওঁলোকৰ ঘৰ সম্পূৰ্ণ বুৰাই পেলাইছিল।

১০ কিলোমিটাৰ নিলগৰ এখন গাঁৱত পৰিয়ালটোক পুনৰ সংস্থাপিত হ’বলৈ কোৱা হৈছিল। কিন্তু দিলৱাৰ সেই ঠাইলৈ যাব বিচৰা নাছিল, কাৰণ সেই ঠাই দুৰ্গম আৰু প্ৰায় চন পৰা আছিল। “আনকি সেই গাঁৱত দোকানো নাই, তাত কামো নাই,” জয়পালে কয়। পিছত চৰকাৰে দিয়া ক্ষতিপূৰণৰ টকাৰে তেওঁৰ পিতৃ দিলৱাৰে কৰৌলিৰ এই সৰু এটুকুৰা মাটি কিনিলে। এইটোৱেই এতিয়া তেওঁলোক থকা ঘৰ। দিলৱাৰে পৈতৃক সম্পত্তি হিচাপে দুই একৰ মাটি পাইছিল। এই মাটি কৰৌলিৰ পৰা ৮০ কিলোমিটাৰ দূৰত, পৰিয়ালটোৱে এই মাটিত ছয়াবিন, ঘেঁহু আৰু পিয়াঁজৰ খেতি কৰে।

'I don't make any [architectural] plans or designs, I just start making the houses directly', Jaypal says. The first few were gifted to relatives, but when people started visiting his home to look at the models, he stopped giving them away
PHOTO • Jaypal Chouhan
'I don't make any [architectural] plans or designs, I just start making the houses directly', Jaypal says. The first few were gifted to relatives, but when people started visiting his home to look at the models, he stopped giving them away
PHOTO • Jaypal Chouhan

মই কোনো স্থাপত্য পৰিকল্পনা বা আৰ্হি তৈয়াৰ নকৰো, মই পোনপটীয়াকৈ ঘৰবিলাক বনাওঁ -  জয়পালে কয়। প্ৰথমতে তৈয়াৰ কৰা কিছুমান আত্মীয়ক উপহাৰ দিলো, কিন্তু কাগজৰ আৰ্হি চাবলৈ যেতিয়া তেওঁৰ ঘৰলৈ মানুহ আহিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ সেইবিলাক মানুহক উপহাৰ হিচাপে দি পঠোৱা বন্ধ কৰিলে

টোকিগাঁৱত, য’ত তেওঁৰ জন্ম হৈছিল, তাত থকা মাটি আৰু টিনৰ সেই ঘৰখনৰ ধূসৰ স্মৃতি জয়পালৰ মনত আছে। “মোৰ ইমান মনত নাই। এতিয়া মই মডেলবোৰ তৈয়াৰ কৰিব ল’লো যদিও সেই ঘৰটো চাবলৈ যাব নোৱাৰো, কাৰণ সেয়া পানীত বুৰ গ’ল। কিন্তু মোৰ দেউতাৰ এতিয়া থকা সৰু ঘৰটোৰ এটা মডেল তৈয়াৰ কৰাৰ কথা মই ভাবিছো,” জয়পালে কয়।

এই ঘৰটোৰ পৰাও পৰিয়ালটো স্থানান্তৰিত হ’বলগীয়া হ’ব, কাৰণ তেওঁলোকৰ ঘৰ থকা মাটিডোখৰ এটা ঘাইপথৰ কাষত। জানিব পৰা মতে চৰকাৰে এই ৰাস্তাটো ছয়লেনযুক্ত কৰি সম্প্ৰসাৰণ কৰিব। জয়পালে কয়, “পুনৰ স্থানচ্যুত হ’লে আমি আকৌ ক’ৰবালৈ যাব লগা হ’ব।”

তেওঁ পঢ়া-শুনা আগবঢ়াব বিচাৰে আৰু ভৱিষ্যতে এজন চিভিল ইঞ্জিনিয়াৰ হ’ব খোজে, কাৰণ গৃহনিৰ্মাণ সম্পৰ্কে তেওঁৰ আগ্ৰহ আছে, আৰু তেনে শিক্ষাগত অৰ্হতা থাকিলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনাও থাকে।

শেহতীয়াভাৱে জয়পালে তাজমহলৰ এটা মডেল তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে। “আমাৰ ঘৰলৈ যি মানুহ আহে আৰু কাগজৰ মডেলবোৰ দেখে, সকলোৱে মই তাজমহল বনাইছোনে বুলি প্ৰশ্ন কৰে,” তেওঁ কয়। তাজমহলৰ কাৰণে যথেষ্ট কাগজৰ প্ৰয়োজন হ’ব - কিন্তু এই বিলাসী সৌধ নিৰ্মাণ হ’বলৈ ধৰিছে। সময় পালে অন্যান্য প্ৰখ্যাত স্মৃতিসৌধসমূহৰ প্ৰতিকৃতিও নিৰ্মাণ কৰা হ’ব। এনে স্মৃতিচিহ্নসমূহ তৈয়াৰ কৰিবলৈ যথেষ্ট নিপুণতা আৰু ধৈৰ্য্যৰ লগতে আঠা আৰু বৃহৎ পৰিমাণৰ কাগজেৰ প্ৰয়োজন হ’ব।

অনুবাদ: পংকজ দাস

Nipun Prabhakar

Nipun Prabhakar is a documentary photographer based in Kachchh, Bhopal and Delhi. He is also a trained architect and works extensively with local communities.

Other stories by Nipun Prabhakar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das