হোণ্ডা এক্টিভা স্কুটাৰেৰে মুম্বাইৰে উপকণ্ঠ অঞ্চলৰ পানভেলত থকা ভাড়াঘৰৰ পৰা মধ্যপ্ৰদেশৰ ৰেৱা জিলাত থকা নিজৰ ঘৰলৈ ১২০০ কিলোমিটাৰৰো অধিক দূৰ বাট অতিক্ৰম কৰিবলৈ লোৱা সিদ্ধান্ত মটৰ চাইকেল দুৰ্ঘটনাত এখন ভৰি হেৰুওৱা ২৮ বছৰীয়া বিমলেশ জয়ছোৱালৰ বাবে এক দুৰ্দান্ত সাহসিকতা ভৰা প্ৰত্যাহ্বান আছিল। স্কুটাৰখনত ‘চাইড-কাৰ’ আছিল। ২৬ বছৰীয়া পত্নী সুনীতা আৰু তেওঁলোকৰ ৩ বছৰীয়া কন্যাসন্তান ৰুবীৰ সৈতে তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। “ইয়াৰ বাহিৰে মোৰ হাতত আন কোনো উপায় নাছিল,” তেওঁ কয়।

বিমলেশ এজন ঠিকাদাৰৰ প্ৰতিটো নতুন প্ৰকল্পত কাম কৰিবলৈ পানভেলত থাকে। যেতিয়া কাম শেষ হয়, তেতিয়া ঘৰবোৰৰ ধূলি-মাকতি আঁতৰোৱা আৰু চাফাই কাম কৰে। “এখন ভৰিৰে যিকোনো কাম কৰা বৰ কঠিন, কিন্তু আপুনি যি কৰিবলগা আছে, কৰিব লাগিব,” ৰেৱাৰ হিনাউটি গাঁৱত থকা ঘৰৰ পৰা তেওঁ মোক ফোনত এইদৰে ক’লে। সেই একেই উদ্যমেই তেওঁক কেতিয়াবা ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰা উত্তাপতো বিস্ময়কৰ যাত্ৰা কৰিবলৈ নিঃসন্দেহে আগুৱাই দিছিল। সাহস আৰু দৃঢ়তাৰ যি উদাহৰণ তেওঁ তুলি ধৰিলে, তেনে দুঃসাহসী মানসিকতাৰে তেওঁৰ দৰে বহুতো প্ৰব্ৰজিত শ্ৰমিকে নিজৰ গৃহাভিমুখে যাত্ৰা কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ২৪ মাৰ্চত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰিত কৰিবলৈ দেশজোৰা বন্ধ ঘোষণা কৰে, বিমলেশৰ দৰে লাখ লাখ দিনমজুৰী কৰা শ্ৰমিকে নিজকে উৱাদিহ নোপোৱা পৰিস্থিতিত সোমাই পৰা যেন অনুভৱ কৰিলে। “আমি কাম নোপোৱা হ’লো, গতিকে খাদ্য কেনেকৈ যোগাৰ কৰিম সেই কথা আমি নাজানো,” তেওঁ কয়। “ঘৰভাড়া আৰু বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব। চাৰি ঘণ্টাৰ আগতে জাননী জাৰি কৰি কোনে এনেকৈ দেশ বন্ধ ঘোষণা কৰে?”

তলাবন্ধৰ ঘোষণাৰ পিছত পৰিয়ালটো ৫০ দিন পানভেলত আৱদ্ধ হৈ থাকিল। “স্থানীয় এনজিঅ’ই আমাৰ খোৱা বস্তু আৰু ৰেচন দিছিল! কোনোমতে আমি জীয়াই আছিলো। প্ৰতিটো পৰ্যায়ৰ পিছত তলাবন্ধ প্ৰত্যাহাৰ কৰিব বুলি আমি আশা কৰিছিলো। কিন্তু যেতিয়া জানিব পাৰিলো যে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ চলিব, তেতিয়া ভাবিলো যে এই তলাবন্ধ চিৰদিনৰ বাবে চলিব। মুম্বাই আৰু চৌপাশৰ এলেকাত ক’ৰণা ভাইৰাছৰ প্ৰসাৰ হ’বলৈ ধৰিলে, তেতিয়া মোৰ নিজৰ গাওঁ মধ্যপ্ৰদেশৰ হিনাউটিত থকা পৰিয়ালৰ লোকসকলো উদ্বিগ্ন হৈ পৰে।”

Bimlesh lost a leg in a motorbike accident, but rode more than 1,200 km to reach home with his wife Sunita and their daughter Ruby
PHOTO • Parth M. N.

বিমলেশে মটৰ চাইকেল দুৰ্ঘটনাত এখন ভৰি হেৰুৱাইছিল, কিন্তু নিজৰ ঘৰত উপনীত হ’বলৈ পত্নী সুনীতা আৰু কন্যা ৰুবীৰ সৈতে ১২০০ কিলোমিটাৰ পথ স্কুটাৰ চলালে

তেতিয়া তেওঁলোকে ভাবিলে যে পানভেলত থকা এটা কোঠাৰ ভাড়াঘৰ এৰি মধ্যপ্ৰদেশলৈ উভতি যোৱাটোৱে ভাল হ’ব। “ঘৰৰ মালিক যথেষ্ট মৰমীয়াল মানুহ আছিল, সেয়ে ২০০০ টকা ঘৰ ভাড়া আদায় দিবলৈ হেঁচা দিয়া নাছিল। “তেওঁ আমাৰ শোচনীয় অৱস্থাৰ কথা উপলব্ধি কৰিছিল,” তেওঁ কয়।

ঘৰলৈ উভতি যোৱাৰ সিদ্ধান্ত যেতিয়া খাটাং কৰা হ’ল, তেতিয়া তিনিটা উপায় আছিল বুলি সুনীতাই কয়ঃ চৰকাৰে  ব্যৱস্থা কৰা শ্ৰমিক ৰেলৰ বাবে অপেক্ষা কৰা, “কিন্তু সময় বা নিশ্চয়তা নাই যে আমি কেতিয়া ৰেলত উঠিব পাৰিম।” আন এক সম্ভাৱনা আছিল যে মধ্যপ্ৰদেশলৈ যোৱা ট্ৰাকত যেনে-তেনে উঠি যোৱা। “কিন্তু ট্ৰাক চালকে প্ৰতিজনৰ বাবে ৪,০০০ টকা বিচাৰে।”

ইয়াৰ পিছত জয়ছোৱালে ওচৰত শেষ উপায় আছিল স্কুটাৰেৰে যাত্ৰা কৰা। ১৫ মে’ত মুম্বাই-নাচিক ঘাইপথৰ খাৰেগাওঁ টোল নাকাত যেতিয়া মই বিমলেশক লগ পাওঁ, তেতিয়া পৰিয়ালটোৱে ১২০০ কিলোমিটাৰ পথৰ মাত্ৰ ৪০ কিলোমিটাৰ অতিক্ৰম কৰিছিল। অলপ জিৰণি ল’বলৈ তেওঁ পথৰ দাঁতিত ৰৈছিল। স্কুটাৰৰ ভৰি ৰখা ঠাইত হেঁচি-ঠেলি দুখন বেগ ৰখা হৈছিল। জঠৰতা ভাঙিবলৈ সুনীতা স্কুটাৰৰ পৰা নামি দিলে, তিনিবছৰীয়া ৰুবীয়ে মাকৰ কোলাত খেলিবলৈ ধৰে।

বিমলেশৰ পেংডাল স্কুটাৰত আওজাই থোৱা আছে। “২০১২ত এটা ডাঙৰ মটৰ চাইকেল দূৰ্ঘটনা হৈছিল, তেতিয়াই মই বাওঁ ভৰিখন হেৰুৱালো, তেতিয়াৰে পৰা মই পেং ব্যৱহাৰ কৰি আহিছো।”

দূৰ্ঘটনাৰ চাৰি বছৰ আগতে, ২০০৮ত বহল চকুৰ চেমনীয়াজনে এই বৃহৎ চহৰ মুম্বাইত কাম বিচাৰি আহিছিল। বিমলেশে নিৰ্মাণ শ্ৰমিকৰূপে কাম কৰিছিল। সেই সময়চোৱাত তেওঁৰ মাহে ৫০০০-৬০০০ টকা উপাৰ্জন হৈছিল।

When I met Bimlesh on May 15 at the Kharegaon toll naka, the family had only covered 40 of the 1,200 kilometres
PHOTO • Parth M. N.

খাৰেগাওঁ টোল নাকাত ১৫ মে’ত বিমলেশক লগ পাওঁতে পৰিয়ালটোৱে তেওঁলোকৰ মুঠ ১২০০ কিলোমিটাৰ যাত্ৰাপথৰ ৪০ কিলোমিটাৰহে অতিক্ৰম কৰিছিল

তাৰপিছত সেই দূৰ্ঘটনা ঘটে। মটৰ চাইকেলৰ পিছত উঠি যাওতে এখন ট্ৰাকে মহতিয়াই নিলে, তেওঁৰ ভৰিখন ভাগি গুড়ি হ’ল। সেয়া আছিল ২০১২ চনৰ ঘটনা।

তেতিয়াৰে পৰা তেওঁ ঠিকাদাৰৰ বাবে ঘৰৰ ধূলি-মাকতি আঁতৰোৱা আৰু চাফাই কাম কৰি আহিছে। ইয়াৰ বাবে তেওঁ মাহে ৩০০০ টকা উপাৰ্জন কৰে। অৰ্থাৎ এক দশকৰ আগতে যিমান উপাৰ্জন কৰিছিল, এতিয়া সেই উপাৰ্জন তাৰ আধা হ’ল। সুনীতায়ো ঘৰুৱা কাম-বন কৰি মাহে প্ৰায় ৩০০০ টকা উপাৰ্জন কৰিছিল। দুয়োজনৰ মিলি মাহেকীয়া আয় প্ৰায় ৬০০০ টকা হৈছিল। কিন্তু তেতিয়াই তলাবন্ধ আৰম্ভ হ’ল।

ৰুবীৰ জন্মৰ পিছতো সুনীতাই কাম কৰি আছিল। কিন্তু ২৫ মাৰ্চৰ পিছৰ পৰা একো উপাৰ্জন কৰিব নোৱৰা হ’ল। এই সময়খিনিত সুনীতাক তেওঁৰ কাম দিয়াজনে দৰমহা দিয়া নাছিল। মধ্যপ্ৰদেশলৈ যাত্ৰা কৰাৰ আগলৈকে তেওঁলোকে উমৈহতীয়া শৌচাগাৰ-স্নানাগাৰ ব্যৱহাৰ কৰি এটা সৰু ভাড়াকোঠাত আছিল। সেই কোঠাটোৰ বাবে তেওঁলোকে দুয়োৰে উপাৰ্জনৰ এক-তৃতীয়াংশ ভাড়াৰ বাবদ দিবলগা হৈছিল।

১৫ মে’ত অগনন শ্ৰমিকক নিজ নিজ গন্তব্যস্থানলৈ কঢ়িয়াই যেতিয়া ব্যস্ত ঘাইপথেৰে টেম্প’বিলাক গৈ আছিল, সেই সময়ত সন্ধিয়াৰ মুনিচুনি বেলিৰ পোহৰত শান্ত হৈ থকা বিমলেশৰ সৈতে মই কথা পাতিছিলো। মুম্বাইত থকা হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকে বিভিন্ন যান-বাহনেৰে বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ বা আন ঠাইত থকা নিজৰ গাঁৱলৈ উভতি গৈছিল। এই সময়খিনিত মুম্বাই-নাচিক ঘাইপথটো সাংঘাতিক ব্যস্ত হৈ পৰিছিল।

এই সময়খিনিত কেইবাটাও গুৰুতৰ পথ দূৰ্ঘটনাও সংঘটিত হৈছিল। কিছুমান ট্ৰাকে অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলত ঘাইপথত লুটি খাই পৰিছিল আৰু বহুতো প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু ঘটিছিল। বিমলেশ সেয়া জানিছিল। “মিছা নকওঁ, মোৰো ভয় লাগে,” তেওঁ কয়। “মই ঠিক কৰিছো যে নিশা ১০ বজাৰ পিছত মই স্কুটাৰ নচলাও। মই যেতিয়া ঘৰ গৈ পাম, আপোনাক ফোন কৰিম।”

সঁচাকৈয়ে বিমলেশে তেওঁৰ দ্বিতীয়টো প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে। ১৯ মে’ৰ পুৱা মোৰ ফোন বাজি উঠিল। “আমি এইমাত্ৰ আহি সিৰ্জিত উপস্থিত হৈছো,” বিমলেশে ক’লে। “মোৰ মা-দেউতাই আমাক দেখি আচৰিত হৈছে। নাতিনীয়েক পাই দুয়ো আনন্দিত হৈছে।”

On the Mumbai-Nashik highway, Sunita got down to un-cramp a bit, while Ruby played nearby
PHOTO • Parth M. N.

মুম্বাই-নাচিক ঘাইপথ অলপ সময়ৰ বাবে সুনীতাই স্কুটাৰৰ পৰা নামি হাত-ভৰি পোনাই লৈছে আৰু ৰুবীয়ে ওচৰতে খেলিছে

চাৰিদিনৰ যাত্ৰাকালত মাত্ৰ কোনোবা এদিন কেৱল তিনি ঘণ্টাৰ বাবে তেওঁলোক ভালকৈ শুব পাৰিছিল। “পথৰ একেবাৰে বাওঁফালে ধীৰ গতিৰে মই স্কুটাৰ চলাইছিলো, নিশা দুই বজালৈকে কেতিয়াবা আমি স্কুটাৰ চলাই আছিলো আৰু পুৱা ৫ বজাত আৰম্ভ কৰিছিলো।”

প্ৰতি নিশা একোজোপা গছৰ তলত, সুবিধাজনক ঠাইত তেওঁলোকে অলপ শুই লয়। “আমাৰ বিচনাৰ কাপোৰ লগত লৈ আহিছিলো, সেইবিলাক মেলি লৈ তাতে শুই পৰো।” বিমলেশে কয়, “সেই সময়ত আমি একো নাভাবো, মোৰ পত্নী আৰু মই গছৰ তলত শুই পৰো। সকলো সময়তে বেগেৰে গৈ থকা যান-বাহনলৈ ভয় লাগিছিল, আমাৰ লগত থকা টালি-টোপোলা আৰু নগদ ধনৰ বাবে সাৱধান হৈ থাকিবলগীয়া হৈছিল।”

সেইফালৰ পৰা চাবলৈ গ’লে তেওঁলোকৰ যাত্ৰা বিপদমুক্ত আছিল। তালাচীৰ বাবে পৰিয়ালটোক আনকি সীমান্ততো ৰখোৱা নাছিল।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিমলেশৰ দুচকীয়া বাহনখন নগৰ-চহৰৰ ভিতৰতে কম দূৰত্ব ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও চাৰিদিন চাৰিনিশা প্ৰায় বিৰামহীনভাবে চলাই থকাৰ পিছতো ১২০০ কিলোমিটাৰ যাত্ৰাপথত যান্ত্ৰিক বিজুতি ঘটা নাছিল।

পেট্ৰল আৰু খোৱা বস্তু ক্ৰয় কৰাৰ কাৰণে তেওঁ নগদ ২৫০০ টকা লগত ৰাখিছিল। “কিছুমান পেট্ৰল পাম্প খোলা থাকে, তেতিয়াই আমি তেল ভৰাই লও,” তেওঁ কয়। “আমাৰ কন্যাসন্তানটিৰ বাবে বেয়া লাগিছিল। কিন্তু ইমান গৰমতো তাইৰ একো নহ’ল, আকৌ স্কুটাৰত ঠাণ্ডা বতাহ লাগে। তাইৰ কাৰণে আমি লগত যথেষ্ট খোৱাবস্তু লৈ আহিছিলো। বহুতো ভাল মানুহে পথত তাইক বিস্কুট আদি দিছিল।”

যোৱা দশকত মুম্বাই বিমলেশৰ বাবে আপোন ঘৰৰ দৰে হৈ পৰিছিল। তলাবন্ধৰ আগলৈকে অন্ততঃ তেওঁ তেনেকৈ ভাবিছিল। “যোৱা কেইসপ্তাহমানৰ পৰা মই নিৰাপত্তাহীনতাত ভুগিছিলো,” তেওঁ কয়। “সংকটৰ সময়ত আপুনি নিশ্চয় আপোনাৰ পৰিয়ালৰ লগত থাকিবলৈ বিচাৰিব। নিজৰ মানুহৰ আবেষ্টনীত থাকিব বিচাৰিব। মই মুম্বাইলৈ আহিছিলো কাৰণ আমাৰ গৃহস্থানত কাম পাবলৈ নাই। সেই কাৰণে মুম্বাইলৈ আহিছিলো।”

হিনাউটিত তেওঁলোকৰ খেতিৰ মাটি নাই। দিনমজুৰীয়ে পৰিয়ালটোৰ মূল উপাৰ্জনৰ উৎস। “শ্ৰম যদি কৰিব লাগে, তেন্তে য’ত সদায় কাম পায়, তাত কৰক। সকলো স্বাভাৱিক হ’লে মই আকৌ মুম্বাইলৈ উভতি আহিব লাগিব। নিজৰ গাঁৱত জীৱিকাৰ সুবিধা নথকা বাবে বহুতো প্ৰব্ৰজিত শ্ৰমিক চহৰলৈ আহে। এই কাৰণে নহয় যে চহৰত থাকি সিহঁতে ভাল পায়।”

অনুবাদঃ পংকজ দাস

Parth M. N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M. N.
Translator : Pankaj Das

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Other stories by Pankaj Das