ৰঙৰ বোল সনা দক্ষ শিল্পী আব্দুল ৰছিদৰ জিম্মাত আছে এখন কিতাপ, গোটেই জীৱন দৈনিক ব্যৱহাৰ কৰাৰ ফলত যিখন উৱলি যাবলৈ ধৰিছে। এইখন কিতাপ হৈছে ‘ৰঙৰ সাংকেতিক পৰিভাষাৰ মূল গ্ৰন্থ’। যেতিয়াৰে পৰা তেওঁ পৰম্পৰাগত কাশ্মিৰী ৰং কৰা কলা আৰম্ভ কৰিছে, ১৯৪০ চনৰ পৰা এটাৰ পিছত এটা পৃষ্ঠা লগলগাই তেওঁ এই সহায়িকা গ্ৰন্থখন প্ৰস্তুত কৰিছে। 

পুৰণি শ্ৰীনগৰৰ নিৰ্জন উপপথ এটাত আব্দুল ৰছিদ এণ্ড ছনচ্ নামৰ তেওঁৰ কাৰখানাটো অৱস্থিত। ৮০ বছৰৰো অধিক বয়সীয়া ৰছিদে হাতত তেওঁৰ সেই কিতাপখন লৈ এটা চুকত কুঁজা হৈ বহি আছে। তাত বৈপৰীত্যৰ সমাহাৰ ঘটিছে। ৰুক্ষ খহটা প্ৰাচীৰেৰে আৱৰা এই কাৰখানাতেই শ্বাসৰুদ্ধকৰ বিনন্দীয়া ৰঙৰ সৃষ্টি হৈছে।

ৰং দিবলৈ আৰম্ভ কৰা হৈছিল দিনৰ প্ৰায় ১০.৩০ বজাৰ পৰা। দুই বাণ্ডিল ৰেচমৰ সূতাত ৰং দিবলৈ প্ৰায় গোটেই দিনটো লাগিব। প্ৰথমতে সুতাখিনি ধুই লোৱা হয়, কিয়নো ৰছিদে কয় যে সূতা যিমান ভাল হ’ব, ৰং সিমানে ভাল হ’ব। সূতাত লাগি থকা সকলোবোৰ অলাগতিয়াল বস্তু এৰুৱাই ল’ব লাগিব, তেতিয়াহে সূতাবোৰ ৰঙৰ নিভাঁজ সৌন্দৰ্যৰে ভৰি পৰিব। 

সূতাবোৰ ধূই লোৱাৰ পিছত ৰছিদৰ ডাঙৰ পুত্ৰ ৪২ বছৰ বয়সীয়া নৌছাদে (এই ব্যৱসায়ত জড়িত হোৱা একমাত্ৰ পুত্ৰ) বহু পুৰণি যেন লগা এটা তামৰ চৰিয়াত পানী গৰম কৰি ধোঁৱা বৰণীয়া ৰঙৰ গুৰিবোৰ মিহলি কৰিবলৈ ধৰিলে। ৰছিদৰ ডাঙৰ ল’ৰা কাৰ্পেটৰ ব্যৱসায়ত জড়িত হৈছে। তামে ৰঙৰ স্থায়িত্ব নিশ্চিত কৰে। স্থানীয় বজাৰৰ পৰা ক্ৰয় কৰা ৰঙৰ গুৰিবোৰ অতি সাবধানে অলপ অলপকৈ মিহলি কৰা হৈছে, যাতে ৰংবোৰ সমানে পানীত মিহলি হয়। কাঠৰ মোটা মাৰি এডালত মেৰিয়াই লোৱা সূতাবোৰ ৰঙত ডুবাই দিয়া হ’ল আৰু ৰঙীন পানীত লৰাই থকা হ’ল। এই কামটো কেইবাঘণ্টা ধৰি কৰা হয়, কিয়নো সূতাবোৰ যাতে ৰংখিনি ভালকৈ শুহি ল’ব পাৰে। 

ৰং কৰাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত নৌছাদে ৰং ভালদৰে মিহলি হৈছেনে নাই সেয়া পৰীক্ষা কৰিবলৈ সূতা এডাল উলিয়াই আনিলে। নৌছাদে অনুমতিৰ বাবে দেউতাকক সূতাডাল দেখুৱালে। পিতা-পুত্ৰ দুয়োজনে যদি ৰঙৰ মিশ্ৰণক লৈ সন্তুষ্ট হয়, তেন্তে ৰং কৰাৰ কাম শেষ হ’ব। যদি নহয়, তেন্তে সূতাবোৰ পুনৰ ৰঙৰ পানীত বুৰাই ৰখা হ’ব, যাতে সূতাবোৰত ৰঙৰ অধিক ৰহণ চৰে। আব্দুল ৰছিদে বিশ্বাস কৰে যে প্ৰতিডাল সূতাৰ মাহাত্ম্য আছে। 

পুৱা দেখা গ’ল সূতাবোৰত ৰং ভালকৈ লাগিছে। কিন্তু অতি দৰকাৰী কামটো কৰিবলৈ তেতিয়াও বাকী আছে। বাকী থকা মূল কামটো ৰছিদে নিজে কৰিব। তেওঁ ৰং কৰা সূতা এডাল উলিয়াই আনিলে, এই সূতাডাল তেওঁৰ সেই কিতাপখনৰ এটা পৃষ্ঠাত আঠা লগাই দিলে আৰু ৰং কৰাৰ সবিশেষ বৰ্ণনা তেওঁৰ কঁপা কঁপা হাতেৰে তাৰ কাষত লিখি থ’লে। 

শীতল শৰৎ, গোটমৰা বৰফাবৃত শীত আৰু শীতল বৰ্ষাকালতো কাশ্মিৰী ৰং কৰা এই ক্ৰমান্বয়ে মৃত্যুমুখী হোৱা শিল্পৰ কাম কৰা হয়। ইয়াৰ চাহিদা বহুত বেছি। গ্ৰাহকসকল হ’ল কাৰ্পেট আৰু শ্বালৰ শিপিনী। তেওঁলোকেই সূতাবোৰ আনি ৰছিদৰ কাৰখানাত ৰং কৰিবলৈ দিয়ে। দৈনিক ১২ ঘণ্টা পৰ্যন্ত ৰঙৰ কাম কৰা হয়। ইয়াৰ বিনিময়ত মাহে ২০ৰ পৰা ২৫ হাজাৰ টকা উপাৰ্জন হয়। বৰ্ষাকালত চাহিদা কম হয়, তেতিয়া দৈনিক ১০ ঘণ্টা মানকৈ কাম কৰে। 

চাহিদা হ্ৰাস পালে কামৰ সময় হ্ৰাস পাব পাৰে, কিন্তু ৰছিদ, তেওঁৰ পুত্ৰ নৌছাদ আৰু সহকাৰী মুস্তাকৰ দায়বদ্ধতা একেই থাকে। কেতিয়াবা ক্ষোভৰ ধ্বনিয়ে এই উপপথক জোকাৰি পেলায়, বা সান্ধ্য আইনৰ বাবে কাম কৰা টান হৈ পৰে। কিন্তু আব্দুল ৰছিদ আৰু তেওঁৰ পুত্ৰই এই অস্বাভাৱিক পৰিস্থিতিক নিজৰ কামত বাধা দিবলৈ নিদিয়ে। 

বৃহৎ পৰিমানৰ সূতা কম সময়তে ৰং কৰাৰ পৰিবৰ্তিত পৰিস্থিতি তেওঁলোকে মুখামুখী হোৱা বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। শ্বাল আৰু কাৰ্পেট তৈয়াৰ কৰা বহুতো লোক ইয়াৰ প্ৰতি আকৰ্ষিত হৈছে, কিন্তু কামৰ গতি বঢ়োৱাৰ নামত তেওঁলোকে ৰঙৰ মান ঠিক ৰাখিব পৰা নাই। ৰছিদে কয় যে যেতিয়া তেওঁ ৰং কৰা কাম প্ৰথমতে আৰম্ভ কৰিছিল, তেতিয়া ৰং কৰা এই শিল্পৰ জয়জয় ময়ময় অৱস্থা আছিল, আৰু অগণন কাশ্মিৰী পৰিয়ালে এই কামৰ দ্বাৰা নিজৰ জীৱিকা উলিয়াবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া বহুতো হস্তকলা পৰম্পৰাৰৰ লগতে এই ৰঙৰ কাম নিঃশেষ হোৱাৰ শেষ প্ৰান্তত উপনীত হৈছে।  

‘চীনৰ সস্তীয়া সামগ্ৰী সহজতে উপলব্ধ হ’বলৈ ধৰাৰ লগে লগে এনে ধৰণৰ পাৰিবাৰিক উদ্যোগ মৃত্যুমুখী হৈ পৰিছে।’ ৰছিদৰ পুত্ৰ নৌছাদে কয়, ‘এই ব্যৱসায়ক ধৰি ৰখা মই শেষ প্ৰজন্ম। মোৰ সন্তানক মই এই ব্যৱসায়ত জড়িত হ’বলৈ নিদিও। সিহঁত এই উপত্যকাৰ বাহিৰলৈ ওলাই যোৱাটো মই বিচাৰো, সিহঁতে পঢ়া-শুনা কৰি চৰকাৰী চাকৰি লওক। এই ব্যৱসায় মোৰ লগতে শেষ হওঁক। এই ব্যৱসায়ৰ কোনো ভবিষ্যত নাই।’

শ্বাল আৰু কাৰ্পেট ক্ৰয় কৰা গ্ৰাহকসকলে ইমান কষ্টকৰ ৰং কৰা মানুহৰ কথা যদি অলপো নাভাৱে, তেন্তে ৰছিদ বা তেওঁৰ পুত্ৰই কিয় এই কাম কৰি আছে? মই যেতিয়া এই প্ৰশ্নটো সুধিলো, আব্দুল ৰছিদে কেৰাহিকৈ মোলৈ চালে। খিৰিকিৰে স্তিমিত সূৰ্যৰ পোহৰলৈ দৃষ্টি নিক্ষেপ কৰি মোক ক’লে, ‘সূৰ্যৰ পোহৰলৈ কোনেও দৃষ্টিপাত নকৰে, কিন্তু সকলো সূৰ্যৰ ৰশ্মিৰ পৰা নিৰ্গত উত্তাপতে উম লয়। সময়বোৰ মৰহি গৈছে, আৰু এনে পাৰিবাৰিক ব্যৱসায়ৰ আকাশত সম্ভৱতঃ সুৰ্যোদয় পুনৰ নহ’ব।’

PHOTO • Jayati Saha

পুৰণি শ্ৰীনগৰৰ এক উপপথত ১৯৪২ চনত আব্দুল ৰছিদ এণ্ড ছনচ্ স্থাপন কৰা হৈছিল। 

PHOTO • Jayati Saha

মুখ্য চাৰু শিল্পী আব্দুল ৰছিদ, ৮০ বছৰ বয়সতো যি ধীৰ গতিৰে কাম কৰি গৈছে- ৰঙৰ সাংকেতিক পৰিভাষাৰ সেই সাচতীয়া গ্ৰন্থখন আমাক দেখুৱালে- যিখন গ্ৰন্থ তেওঁ সাত দশকৰো অধিক কালৰ কষ্টসাধ্য কামৰ সম্পাদিত দলিল স্বৰূপ। 

PHOTO • Jayati Saha

‘মাষ্টাৰ বুক’খন হৈছে ৰং কৰা শিল্পৰ বিভিন্ন তথ্যসমৃদ্ধ এক ভড়াল, ৰঙৰ সবিশেষ বৰ্ণনা ইয়াত সন্নিবিষ্ট কৰা হৈছে। ৰঙৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন উপাদান আৰু ইয়াক প্ৰস্তুত কৰাৰ তথ্যও এই মাষ্টাৰ বুকত সন্নিবিষ্ট কৰা হৈছে। আৰ্হিৰূপে প্ৰতিটো পৃষ্ঠাত একোডাল ৰং কৰা সূতাও তেওঁ সংৰক্ষণ কৰি আহিছে। 

PHOTO • Jayati Saha

ৰঙৰ কাম আৰম্ভ কৰাৰ আগতে সূতাবোৰ ধূবলৈ তেওঁলোকৰ সহকাৰী মুস্তাকে তামৰ পাত্ৰটো পানীৰে পূৰ্ণ কৰিছে, সূতাবোৰ যাতে পানীত বুৰ যায় আৰু পানী শুহি লয়, সেয়াও নিশ্চিত কৰিছে

PHOTO • Jayati Saha

অলপ সময়ৰ পিছত ৰছিদৰ পুত্ৰ নৌছাদে পাত্ৰটোৰ পৰা এডাল ধোৱা সূতা উলিয়াই আনিলে, আৰু আন এটা পাত্ৰত পানী ভৰাই জুইত গৰম কৰিবলৈ ধৰিলে।  

PHOTO • Jayati Saha

পিতৃ ৰছিদে ‘মাষ্টাৰ বুক’ত উল্লেখ কৰা মতে নৌছাদে ৰঙৰ গুৰিবোৰ জুখিবলৈ ধৰিলে। 

PHOTO • Jayati Saha

তাৰপিছত ৰঙৰ শুকান গুৰিবোৰ গৰম পানীত মিহলি কৰিলে। 

PHOTO • Jayati Saha

জুইৰ ওপৰত থকা ৰঙৰ মিশ্ৰণত সূতাবোৰ ডুবাই দিয়া হ’ল আৰু সূতাবোৰত লাহে লাহে ৰঙৰ বোল লাগিবলৈ ধৰিলে।  

PHOTO • Jayati Saha

অলপ সময়ৰ পিছত ২০ মিনিটৰ পৰা প্ৰায় এঘণ্টাৰ ভিতৰত অৰ্থাৎ সূতাবোৰত সম্পূৰ্ণৰূপে ৰঙৰ বোল লগাৰ ওপৰত নিৰ্ভৰ কৰি জুই নুমুৱাই ঠাণ্ডা হ’বলৈ দিয়া হয়। প্ৰতিডাল সূতাত সমানভাবে বোল ধৰিছেনে, নৌছাদে পৰীক্ষা কৰে।

PHOTO • Jayati Saha

নৌছাদ আৰু তেওঁলোকৰ সহকাৰীজনে সূতাবোৰ উলিয়াই আনি অপ্ৰয়োজনীয় পানী নোহোৱা কৰিলে।  

PHOTO • Jayati Saha

শেষত ৰঙৰ শুদ্ধতা নিশ্চিত কৰিবলৈ নৌছাদে এডাল সূতা উলিয়াই জুইত শুকুৱাই ল’লে। সূতাৰ যদি ৰং লগা নাই, তেন্তে পুনৰ ৰঙৰ মিশ্ৰণত ডুবাই থ’ব আৰু মিশ্ৰণৰ লগত আৰু অলপ ৰঙৰ গুৰি মিহলি কৰিব। তেওঁলোকে সকলো কাম হাতেৰে কৰে আৰু দীৰ্ঘ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কৰা হয়। পিতা আৰু পুত্ৰ দুয়ো সন্তুষ্ট নোহোৱা পৰ্যন্ত এই কাম কৰি যোৱা হয়। 

২০১৬ ৰ ডিচেম্বৰত ‘Classic Imaging’ আলোচনীত এই ফটো-প্ৰৱন্ধৰ মূল সংস্কৰণ প্ৰকাশিত হৈছিল।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jayati Saha

Jayati Saha is a Kolkata-based photographer who focuses on documentary and travel photography.

Other stories by Jayati Saha