বিৱৰ্ণ প্ৰাচীৰৰ এটা দুমহলীয়া ঘৰৰ ওপৰৰ মহলাত থকা তেওঁৰ কোঠাৰ এটা চুকত বহি আজলান আহমেদে উদ্দেশ্যহীনভাৱে নিজৰ ফোনটোত ব্যস্ত হৈ আছিল। তেওঁৰ হাত দুখন কঁপিছিল আৰু কাশ্মীৰি ভাষাতে কান্দি কান্দি মাকক কৈছিল, ‘মোৰ কি হৈছে মই নাজানো।’ মূৰ আৰু শৰীৰ বিষোৱা বুলি আজনালে ক’লে। আজলানৰ মাতৃ ছাকিনা বেগমে ৰান্ধনি ঘৰলৈ গৈ এগিলাচ পানী আনি দিলে। কান্দোন আৰু চিঞৰ শুনি আজলানৰ পিতৃ বছিৰ আহমেদ কোঠালৈ সোমাই আহিল আৰু তাক শান্ত কৰিবলৈ চেষ্টা কৰিলে। চিকিৎসকে কৈছে যে এইবিলাক আসক্তিৰ পৰা মুক্ত হোৱাৰ লক্ষণ।

সময় পাৰ হোৱাৰ লগে লগে ছাকিনা আৰু বছিৰ (গোপনীয়তাৰ খাতিৰত দুয়োজনৰ বেলেগ নাম দিয়া হৈছে) আহমেদে তেওঁলোকৰ ২০ বছৰীয়া পুত্ৰ আজলানৰ কোঠাটো বন্ধ কৰি ৰখা হ’ল। ঘৰটোৰ ১০ খন খিৰিকীও বন্ধ কৰি ৰখা হ’ল। কোঠাটো ৰান্ধনি ঘৰৰ কাষত, মাকে ৰান্ধনি ঘৰৰ পৰাই কোঠাটোলৈ চাই থাকিব পাৰে। ‘নিজৰ ল’ৰাটোক আপুনি তলা বন্ধ কৰি ৰখাটো অতি বেদনাদায়ক। কিন্তু আন উপায় নাই,’ ৫২ বছৰ বয়সীয়া ছাকিনা বেগমে ক’লে। কিয়নো ঘৰৰ পৰা ওলাব পাৰিলেই ড্ৰাগছ বিচাৰি যাব। সেই ভয়তে দুৱাৰ বন্ধ কৰি ৰখা হয়।

স্কুললৈ যাবলৈ এৰি দি নিবনুৱা হৈ পৰা আজলানে ড্ৰাগছ আসক্ত হৈ পৰা এতিয়া দুবছৰ হ’ল। নিচাসক্ত হৈ থাকিবলৈ জোতাৰ ৰং ব্যৱহাৰ কৰাৰ অভ্যাস চাৰি বছৰৰ আগতেই আৰম্ভ হৈছিল। তেতিয়াৰে পৰা নিচাযুক্ত ঔষধ আৰু চাৰস (গাঞ্জাৰ পৰা তৈয়াৰী নিচাযুক্ত দ্ৰব্য) ব্যৱহাৰ কৰিবলৈ ধৰে আৰু পাছত হিৰ’ইন সেৱন কৰিবলৈ ধৰে।

ড্ৰাগছ সেৱনে আজলানৰ পৰিয়ালৰ মুৰত সৰগ ভঙা যেন কৰিলে। তেওঁলোক দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ চুৰছু এলেকাত থাকে। ‘আমাৰ যিমান মূল্যৱান বস্তু আছিল, মাকৰ কাণফুলিৰ পৰা আৰম্ভ কৰি বায়েকৰ আঙঠিলৈ সকলো বিক্ৰি কৰি ড্ৰাগছ কিনিলে।’ ৫৫ বছৰীয়া বছিৰে ক’লে। সি যেতিয়া ৫০,০০০ টকা উলিয়াই নিলে, তাৰ বহু পাছত আজলানৰ ড্ৰাগছ সেৱনৰ বিষয়ে জানিব পাৰিলে। ‘আমাৰ ঘৰলৈ অহা আলহীয়েও ক’বলৈ ধৰিলে যে তেওঁলোকৰ টকা ইয়াত চুৰি হৈছে,’ আজলানৰ পিতৃয়ে ক’লে।

হিৰ’ইন কিনিবলৈ ৩২ বছৰ বয়সীয়া বায়েকৰ আঙুলিৰ পৰা যেতিয়া তেওঁৰ ল’ৰাই আঙঠি খুলি লৈ যোৱা বছিৰে দেখিলে, তেতিয়াহে সমস্যাৰ গভীৰতাক বছিৰ উদ্বিগ্ন হৈ পৰিল। ‘ইয়াৰ পিচদিনাই মই তাক নিচামুক্তি কেন্দ্ৰলৈ লৈ যাও, এইটো শ্ৰীনগৰত আছে, চিকিৎসাৰ বাবে ইয়ালৈ লৈ আহিল। ভবা নাছিলো যে এদিন তাক ড্ৰাগছ সেৱনকাৰী বুলি কোৱা হ’ব,’ তেওঁ কয়।

Left: A young man from the Chursoo area (where Azlan Ahmad also lives) in south Kashmir’s Anantnag district, filling an empty cigarette with charas.
PHOTO • Muzamil Bhat
Right: Smoking on the banks of river Jhelum in Srinagar
PHOTO • Muzamil Bhat

বাওঁফালেঃ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ চুৰছু এলেকাৰ (তাতে আজলান আহমেদৰো ঘৰ) এজন যুৱকে এটা খালী চিগাৰেটত চাৰস ভৰাইছে। সোঁফালেঃ শ্ৰীনগৰৰ ঝেলুম নদীৰ পাৰত ধূম্ৰপান

শ্ৰীনগৰৰ কৰণ নগৰ এলেকাত শ্ৰী মহাৰাজা হৰি সিং (এছ.এম.এইচ.এছ.) হাস্পতালত, চুৰছুৰ পৰা ৫৫ কিলোমিটাৰ দুৰত্বত নিচামুক্তি কেন্দ্ৰটো অৱস্থিত। আজলানৰ দৰে বহুতেই ড্ৰাগছৰ দ্বাৰা সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে। ড্ৰাগছ সেৱনৰ নিচাসক্তিৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ কাশ্মীৰৰ পৰা ইয়ালৈ মানুহ আহে। কেন্দ্ৰটোত ৩০ খন বিচনা আছে আৰু ৰোগী চোৱাৰ আউটড’ৰ বিভাগ এটা আছে। শ্ৰীনগৰৰ চৰকাৰী মেডিকেল কলেজৰ  ইনষ্টিটিউট অৱ মেণ্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সৰ দ্বাৰা এই কেন্দ্ৰটো পৰিচালিত হয়।

উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ পৰা অহা কেশৰ ডৰ (প্ৰতীকি নাম) তেওঁলোকৰ মাজৰে এজন। পিন্ধনত জীনছ আৰু মাষ্টাৰ্ড জেকেট। ফিজিঅ’থেৰাপিষ্টক দেখুৱাবলৈ অপেক্ষা কৰি থাকিবলগীয়া হোৱা সময়তে ১৯ বছৰীয়া এই যুৱকজনে নিৰাপত্তাৰক্ষীৰ সৈতে ধেমেলীয়া কথা পাতিছে। চিকিৎসকৰ কক্ষত প্ৰৱেশ কৰাৰ সময় হোৱাৰ লগে লগে তেওঁৰ মুখৰ হাঁহি মাৰ গ’ল।

বন্ধু এজনে চাৰস সেৱন কৰিবলৈ শিকোৱাৰ আগলৈকে কুপৱাৰা চৰকাৰী কলেজৰ কেশৰে ক্ৰিকেট আৰু ফুটবল খেলি ভাল পাইছিল। আজলানৰ দৰে কেশৰেও বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱন কৰি অৱশেষত হিৰ’ইন সেৱন কৰিবলৈ ধৰে। ‘মই কৰেক্স (এবিধ কাঁহৰ ঔষধ) খাবলৈ আৰম্ভ কৰো, তাৰ পিছত ব্ৰাউন চুগাৰৰ লগত পৰিচয় হয়, আৰু এতিয়া হিৰ’ইন সেৱন কৰিবলৈ ধৰো,’ কেশৰে কয়। এখন চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক কেশৰৰ পিতৃয়ে মাহে ৩৫ হাজাৰ টকা দৰমহা পায়। ‘প্ৰথমবাৰ সেৱন কৰাৰ পিছত বৰ ভাল লাগিছিল, এনে লাগিছিল যেন মোৰ সকলো দুখ পাতলিল। মই বেছিকৈ সেৱন কৰিবলৈ আৰম্ভ কৰিলো। ড্ৰাগছৰ দুটা পালি খোৱাৰ পাছত মই আসক্ত হৈ পৰো।’

গোটেই কাশ্মীৰত হিৰ’ইনৰ সেৱন মহামাৰীৰ ৰূপ লৈছে, এছ.এম.এইচ.এছ. হস্পিতালৰ নিচামুক্তি কেন্দ্ৰৰ মানসিক ৰোগৰ চিকিৎসকে ক’লে। ‘বিভিন্ন কাৰণ ইয়াৰ বাবে দায়ী, চলি থকা সংঘৰ্ষ, নিবনুৱা সমস্যা, পাৰিবাৰিক গাঠনিৰ পতন, নগৰীকৰণ আৰু মানসিক চাপ ইয়াৰ কিছুমান সাধাৰণ কাৰণ,’ আই.এম.এইচ.এ.এন.এছ.ৰ অধ্যাপক ডা. আৰ্শ্বাদ আহমেদে ক’লে।

২০১৬ৰ পাছত কাশ্মীৰত ড্ৰাগছৰ আসক্তি তীব্ৰ ৰূপ লয় বুলি কিছুমান পৰ্যবেক্ষকে কয়। ‘হিজবুল মুজাহিদীনৰ কমাণ্ডাৰ বুৰহান ৱানিক (২০১৬ৰ ৮ জুলাইত নিৰাপত্তাৰক্ষীয়ে) হত্যা কৰাৰ পিছত ২০১৬ৰ পৰা হিৰ’ইনৰ আসক্তি তীব্ৰ গতিত উৰ্দ্ধমুখী হয়। ২০১৬ত আমি ইয়াত ৪৮৯ জন ৰোগী পাইছিলো। ২০১৭ত অ’পি.ডি.ত ৩৬২২ গৰাকী ৰোগী পোৱা হৈছিল, ইয়াৰে ৫০ শতাংশ হিৰ’ইন সেৱনকাৰী,’ নিচামুক্তি কেন্দ্ৰৰ মুৰব্বী ডা. য়াছিৰ ৰাথেৰে কয়।

A growing number of families are bringing their relatives to the 30-bed Drug De-addiction Centre at the Shri Mahraja Hari Singh Hospital in Srinagar
PHOTO • Muzamil Bhat
A growing number of families are bringing their relatives to the 30-bed Drug De-addiction Centre at the Shri Mahraja Hari Singh Hospital in Srinagar
PHOTO • Muzamil Bhat

শ্ৰীনগৰত থকা শ্ৰী মহাৰাজা হৰি সিং হাস্পতালৰ ৩০ খন বিচনাযুক্ত নিচামুক্তি কেন্দ্ৰলৈ নিজৰ আত্মীয়ক লৈ অহা পৰিয়ালৰ সংখ্যা বৃদ্ধি পাইছে

২০১৮ত এই সংখ্যা ৫,১১৩ লৈ উৰ্দ্ধগামী হয়। ২০১৯ৰ নৱেম্বৰৰ আগলৈকে নিচামুক্তি কেন্দ্ৰলৈ ৪৪১৪ জন ৰোগী আহিল, তেওঁলোকৰ ৯০ শতাংশ হিৰ’ইন সেৱনকাৰী, ডা. ৰাথেৰে ক’লে। ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ’ল আৰু যিটো এতিয়াও চলি আছে, তেওঁ কয়, ‘চাৰিওফালে কেৱল ড্ৰাগছ, য’তে-ত’তে পোৱা যায়, একেবাৰে সুলভ।’

ডা. হুছেইনে ক’লে যে স্ফুৰ্তিৰ বাবেই ড্ৰাগছ ব্যৱহাৰ কৰাৰ ফলত আসক্তিৰ আৰম্ভ হয়। ‘গভীৰ আত্মসন্তুষ্টিৰ কাৰণেই ড্ৰাগছৰ ব্যৱহাৰ বৃদ্ধি পায়। তাৰ পাছত এদিন আপুনি নিজকে দেখিব যে আপুনি কেৱল ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। ড্ৰাগছ সেৱনৰ মাত্ৰা বৃদ্ধি বা ইয়াৰ ফলত হোৱা ৰোগৰ বাবে আপুনি এদিন মৰি থাকিব,’ নিচামুক্তি কেন্দ্ৰৰ মনোবিজ্ঞানী ডা. ছালিম ইউছুফে কয়। তেওঁ আৰু কয়, ‘মানসিক অৱস্থা, উদ্বিগ্নতা আৰু নৈৰাজ্যৰ পৰা আসক্তসকলে ৰেহাই পায় আৰু লাগে লাহে তেওঁলোকে কেৱল নিজৰ কোঠাত সোমাই থাকিবলৈ ভাল পোৱা হয়।’

আজলানৰ পিতৃয়ে এই কথা ভালকৈ বুজি পায়। ছাকিনা বেগমে কয়, তেওঁ নিজেই নিজৰ বিৰুদ্ধে বহু যুঁজিব লগীয়া হৈছিল। এদিন সি ৰান্ধনী ঘৰৰ খিৰীকত ঘোঁচা মাৰি দিয়াৰ ফলত হাতত চিলাই কৰাবলৈ চিকিৎসকৰ ওচৰলৈ লৈ যাবলগা হৈছিল। ‘ড্ৰাগছৰ কাৰণে সি এনেকুৱা কৰিছিল,’ তেওঁ কয়।

হিৰ’ইনৰ ব্যৱহাৰ বিভিন্ন ধৰণেৰে হ’ব পাৰে। বেজীৰে শৰীৰত প্ৰৱেশ কৰোৱা, পাউদাৰৰ ৰূপত থকা হিৰ’ইন নাকেৰে শুঙি ল’ব পাৰি, বা ধুমপানৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি। বেজীৰে দেহত প্ৰৱেশ কৰোৱাৰ দ্বাৰা আটাইতকৈ বেছি নিচাযুক্ত হ’ব পাৰি। হিৰ’ইন বেছিদিন ব্যৱহাৰ কৰিলে মগজুৰ ক্ৰিয়া সলনি হৈ যায়, ডা. ৰাথেৰে কয়। তদুপৰি ই অতি ব্যয়বহুল। ১ গ্ৰাম ড্ৰাগছৰ দাম সাধাৰণতে ৩০০০ টকা। কিছুমান নিচাসক্তক দিনে ২ গ্ৰামকৈ প্ৰয়োজন হয়।

কুলগ্ৰাম জিলাৰ টেক্সিচালক ২৫ বছৰীয়া তৌছিফ ৰাজাই (প্ৰতীকি নাম) দৈনিক হিৰ’ইনৰ বাবে ৬০০০ টকা খৰছ কৰিবলগা হৈছিল। দিনে ২০০০ টকাৰ উপাৰ্জনেৰে তাৰ নাটনি হয়। তাক সন্দেহ নকৰা কিছুমান ভাল বন্ধুৰ পৰা সি ধাৰ কৰিবলৈ ধৰে। নিজৰ নিচাসক্তিৰ কথা ফাঁকি দি সি চিকিৎসাৰ বাবে টকা লাগে বুলি কয়। সেইদৰে সি প্ৰায় ১ লাখ টকা ঋণলৈ আনে। তাৰ পিছত হিৰ’ইনৰ বেজী ল’বলৈ আৰম্ভ কৰে।

Patients arriving at the De-Addiction Centre’s OPD are evaluated by psychiatrists and given a drug test. The more severe cases are admitted to the hospital for medication and counselling
PHOTO • Muzamil Bhat

নিচামুক্তি কেন্দ্ৰলৈ অহা ৰোগীসকলৰ মূল্যায়ন মনোবিজ্ঞানীসকলে কৰে আৰু ড্ৰাগছ টেষ্ট কৰে। গুৰুতৰ ক্ষেত্ৰত চিকিৎসালয়ত ভৰ্তি কৰে আৰু তেওঁলোকক বুজনি দিবলৈ চেষ্টা কৰে

বন্ধুমহলে ব্যৱহাৰ কৰে কাৰণেই তৌছিফে ড্ৰাগছ ল’বলৈ আৰম্ভ কৰে। ‘সেই কাৰণে মই এবাৰ খাই চাও বুলি ভাবিলো। সোনকালেই মই আসক্ত হৈ পৰো। যিদিনা মই ড্ৰাগছ বিচাৰি নাপাও, সেইদিনা মই মোৰ পত্নীক মাৰধৰ কৰো, মই তিনি বছৰ হিৰ’ইন সেৱন কৰিলো, মোৰ স্বাস্থ্য একেবাৰে বেয়া হৈ গ’ল। মোৰ ওকালিভাৱ হয়। মোৰ পত্নীয়ে এছ.এম.এইচ.এছ.লৈ লৈ আহে আৰু তেতিয়াৰে পৰা ই চিকিৎসাধীন হৈ আছো।’

নিচামুক্ত কেন্দ্ৰৰ অ.পি.ডি.লৈ অহা ৰোগীসকলক পৰীক্ষা কৰা হয় আৰু ড্ৰাগছ টেষ্টৰ জৰিয়তে কিমান গুৰুতৰ সেয়া নিৰ্ণয় হয়। যিসকলৰ অৱস্থা শোচনীয় হৈ পৰে, তেওঁলোকক চিকিৎসাধীন কৰি পৰামৰ্শদান আৰু থেৰাপিৰ ব্যৱস্থা কৰা হয়। ‘এসপ্তাহৰ পিছত লক্ষণসমূহ নিৰ্ণয় কৰো আৰু দেখা পাওঁ যে ৰোগীয়ে চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে, তেতিয়া আমি ঘৰলৈ যাবলৈ দিও,’ শ্ৰীনগৰ চৰকাৰী মেডিকেল কলেজৰ মনোবিজ্ঞান বিভাগৰ চিকিৎসক ডা. ইকৰা শ্বাহে কয়।

চিকিৎসকসকলে ঔষধৰ দ্বাৰা ড্ৰাগছৰ ব্যৱহাৰ এৰুৱাবলৈ চেষ্টা কৰে। ‘ড্ৰাগছৰ ব্যৱহাৰ যদি এবাৰ বন্ধ কৰি দিয়া হয়, তেতিয়া অতিমাত্ৰা ঘাম ওলাব, কঁপনি উঠিব, ওকালি আহিব, নিদ্ৰাহীনতা, পেশীৰ বিষ আৰু গাৰ বিষ হ’বলৈ আৰম্ভ কৰে,’ ডা. ইউছুফে কয়। ড্ৰাগছৰ ব্যৱহাৰৰ ফলত যিবোৰ ৰোগী বিকাৰগ্ৰস্ত হৈ পৰে, সেইসকলক আই.এম.এইচ.এ.এন.এছ.ত ভৰ্তি কৰোৱা হয় বুলি কয় ডা. হুছেইনে।

কাশ্মীৰত ড্ৰাগছ সেৱনকাৰী মহিলাও আছে। তেওঁলোকৰ শ্ৰীনগৰৰ নিচামুক্তি কেন্দ্ৰত চিকিৎসা কৰা নহয়। ‘যুৱতীয়ে ড্ৰাগছ সেৱন কৰাৰ ঘটনাও আছে, তেওঁলোকে হিৰ’ইন বা আন ড্ৰাগছ সেৱন কৰে, অৱশ্যে মহিলাৰ সংখ্যা কম। ইয়াত মহিলাক ৰখাৰ সুবিধা নাই বাবে অ.পি.ডি.ত চোৱা হয় আৰু ঘৰতে পিতৃ-মাতৃক তেওঁলোকৰ যত্ন ল’বলৈ কোৱা হয়,’ ডা. ইউছুফে কয়। চিকিৎসকে পিতৃ-মাতৃক পৰামৰ্শ দিয়ে, কেনেকৈ ল’ৰা-ছোৱালীৰ যত্ন ল’ব, সিহঁতক ড্ৰাগছৰ ক্ষতি সম্পৰ্কে বুজনি দিয়া হয়, পিতৃ-মাতৃক কোৱা হয় যে ঔষধ যাতে নিয়মীয়াকৈ খাইছে, নিশ্চিত কৰিব লাগিব আৰু নিসংগ কৰি ৰাখিব নালাগে।

২০১৯ৰ ডিচেম্বৰৰ আগলৈকে শ্ৰীনগৰৰ নিচামুক্তি কেন্দ্ৰটোৱেই কাশ্মীৰৰ একমাত্ৰ এনেধৰণৰ কেন্দ্ৰ আছিল। ২০ জন মানসিক চিকিৎসক, ৬ জন ক্লিনিকেল মনোবিজ্ঞানী, ২১ জন আবাসিক চিকিৎসক আৰু ক্লিনিকেল মনোবিজ্ঞানৰ ১৬ জন গৱেষক ছাত্ৰকে ধৰি আই.এম.এইচ.এ.এন.এছ.ত মুঠ ৬৩ জন কৰ্মকৰ্তা আছে। চৰকাৰে চলিত বৰ্ষত কাৰামুল্লা, কাথুৱা আৰু অনন্তনাগত তিনিটা নিচামুক্তি কেন্দ্ৰ স্থাপন কৰিছে বুলি ডা. হুছেইনে কয়। জিলা চিকিৎসালয়ৰ মনোবিজ্ঞানীসকলে চিকিৎসালয়ৰ অ’পি.ডি.ত ড্ৰাগছ আসক্ত ৰোগীক চায়।

Left: A young boy in a village on the outskirts of Srinagar using heroin.
PHOTO • Muzamil Bhat
Right: In Budgam,  a young man ingesting heroin
PHOTO • Muzamil Bhat

বাওঁফালেঃ শ্ৰীনগৰৰ উপকণ্ঠৰ এখন গাঁৱৰ এটা সৰু ল’ৰাই হিৰ’ইন সেৱন কৰে। সোঁফালেঃ বুডগামত এজন যুৱকে হিৰ’ইন সেৱন কৰিছে

কাশ্মীৰৰ অপৰাধ শাখাৰ বিষয়াসকলে কয় যে ২০১৬ৰ পাছত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা ব্যাপক হাৰত চাৰস, ব্ৰাউন চুগাৰ আৰু অনান্য ড্ৰাগছ কাশ্মীৰলৈ আহিবলৈ ধৰে (কোনেও বেছিকৈ ক’ব নিবিচাৰে বা ইয়াৰ কাৰণ নিৰ্দিষ্ট কৰিবলৈ নিবিচাৰে)। কাশ্মীৰ আৰক্ষীৰ অপৰাধ শাখাই ২০১৮ত ২২ কিলোমিটাৰ হিৰ’ইন জব্দ কৰিছিল। ইয়াৰ উপৰি আৰক্ষীয়ে ২৪৮.১৫০ কিলোগ্ৰাম চাৰস আৰু প্ৰায় ২০ কিলোগ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীয়ে নিয়মীয়াকৈ প্ৰকাশ কৰা প্ৰেছ বিবৃতিত দাবী কৰিছে যে আফিং আৰু হিৰ’ইনৰ উৎসস্বৰূপ হাজাৰ হাজাৰ একৰ ভূমিৰ আফিং খেতি সমগ্ৰ কাশ্মীৰত ধ্বংস কৰা হৈছে আৰু বহুতো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বাস্তৱত সমস্যাৰ সমাধান হোৱা নাই। পুলৱামা জিলাৰ ৰোহমুৰ ১৭ বছৰ বয়সীয়া এজন মেকানিক মুনিব ইছমাইল (নাম সলনি কৰা হৈছে)) য়ে কয়, ‘আমাৰ এলেকাত চিগাৰেটৰ দৰে হিৰ’ইন পোৱা যায়। হিৰ’ইনৰ বাবে অলপো কষ্ট কৰি বিচাৰিব নালাগে।’ নিচামুক্তি কেন্দ্ৰৰ আন এজন ড্ৰাগছ আসক্তই নিশ্চিত কৰে যে ড্ৰাগছ পাবলৈ একেবাৰে সহজ। স্থানীয় ড্ৰাগছ সৰবৰাহকাৰীক ক’লেই আনি দিয়ে। ড্ৰাগছ বেপাৰীয়ে যুৱক-যুৱতীক প্ৰথমতে বিনা পইচাতে সেৱন কৰিবলৈ দি ড্ৰাগছৰ প্ৰতি আকৰ্ষণ বঢ়ায়। এবাৰ যদি ল’ৰা-ছোৱালীবোৰ আসক্ত হ’ল, তাৰ পাছত সিহঁতক ড্ৰাগছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।

দক্ষিণ কাশ্মীৰৰ এটা এলেকাত ড্ৰাগছ বিক্ৰেতা এজনৰ ঘৰত ড্ৰাগছ সেৱন কৰিবলৈ ড্ৰাগছ আসক্তসকল মুকলিভাৱে যায়। নিচামুক্তি কেন্দ্ৰৰ এজন চিকিৎসকে এইবুলি কয়। অৱশ্যে তেওঁৰ নাম প্ৰকাশ নকৰিবলৈ অনুৰোধ জনায়। ‘এই ঘৰখনত ড্ৰাগছৰ বেহা মুকলিকৈ চলে আৰু ড্ৰাগছ সেৱনৰ ঘাটি হৈ পৰাৰ কথা আৰক্ষীয়ে জানে, কিন্তু আৰক্ষীয়ে একো নকৰে,’ তেওঁ কয়। কাশ্মীৰ উপত্যকাৰ এনেকুৱা বহুতো ঘৰ বা পৰিয়াল আছে। (বেটুপাতৰ ছবিত, ড্ৰাগছ সেৱন কৰাৰ পাছত এজন ড্ৰাগছ আসক্তই ড্ৰাগছ বিক্ৰী কৰা এখন ঘৰৰ বাহিৰত এইদৰে বহি আছে।)

শ্ৰীনগৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হাছীব মোগলে কয় যে ড্ৰাগছ আসক্তি চিকিৎসাজনিত সমস্যা। ‘ড্ৰাগছ আসক্তিৰ চিকিৎসা চিকিৎসকে কৰিব। ড্ৰাগছ সেৱনকাৰীৰ চিকিৎসাৰ বাবে বা নিয়ন্ত্ৰণৰ বাবে কাশ্মীৰত বেছিকৈ ড্ৰাগছ আসক্তি নিৰাময় কেন্দ্ৰ স্থাপন কৰিব লাগিব,’ এই সাংবাদিকে গ্ৰহণ কৰা এক সাক্ষাৎকাৰত তেওঁ এইদৰে কয়।

Left: A well-known ground  in downtown Srinagar where addicts come for a smoke. Right: Another spot in Srinagar where many come to seek solace in drugs
PHOTO • Muzamil Bhat
 Another spot in Srinagar where many come to seek solace in drugs
PHOTO • Muzamil Bhat

বাওঁফালেঃ ড্ৰাগছৰ এটা সকলোৰে পৰিচিত ঘাটি, শ্ৰীনগৰৰ এই ঘাটিত ড্ৰাগছ সেৱন কৰিবলৈ ড্ৰাগছ আসক্তসকল আহে। সোঁফালেঃ ড্ৰাগছৰ সন্ধানত অহা আসক্তসকলৰ আন এটা ঘাটি, শ্ৰীনগৰত

২০১৯ৰ জুনত ৰাইজৰ মতামত গ্ৰহণৰ পাছত জম্মু আৰু কাশ্মীৰত প্ৰথমবাৰৰ বাবে ড্ৰাগছ নিৰাময় নীতি ৰাজ্য চৰকাৰে চুড়ান্ত কৰে। পৰ্যায়ক্ৰমে এই নীতি কাৰ্যকৰী কৰা হয়। বিগত দুটা দশকত ড্ৰাগছৰ ফলত সৃষ্টি হোৱা সমস্যাৰ তীব্ৰ বৃদ্ধি হৈছে, সেই নথিত কোৱা হৈছে। ‘সাম্প্ৰতিক বছৰবোৰৰ সমীক্ষাৰ পৰা দেখা গৈছে যে কম বয়সীয়া ছোৱালীৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ ভয়লগাকৈ বৃদ্ধি পাইছে, ক্ৰমাৎ কম বয়সীয়াৰ মাজত প্ৰথম ব্যৱহাৰ বৃদ্ধি পাইছে। পাউদাৰ, বেজী বা আন ধৰণেৰে ড্ৰাগছৰ কবলত পৰা ল’ৰা-ছোৱালীৰ মৃত্যু (অত্যাধিক সেৱন অথবা দূৰ্ঘটনা) হ’বলৈ ধৰিছে।’

চৰকাৰী চিকিৎসা মহাবিদ্যালয়কে ধৰি ড্ৰাগছ নিয়ন্ত্ৰণৰ বাবে ১৪ টা কেন্দ্ৰ তালিকাভূক্তি কৰা হৈছে। আৰক্ষী, চোৰাংচোৱা, মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’, স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু এইডছ নিয়ন্ত্ৰণ ছ’চাইটিৰ লগতে বেচৰকাৰী সংস্থাসমূহে ড্ৰাগছ আসক্তক নিচামুক্ত কৰাৰ প্ৰচেষ্টাত লাগি আছে। এনেদৰে কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছৰ ব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাই আছে।

ধৰ্মীয় সংগঠন আৰু বিদ্যালয়সমূহেও এই সমস্যা নিৰাময়ত গুৰুত্ব প্ৰদান কৰা কাম্য হৈ পৰিছে। ২০১৯ৰ জুনত শ্ৰীনগৰত স্নানাগাৰত এজন যুৱকৰ সন্দেহজনকভাৱে ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হোৱা ঘটনাৰ পিছত উপায়ুক্ত ছাহিদ ইকবাল চৌধুৰীয়ে মছজিদৰ মৌলবীসকললৈ এনেদৰে আহ্বান জনাইছিল, ‘ড্ৰাগছ আসক্তিৰ ভয়াৱহতাৰ বিৰুদ্ধে সৰৱ হৈ উঠক।’ উক্ত ঘটনাৰ পাছত হুৰিয়াৎ নেতা আৰু শ্ৰীনগৰ জামা মছজিদৰ মুখ্য মৌলবী মিৰৱাজ ওমৰ ফাৰুকে কয় যে ব্য়াপক সংখ্যক যুৱক ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰাতো সমাজৰ বাবে বিপদৰ আগজাননী। ‘বিনাকষ্টোপাৰ্জিত ধন আৰু সহজে উপলব্ধ হোৱা, অভিভাৱকৰ সজাগতাৰ অভাৱ আৰু আইন প্ৰণয়নকাৰী সংস্থাসমূহৰ নিস্ক্ৰিয়তাই ড্ৰাগছৰ প্ৰকোপ বৃদ্ধিত অৰিহণা যোগাইছে। এই ভয়াৱহতা অতিক্ৰম কৰিবলৈ আমি উল্লেখিত ক্ষেত্ৰসমূহত উদ্যোগ গ্ৰহণ কৰিব লাগিব।’

এতিয়াও সমাজত এই ভয়াৱহতা অব্যাহত আছে। ঘৰৰ বন্ধ কোঠাত আবদ্ধ হৈ থকা আজলানৰ দৰে বহু পৰিয়ালে নিজৰ সন্তানক সুপথে পৰিচালিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে। ‘মই আজলানক ভৰ্তি কৰাৰ পাছত নিচামুক্তি কেন্দ্ৰত কেইবাসপ্তাহ আছিলো,’ বছিৰে ক’লে। ‘এতিয়াও ঘৰলৈ অনাৰ পিছত মই কামলৈ যোৱা নাই, যাতে আজলান সুস্থ হৈ উঠে। আৰ্থিক আৰু শাৰীৰিকভাৱে মই সৰ্বস্বান্ত হৈ পৰিছো, আজলানৰ ড্ৰাগছ আসক্তিয়ে মোৰ ৰাজহাড় ভাঙি দিলে।’

অনুবাদঃ পংকজ দাস

Shafaq Shah

Shafaq Shah is a Srinagar based freelance journalist.

Other stories by Shafaq Shah
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das