মেঘালয়ৰ ইষ্ট খাছি হিলচ্ জিলাৰ দূৰণিবটীয়া খ্ৰাং গাঁৱত পাঁচ বছৰীয়া কিঞ্জা বাভাৰ ঘৰ। তাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ ঝাৰু খেতিয়কৰ ছোৱালী। গাঁৱৰ দাঁতিৰ এঢলীয়া ঠাই এটুকুৰাত দেউতাকে খেতি কৰে।
কিঞ্জাৰ তিনিজনী ভনী আৰু এটা ভায়েক আছে। তাই তৃতীয়টো সন্তান। ভাৰত চৰকাৰৰ সংহত শিশু বিকাশ সেৱা আঁচনিৰ অধীনত থকা খ্ৰাঙৰ অংগনবাদী কেন্দ্ৰ এটাত তাই নাৰ্ছাৰীত পঢ়ে। ১৫ বছৰ পুৰণি এই অংগনবাদী স্কুলখন যোৱা সাত বছৰ ধৰি টেৰেছা চাবোঙ নামে শিক্ষয়িত্ৰীগৰাকীয়ে অকলে চলাই আহিছে।
পুৰণি ঢিলা এটা ফ্ৰক আৰু জোখতকৈ ডাঙৰ গাম বুট পিন্ধি কিঞ্জাই অংগনবাদীলৈ যায়।

মূৰত কমলাৰঙী বেগ এটা ওলমাই কিঞ্জা অংগনবাদী কেন্দ্ৰটোলৈ আহিছে। বেগত তাই লিখিবলৈ চিলথ এখন আৰু মধ্যাহ্ন ভোজনৰ কাৰণে থাল এখন আনিছে

কিঞ্জাৰ বান্ধৱীজনীয়ে অংগনবাদী কেন্দ্ৰটোলৈ কণমানি ভায়েকক লৈ আহিছে

শিক্ষয়িত্ৰী টেৰেছা চাবোঙে ব্লেকব ’ ৰ্ডত খাছি সংখ্যা আৰু বৰ্ণমালা লিখিছে। তেওঁৰ উজ্জ্বল ছাত্ৰী কিঞ্জাই সেয়া ডাঙৰ ডাঙৰকৈ পঢ়া দেখি তেওঁ গৌৰৱবোধ কৰিছে

শ্ৰেণীকৰ্মৰ বাবে শিক্ষয়িত্ৰী টেৰেছাই ল ’ ৰা-ছোৱালীহঁতৰ মাজত চক পেঞ্চিল বিলাইছে


শ্ৰেণীকোঠাৰ এটা চুকত নিজে বহি লৈ কিঞ্জাই তাইৰ শ্ৰেণীকৰ্ম খৰকৈ কৰিছে

চিলথত কি লিখিছে সেয়া দৌৰি গৈ শিক্ষয়িত্ৰীক দেখুওৱা কিঞ্জা শ্ৰেণীটোৰ ভিতৰতে প্ৰথম

টেৰেছাই কিঞ্জাক নতুন এটা শব্দ শিকাইছে

টেৰেছাই কণমানিহঁতক পদ্য এটা মাতিবলৈ কৈছে, কিঞ্জা একেবাৰে আগত থাকি আঁত ধৰিছে

মধ্যাহ্ন ভোজন পৰিৱেশনৰ আগত টেৰেছাৰ সহায় লৈ কিঞ্জাই হাত ধুইছে

কিঞ্জাৰ বৰ ভোক লাগিছেঃ ‘ বাকীবোৰৰ সোনকালে হাত ধোৱা নহয় কিয় ?’

টেৰেছা চাবোঙে খাদ্য বিলাইছে

কিঞ্জাই বান্ধৱীৰ লগত বহি খাইছে


অংগনবাদী কেন্দ্ৰত মধ্যাহ্ন ভোজন খাবলৈ পোৱাটো শিশুহঁতৰ কাৰণে বৰ আনন্দৰ বিষয়। কিঞ্জা বাভাৰ খোৱা হ ’ ল (সোঁফালে)। অংগনবাদীত তাইৰ এটা দিনৰ অন্ত পৰিল
অনুবাদ: পংকজ দাস