“মই দুই হাতেৰে ঘৰিয়ালটো গবা মাৰি ধৰিছিলো। আপুনি তাৰ দাঁতৰ চিন এতিয়াও মোৰ গাত দেখিব।” নিতাই জড্ডাৰ নামৰ মৌ সংগ্ৰাহকজনে ঘৰিয়ালৰ আক্ৰমণৰ সেই দিনটো মনত পেলাই ক'লে। ঘৰিয়ালটোৱে তেওঁৰ ভৰিৰ পৰা একেবাৰে তপিনালৈকে কামুৰিছিল। সেয়া আছিল ১৯৮০ চনৰ ২৩ মাৰ্চ। তেওঁ সিদিনা মাছ ধৰিবলৈ ৰায়মংগল নদীত নামিছিল।

পশ্চিম বংগৰ ২৪ নৰ্থ পৰাগানাচ জিলাৰ হেমনগৰ গাঁৱৰ বাসিন্দা নিতাইৰ এতিয়া বয়স ৪১ বছৰ। ১০ বছৰ বয়সতেই নিতাইক তেওঁৰ মৌ সংগ্ৰাহক পিতৃয়ে কামৰ সময়ত হাবিলৈ লৈ যাবলৈ আৰম্ভ কৰিছিল। অৱশ্যে ঘৰিয়ালৰ আক্ৰমণৰ পিছতে নিতাইয়ে তাবিজ বিন্ধিবলৈ ল'লে। সুন্দৰবনৰ নৈৰ পাৰবোৰত সততে ঘৰিয়ালৰ সৈতে মুখামুখি হোৱাটো স্বাভাৱিক কথা। মানুহ, বিশেষকৈ মাছমৰীয়াসকল প্ৰায়ে আঘাতপ্ৰাপ্ত হয় অথবা প্ৰাণ হেৰুৱাবলগা হয়।

 

02-one(Crop)-US-The Sting of Bees and the Tyranny of Tigers.jpg

ঘৰিয়ালে কামোৰাৰ পিছতে নিতাই জড্ডাৰে এই তাবিজটো পিন্ধিবলৈ আৰম্ভ কৰে আৰু সুন্দৰবনৰ হাবিত ইয়ে তেওঁক সুৰক্ষা দিয়ে বুলি বিশ্বাস কৰে

বিক্ৰীৰ বাবে মৌ সংগ্ৰহ কৰাটো সুন্দৰবনত এক নিত্য ব্যৱসায়- কিন্তু এয়া খুবেই বিপজ্জনকো হ'ব পাৰে। নিতাই আৰু অইনসকলৰ বাবে এয়া ঘৰিয়ালে আক্ৰমণ কৰাটোৰ দৰে সাম্ভাব্য বিপদ হ'ব পাৰে আৰু মাছ ধৰি থাকোতে অথবা অটব্য হাবিৰ পৰা মৌ সংগ্ৰহ কৰি থকা অৱস্থাত বাঘৰ আক্ৰমণো হ'ব পাৰে। সুন্দৰবন পৰিক্ৰমা বিভাগৰ মতে "মানুহ, বিশেষকৈ যেতিয়া মাছমৰীয়া বা মৌ সংগ্ৰাহকে অটব্য হাবিৰ মাজত বন্যপ্ৰাণী যেনে চাৰ্ক, ঘৰিয়াল, অথবা বাঘ আদিৰ আক্ৰমণৰ বলি হয়…" মহিলাসকলৰ ক্ষেত্ৰতো এনেধৰণৰ আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনী সমানেই প্ৰৱল, যদিওবা সাধাৰণতে গাঁৱৰ মানুহে মৌ সংগ্ৰহৰ ভ্ৰমণৰ বাবে তেওঁলোকক নপঠিয়ায়।

সুন্দৰবনত ঘাইকৈ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত মৌ সংগ্ৰহ কৰা হয়। এইকেইমাহৰ ভিতৰতে, ৰাজ্য চৰকাৰে মাছ ধৰা নিষিদ্ধ ঘোষণা কৰে যাতে মাছে প্ৰজনন কৰিব পাৰে। এনে সময়তে ভালেমান মাছমৰীয়াই মৌ সংগ্ৰাহকৰ কামত ধৰে আৰু জংগললৈ দুবাৰমান যায়। প্ৰত্যেকবাৰতে তেওঁলোকক ১৫ দিন বা তাতোকৈ বেছি সময়ৰ প্ৰয়োজন হয়। পশ্চিম বংগ মৌ উৎপাদনৰ ক্ষেত্ৰত অন্যতম আৰু উৎপাদনৰ সৰহভাগেই ৰপ্তানি কৰে।

মৌ সংগ্ৰহৰ বাবে কেতবোৰ আগতীয়া প্ৰস্তুতিৰ প্ৰয়োজন হয়। মৌ সংগ্ৰাহকে বন বিভাগক অৱগত কৰে, নাঁৱৰ অনুজ্ঞাৰ প্ৰমাণপত্ৰ (বোট লাইচেঞ্চ চাৰ্টিফিকেট চমুকৈ বিএলচি) থকাসকলৰ পৰা নাও ভাড়ালৈ লয় আৰু ধন ধাৰলৈ দিয়া মানুহ অথবা মহাজনৰ পৰা ধন ধাৰলৈ লয়। নিতাইৰ ২৩ বৰ্ষীয় পুত্ৰ সঞ্জিত জড্ডাৰে বুজাই ক'লেঃ "যদি পাঁচ বা ছজন মানুহে একেলগে মৌ সংগ্ৰহৰ বাবে ওলায়, আমি যুটীয়াভাৱে ১০ ৰপৰা ১৫ হাজাৰ টকাৰ ঋণ লও। সুত ২ ৰপৰা ৩ শতাংশ হয় যিটো আমি ৩০ ৰপৰা ৪০ দিনৰ ভিতৰত মূলসহ ঘুৰাই দিও। বছৰত এবাৰমান আমি এই ঋণ লোৱা হয়।"


03-four-US-The Sting of Bees and the Tyranny of Tigers.jpg

সুন্দৰবনৰ মৌলেজসকল (সোঁফালৰ পৰা বাওফাললৈ) নিতাই জড্ডাৰ, বিনয় মণ্ডল আৰু হৰিপদা জড্ডাৰ

১৫ দিনীয়া এই যাত্ৰাৰ সা-সামগ্ৰীৰ বাবে ঋণৰ প্ৰয়োজন হয়। মৌ সংগ্ৰহ কৰাৰ ঋতুটোৰ (এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত ৬০ দিনৰ অলপ বেছি) বাবে নাৱৰ ভাড়া ২,৮০০ টকাৰ পৰা ৩০০০ টকা মান হয়। নাৱৰ গৰাকীকো মৌ দিয়েই ঋণ পৰিশোধ কৰা হয়। হাবিত হ'বপৰা দুৰ্ঘটনাৰ ক্ষেত্ৰত বছৰেকীয়া হিচাপত বন বিভাগক বীমাৰ নামত ১২০ টকা পৰিশোধ কৰা হয়। আটাইবোৰ ঋণ পৰিশোধ কৰাৰ শেষত মৌলেগৰাকীৰ হাতত ৫ ৰপৰা ২৫ হাজাৰমান টকা থাকে (গোটেই ঋতুটোৰ বাবে)।

কিছুমান সময়ত আকৌ মৌলেসকলে অইন কিছু খৰছৰো সমুখীন হয়ঃ কেতিয়াবা ডকাইতে সিহতৰপৰা চুৰি কৰি নিয়ে অথবা সিহতকে অপহৰণ কৰি নিয়ে। নিতাইৰ এতিয়াও মনত আছে সেই ঘটনাটো যেতিয়া যোৱা বছৰ কেইজনমান লোকক অপহৰণ কৰি নিয়া হৈছিল আৰু মোকলাই অনাৰ বাবদ তেওঁলোকক পৰিয়ালে ২-৩ লাখমান টকা দিবলগা হৈছিল।

“আকাশ ফৰকাল হৈ থকা আৰু নৈৰ সোঁতৰ ধাৰ কম হৈ থকা সময়তে আমি যাত্ৰা আৰম্ভ কৰো," নিতাইয়ে কয়। "নৈৰ বতাহৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ গন্তব্যস্থল পাবৰ বাবে কেবাঘণ্টাও লাগে। তাতেই আমি নাও এৰি হাবিত সোমাও। এজনে নৈৰ পাৰত নাওখনৰ লগত থাকে। অলপ মৌ সংগ্ৰহ হোৱাৰ পিছতে সেয়া নাওখনত জমা ৰখা হয়। আমি নাওখনতে খোৱা-বোৱা কৰো আৰু টোপনি যাও।"

মৌমাখিয়ে উৰাৰ ওপৰত ভিত্তি কৰিয়েই মৌলেজসকলে মৌচাক থকা গছ পায়গৈ। "আমি শুকান পাত আৰু সেউজীয়া হেতালৰ পাতেৰে ঠানি মেৰিয়াই তৰপ তৰপকৈ ৰাখো আৰু কোচাও প্ৰস্তুত কৰো," নিতাইয়ে কয়। "আমি সেই শুকান পাতৰ দমটো জ্বলাই দি নিশ্চিত কৰো যাতে ধোঁৱা গৈ মৌবাহ পায়গৈ আৰু মৌমাখিবোৰ আঁতৰি যায়। মৌবাহ ভঙাৰ বাবে ধাৰাল ধেনুভেৰীয়া সঁজুলি ব্যৱহাৰ কৰো। আমি গোটেই বাহটো নাভাঙো, কিয়নো সেয়া পুনৰাই ডাঙৰ হ'বলৈ এৰিব লাগে।"


04-US-The Sting of Bees and the Tyranny of Tigers.jpg

হেমনগৰ গাঁৱৰ গছ এডালত মৌবাহ/ মৌবাহ ভঙাৰ বাবে ব্যৱহাৰ কৰা ধাৰাল আৰু ধেনুভেৰীয়া সঁজুলি

কেতিয়াবা মৌবোৰে বিপদৰ উমান পাই ধোঁৱা ওলোৱাৰ আগতেই বিন্ধিবলৈ আৰম্ভ কৰে। কিন্তু মলম বা অইন সুৰক্ষা দিবপৰা কাপোৰ নিতাই বা তেওঁৰ লগত কাম কৰাসকলে ব্যৱহাৰ নকৰে। "আমি কেৱল নখেৰে শুংডাল উলিয়াই দিও। এবাৰ এজন মানুহক ৩০০ কি ৪০০ মান মৌমাখিয়ে বিন্ধিছিল। তেওঁ কেবাসপ্তাহলৈকে খাব-ল'ব পৰা নাছিল!"

নিতাইয়ে দুটা বস্তুত বিশ্বাস ৰাখেঃ তেওঁৰ তাবিজটো আৰু বনবিবি-বন আৰু মানুহৰ ৰক্ষক, সুন্দৰবনত আটাইতকৈ বেছি পুজা হোৱা দেবী। "পৰিস্থিতিৰ কষ্ট অনুযায়ী দেবীস্তুতি কৰাৰ মন্ত্ৰও বেলেগ বেলেগ," তেওঁ কয়। আমি তেওঁক এটা মন্ত্ৰ মাতিবলৈ অনুৰোধ কৰিলত, তেওঁ একে উশাহে বাংলা ভাষাতে এটা গাই শুনালে যিটো মৌ সংগ্ৰহ কৰি ঘৰলৈ উভতাৰ সময়ত গোৱা হয়।

সুন্দৰবনত সততে হোৱাৰ দৰে কথা-বতৰাত বাঘৰ কথা ওলাবই। প্ৰত্যেকৰে এটা বা দুটাকৈ ক'বলগীয়া ঘটনা আছেই। "এবাৰ মোৰ লগৰজনৰ সমুখত বাঘ ওলাল। তেওঁ ভয়তে থৰ পৰা কপৌৰ দৰে হ'ল," নিতাইয়ে মনত পেলালে। "মই বনবিবিৰ স্তুতি কৰাত লাগিলো- কিন্তু তেওঁক ৰক্ষা কৰিব নোৱাৰিলো আৰু বাঘে তেওঁক মাৰি পেলালে। মই পিছত তেওঁৰ শৱটো বিচাৰি পালো আৰু সেয়া ঘৰলৈ লৈ আহিলো। বহু বছৰ আগতে, প্ৰায় ডেৰ-দুশমান মানুহে হাবিত বাঘ এটা ঘেৰাও কৰিলে। তেতিয়াও এজন কি দুজন লোক ঢুকাইছিল।"

এটা সময় আছিল যেতিয়া চৰকাৰে বাঘ মৰাৰ বাবে পুৰস্কাৰ দিছিল। "কিন্তু এতিয়া আইনৰ বাবে সিহতক কোনেও চুবই নোৱাৰে।" গাঁৱৰ আনবিলাকৰ দৰে নিতাইয়ো মাজে মাজে ভাৱে যে ৰাজ্যখনে মানুহতকৈ বাঘকহে অধিক সুৰক্ষা দিয়ে। "বাঘৰ টোপনি ক্ষতি হ'ব বুলিয়ে আমাক আনকি হাবিলৈ যাবও দিয়া নহয়," তেওঁ ব্যংগ কৰি ক'লে। কিন্তু তেওঁ এইটোও জানে যে বাঘ প্ৰয়োজন আছে আৰু তেওঁ নিজেও বন সুৰক্ষা সমিতিৰ স্থানীয় সদস্য। এই কমিটিখন বন ব্যৱস্থাপনা কাৰ্যনীতিৰ এক চৰকাৰী অংশ। "বাঘ নাথাকিলে সুন্দৰবনো নাথাকিব। বন ধ্বংস কৰাত মানুহক তেতিয়া একোৱেই বাধা দি ৰখাব নোৱাৰিব।" 

আমি নিতাইৰ সৰু ভগা-ছিগা ঘৰটোলৈ আহিলো য'ত তেওঁ এলুমিনিয়ামৰ পাত্ৰ আৰু টেমাত মৌ মজুত কৰে। "কি গছ আৰু ফুল যেনে কেৱৰা, গোৰান, খোলচি আদিৰ পৰা এয়া সংগ্ৰহ কৰা হৈছে তাৰে ওপৰত আৰু ঋতুৰ ওপৰত ভিত্তি কৰি মৌৰ ৰং আৰু সোৱাদৰ ভিন্নতা আহে। কিন্তু আপোনাৰ বাণিজ্যিক মৌ দেখাত আৰু সোৱাদত গোটেই বছৰটোত একেই হয়।"


05-three-US-The Sting of Bees and the Tyranny of Tigers.jpg

এলুমিনিয়ামৰ পাত্ৰত মৌ মজুত কৰা হয়। গছ, ফুল আৰু ঋতুৰ ওপৰত ভিত্তি কৰি মৌৰ ৰং আৰু সোৱাদৰ ভিন্নতা আহে, অৱশ্যে বাণিজ্যিক মৌ দেখাত আৰু সোৱাদত গোটেই বছৰটোত একেই হয়।

সাধাৰণতে, ৬ ৰপৰা ৭ জন ব্যক্তিয়ে ১৫ দিনীয়া এই অভিযানত ভাগ লয় আৰু প্ৰত্যেকেই ১ ৰপৰা ১.৫ কুইণ্টল মৌ সংগ্ৰহ কৰে। মৌলেসকলে চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া দামতে সংগৃহীত মৌখিনি বন বিভাগক বিক্ৰী কৰি দিবলৈ বাধ্য হয়। এইবাৰৰ মূল্য সঞ্জতে কোৱামতে প্ৰতিকিলোত ১১৫ টকা আছিল। আৰু ২০১৬ চনৰ আগস্ত মাহত বিভাগে বজাৰত প্ৰতি কিলোত ৩০০ টকাকৈ বিক্ৰী কৰিছিল। পশ্চিম বংগ বন উন্নয়ন কৰ্পৰেশ্যন লিমিটেডে এয়া পৰিশোধন কৰি মৌবন ব্ৰেণ্ডৰ নামত বিক্ৰী কৰে।

এইবছৰ, বন বিভাগে সংগৃহীত আটাইখিনি মৌৰ পৰিৱৰ্তে মৌলেসকলৰ বাবে মজুত কৰিবলগীয়া পৰিমাণ ধৰি দিছিল। "তেওঁলোকে আমাৰ পৰা মৌ ক্ৰয় নকৰিলে, কিয়নো তেওঁলোকে বান্ধি দিয়া পৰিমাণ ইতিমধ্যেই পুৰণ হৈ গৈছিল," সঞ্জিতে ক'লে। অৱশিষ্টখিনি তেওঁ আৰু তেওঁৰ পৰিয়ালবৰ্গই নিজেই বিক্ৰী কৰিবলগীয়া হৈছে। "আমি ৮০ ৰপৰা ৯০ কিলোগ্ৰাম মৌ সংগ্ৰহ কৰিছিলো আৰু সেয়া চুবুৰীয়া গাঁৱত ২০০ ৰপৰা ২৫০ টকা প্ৰতিকিলো বিক্ৰী কৰিছিলো। কলকাতাত আমি ভাল দাম পাব পাৰো।"

সঞ্জিতে ক'বৰ দৰে বিগত বৰ্ষত "আমি ঘৰলৈ কেৱল পাঁচ কিলো ঘুৰাই আনিছিলো। বাকীখিনি আমি বন বিভাগক গতাব লগা আছিল। ক'ৰবাত আমাৰ মৌ লুকাই থোৱা আছে নেকি সেয়া চাবলৈ তেওঁলোকে আমাৰ নাওখন চলাথ কৰিছিল। বজাৰত বিক্ৰী কৰা ধৰা পৰিলে আমাৰ নাওবোৰ জব্দ কৰা হ'ব পাৰে।"

যদিওবা সঞ্জিতে তেওঁৰ পিতৃৰ দৰে এজন মাছমৰীয়া আৰু মৌ সংগ্ৰাহক, কিন্তু ততস্বত্বেও তেওঁ বছৰত দুই-তিনিমাহৰ বাবে বাংগালুৰু আৰু চেন্নাইলৈ কনষ্ট্ৰাকশ্যন ছাইটৰ কামৰ বাবে যায় য'ত তেওঁ প্ৰতিদিনে ৩৫০ ৰপৰা ৪০০ টকা আয় কৰে। "মোৰ পিতৃ আৰু তেওঁৰ লগৰবোৰে কেৱল সুন্দৰবনতে কাম কৰিছে। তেওঁলোকে হাবিৰ প্ৰেমত পৰিছে আৰু তাতে নাথাকিলে মনৰ শান্তি নাপায়। মোৰ প্ৰজন্মৰবোৰ বিদেশলৈ (বাহিৰলৈ) কামৰ বাবে যায়। আমি কেৱল মাছ ধৰি আৰু মৌ সংগ্ৰহ কৰি পৰিয়াল পোহপাল দিম কেনেকৈ?"

পিতৃক আৰ্জনত সহায় কৰাৰ বাবে সঞ্জিতে বিএ পঢ়া আধাতে এৰিবলগা হয়। তেওঁৰ এতিয়া ১৮ মহীয়া এটা পুত্ৰ আছে যাক তেওঁ পঢ়াব বিচাৰে। "মোৰ লৰাই হাবিলৈ যোৱাটো নিবিচাৰো। সেয়া অতি ভয়ংকৰ।"

কিন্তু নিতাইয়ে বিশ্বাস কৰে যে যিসকলে বাহিৰলৈ ওলাই যায়, তেওঁলোক সুখী নহয়। কিয়নো ডাঙৰ চহৰত থগ-প্ৰৱঞ্চনা অথবা হত্যাৰ সম্ভাৱনাও প্ৰৱল। তেওঁৰ মতে সুন্দৰবনত কাম কৰাটোৱে পছন্দৰ।


06-seven-US-The Sting of Bees and the Tyranny of Tigers.jpg তিনি দশক পূৰ্বে ৪১ বৰ্ষীয় নিতাই জড্ডাৰে তেওঁৰ মৌ সংগ্ৰাহক পিতৃৰ সৈতে হাবিলৈ যোৱা আৰম্ভ কৰিছিল

 ২০১৫ চনত সংসদীয় সদস্য তৃণমূল কংগ্ৰেছৰ নেতা প্ৰতিমা মণ্ডলে এই বিপদাশংকাসমূহৰ বিষয়ে লোকসভাত মাত মাতিছিল আৰু সুন্দৰবনত মৌ সংগ্ৰাহকসকলে সমুখীন হৈ অহা সমস্যাসমূহৰ সংসদৰ মজিয়াত উত্থাপন কৰিছিল। সাংসদগৰাকীয়ে কেন্দ্ৰ চৰকাৰক সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ আৰু পুঁজি আবণ্টনৰ বাবে আহ্বান জনাইছিল।

 ইয়াৰ প্ৰভাৱ কেনে সেয়া জনাৰ বাবে এতিয়া খুব সোনকাল হ'ল। কিন্তু যোৱা বছৰবোৰত কিছু ব্যৱস্থা প্ৰকৃতাৰ্থত গ্ৰহণ কৰা হৈছে। দক্ষিণবংগ মৎস্যবংগ ফৰাম (দক্ষিণ বংগৰ মৎস্যকৰ্মীৰ মঞ্চ)ৰ সচিব প্ৰদীপ চেটাৰ্জীয়ে কয় "কিছু উন্নতি হৈছে। চাৰি বছৰ আগতে বন বিভাগে মৌলেসকলক মৌৰ প্ৰতিকিলোত মাত্ৰ ৪২ টকা দিছিল, এতিয়া সেই হাৰ ১০০ টকা প্ৰতিকিলো হৈছে আৰু অৱশিষ্ট মৌখিনি তেওঁলোকে বজাৰত বিক্ৰী কৰাৰ বাবেও মুক্ত। বিভাগে আগতে মৌ সংগ্ৰহৰ বাবে ১৫ দিনৰ বাবে এখন পাছ দিছিল, এতিয়া তেওঁলোকে এনে দুখন পাছ দিয়ে।"   

 যাহওক, তেওঁ কয় যে কামলৈ যোৱাৰ সময়ত মানুহৰ সুৰক্ষাৰ বাবে একো কৰা হোৱা নাই। "তেওঁলোকৰ ব্যক্তিগত অথবা গোট হিচাপত কোনোধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নাই।" আৰু সেয়ে নিতাইৰ দৰে লোকসকলে কোনোধৰণৰ সুৰক্ষাৰ ব্যৱস্থা অবিহনে অটব্য হাবিত বিপজ্জনকভাৱে কাম কৰি আহিছে।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

উৰ্বশী চৰকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৬ বৰ্ষৰ পৰি সদস্য।

Other stories by Urvashi Sarkar