গাওঁবাসীৰ সৈতে থকা এক বিভাগীয় মতবিৰোধ দুৰ কৰিবলৈ ২০১৪ত উৰিষ্যাৰ বন বিভাগৰ বিচ্চামকট্টক খণ্ডৰ এগৰাকী বিষয়াই কন্ধগুড়া গাঁৱলৈ গৈছিল। তাতে গৈ তেঁওৰ চকু কপালত উঠে। আলোচনাত সাধাৰণতে পুৰুষৰ উপস্থিতি দেখি অহা বিষয়াগৰাকীয়ে তাতে গৈ মহিলাৰ দল এটাৰহে সমুখীন হয়। তাতে জ্যেষ্ঠ মহিলা কেইগৰাকীমানে আলোচনাৰ আঁত ধৰিবলৈ আগবাঢ়ি আহিছে। দেশৰ অইন ঠাইৰ গাঁৱত হয়তো গাঁওবুঢ়া সহিতে এগালমান পুৰুষক দেখা গ’লহেঁতেন, এই সমাগম তেনেই বিৰল।

কিন্তু কন্ধসকলৰ পৰম্পৰা ভিন্ন। ৰায়গড়া জিলাৰ (জনসংখ্যা ৯,৬৭,৯১১। ইয়াৰে ৫,৪১,৯০৫ বিভিন্ন জনগোষ্ঠীয় লোক) সমভূমি অঞ্চলত বাস কৰি অহা প্ৰধান জনগোষ্ঠীটোত গুৰুত্বপূৰ্ণ সামূহিক সিদ্ধান্তবোৰ মহিলাই লয়। পিতৃপ্ৰধান সমাজ হোৱা স্বত্বেও পুৰুষ-মহিলা সকলোৱে সমানভাৱে জীয়াই থকাৰ সুবিধা পোৱাটো বিচাৰে জনগোষ্ঠীটোৱে। 'নিয়াম ৰাজা (নিয়ামগিৰিৰ দেৱতা) সৌ পাহাৰত বহি আছে, তেৰা হৈছে পুৰুষ আৰু আমাৰ গাঁৱত যিগৰাকীক আমি মানো সেইগৰাকী হৈছে দেৱী (গাঁৱৰ সোঁমাজতে স্থাপিত কাঠৰ টুকুৰাত খোদিত দেৱী)। আমি এই দুই দেৱ-দেৱীৰ কৃপাদৃষ্টিতে বৰ্তি আছো। ইয়াৰে কোনো এগৰাকীৰে কোপদৃষ্টি পৰিলে জীৱনৰ বিনাশ ঘটিব।’ নিয়ামগিৰিৰ কাৰান্দিগুড়া গাঁৱৰ ৬৫ বৰ্ষীয় লোকনাথ নাওৰিয়ে বুজাই ক’লে।  

কন্ধসকলৰ শ্ৰমবিভাজন এই দৰ্শনৰ ওপৰতে প্ৰতিষ্ঠিত। মহিলাসকলে সমানেই ভাগ লয়। প্ৰতিখন গাঁৱতে থকা গাঁও পৰিচালনাৰ মঞ্চ কুটুম্ভত নিজৰ মতামত উত্থাপন কৰে। পুৰুষে খেতি-বাতিৰ লগতে চিকাৰ কৰে। জনগোষ্ঠীটোৰ আন কাম-কাজ মহিলাই চম্ভালে। 

PHOTO • Parul Abrol

কোচা কুংগাৰুকা (বাওফালে) আৰু চিংগাৰী কুংগাৰুকা (সোঁফালে)। এওলোকে দুজনেই বন বিভাগক গাঁৱৰ মাটিত ইউকেলিপ্টাছ ৰোপনত বাধা দিয়াৰ ববে আন্দোলনৰ নেতৃত্ব দিছে

কান্ধুগুড়াত মহিলায়ে সেই কাম কৰে। গাঁওবাসীয়ে ইউকেলিপ্টাছ গছ ৰোপনত বাধা দিছে (১৯৮০ৰ সামাজিক বনানীকৰণ আঁচনিৰ অখ্যাত পৰম্পৰা)। কিয়নো সেই গছবোৰ তাৰে পৰিৱেশৰ সৈতে খাপ নাখায়। সেই গছবোৰ জীৱ-জন্তু কিম্বা মানুহৰ একো কামতো নাহে। গাওঁবাসীয়ে বাৰম্বাৰ পুলি ৰোপনৰ চেষ্টাক প্ৰতিহত কৰাৰ পিছত বিষয়া-ববীয়া তালৈ গৈছে। তেনে এটা জনগোষ্ঠীত মহিলাৰ স্থিতি ক’ত সেয়া নজনাকৈ তেঁও নিজৰ কথা কৈ গৈছে আৰু তেঁওলোকে তেনেদৰে বাধা দি থাকিলে পৰিস্থিতি যে বেয়া হ’ব তাৰে ভাবুকিও দিছে।

দুই ভনী চিংগাৰী কুংগাৰুকা আৰু কোচা কুংগাৰুকাই বিষয়াগৰাকীক বুজাবলৈ চেষ্টা কৰিছে যে তেঁওলোক গছ ৰোৱাত বাধা দিয়া নাই। কিন্তু গছ ৰুব লাগে এনেকুৱা যাৰ পৰা গাঁওবাসীৰ আৰু বনৰীয়া জীৱ-জন্তুৰ কিবা উপকাৰত আহে। কিন্তু বিষয়াগৰাকীয়ে তেঁওলোকৰ কথাত কাণ নিদিলে বুলি কোচাই অভিযোগ কৰিলে। তাৰ পৰিৱৰ্তে তাইক ভাবুকিহে দিলে। গোটেই মহিলাৰ জাকটো এই কথাত জাঙুৰ খাই উঠিল আৰু বিষয়াজনক উত্তম-মধ্যম শোধালে।    

বিষয়াগৰাকীয়ে তেঁওলোকক সাংঘাতিক বুলি কৈ তাৰ পৰা পলাল। পিছদিনা গাড়ী ভৰ্তি পুলিচ তাত উপস্থিত হ’ল। চুবুৰীয়া গাঁৱকে ধৰি সেই গাঁৱৰ পুৰুষ-মহিলাই বাট ভেটি ধৰিলে। সেইদেখি পুলিচৰ দলটোৱে সেই ঠাই এৰি গ’ল। তেতিয়াৰে পৰা এবছৰ হ’ল, ঠাইখনত শান্তি বিৰাজ কৰিছে।  

PHOTO • Parul Abrol

ইন্দিৰা আবাস যোজনাৰ অধীনত বিচ্চামকট্টক খণ্ডত গৃহ নিৰ্মান- কিন্তু সেয়া নিৰ্মান কৰা হৈছে কন্ধ মহিলাই বিচৰা ধৰণে পৰম্পৰাগত পৰিকল্পনাত 

সাধাৰণতে ইয়াত গাঁও বুলি ক’লে ২০-২৫ ঘৰ মানুহ অথবা এটা কুটুম্ভ লগ লাগি থকা এটা থূপকে বুজা যায়। প্ৰত্যেকেই সিদ্ধান্ত গ্ৰহণত অৰিহণা যোগায় আৰু কিবা ক’বলগীয়া থাকিলে মুখ খুলি কয়। দলপতি বুলি কোনো নাথাকে। বুদ্ধি আৰু সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

সামাজিক কাম-কাজৰ পৰা জীৱন যাপনলৈকে ৰায়গাড়াৰ মহিলাই সকলো কৰে। নিজৰ পচন্দৰ মতে দৰা বাচি ল’ব পাৰে আৰু গিৰিয়ে ঘৈণীক বেয়া আচৰণ কৰিলে, বা ঘৈণীয়ে আনৰ প্ৰেমত পৰিলে তাই কোনো শংকা-সংকোচ নকৰাকৈ নতুন সংসাৰ গঢ়িব পাৰে। ঘৰুৱা হিংসা বা তৰ্কা-তৰ্কি লাগিলে কুটুম্ভত সেই লৈ আলোচনা হয়। স্বামীক এৰা বা ধৰাৰ সিদ্ধান্ত মহিলাগৰাকীৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে।

অঞ্চলটোৰ দোভাষী জগন্নাথ মাঝিয়ে শৈশৱৰ ঘটনা এটা মনত পেলালে। কৈশোৰ অৱস্থাত তেঁও পথাৰত ৰাতি পহৰা দিয়াৰ বাবে সজা জুপুৰীটো মেৰামতি কৰিবলৈ গৈছিল। বন বিভাগৰ সুৰক্ষাকৰ্মীয়ে তেঁওক ধৰিলে আৰু পুলিচ থানালৈ গ’ল। তেঁওলোকে দাবী কৰিলে যে জগন্নাথে অবৈধ কাম কৰি আছিল। মাঝিৰ মাকৰ খং মুৰৰ চুলিৰ আগ পালে আৰু গাঁৱৰ মানুহ গোটাই পুলিচ থানাৰ আগত ধৰ্ণা দিলেগৈ। তেঁওক মুকলি কৰি নিদিয়ালৈ তাই পুলিচৰ লগত তৰ্ক কৰি থাকিল।

PHOTO • Parul Abrol

কন্ধ পৰিয়াল এটাৰ ঘৰত শস্য চপাই মজুত কৰি থোৱা হৈছে, কন্ধৰ বাবে আটাইতকৈ মূল্যৱান সম্পত্তি হৈছে বীজ

গাঁওখনক নিৰ্বাহক্ষম কৰি ৰখাটোত মহিলাৰ ভূমিকাৰ পৰাও তেঁওলোকৰ সামাজিক স্থিতিৰ কথাৰ উমান পাব পাৰি। পৰিয়ালবোৰৰ মাজত সুসম্পৰ্ক ৰাখিব পৰাকৈ আৰু সামূহিক জীৱনত উৎসাহ যোগাব পৰাকৈ গাঁওখন নিৰ্মান কৰা হৈছে। কিছু বছৰ আগতে চৰকাৰে ইন্দিৰা আৱাস যোজনাৰ অধীনত পকা ঘৰৰ ব্যৱস্থা কৰিছিল। চৰকাৰী অভিযন্তাই তৈয়াৰ কৰা নক্সা মতে ঘৰবোৰ ইটোৰ সৈতে সিটো লাগি থাকিব নালাগে আৰু মুখা-মুখিকৈ হ’ব নালাগে। মহিলাসকলে আপত্তি দৰ্শালে। ক’লে যে এনে নক্সাই গাঁৱৰ পৰম্পৰাত আঘাত হানিব। চৰকাৰে তেঁওলোকৰ দাবী অনুযায়ী পাৰম্পৰিক আৰ্হিত ঘৰবোৰ সজাৰ বাবে সন্মতি প্ৰদানৰ পিছতহে কাম আৰম্ভ কৰিব পাৰিছিল। 

কন্ধ গাঁৱত আটাইতকৈ মূল্যৱান সম্পদবিধ হৈছে বীজ। এই সম্পদত মহিলাৰ অধিকাৰ একচেটীয়া। বীজবোৰ বচা, পিছৰ বছৰৰ বাবে সংৰক্ষণ কৰা, দেৱ-দেৱীলৈ আগবঢ়োৱা আৰু বীজ সীচাৰ সময়ত সঠিক পৰিমাণৰ বীজ পুৰুষত হাতত তুলি দিয়া- এই আটাইবোৰ হৈছে মহিলাৰ কৰ্তব্য। বীজৰ সৈতে মহিলাৰ ওচৰ সম্পৰ্কই তেঁওলোকৰ সমাজত মহিলাৰ সন্মান আৰু আধিপত্যৰ কথাকে বুজায়।

মুনিগুড়া খণ্ডৰ দুলাৰি গাঁৱৰ ৫৫ বৰ্ষীয় শ্ৰীমতি দুৰুকাই কয়, ''বীজ হৈছে আমাক বসুধৰা মাতৃয়ে বছৰে বছৰে দিয়া ফল, এয়া বসুধৰা মাতৃৰ ফল, আমালৈ উপহাৰ। আমি আমাৰ চুবুৰীৰ গাঁৱৰ বীজৰ পুজা নকৰো, আমাৰ নিজৰ মাটিৰ পৰা সেই বীজ ওলাব লাগিব। এনেদৰেই আমাৰ মাটিবোৰৰ শুদ্ধি হয় আৰু ভৱিষ্যতৰ বাবে আমাক অধিক দিয়াৰ প্ৰস্তুতি চলে। আমি বসুধৰাক অসন্মান কৰিব নোৱাৰো।’’

PHOTO • Parul Abrol

মুনিগুড়া খণ্ডৰ দুলাৰি গাঁৱৰ শ্ৰীমতী দুৰুকা- বীজ আৰু খাদ্যৰ যোগেদি মহিলাই কন্ধ সংস্কৃতি আৰু পৰিস্থিতিতন্ত্ৰৰ ৰক্ষক হৈ পৰে  

বীজ আৰু খাদ্যৰ যোগেদি মহিলাই কন্ধ সংস্কৃতি আৰু পৰিস্থিতিতন্ত্ৰৰ ৰক্ষক হৈ পৰে। বাজৰা কন্ধৰ আহাৰৰ অপৰিহাৰ্য অংশ। 'মহিলাই ভালেমান লুপ্তপ্ৰায় আৰু মুল্যৱান ব্যঞ্জন নিয়মীয়াকৈ ৰান্ধি আৰু ল’ৰা-ছোৱালীক খুৱাই সেয়া সংৰক্ষণ কৰি আহিছে। সেই শস্যৰ গুৰুত্ব খোৱাসকলক বুজাই আৰু পৰৱৰ্তী চক্ৰৰ বাবে সেই বীজ নষ্ট নোহোৱাকৈ সাঁচি ৰাখি সংৰক্ষণত আগভাগ লৈছে মহিলাই। তেঁওলোকৰ পৰিস্থিতিতন্ত্ৰৰ সৈতে ভালদৰে খাপ খোৱা ভিন্ন শস্য এনেদৰেই সংৰক্ষণ কৰি মহিলাই স্ব-নিৰ্ভৰশীল হৈ আছে,’ অঞ্চলটোৰ স্থানীয় ব্যঞ্জনৰ সুৰক্ষাৰ কামত নিয়োজিত লিভিং ফাৰ্মচ নামৰ বেচৰকাৰী সংস্থাটোৰ দেৱজিত চাৰংগীয়ে কয়। 

কুটুম্ভৰ তিনিটা ঘাই ব্যক্তি হৈছে জানি, দেছাৰী আৰু বেজুনি। বেজুনী পদত থকা গৰাকী প্ৰায়ে মহিলাই হয়। জানি গৰাকীয়ে উৎসৱ-পাৰ্ৱণৰ সময়ত বিধি-বিধানৰ কাম কৰে। দেছাৰীগৰাকীয়ে স্থানীয় দৰৱৰ জ্ঞান ৰখাৰ লগতে বতৰৰো খবৰ ৰাখে। বেজুনি হৈছে গাঁৱৰ আলৌকিক শক্তিসম্পন্ন ব্যক্তি। (এই প্ৰৱন্ধটোৰ একেবাৰে ওপৰত বাওফালে ছবি দিয়া আছে)। তাইৰ ওপৰত সময়ে সময়ে দেৱী লম্ভে। বিভিন্ন দেৱ-দেৱীৰ কথা তাই তেতিয়া গাঁওবাসীক কয়। আগন্তুক বিপদ আৰু মহামাৰীৰ বিষয়ে সতৰ্ক কৰি দিয়ে আৰু চিকাৰত যোৱাৰ বাবে পুৰুষক বাট দেখুৱায়।

আচৰিত হ’বলগীয়াই কথা- পিতৃ-প্ৰধান সমাজত মহিলাক সামাজিক অনুষ্ঠান-পৰ্বৰ পৰা আঁতৰাই ৰখা হয়। ইফালে আকৌ কন্ধৰ সমাজত মহিলাই দেৱ-দেৱীৰ বাৰ্তা কঢ়িয়াই আনে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Parul Abrol

Parul Abrol is an independent journalist based in New Delhi. She has worked with the Hindustan Times and IANS, among other organisations. She writes on conflict and development issues, and is working on a book on Kashmir's political history.

Other stories by Parul Abrol