বান্দু ঘোৰমাৰে নামৰ কৃষকজনে অনিচ্ছা সত্বেও খেতিপথাৰৰ পৰা চিঙি অনা সতেজ বেঙেনাবোৰ পুৰণি ৫০০ টকাৰ মুদ্রাকে গ্রহণ কৰি বিক্রী কৰাৰ উপৰি ৪০ কিলোগ্রামৰ একোটা টুকুৰিত ক্রেতা ব্যৱসায়ীৰ পৰা ২০০ টকা কমকৈ লব লগা হৈছে।

মই যদি পুৰণি মুদ্রা লৈ আৰু কম দামত বিক্রী নকৰো, তেন্তে বেঙেনাবোৰ নষ্ট  হৈ যাব। নাগপুৰৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ চিচলিৰ গাজৰ, বেঙেনা, পালেং শাক আৰু ভেণ্ডিৰ খেতি কৰা চল্লিশোর্ধৰ খেতিয়কজনে এইদৰে কয়। যিসকলে খাদ্য শস্য বা কপাহৰ খেতি কৰে, তেওঁলোকে কিছুদিনলৈ বিক্রী নকৰাকৈ থাকিব পাৰে, কিন্তু মই নোৱাৰো। এইদৰে দুখেৰে কয় কৃষকজনে। 

প্ৰতিবছৰে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈ সদায় পুৱা নিজৰ টেম্পত চাৰি কুইন্টল (৪০০ কিলোগ্রাম) সতেজ শাক-পাচলি বোজাই কৰি ঘোৰমাড়ে চৰকাৰী কৃষি সামগ্রী বজাৰ কমিটিৰ নাগপুৰত থকা মান্দিলৈ লৈ যায়। ইয়াতে অনুজ্ঞাপত্র থকা ব্যৱসায়ীয়ে এজেন্টৰ সহয়োগত কৃষকৰ সামগ্রী ক্ৰয কৰে।

৮ নৱেম্বৰৰ বিমুদ্রাকৰণৰ পিচত যেতিযা ৫০০-১০০০ টকাৰ মুদ্রাৰ প্ৰচলন নিষিদ্ধ কৰা হল তেতিয়া মান্দিলৈ গৈ লোকচান ভৰি ঘোৰমাড়েৰ দৰে খেতিযকে নিজৰ উত্পাদিত শস্য বিক্রী কৰিবলগীযা হল। তেওঁৰ পুত্রই প্ৰতিদিনেই পুৰণি মুদ্রাবোৰ জমা কৰিবলৈ ওচৰতে থকা বেংকত লানি নিচিগা মানুহৰ শাৰীত থিয় হৈ থাকে।

পুৰণি মুদ্রা গ্রহণ কৰাৰ বাবে ঘোৰামাড়ে কিছু পৰিমাণে হলেও উপার্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ দৰে নষ্ট  হব পৰা শস্য উত্পাদন কৰা বহুতো খেতিয়কে বিক্রী কৰিব পৰা নাই- তেওঁলোকৰ যথেষ্ট লোকচান হৈছে।

নাগপুৰ এপিএমচিত নিজৰ লাইশাকৰ খেতিৰ সৈতে চন্দ্ৰভান জোঢ়েঃ ভাল মৌচুমী বৰষুণৰ ফলত ফচল ভাল হৈছে, দেশত এটাৰ পিছত এটাকৈ খৰাং বতৰ পৰাৰ পিছত খেতিয়কে ভাল ফচলৰ আশা কৰিছে

থানে আৰু পুণেত বহুতো খেতিয়কে ক্রেতাৰ অভাৱত বজাৰতে শাক-পাচলি এৰি থৈ উভতি আহিছিল, সংবাদ মাধ্যমত এনেবোৰ কথা প্ৰকাশ পাইছিল।

নাগপুৰৰ পৰা ১৬০ কিলোমিটাৰ মান নিলগৰ আমৰাৱতীৰ হিৱাৰখেদ গাঁৱলীযা বজাৰত সামগ্রীৰ মূল্য দ্রুত গতিত হ্রাস পোৱাৰ প্ৰতিবাদত খেতিয়ক সকলে পথৰ ওপৰতে কমলা টেঙা দমাই হৈছিল।

ব্যৱসায়ীয়ে ক্রয় নকৰাৰ বাবেই মূল্য হ্রাস পাবলৈ ধৰে। অধিকাংশ খেতিয়কে পুৰণি মুদ্রা লব নিবিচৰাত ব্যৱসায়ীয়েও সামগ্রী ক্রয় নকৰা হল।

অদূৰদর্শী পৰিকল্পনাৰ বিমুদ্রাকৰণৰ বাবেই কৃষকসকলৰ এনে বিপৰ্যয় হৈছে নে, নতুন মুদ্রা ক্রেতাৰ পৰা পোৱাৰ আশাত ৰৈ থাকোতে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে।

১৬ নৱেম্বৰ, বুধবাৰে, নাগপুৰৰ পৰা ৭০ কিলোমিটাৰ ৱার্দ্ধা জিলাৰ ছেলু নগৰৰ মান্দিত উপস্থিত হোৱা ৩৮ বছৰীযা সুদাম পাৱাৰেই এক মাত্র খেতিয়ক তেওঁ নিজৰ ৭০ কুইন্টল কপাহৰ সেই মান্দিত বিক্রী কৰিছিল।

ক্রেতা ব্যৱসায়ীয়ে কপাহৰ মূল্য তেওঁৰ বেংকৰ একাউন্টত জমা দিছিল। আমগাঁও গাঁৱৰ পূর্বৰ গাওঁবুঢ়া (সাৰপাঞ্চ) পাৱাৰে ব্যৱসায়ীৰ প্ৰস্তাৱৰ প্ৰতি সন্মান জনাইছিল। কোনো অসুবিধা নোহোৱাকৈ ধনখিনি তেওঁৰ একাউন্টত জমা হৈ গল।

পাৱাৰে কয য়ে তেওঁৰ কথা জানিব পাৰি সেই দিনাই পিচবেলালৈ আন আঠজন খেতিয়কে মান্দিত পুৰণি মুদ্রা লৈ ৮০ কুইন্টন কপাহ বিক্রী কৰিলে। আন বিক্রেতা নোহোৱাত ব্যৱসায়ীয়ে প্ৰতি কুইন্টলত ৫০০০ টকা দামত তেওঁলোকৰ কপাহ ক্রয় কৰে, এই মূল্য বজাৰ দৰতকৈ অলপ বেচি আছিল। বজাৰত সেই সময়ত প্ৰতি কুইন্টলৰ মূল্য আছিল ৪৭৫০-৪৯০০ টকা পৰ্যন্ত।

কিন্তু আন কৃষকসকলে কিয় তেওঁলোকক দেখি কপাহ বিক্রী নকৰিলে পাৱাৰে তাৰ কাৰণ ব্যাখ্যা কৰেঃ কৃষি ঋণ লৈ থোৱা বেংকত তেওঁলোকৰ উপস্থিতিত ধনখিনি জমা কৰিবলৈ প্ৰায়বোৰ খেতিয়কে ভয় কৰিলে। বহুতে দীর্ঘদিন ধৰি ঋণ আদায দিয়া নাই। পৰিয়ালৰ ভৰণ-পোষণ দিব লাগে, ফলত বেংকৰ ঋণ পৰিশোধ কৰিব পৰা নাই, উপার্জন যথেষ্ট  নোহোৱাত বছৰৰ পিচত বছৰ ঋণ পৰিশোধ কৰিব পৰা নাই। 

উপাৰ্জনৰ ধন এবাৰ যদি বেংকৰ একাউন্টত সোমায় তেনেতে বেংক তেওঁলোকক টকা উলিয়াই আনিবলৈ নিদিব বুলি ভয় খাইছে, মার্চৰ মাহৰ ভিতৰত ঋণ পৰিশোধ কৰিবলৈ প্ৰয়োজন হোৱা ধন বেংকৰ একাউন্টত ৰাখি থবলৈ তেওঁলোকক হেচাঁ দিব। কৃষকসকলে জানে য়ে ইয়াৰ ফলত তেওঁলোক সাংঘাটিক বিপদত পৰিব।

কৃষকৰ একাউন্টত জমা হোৱা ধনৰ পৰা পৰিশোধ কৰিবলৈ বাকী থকা ঋণৰ  এককভাৱে কর্তন কৰিবলৈ বেংকসমূহক চৰকাৰে নির্দেশ দিয়া নাই, কিন্তু বেংকে পূর্বে এনেকুৱা কৌশল খটুৱাই কৃষকৰ ধন আদায় কৰিছিল। বেংকে এই কথা ভালকৈয়ে জানে যে পিচৰ বছৰৰ বাবে কৃষকে পুনৰ ঋণ বিচাৰি তেওঁলোকক আমনি কৰিব নোৱাৰে।

পাৱাৰে কয, মোৰ নামত বেংকত ঋণ নাই, সেযে মই বেংকত ধন জমা দিযাৰ ক্ষেত্ৰত আপত্তি কৰা নাছিলো, আনহাতে নগদ ধনৰ ইমান জৰুৰী আৱশ্যক মোৰ হোৱা নাই। খেতিৰ বাবে লোৱা ঋণ মোৰ দেউতাৰ একাউন্টৰ লগত জড়িত গতিকে পৰিশোধ কৰিবলৈ বাকী থকা ধন বেংকে মোৰ একাউন্টৰ পৰা কর্তন কৰিব নোৱাৰে

মান্দিত কপাহ বিক্রী কৰা আন আঠজন কৃষকৰো ধনৰ জৰুৰী প্ৰযোজন নাছিল বুনি তেওঁ কয়। কিন্তু অধিকাংশ ক্ষুদ্ৰ খেতিয়ক, যিসকলে পেটেভাতে খাই কৃষিকাৰ্য চলাই আছে আৰু আন উপাৰ্জন নাই, তেওঁলোকে চেক বা মানি ট্রেন্সফাৰৰ প্ৰস্তাৱ গ্রহণ কৰিব নোৱাৰে। এইদৰে কয় পাৱাৰে।

প্ৰধানকৈ ছযবীন আৰু কপাহৰ খেতি কৰা প্ৰায় ১০০ খন গাঁৱলৈ সেৱা আগবঢ়াই অহা ছেলুত থকা কৃষিজাত সামগ্রীৰ বজাৰ কমিটি মান্দিতৰ উপ সভাপতি তথা খেতিযক ৰামকৃষল্ল উমাথে কয়, বিমুদ্রাকৰণে খেতিয়সকলক ধ্বংস কৰিছে, প্ৰায় এসপ্তাহ ধৰি ক্রেতা-বিক্রেতা আমাৰ বজাৰলৈ নাই অহা বুনি কব পাৰি।

চেলু চহৰত নতুনকৈ উপস্থিত হোৱা ছয়াবীনৰ বস্তা, ৱাৰ্ধা জিলাত

সহকাৰী বজাৰ সচিব মহেন্দ্র ভাণ্ডাৰকাৰে কয যে একেদৰে কুলি, পৰিবহনকাৰী আৰু আন সহযোগীসকলো কর্মহীন হৈ পৰিছে।

এয়া বছৰৰ আটাইতকৈ বেছি বিক্রী হোৱাৰ সময়, কিন্তু ৮ নৱেম্বৰৰ পৰা বজাৰলৈ বিক্রীৰ সামগ্রী অহা নাই, বুধবাৰে ক'লে উমাথে। 

প্ৰতিদিনে ৫০০০ কুইন্টল সামগ্রী বজাৰলৈ অহাৰ বিপৰীতে এতিয়া বজাৰত একো সামগ্রী নাই। কানি ১০০ কুইন্টল আহিছিল বুলি তেওঁ কয়।

উমাথে কয়, ব্যৱসায়ীসকলে নগদ ধনৰ পৰিৱর্তে কৃষক সকলক চেক লবলৈ কৈছে বা বেংকত জমা দিয়াৰ কথা কৈছে, কিন্তু বেংকে শস্যৰ ঋণৰ দেয় কর্তন কৰাৰ আশংকাত কৃষকসকলে ব্যৱসায়ীৰ প্ৰস্তাব মানি লোৱা নাই।

এই অঞ্চলৰ বহুতো পথাৰত জলসিঞ্চনৰ পানী নাইঃ কৃষক সকল সাংঘাটিক আর্থিক সমস্যাত জুৰুলা হৈ পৰিছে। তেওঁলোকে স্থানীয়ভাৱে লোৱা ঋণ পৰিশোধ কৰিব লাগিব, লগতে ঋণলৈ লোৱা আন সামগ্রীৰ ধনো আদায় দিব লাগিব, তদুপৰি গেলামালৰ দোকানী আৰু কৃষ শ্রমিকৰ ধন দিব লাগিব। এইদৰে কয় উমেথে।

সকলোবোৰ দেয় আদায় দিয়াৰ পিচত যদি হাতত অলপ ধন ৰাহি হয়, তেন্তে বেংকত জমা দিব নহলে বেংকৰ ঋণ অনাদায় হৈ থাকিব।

আন এটা কাৰণেও কৃষিজাত সামগ্রী বিক্রী আৰু মূল্য হ্রাস পাইছে, খুচুৰা বজাৰত বিক্রী হ্রাস পাইছে। উন্নতিৰ গতি ৰুদ্ধ হৈছে। নাচিকৰ পাইকাৰী বিলাহী ব্যৱসাযী ৰাজেশ ঠাকুৰে কয়।

উদাহৰণ স্বৰূপে নাগপুৰৰ মান্দিলৈ কমলাটেঙা আহিল যদিও বিমুদ্রাকৰণৰ বাবে শুকাই পৰি থাকিল। কলকাতা আৰু উত্তৰ ভাৰতৰ বজাৰত বিক্রীত মন্দাৱস্থাৰ সৃষ্টি হল। নাগপুৰ এপি এম চিৰ সঞ্চালক তথা নিজে এজন কমলা ব্যৱসায়ী ৰাজেশ চাব্রানিয়ে কয়।

আজি কমলাৰ দাম ২৫ ৰ পৰা ৩৫ শতাংশলৈ নিম্নগামী হৈছৈ (মঙ্গলবাৰে) প্ৰতি টনৰ মূল্য ৪০,০০০ টকাৰ পৰিবর্তে ২৫০০০-৩০০০০ টকালৈ নামিছে। আগতে দৈনিক ১২ ট্রাক কমলা কলকাতালৈ গৈছিল সেয়াও বন্ধ হল। তেওঁ কয়।

ৱার্দ্ধা জিলাৰ হিংগনঘাট চহৰৰ এপি এম চিৰ সঞ্চালক মধুসূধন হাৰাণে কয,  ৮ নৱেম্বৰৰ পৰা আমাৰ এপি এম চি বন্ধ ৰখা হৈছে। 

বিমুদ্রাকৰণৰ সময়টো লৈ তেওঁ প্ৰশ্ন কৰে, আমাৰ মান্দিত বার্ষিক প্ৰায় ১৫০০ কৌটি টকাৰ ব্যৱসায় হয় । ইয়াৰ অর্ধাংশ অক্টোবৰ-ডিচেম্বৰৰ সময়ত হয়-এইটোৱেই বাণিজ্যিক শস্যৰ বছৰৰ শীর্ষ সময়। 

এই বছৰ বতৰ ভাল হেৱা বাবে খেতিও ভাল হৈছিল দেশৰ বিভিন্ন প্ৰান্তত বিগত বছৰবোৰত খৰংপীড়িত হোৱাৰ পিছত খেতিয়কসকলে এইবাৰ হাতলৈ পইচা আহিছিল বুলি আশা কৰিছিল

এই লেখনীটো ( মুলতঃ দা টেলিগ্ৰাফ, কলকাতাত ২২ নবেম্বৰ, ২০১৬ চনত প্ৰকাশিত হৈছিল (ইয়াতে সামান্য সংশোধন কৰা হৈছে)।

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Other stories by Jaideep Hardikar