আপুনি দোকানত সকলো বস্তুৱেই পাব। কিন্তু আমাৰ জনজাতীয় সম্প্ৰদায়ৰ ধৰ্মীয় ৰীতি মতে মাটিৰ পাত্ৰ কেৱল ক’টা জনজাতিৰ মহিলাইহে সাজিব পাৰে, ছুগি ৰাধাকৃষ্ণনে কয়। তাইৰ বয়স ৬৩। তিৰুচিগাড়ি জনজাতীয় চুবুৰী নিবাসী ছুগিয়ে ঠাইখনক তিৰচাকাড় বুলি কয়। তাৎপৰ্যৰ কথা যে ক’টা জনজাতিৰ লোকৰ চুবুৰীবোৰৰ নাম ভিন্ন। ছুগিৰ চুবুৰীটো তামিলনাডুৰ নিলগিৰি জিলাৰ ক’টাগিৰি নগৰৰ উধাগমণ্ডলম তালুক অৱস্থিত।

ছুগিয়ে ঘৰত সাধাৰণতে ডাঠ বগা ৰঙৰ টগা (এখন কান্ধেৰে মেৰিয়াই পিন্ধা এপদ বস্ত্ৰ ), যাক ক’টা ভাষাত দুপিত বোলা হয়, আৰু বগা ৰঙৰ ৱাৰাদ বোলা আলোৱান পিন্ধে। এয়া ক’টা জনজাতিৰ পৰম্পৰাগত পোচাক। তিৰুচিগাড়িৰ পুৰুষ-মহিলাই সাধাৰণতে ঘৰত পিন্ধা পাৰম্পৰিক পোচাক ক’টাগিৰি আৰু অইন চহৰত খুব কমেইহে পিন্ধে। ছুগিয়ে তেলসনা চুলিখিনি জনজাতীয় শৈলীত খোপা গাঠিছে। তাই আমাক তাইৰ ঘৰৰ গাতে লাগি থকা কুমাৰশালিখন দেখুৱালে।

‘মাটিৰ পাত্ৰ গঢ়াৰ কোনো আনুষ্ঠানিক ‘শিক্ষা’ ল’বলগীয়া হোৱা নাই। আইতাৰ হাতখন চাকত কেনেকৈ চলে সেয়া চাই থাকিছিলো। বেলনাকাৰ পাত্ৰ এটাক গোলাকাৰ ৰূপ দিবলৈ কাঠৰ সঁজুলি এবিধেৰে পাত্ৰৰ বাহিৰৰ ফালটো মিহি কৰিব লাগে। তাৰ সমানে সমানে ভিতৰৰ ফালে মিহি শিল এটাৰে ঘঁহি থাকিব লাগে। এনে কৰিলে পাত্ৰটোৰ বেৰৰ সৰন্ধ্ৰতা কমে। কামটো কৰাৰ সময়ত শিল আৰু কাঠৰ সঁজুলিবিধৰ সঞ্চালন সুষম হ’ব লাগে যাতে পাত্ৰটো হেঁচা পৰি ফাঁটি নাযায়। এনে পাত্ৰত ৰন্ধা ভাতৰ সোৱাদেই সুকীয়া। চাম্ভাৰ ৰান্ধিবলৈ আমি সৰু মুখৰ পাত্ৰ ব্যৱহাৰ কৰোঁ। বৰ সোৱাদ হয়, আপুনিও চেষ্টা কৰি চাব পাৰে।’

PHOTO • Priti David
PHOTO • Priti David
PHOTO • Priti David

৬৩ বৰ্ষীয় ছুগি ৰাধাকৃষ্ণনন তিৰুচিগাড়িত কুমাৰ মহিলাৰ পৰম্পৰাক জীয়াই ৰাখিছে, আইতাকক দেখি দেখি ছুগিয়ে সেই শিল্প আয়ত্ব কৰিছিল

দক্ষিণ ভাৰতৰ নিলগিৰি পাহাৰত ক’টা জনজাতিৰ কেৱল মহিলাসকলহে মৃৎশিল্পত নিয়োজিত। তেওঁলোকৰ সংখ্যা নিচেই তাকৰ। ২০১১ৰ লোকপিয়ল মতে নিলগিৰি জিলাত ১০২ টা পৰিয়ালত মাত্ৰ ৩০৮ জনহে ক’টা লোক আছে। জনজাতিটোৰ বয়োজ্যেষ্ঠসকলে চৰকাৰৰ এই হিচাপ নামানে। বয়োজ্যেষ্ঠসকলৰ মতে, তেওঁলোকৰ জনসংখ্যা প্ৰায় ৩০০০ৰ ওচৰাউচৰি (সঠিক জৰীপৰ বাবে তেওঁলোকে জিলা উপায়ুক্তক আহ্বান জনাইছে)।

ঘৰৰ দাঁতিতে থকা মুকলি ঠাইডোখৰত আনুষ্ঠানিক নিষ্কাশনৰ পৰা আৰম্ভ কৰি সাঁচ বনোৱা, গঢ় দিয়া, মসৃণ কৰা আৰু জুইত পোৰা আদি সকলো কাম মহিলাই কৰে। অতীতত, মহিলাই কেৱল ধৰ্মীয় উদ্দেশ্যত বুলিয়েই নহয়, বাচন-বৰ্তন, ৰন্ধন সামগ্ৰী, পানী আৰু শস্য মজুত কৰা পাত্ৰকে ধৰি তেলৰ চাকি আদিৰ বাবেও মাটিৰ সামগ্ৰী সাজিছিল। ভৈয়ামৰ পৰা ষ্টীল আৰু প্লাষ্টিকৰ পাত্ৰ অহাৰ আগেয়ে পাহাৰত বসতি কৰাসকলে ক’টাসকলে সজা মাটিৰ পাত্ৰই ব্যৱহাৰ কৰিছিল।

মৃৎ শিল্পত পুৰুষৰ আধিপত্য থকা দেশ এখনত এই দৃশ্য সুলভ নহয়। মাদ্ৰাজ ডিষ্ট্ৰিক্ট গেজেটিয়াৰ, ১৯০৮ৰ ‘দা নিলগিৰি’ শিতানত ক’টাসকলৰ বিষয়ে এনেদৰে লিখা হৈছেঃ ‘তেওঁলোকে এতিয়া অইন পাহাৰীয়া লোকৰ বাবে গীত গাই আৰু কাৰিকৰৰ কাম কৰে, পুৰুষে সোণাৰ, কমাৰ, বাঢ়ৈ, চামৰা আদি কাম কৰে আৰু মহিলাই বিশেষ ধৰণৰ চাকত মাটিৰ পাত্ৰ সাজে।’

‘আমাৰ মহিলাসকলেহে মাটিৰ পাত্ৰ সাজিব পাৰে,’ বেংক অৱ ইণ্ডিয়াৰ প্ৰৱন্ধক হিচাপে অৱসৰ গ্ৰহণৰ পিছত পুড্ডু ক’টাগিৰিৰ ক’টাসকলৰ চুবুৰীলৈ ঘুৰি অহা ক’টা সম্প্ৰদায়ৰে মাংগালি সন্মুঘমে কয়। ‘গাঁৱত কুমাৰ নাথাকিলে আমি আন এখন গাঁৱৰ পৰা মহিলা কুমাৰক মাতি আনো।’

ক’টাসকলৰ সংস্কৃতিত মৃৎ শিল্প তেওঁলোকৰ ধৰ্মীয় ৰীতিৰ এক অভিন্ন অংগ। জনজাতীয় দেৱী কামত্ৰায়া আৰু পত্নী আয়ানুৰৰ পূজা-অৰ্চনাৰ বাবে উদযাপিত ৫০ দিনীয়া বাৰ্ষিক উৎসৱৰ আৰম্ভণিৰ পৰাই মাটিৰ নিষ্কাষণ আৰম্ভ হয়। ছুগিয়ে যোৱাবাৰৰ উৎসৱত প্ৰায় ১০০ টা মাটিৰ পাত্ৰ সাজিছিল। ‘এই উৎসৱ ডিচেম্বৰ/জানুৱাৰীৰ প্ৰথমটো অমাৱস্য়াৰ পাছৰ সোমবাৰৰ পৰা আৰম্ভ হয়,’ তাই কয়। চাকৰ বাবে পৱিত্ৰ স্থানলৈ মাটি বিচাৰি যোৱা শোভাযাত্ৰাক পুৰোহিত আৰু তেওঁৰ পত্নীয়ে নেতৃত্ব দিয়ে। শোভাযাত্ৰাত সুৰকাৰে কল্লেত (বাঁহীত) ‘মন এত কদ’ (মাটি লওঁক) বোলা এক বিশেষ সুৰ ধৰে, টাপ্পিত আৰু ডব্বাৰ (ধোল) আৰু নব (পেঁপা) বজায়। প্ৰথমে কাৰ্পমান (ক’লামাটি) আৰু তাৰপাছত আৱাৰান (ৰঙামাটি) সংগ্ৰহ কৰা হয়। কোনো বাহিৰা মানুহক সেই কামৰ অনুমতি দিয়া নহয়। তাৰ পাছৰ চাৰি মাহ পাত্ৰ সজা কাম কৰা হয়। শীতকালৰ সুৰ্যৰ তাপ আৰু বায়ুয়ে পাত্ৰবোৰ সোনকালে শুকোৱাত সহায় কৰে।

PHOTO • Priti David
PHOTO • Priti David

শীতকালত মহিলাই শ শ মাটিৰ পাত্ৰ সাজে। তেওঁলোকে মাটি নিষ্কাশন কৰে, তাক সাঁচত ৰাখে, গঢ় দিয়ে আৰু জুইত পোৰে। আনফালে পুৰুষে কেৱল চাকত ৰং দি সেয়া দেখনীয়াৰ কৰাৰ কাম কৰে

ধৰ্মীয় ৰীতিৰ সৈতে সাঙোৰ খাই থকা কাৰণেহে যুগৰ পৰিৱৰ্তন স্বত্বেও ক’টাসকলৰ মৃৎশিল্প জীয়াই আছে। ‘আজিকালি আমাৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে বহুদূৰ বাট বাই ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ পঢ়িবলৈ যায়। কিন্তু বছৰত এবাৰ এই উৎসৱৰ সময়ত গাঁৱৰ সকলো মহিলাই এই কামৰ বাবে একগোট হয়,’ ছুগিয়ে কয়। নতুন প্ৰজন্মৰ যুৱতীয়ে এই শিল্প আয়ত্ব কৰাৰ সুযোগে ইয়াতেই পায়।

ক’টাগিৰিত কাম কৰা কেইটামান মুনাফাবিহীন বেচৰকাৰী সংস্থাই ক’টাৰ মৃৎশিল্প পুনৰোদ্ধাৰৰ চেষ্টা চলাই আহিছে। ২০১৬-১৭ত নিলগিৰি আদিবাসী কল্যাণ এছ’চিয়েশ্যনে ক’টা মহিলাই সজা ৪০ হাজাৰ টকাৰ মাটিৰ সা-সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। নিলগিৰিত থকা সাতটা ক’টা চুবুৰীত চৰকাৰে একোটাকৈ মাটিৰ মণ্ড বনোৱা যন্ত্ৰ দিলে বিক্ৰীৰ পৰিমাণ বাঢ়িব বুলি সংস্থাটোৱে বিশ্বাস কৰে। মিশ্ৰণকাৰী মেচিন এটা থাকিলে টান মাটিৰ কাম কৰাত সহায়ক হ’ব বুলি ছুগিয়ে কয়। কিন্তু, ‘আমি ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈকেহে কাম কৰিব পাৰো। বছৰটোৰ বাকীচোৱা সময়ত মাটি ভালদৰে নুশুকায়। মেচিন থাকিলে সেয়া সম্ভৱ হৈ উঠিব।’

ক’টা মৃৎশিল্প পুনৰোদ্ধাৰ কৰাটো উজু কাম নহয়, আদিবাসীসকলৰ পাৰিস্থিতিতান্ত্ৰিক বিকাশৰ কামত নিয়োজিত ক’টাস্থিত কীষ্ট’ন ফাউণ্ডেশ্যনৰ সঞ্চালক স্নেহলতা নাথে কয়। ‘শিল্পবিধ আগুৱাই লৈ যোৱাৰ বাবে সম্প্ৰদায়টোৰ ফালৰ পৰা আগ্ৰহ প্ৰকাশ কৰাটো আশা কৰিছিলোঁ। কিন্তু মহিলাসকলে কেৱল ধৰ্মীয় ৰীতিগত উদ্দেশ্যৰ ভিতৰতে কলাবিধক সীমিত কৰি ৰাখিব বিচাৰে। নতুন প্ৰজন্মৰ যুৱতীসকলৰ দ্বাৰা এই শিল্পক ন-ৰূপ দিয়াটো ভাল হ’ব বুলি ভাবিছো। তদুপৰি ৰহণ সানি আমি সিবোৰক আধুনিক নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰো, যিটো চেষ্টা আমি আগতে কৰিছোঁ।’

গিৰীয়েক, পুত্ৰ আৰু পৰিয়ালৰ সৈতে থকা ছুগিয়ে কয় যে তাই কী ফাউণ্ডেশ্যনলৈ আৰু অইন বিপনন সংস্থা যেনে ট্ৰাইফেড (ট্ৰাইবেল ক’অ’পাৰেটিভ মাৰ্কেটিং ডেভলপমেণ্ট ফেডাৰেশ্যন অৱ ইণ্ডিয়া)লৈ ১০০ৰ পৰা ২৫০ টকা দৰত মাটিৰ পাত্ৰ বিক্ৰী কৰে। কিছু বছৰ আগেয়ে ছুগিয়ে তিনিগৰাকী মহিলাৰ সহায় লৈ ২০০ পাত্ৰ বিক্ৰীৰ বাবে সাজিছিল আৰু লাভখিনি ভগাই লৈছিল। কিন্তু ছুগিৰ পৰিয়ালৰ লগতে সেই চুবুৰীটোৰ উপাৰ্জনৰ মূল উৎস খেতি আৰু ক’টাগিৰি তথা অইন নগৰত কৰা দিনহাজিৰাহে।

আধ্যাত্মিকতাৰে সংপৃক্ত কলাবিধক ক’টাসকলৰ হিতাৰ্থে অৰ্থকৰী উদ্দেশ্যত বাণিজ্যিকীকৰণ নাইবা ‘আধুনিকীকৰণ’ কৰাটো কিমানদূৰ সমীচিন সেয়া নিশ্চয়কৈ এক জটিল প্ৰশ্ন। ‘এয়া কেতিয়াও ব্য়ৱসায় নাছিল,’ সন্মুঘমে কয়। ‘কিন্তু কোনোবাই (অইন জনজাতিৰ লোকে) পাত্ৰ বিচাৰিলে আমি সাজি দিও, বিনিময়ত আমাক অলপ শস্য দিয়ে। কিনোঁতা আৰু বেচোঁতাৰ আৱশ্যকতা অনুসাৰে বিনিময়ৰ মূল্য নিৰ্ধাৰিত হয়।’

PHOTO • Priti David
PHOTO • Priti David

জনগোষ্ঠীটোৰ বয়োজ্যেষ্ঠ মাংগালি সন্মুঘম (বাওঁফালে) আৰু ৰাজু লক্ষ্মণা (সোঁফালে) মৃৎ শিল্পৰ ৰীতিগত দিশত গুৰুত্ব দিয়ে যদিও শিল্পবিধৰ অৰ্থপ্ৰদ দিশটোও নোচোৱা নহয়

ছুগিৰ কাৰণে ৰীতিৰ উৰ্দ্ধত একো নাই। তথাপি মৃৎ শিল্পজাত সামগ্ৰী বিক্ৰী কৰি হোৱা আয়খিনি কামত নহা নহয়। ‘ধৰ্মীয় ৰীতিৰ দিশটোত আপোচ কৰিব নোৱাৰি। আনফালে অৰ্থকৰ দিশটোও ভাল। মাটিৰ সামগ্ৰী বিক্ৰী কৰি যদি মাহটোত ভাল টকা আহে, তেন্তে আমাৰ মহিলাসকলৰ অতিৰিক্ত আয়ৰ বাট ওলাব। আজিৰ দিনত অতিৰিক্ত হোৱাটো ভালেই।’

জনগোষ্ঠীটোৰ আনসকলো এই লৈ একমত। ভাৰতীয় ষ্টেট বেংকত উপ-প্ৰৱন্ধক হিচাপে ২৮ বছৰ কাম কৰাৰ পিছত আধ্যাত্মিক কাৰণত পুড্ডু ক’টাগিৰিলৈ উভতি অহা পুজাৰী ৰাজু লক্ষ্ণণাই কয়, ‘বাণিজ্যিক হওঁক বা নহওঁক, আমি মূৰ নঘমাও। ক’টা জনগোষ্ঠীয়ে কাৰো ওচৰত হাত নপতাকৈ নিজৰ আৱশ্যকতাসমূহ সদায় পুৰণ কৰি আহিছে। আমাৰ পৰম্পৰাৰ বাবে মাটিৰ পাত্ৰ আমাক লাগে আৰু সেই উদ্দেশ্যতে আমি শিল্পবিধক আগবঢ়াই নিম। আন একো কথা গুৰুত্বপূৰ্ণ নহয়।’

প্ৰতিবেদকে কীষ্ট’ন ফাউণ্ডেশ্যনৰ এন. ছেলভি আৰু পৰমনাথন অৰবিন্ধক আৰু নাৱা (NAWA)ৰ বি. কে. পুষ্পকুমাৰক অনুবাদত সহায় কৰি দিয়া বাবে কৃতজ্ঞতা যাঁচিছে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Priti David

প্ৰীতি ডেভিদ বেংগালুৰুৰ এগৰাকী লেখক, সম্পাদক আৰু শিক্ষক। পাৰিৰ স্বেচ্ছাসেৱক প্ৰীতি মানুহে ক’বলৈ পাহৰা কাহিনীবোৰ লিখনীৰ মাধ্যমেৰে ধৰি ৰখাত আগ্ৰহী।

Other stories by Priti David