‘গাঁৱৰ মানুহে ঘৰলৈ নাহিবলৈ আমাক চিঞৰি চিঞৰি কৈছে। কিবা বেমাৰ আহিছে বুলি সিহঁতে কৈছে। বেমাৰবিধনো কি, কোনোৱে আমাক কোৱা নাই। মোৰ কোনো বেমাৰ নাই। সিহঁতে মোক কিয় বাধা দিছে?’

ফানচে পাৰ্ধি আদিবাসী জনগোষ্ঠীৰ গীতাবাঈ কালেয়ে একোকো খাবলৈ নোপোৱা এসপ্তাহ হ’ল। স্বাভাৱিক দিনত ভিক্ষা মাগি খোৱা ৭৮ বৰ্ষীয় গীতাবাঈয়ে সেইকাৰণে ভোকতে থাকিবলগীয়া হৈছে। তলাবন্ধৰ ফলত ভিক্ষা খোজাৰো মুদা মৰিল। ক’ভিড-19ৰ কটোও নজনা তাইৰ লগতে আন বহু পাৰ্ধিয়ে ইয়াৰ নেতিবাচক ফল ভূগিবলগীয়া হৈছে, অনাহাৰে দিন কটাবলগীয়া হৈছে।

শেষবাৰৰ বাবে তাই ২৫ মাৰ্চৰ দিনা বাজৰা ভাখৰি খোৱা মনত পৰে। ‘মই চিনি নোপোৱা কেইটামান ল’ৰাই ইতৱাৰৰ দিনা (দেওবাৰ, ২২ মাৰ্চ) আহি মোক চাৰিখন ভাখৰি দিছিল। মই সেই খাই চাৰিদিন চলিলো।’ তেতিয়াৰে পৰা গীতাবাঈ ভোকতে আছে। ‘তাৰ পিছত ইয়ালৈ কোনো অহা নাই আৰু গাঁৱৰ মানুহে মোক তালৈ যাব দিয়া নাই।’

মহাৰাষ্ট্ৰৰ পুণে জিলাৰ চিৰুৰৰ মূল পথৰ কাষতে টিনৰ চালিঘৰ এটাত থকা গীতাবাঈয়ে দুই কিলোমিটাৰ দূৰৰ চাৱহনৱাড়ি গাঁৱলৈ ভিক্ষা মাগিব যায়। ‘মানুহৰ এৰেহা খাই আমি থাকো,’ গীতাবাঈয়ে কয়। ‘চৰকাৰে বিনামূলীয়া খাদ্য দিয়া বুলি মই শুনিছো, কিন্তু ৰেচন কাৰ্ড থকাবোৰকহে দিছে। মোৰ নাই।’

অনুসূচিত জনজাতি হিচাপে সূচীবদ্ধ ফানচে পাৰ্ধিসকল পাৰ্ধি আদিবাসীসকলৰ মাজৰ আটাইতকৈ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীত পৰে। স্বাধীনতাৰ ৭০ বছৰ পিছতো পাৰ্ধিসকলে বৰ্বৰ ঔপনিবেশিক কলংকৰ বোজা আৰু পৰম্পৰা বহন কৰি আহিবলগীয়া হৈছে। বৃটিছ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাই বিদ্ৰোহ কৰা ভালেমান আদিবাসী আৰু গৰখীয়া যাযাবৰ গোটক শাস্তি দি অৱদমিত কৰিবলৈ ১৮৭১ত বৃটিছসকলে অপৰাধী জনগোষ্ঠী আইন বলবৎ কৰে। এই আইনখনৰ অধীনত প্ৰায় ২০০ জনগোষ্ঠীক জন্মগতভাৱে ‘অপৰাধী’ বুলি ঘোষণা কৰা হয়। সেই জনগোষ্ঠীবোৰৰ কাৰণে সেই আইন আছিল বিধ্বস্তকাৰী, সেই আইনখনেই তেওঁলোকক সমাজৰ পৰা একাষৰীয়া কৰে।

স্বাধীন ভাৰতে সেই আইনখন ১৯৫২ত বাতিল কৰে আৰু ‘অপৰাধী জনজাতি’বোৰক অনাধিসূচিত কৰা হয়। কিন্তু সমাজৰ পৰা পোৱা সেই নিন্দা, পক্ষপাত আৰু উৎপীড়ন চলি থাকিল। এই জনজাতিবোৰৰ বহুতৰে বাবে মূল গাঁৱত প্ৰৱেশ কৰা বা তাৰে কুঁৱাৰ পৰা পানী তোলাটো অসম্ভৱ কথা। তেওঁলোক ২-৩ কিলোমিটাৰ দূৰে দূৰে থাকে। তেওঁলোকে কাম নাপায়, শিক্ষাৰ স্তৰো তেনেই কম, বহুতে সৰু অপৰাধতে অভিযুক্ত হৈ জেল খাটিছে। আন বহুতৰে বাবে জীয়াই থাকিবলৈ ভিক্ষা মাগি খোৱাৰ বাদে আন উপায় নাই।

Shantabai and Dhulya Kale with their son Sandeep, at their one-room home on the outskirts of Karade village (file photo)
PHOTO • Jyoti Shinoli

কোনো বিকল্প নথকাবোৰৰ মাজৰ এগৰাকী হৈছে গীতাবাঈ। পুণে জিলাৰ চিৰুৰ তালুকৰ কাৰাদে গাঁৱৰ উপকণ্ঠ অঞ্চলৰ এটা আধা-পকী এটা কোঠাৰ ঘৰত থকা ৭৫ বছৰীয়া শান্তাবাঈৰো একেই অৱস্থা। ফানচে পাৰ্ধি সম্প্ৰদায়ৰ শান্তাবাঈৰ ঘৰ গীতাবাঈৰ পৰা চাৰি কিলোমিটাৰ দূৰত। কাৰাদেত ভিক্ষা খোজাটোৱে তাইৰ বাবে জীৱিকা নিৰ্বাহৰ একমাত্ৰ উৎস। তাইৰ স্বামী আৰু ৪৪ বৰ্ষীয় পুত্ৰ সন্দীপে ২০১০ৰ পথ দূৰ্ঘটনা এটাত বিকলাংগ হৈ পৰিছিল

গীতাবাঈৰ পুত্ৰ সন্তোষ (৪৫) আৰু মনোজ (৫০) দুয়োগৰাকীয়ে তাৰ পৰা ৭৭ কিলোমিটাৰ দূৰৰ পিমপ্ৰি-চিনচাৱাড়ত অনাময় কৰ্মী হিচাপে কাম কৰে। সিহঁতৰ খবৰ গীতাবাঈয়ে পোৱা নাই। ‘মোৰ ল’ৰা দুটাই মোক দেখা কৰিবলৈ অহা নাই। সিহঁত মাহত অন্তত এবাৰ আহে।’ ২৩ মাৰ্চৰ দিনা ৰাজ্যজুৰি জাৰি কৰা সান্ধ্য আইন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চৰ দিনা ঘোষণা কৰা তলাবন্ধৰ ফলত তাই খাদ্য যোগাৰ কৰিব নোৱাৰা হৈ পৰিল। ভোকত থাকিব নোৱাৰি তাই ২৮ মাৰ্চৰ দিনা চাৱহনৱাড়িলৈ যায় যদিও তাৰ পৰা খেদা খালে।

কাৰাদেত শান্তাবাঈৰো একেই দশা। অগণন পাৰ্ধি পৰিয়াল এনেদৰেই আবদ্ধ হৈ আছে। ফানচে পাৰ্ধিসকলে বুজি পাইছে যে ক’ভিড-19য়ে ভিক্ষা খোজাৰো মুদা মাৰিলে।

‘গঞাই আমাক সিহঁতৰ ঘৰৰ ওচৰলৈ নাযাবলৈ চিঞৰি কৈছে। মই মোৰ ল’ৰাটোক অন্তত খুৱাব লাগিব।’ সন্দীপৰ কঁকালৰ তলৰচোৱা পক্ষাঘাত হৈছে। ‘ভিক্ষা মাগিবলৈ নগ’লে কি খাম?’ শান্তাবাঈ কালেয়ে ফোনত মোক ক’লে। ‘মোৰ ল’ৰাটো ৰোগশয্যাত পৰি আছে।’

তাই আৰু তাইৰ গিৰীয়েক ধুল্যাই (৭৯) ঘৰৰ সকলো কাম কৰে আৰু তেওঁৰ যত্ন লয়। ‘তেওঁ তিনিবছৰ ধৰি ঔন্ধ চৰকাৰী হস্পিতালত আছিল। ডাক্তৰে কৈছিল যে তেওঁৰ মগজুৰ স্নায়ু নষ্ট হৈছে কাৰণে তেওঁ নিজৰ দেহটো লৰচৰ কৰিব নোৱাৰে,’ শান্তাবাঈয়ে ২০১৮ৰ মাৰ্চত মোক তাইৰ এটা কোঠালীৰ ঘৰটোত মোক এইখিনি কথা কৈছিল। সন্দীপে ৪ৰ্থ শ্ৰেণীলৈ পঢ়িছিল, আৰু দূৰ্ঘটনাটোৰ আগেয়ে চাফাই, বাট-পথ নিৰ্মাণ, মাল-বস্তু নমোৱা-উঠোৱা, পুণে নগৰৰ হোটেলত বাচন-বৰ্তন ধোৱা আদি বিভিন্ন ধৰণৰ কাম কৰিছিল।

The stale ragi, bajra and jowar bhakris that Shantabai used to collect by begging. She hasn't got even this since March 22 (file photo)
PHOTO • Jyoti Shinoli

বাহী হৈ যোৱা ৰাগী, বাজৰা আৰু জোৱাৰৰ ভাখৰি আদি শান্তাবাঈয়ে ভিক্ষা খুজি পাইছিল। ২২ মাৰ্চৰ পৰা তেওঁ সেয়াও পোৱা নাই (ফাইল ফটো)

তেওঁৰ পৰিয়ালে মাহে ৬০০০-৭০০০ টকা উপাৰ্জন কৰে। ‘আমি সৰুকালিৰে পৰা আৰম্ভ কৰি ডেকাকালতো ভিক্ষা মাগিছো। আমাৰ ল’ৰাই উপাৰ্জন কৰিবলৈ লোৱাত সেই কাম বাদ পৰিল, কিন্তু দূৰ্ঘটনাটোৰ পিছৰে পৰা আমি আকৌ ভিক্ষা মাগিবলৈ ল’লো,’ ২০১৮ত শান্তাবাঈয়ে মোক কৈছিল। ৰাগি, বাজৰা বা জোৱাৰ যিয়েই পায় সেয়েৰে তাই বনোৱা বাহী ভাখৰি ঘৰৰ সমুখৰ খালি ঠাইটুকুৰাত শুকুৱায়। ‘আমি সুৰ্যৰ পোহৰত সেইবোৰ শুকুৱাও। খোৱাৰ আগেয়ে গৰম পানীত সেয়া উতলাই লও। সেয়াই আমি পুৱা-দুপৰীয়া আৰু ৰাতি খাও। এয়াই আমাৰ খাদ্য।’

বাহী ভাখৰিৰ লগত কেতিয়াবা তাই ভাতো পায়। এতিয়া তাইৰ হাতত মাত্ৰ অলপমান বাহী ভাত আছে। তাই, ধুল্যা, সন্দীপ তিনিওজনে দিনে মাত্ৰ এবাৰহে খাবলৈ পাইছে, সামান্য তেলত ভজা অকণমান ভাত, তাৰে লগত জলকীয়াৰ গুড়ি আৰু নিমখ। ‘মই ২২ মাৰ্চৰ পৰা একো পোৱা নাই। আনকি বাহী ভাখৰিও পোৱা নাই। এবাৰ এই চাউল শেষ হ’লে, আমি অনাহাৰে থাকিব লাগিব,’ তাই কয়।

‘ভাইৰাছ’বিধক গাঁৱৰ পৰা দূৰতে ৰাখিবলৈ গাওঁবোৰত গছৰ ডাল আদিৰে বেৰিকেড দিয়া হৈছে। এতিয়া গাওঁবোৰৰ বাহিৰে বাহিৰেহে শান্তাবাঈ আৰু ধুল্যা ঘূৰিব পাৰে। ‘কোনোবাই ভাখৰি বা আন কোনো খাদ্য পেলাই দিছে নেকি তাকে বিচাৰিছো।’

ধুল্যাই আনকি ৬৬ কিলোমিটাৰ দূৰৰ পুণে নগৰলৈ ভিক্ষা মগা বা ৰাস্তা খন্দা কামৰ বাবে যোৱাৰো চেষ্টা কৰিছিল। কিন্তু ‘শনিবাৰে পুণেৰ দিশে গৈ থকা অৱস্থাত পুলিচে মোক চিক্ৰাপুৰ গাঁৱতে ৰখালে। সিহঁতে কিবা ভাইৰাছৰ কথা ক’লে আৰু মোক মুখখন ঢাকি ল’বলৈ ক’লে। মই ভয় খাই ঘৰলৈ উভতি আহিলো।’

গাওঁবোৰলৈ সোমোৱাত বাধা দিয়াৰ ফলত শান্তাবাঈৰ উপৰি তাইৰ চুবুৰীৰ আন ১০ টা পাৰ্ধি পৰিয়ালে অনাহাৰে থকাৰ উপক্ৰম হৈছে। দীৰ্ঘদিন ধৰি সামাজিকভাবে কলংকিত এইসকল লোকৰ বাবে ভিক্ষা খুজি খোৱাটোৱেই একমাত্ৰ উপায়। বিপদে তেওঁলোকলৈ সদায়ে বাট চাই থাকে।

Sandeep is bedridden, paralysed from the waist down. Shantabai is worried about finding food to feed him (file photo)
PHOTO • Jyoti Shinoli

সন্দীপ ৰোগশয্যাত, কঁকালৰ পৰা পক্ষাঘাত হৈছে। তেওঁক খুৱাবলৈ খাদ্য ক’ৰপৰা যোগাৰ কৰিব তাকে লৈ শান্তাবাঈ চিন্তিত (ফাইল ফটো)

বম্বে প্ৰিভেন্সন অৱ বেগিং এক্ট, ১৯৫৯ৰ অধীনত মহাৰাষ্ট্ৰত ভিক্ষা খোজাটো অপৰাধ বুলি ঘোষণা কৰা হয়। পুলিচে ভিক্ষা খোজা অৱস্থাত পোৱা ব্যক্তিক কোনো গ্ৰেপ্তাৰী পৰোৱানা নোহোৱাকৈ গ্ৰেপ্তাৰ কৰিব পাৰে আৰু কোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত ১ৰ পৰা ৩ বছৰ পৰ্যন্ত ৰাখিব পাৰে। ভালেকেইখন ৰাজ্যই এই আইনখন মানি লৈছে, নাইবা ইয়াৰে লব্ধ আইন গঢি লৈছে, অৱশ্যে ভিক্ষাবৃত্তি বা ডাল-দৰিদ্ৰতাক লৈ কেন্দ্ৰীয় পৰ্যায়ত কোনো আইন নাই।

যদিওবা ২০১৮ৰ আগস্তত, দিল্লী উচ্চ ন্যায়ালয়ে এই আইনখন সাংবিধানিক পৰিনিৰীক্ষণত নপৰে হেতুকে বৰ্খাস্ত কৰিব লাগে বুলি ৰায় দিছিল। (মহাৰাষ্ট্ৰত এনে নঘটিল)

‘ভিক্ষা খোজাটো একধৰণৰ ৰোগৰ লক্ষণ, ইয়ে বুজায় যে ব্যক্তিজন সামাজিকভাৱে সৃষ্ট জালখনত পৰিছে। চৰকাৰে সকলোকে সামাজিক সুৰক্ষা দিয়াটো, দেশৰ সকলো নাগৰিকে ন্যূনতম সা-সুবিধা পোৱাটো নিশ্চিত কৰাটো জনাদেশ আৰু ভিক্ষাৰীৰ উপস্থিতিয়ে এই কথাই প্ৰমাণ কৰে যে ৰাজ্যখনে এইখিনি সুবিধা সকলো নাগৰিকক দিয়াৰ ব্যৱস্থা কৰা নাই।’ ন্যায়ালয়ে এনেদৰে কয়।

বিত্তমন্ত্ৰীৰ ‘পেকেজ’ত কোৱা ভালেমান ঘোষণা (ক’ভিড-19 সংকটক লৈ ২৬ মাৰ্চৰ দিনা দিয়া ভাষণ) এইসকল নাগৰিকৰ উপকাৰত নাহে। তেওঁলোকৰ ৰেচন কাৰ্ড নাই, বেংকৰ খাতা নাই, এমজি এনৰেগাৰ জব কাৰ্ডো নাই। তেওঁলোকে কেনেদৰে পাঁচ কিলোগ্ৰাম ‘বিনামূলীয়া খাদ্যশস্য’ পাব? নাইবা প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ অধীনত প্ৰত্যক্ষ নগদ হস্তান্তৰৰ সুবিধা কেনেদৰে লাভ কৰিব পাৰিব? এইবোৰৰ কোনো এটাইও কেনেদৰে গীতাবাঈ আৰু শান্তাবাঈক ঢুকি পাব? তাৰোপৰি এই সম্প্ৰদায়ৰ লোকসকলে ক’ভিড-19ৰ বিষয়ে খুব কমেই জানে, তাতোকৈ কম জানে তেওঁলোকে কি সাৱধানতা ল’ব লাগিব।

ফানচে পাৰ্ধি জনগোষ্ঠীৰ হৈ কাম কৰা একেটা জনগোষ্ঠীৰে সমাজকৰ্মী পুণেৰ সুনীতা ভোসালে কয়, ‘মানুহ গুৰুতৰভাৱ ক্ষতিগ্ৰস্ত হৈছে। খাবলৈ তেওঁলোকৰ খাদ্য় নাই...আপুনি ঘোষণা কৰা আঁচনিয়ে আমাক কেনেকৈ ঢুকি পাব?’

তলাবন্ধৰ দিনৰ কথা বাদেই, স্বাভাৱিক দিন এটাতো কাম বিচাৰি পোৱাটো অতিকে টান। ‘আমি পাৰ্ধি কাৰণে মানুহে সন্দেহৰ চকুৰে চায়। ভিক্ষা খোজাটোও বন্ধ হৈ গ’লে আমি মৰাৰ বাদে গত্যন্তৰ নাই।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jyoti Shinoli

জ্যোতি চিনৌলি পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক। আগেয়ে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Other stories by Jyoti Shinoli