আমোল বাৰ্দেৰ ‘আইচ’লেচন কোঠা’টো মৰাপাটৰ ঠাৰিৰ বেৰ দিয়া আৰু দৰ্জাখন ভগা। প্লাষ্টিকৰ চালিখন উৰুখিছে, শিল-মাটিৰে মজিয়াখন অসমান।

১ মে’ৰ দিনা ক’ভিড পজিটিভ হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ শিৰুৰ তালুকৰ এই আওহতীয়া ঠাইৰ পঁজাঘৰটোত আমোলে আইচ’লেচনত থাকিবলৈ লয়।

মে’ৰ উৎকট গৰমত ১৯ বছৰ বয়সীয়া আমোলে সেই পঁজাটোৰ ভিতৰত সোমাই থকাটো তেনেই অসম্ভৱ, সেয়ে তেওঁ কেইহাতমান দূৰত থকা আহত গছজোপাৰ তলতে আশ্ৰয় লৈছে। “পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ মই প্লাষ্টিকৰ ঢাৰি এখন পাৰি গছজোপাৰ তলত শোও,” তেওঁ কয়।

১ মে’ৰ দিনা ১৯ বছৰ বয়সীয়া আমোলৰ জ্বৰ উঠিল, মুৰ আৰু গাৰ বিষত থাকিব নোৱাৰি তেওঁ ততালিকে তেওঁৰ ঘৰৰ পৰা ১২ কিলোমিটাৰ দূৰৰ শিৰুৰ গ্ৰামীণ হস্পিতাললৈ কেইজনমানে লগ লাগি ভাড়া কৰা জীপ এখনত যায়গৈ।

ৰেপিড এণ্টিজেন পৰীক্ষাত আমোলৰ পজিটিভ ধৰা পৰাত কি কৰিব লাগিব বুলি তেওঁ ডাক্তৰক সুধিলে। “ডাক্তৰে ১০ দিনৰ দৰৱ লৈ পৰিয়ালৰ পৰা দূৰত পৃথকে কোঠা এটাত ১৪-১৫ দিনৰ বাবে থাকিবলৈ পৰামৰ্শ দিলে,” আমোলে কয়।

“তাত বিচনা নাছিল,” তেওঁ কয়। শিৰুৰ গ্ৰামীণ হস্পিতালত অক্সিজেনৰ সুবিধা থকা ২০ খন বিচনা, ১০ খন আইচ’লেচন বিচনা (চিকিৎসা অধীক্ষকজনে তাত মোক কোৱা অনুসৰি) আছে। সেয়ে আমোলে ডাক্তৰৰ নিৰ্দেশ মানি হস্পিতালৰ কাষৰে ফাৰ্মাচী এখনৰ পৰা দৰৱখিনি কিনি আনিলে। নিজৰ সৰু পঁজাটোত একাষৰীয়াকৈ থকাটো সম্ভৱ নাছিল কাৰণে তেওঁ চুবুৰীয়াৰ খালি হৈ থকা পঁজাটোত থাকিবলৈ ল’লে। “তেওঁলোকে এপ্ৰিলত কিছুমাহৰ কাৰণে কামলৈ বুলি ওলাই গৈছিল। মোৰ ক’ৰ্ছ (ক’ভিডৰ চিৎকিসা) শেষ নোহোৱা পৰ্য্যন্ত ইয়াতে থকাৰ অনুমতি বিচাৰি মই ফোন কৰিছিলো,” আমোলে কয়।

With no hospital bed available, Amol Barde isolated himself in this neighbour’s hut with a broken door, damaged roof and stone-strewn floor
PHOTO • Jyoti Shinoli
With no hospital bed available, Amol Barde isolated himself in this neighbour’s hut with a broken door, damaged roof and stone-strewn floor
PHOTO • Jyoti Shinoli

হস্পিতালত বিচনা নথকাত আমোল বাৰ্দেয়ে চুবুৰীয়াৰ এই ভগা দুৱাৰ, উৰুখা চালি, শিলেৰে খলা-বমা মজিয়াৰ পঁজাটোত নিজকে আইচ’লেট কৰে

গ্ৰামীণ শিৰুৰৰ ১১৫ গাঁৱত থকা ৩,২১,৬৪৪ গৰাকী বাসিন্দাৰ (২০১১ৰ লোকপিয়ল মতে) তালুকাটোত ক’ভিডৰ সামান্য লক্ষণ থকা ৰোগীৰ বাবে নখন চৰকাৰ চালিত ক’ভিড সেৱা কেন্দ্ৰত ৯০২ খন বিচনা আছে আৰু গুৰুতৰ ৰোগীৰ বাবে উৎসৰ্গিত তিনিখন ক’ভিড হস্পিতাল আছে। পুণে জিলাৰ তালুকাটোৰ স্বাস্থ্য বিষয়া ডা. ডি. বি. ম’ৰেয়ে এইখিনি কথা কয়। এপ্ৰিলৰ পৰা মে’ৰ ১০ তাৰিখলৈ গ্ৰামীণ শিৰুৰত দিনে ৩০০ৰ পৰা ৪০০ পৰ্য্যন্ত ক’ভিড পজিটিভ কেচ ধৰা পৰিছিল, ডা. ম’ৰেয়ে কয়।

বিচনা নথকাত, আমোলে এফালে চুবুৰীয়াৰ পঁজা এটাত নিজকে একাষৰীয়া কৰিলে, আনফালে তেওঁৰ মাক সুনীতা (৩৫), ভনীয়েক পুজা (১৩) আৰু ভায়েক ভাইয়া (১৫) তেওঁলোকৰ নিজৰ সৰু পঁজাটোতে থাকিল। ২৫ টা মান পঁজাৰ সমষ্টিৰে এই আওহতীয়া চুবুৰীটোৰ নিকটৱৰ্তী গাওঁ চৱানৱাড়ি তাৰ পৰা আঠ কিলোমিটাৰ দূৰত আছে।

বাৰ্দে পৰিয়ালটো ভিল পাৰ্দ্ধি নামে এক আদিবাসী সম্প্ৰদায়ৰ। এয়া যাযাবৰ পাৰ্দ্ধি জনগোষ্ঠীৰ এটা উপগোট। পাৰ্দ্ধিৰ লগতে আন বহু জনগোষ্ঠীক বৃটিছ চৰকাৰে অপৰাধী জনগোষ্ঠী আইনৰ অধীনত ‘অপৰাধী’ বুলি চিনাক্ত কৰিছিল। ১৯৫২ত ভাৰত চৰকাৰে সেই আইনখন প্ৰত্যাহাৰ কৰে আৰু জনগোষ্ঠীকেইটা সেই তালিকাৰ পৰা মুক্ত হয়। তাৰে কিছুমানক এতিয়া অনুসূচিত জাতি, কিছুমান অনুসূচিত জনজাতি আৰু আন কিছুমানক অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হৈছে।

আমোলে অনা ১০ দিনৰ দৰৱত আছিল পেৰাচিটেমল, কাঁহৰ চিৰাপ, মাল্টিভিটামিন আদি। খৰছ হৈছিল প্ৰায় ২,৫০০ টকা। “মই ৭,০০০ টকা লগত আনিছিলো,” তেওঁ কয়। খেতিপথাৰত হাজিৰা কৰি তেওঁ ন মাহৰ মুৰকত ৫,০০০ টকা সাঁচিব পাৰিছে। “আৰু তাৰে আধাখিনিতকৈও বেছি এদিনতে খৰছ কৰিবলগীয়াত পৰিল,” তেওঁ কয়। বাকী ২,০০০ টকা তেওঁৰ মাকে চুবুৰীয়াৰ পৰা লৈ তেওঁক দিছিল।

আমোল আৰু তেওঁৰ মাক সুনীতাই চুবুৰীয়া গাঁৱৰ খেতিপথাৰত মাহত প্ৰায় ২০ দিন কাম কৰি দিনে গাইপতি ১৫০ টকাকৈ উপাৰ্জন কৰে। সুনীতাৰ গিৰীয়েক কৈলাসে তেওঁৰ লগতে ল’ৰা-ছোৱালীকেইটাক আঠ বছৰ আগতে এৰি গৈছিল। “তেওঁ আন কাৰোবাক বিয়া কৰালে,” সুনীতাই কয়। আইচ’লেচনত থকা পুত্ৰ আমোলক আলপৈচান ধৰিবলগা হোৱাত তেওঁ নিজৰ কামলৈ যাব নোৱাৰা হৈছে। “মই খোৱাবস্তু, পানী আদি তেওঁৰ পঁজাটোলৈ লৈ যাওঁ,” তেওঁ কয়।

ভিল পাৰ্দ্ধিসকলৰ পৰম্পৰা অনুসৰি পৰিয়ালটোৱে প্ৰতি এক বা দুই বছৰৰ মুৰে মুৰে ঠাই সলায়। শিৰুৰৰ তেওঁলোকৰ চুবুৰীটোৰ কাৰো ৰেচন কাৰ্ড, ভোটাৰ পৰিচয় পত্ৰ বা আধাৰ কাৰ্ড নাই। তেওঁলোক চৰকাৰী আঁচনিবোৰৰ বাহিৰত।

Left: The medicines cost Rs. 5,000. It had taken Amol nearly nine months to save Rs. 7,000 from his farm wages. Right: During the day, Amol seeks relief from the heat under a nearby peepal tree
PHOTO • Jyoti Shinoli
Left: The medicines cost Rs. 5,000. It had taken Amol nearly nine months to save Rs. 7,000 from his farm wages. Right: During the day, Amol seeks relief from the heat under a nearby peepal tree
PHOTO • Jyoti Shinoli

বাওঁফালেঃ দৰৱৰ নামত ২,৫০০ টকা গ’ল। খেতিপথাৰত হাজিৰা কৰি ন মাহৰ মুৰকত আমোলে ৫,০০০ টকা সাঁচিব পাৰিছিল। সোঁফালেঃ আমোলে দিনৰ ভাগত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আহতজোপাৰ তলত আশ্ৰয় লয়

আমোল ঘৰলৈ উভতি আহোতে ৪৫০০ মান টকা হাতত ৰৈছিল। সুনীতাই ২০ দিনৰ বাবে কুলাকৈ গম আৰু চাউলৰ লগতে ৰহৰ দাইল, মুগৰ দাইল আৰু মাতকি দাইল আদি ৰেচন আনিবলৈ আঠ কিলোমিটাৰ দূৰৰ গেলামালৰ দোকানখনলৈ গ’ল। “তেওঁ দিনে তিনিবাৰকৈ ভালেখিনি দৰৱ খাবলগীয়া হৈছিল। তাৰ লগতে তেওঁক শক্তিৰো প্ৰয়োজন। নহ’লে আমি ইমানখিনি ব্যয় কৰিব নোৱাৰিলোহেঁতেন,” সুনীতাই কয়। দাইল শেষেই হৈছে, অলপমান চাউল আছে। “সেয়ে আমি সেইখিনি ভাজি নিমখ আৰু পকা জলকীয়া গুড়িৰে খাব লৈছো।”

আমোলে আইচ’লেচনত থাকিবলৈ লোৱা সময়ত নিয়মবোৰ ভালকৈ নাজানিছিল। “মাস্ক পিন্ধিব লাগে, দূৰত্ব বজাই ৰাখিব লাগে আৰু দৰৱ খাব লাগে, সিমানখিনি জানিছিলো। মই আৰু কি কৰা উচিত?” তেওঁ সোধে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সংশোধিত নিৰ্দেশনাৱলী অনুসৰি মৃদু/লক্ষণবিহীন ক’ভিড-১৯ ৰোগীৰ হোম আইচ’লেচনৰ ক্ষেত্ৰত পৰামৰ্শসমূহ এনেধৰণৰঃ “ৰোগীয়ে সকলো সময়তে তিনি তৰপীয়া মেডিকেল মাস্ক পিন্ধা উচিত। ৮ ঘণ্টা ব্যৱহাৰৰ পিছত মাস্কখন যদি তিতি যায় বা দেখাত লেতেৰা হৈ পৰে, তেন্তে সেই মাস্ক পেলাই দিব লাগে। যতন লওঁতা কোঠাটোত সোমালে ৰোগী আৰু যতন লওঁতা দুয়োজনে N-95 মাস্ক পিন্ধিব পাৰে।”

আমোল আৰু সুনীতা দুয়োজনে পলিপ্ৰপালিনৰ ধুব পৰা মাস্ক পিন্ধে। “মই শিৰুৰ বজাৰৰ পৰা ৫০ টকা দামত এই মাস্কখন আনিছিলো,” তেওঁ কয়। তেতিয়াৰে পৰা তেওঁ একেখন মাস্কে পিন্ধি আছে। “অকণমান উৱলিছে। মই গোটেই দিনটো সেইখন ব্যৱহাৰ কৰো। ৰাতি ধুই দিও আৰু পুৱা আকৌ পিন্ধো।”

নিৰ্দেশাৱলীত “পালচ্ অক্সিমিটাৰেৰে তেজত অক্সিজেনৰ মাত্ৰা নিজে নিৰীক্ষণত ৰখা”ৰো “কঠোৰ পৰামৰ্শ” দিয়া হৈছে। “আমাৰ হাতত সেয়া নাই,” আমোলে কয়। “থাকিলেও আমাৰ ঘৰত কোনেও পঢ়িব নাজানে।” পৰিয়ালটো যাযাবৰ প্ৰকৃতিৰ হোৱা কাৰণে তেওঁৰ লগতে আন ভাই-ভনীহালো কেতিয়াও স্কুললৈ নগ’ল।

২৫ টা ভিল পাৰ্দ্ধি পৰিয়ালৰ প্ৰতিটোতে প্ৰায় চাৰিজন মানকৈ সদস্য আছে। ২০ মে’লৈকে এই বসতিস্থলৰ তিনিজন লোকৰ ক’ভিড পজিটিভ ধৰা পৰিছিল। পুণে চহৰৰ পৰা ৭০ কিলোমিটাৰ দূৰৰ চুবুৰীটোত আমোল আছিল তৃতীয়জন ক’ভিড পজিটিভ ব্যক্তি।

With Amol in 'isolation', his mother Sunita (left) and siblings remained in their own small hut nearby (right)
PHOTO • Jyoti Shinoli
With Amol in 'isolation', his mother Sunita (left) and siblings remained in their own small hut nearby (right)
PHOTO • Jyoti Shinoli

আমোল আইচ’লেচনত থকা সময়ত মাক সুনীতা (বাওঁফালে) আৰু তেওঁৰ ভাই-ভনীকেইটা ওচৰৰে নিজৰ সৰু পঁজাঘৰটোত থাকিল (সোঁফালে)

শিশুৰ গ্ৰামীণ হস্পিতালত ২৯ এপ্ৰিলৰ দিনা ৰেপিড এণ্টিজনে টেষ্টত ক’ভিড পজিটিভ ধৰা পৰা প্ৰথমজন লোক আছিল সন্তোষ ধুলে, তেওঁৰ পিছতেই ৩০ এপ্ৰিলত ধৰা পৰিল তেওঁৰ পত্নী সংগীতাৰ। “আমি দুয়োজনে কাহি আছিলো, গাত জ্বৰ আৰু বিষ আছিল,” সংগীতাই কয়। “বিচনা নাই বুলিও আমাক কোৱা হৈছিল।”

ঘৰতে আইচ’লেট হৈ থকাটোৱে তেওঁলোকৰ হাতত একমাত্ৰ উপায় আছিল। এনে পৰিস্থিতিত স্বাস্থ্য মন্ত্ৰালয়ে স্পষ্টকৈ জিলা কৰ্তৃপক্ষৰ ভূমিকাৰ কথা কৈছেঃ “হোম আইচ’লেচনত থকাজনৰ স্বাস্থ্যৰ নিৰীক্ষণ ক্ষেত্ৰ কৰ্মচাৰী/ নিৰীক্ষক দলে ব্যক্তিগতভাৱে সাক্ষাৎ কৰি ৰাখিব লাগিব, লগতে কল চেণ্টাৰযোগে ৰোগীৰ স্বাস্থ্যৰ দৈনিক খতিয়ান ৰাখিব লাগিব।”

কিন্তু এতিয়ালৈ চুবুৰীয়া চৱনৱাড়িৰ গাঁৱৰ কোনো স্বাস্থ্যকৰ্মীয়ে সেই ঠাইলৈ অহা নাই, সন্তোষে কয়। “কেৱল ২০২০ৰ এপ্ৰিলত গ্ৰামসেৱক আৰু আশাকৰ্মীগৰাকীয়ে ক’ৰনাৰ লক্ষণবোৰৰ বিষয়ে জনাবলৈ আহিছিল।”

যাহওক, ইফালে স্বাস্থ্য বিষয়া ডা. ডি বি ম’ৰেয়ে কয়, “আমি আশাকৰ্মী আৰু অংগনবাদী কৰ্মীৰ যোগেদি হোম আইচ’লেচনত থকা ৰোগীসকলৰ সৈতে খবৰ ৰাখিছো। গাঁৱৰ দাঁতিকাষৰীয়া চুবুৰীত যদি কোনো ৰোগী অৱহেলিত হৈছে, আমি নিশ্চয়কৈ ব্যৱস্থা গ্ৰহণ কৰিম।”

সংগীতা (২৬) আৰু সন্তোষ (২৮)য়ে মে’ মাহত নিজৰ খেৰীঘৰটোত দুসপ্তাহৰ আইচ’লেচন কাল সম্পূৰ্ণ কৰিলে। তেওঁলোকৰ ১০ বছৰীয়া পুত্ৰ আৰু ১৩ বছৰীয়া এজনী জীয়াৰী আছে, দুয়ো ন কিলোমিটাৰ দূৰৰ নিমোনে গাঁৱৰ জিলা পৰিষদৰ স্কুললৈ যায়। সন্তোষেই এই চুবুৰীটোৰ একমাত্ৰ ব্যক্তি যিয়ে চতুৰ্থমানলৈ পঢ়িছে। তেওঁৰ ভিল পাৰ্দ্ধি পৰিয়ালটো কেইবছৰমানৰ মুৰে মুৰে যদিও ঠাই সলায়, তথাপি ল’ৰা-ছোৱালীহালে স্কুললৈ যোৱাটো তেওঁ বাদ পৰিব নিদিয়ে।

“কিন্তু এতিয়া পঢ়া-শুনা অনলাইন হৈ পৰাত সিহঁতৰ পঢ়া-শুনা বন্ধ হৈ পৰিছে,” সংগীতাই কয়। তেওঁ আৰু সন্তোষে নিজৰ খেৰীঘৰটোৰ কাষৰে সৰু এটুকুৰা মাটিত জলকীয়া বা জিকাৰ খেতি কৰে। “আমি প্ৰতিমাহে ২০-২৫ কিলোগ্ৰাম পাচলি উৎপাদন কৰোঁ,” সংগীতাই কয়। তেওঁলোকে এই পাচলিখিনি শিৰুৰ বজাৰৰ খুচুৰা বিক্ৰেতাৰ ওচৰত বিক্ৰী কৰে। ফচল আৰু মূল্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে মাহে ৩,০০০ৰ পৰা ৪,০০০ টকা উপাৰ্জন কৰে।

সৰু খেৰীঘৰটোত এনেকৈ পৰিয়ালটোৰ চাৰিজনকৈ মানুহ থাকে। কাপোৰ-কানি, বাচন-বৰ্তন, খেতিৰ সা-সঁজুলি আৰু ঘৰৰ অন্যান্য সামগ্ৰী আছেই। এনেকৈ দূৰত্ব বজাই ৰখাৰ নিয়ম মানি চলাটো অসম্ভৱ হৈ পৰে।

'Our settlement doesn’t even have electricity or water', says Santosh; he and Sangeeta were the first to test positive in this Pardhi settlement
PHOTO • Jyoti Shinoli
'Our settlement doesn’t even have electricity or water', says Santosh; he and Sangeeta were the first to test positive in this Pardhi settlement
PHOTO • Jyoti Shinoli

“আমাৰ চুবুৰীটোত আনকি বিদ্যুত আৰু পানীৰো সুবিধা নাই,” সন্তোষে কয়। এই পাৰ্দ্ধি বসতিস্থলত তেওঁ আৰু সংগীতাৰ গাতে প্ৰথম ক’ভিড পজিটিভ ধৰা পৰিছে

মন্ত্ৰালয়ৰ নিৰ্দেশাৱলীত লিখা আছেঃ ‘বায়ু ওলাই যাব পৰা ক্ৰছ ভেণ্টিলেচনযুক্ত কোঠাত ৰোগীক ৰখা উচিত আৰু সতেজ বতাহ যাতে কোঠাৰ ভিতৰলৈ সোমাব পাৰে তাৰ বাবে খিৰিকী খোলা ৰাখিব লাগে।’

“আমাৰ পঁজাটো বৰ ঠেক। খিৰিকী নাই। ক’ভিড পজিটিভ হওতে ল’ৰা-ছোৱালীহাললৈ চিন্তা লাগিছিল,” সংগীতাই কয়। ২৮ এপ্ৰিলৰ দিনা তেওঁলোকে একেটা চুবুৰীৰে সন্তোষৰ ভায়েকৰ ঘৰলৈ ল’ৰা-ছোৱালীহালক পঠিয়াই দিয়ে।

“আমাৰ চুবুৰীটোত আনকি বিদ্যুত আৰু পানীৰো সুবিধা নাই। স্বাস্থ্যবিধি মানি চলাতো সম্ভৱ নহয়,” সন্তোষে কয়। নিৰ্দেশাৱলীত কোৱা হৈছেঃ “কমেও ৪০ ছেকেণ্ড সময় চাবোনেৰে হাত ধোৱক। এলকহল থকা হেণ্ড ৰাব ব্যৱহাৰ কৰিব পাৰে যদিহে হাতদুখন দেখাত লেতেৰা যেন লগা নাই।”

আধা কিলোমিটাৰ দূৰৰ পৰা পৰিয়ালটোৱে পানী আনিবলগীয়া হয়। “পানীৰ সদায়ে নাটনি থাকে আৰু গ্ৰীষ্মকালত পানী একেবাৰে নাইকিয়া হৈ পৰে,” সংগীতাই কয়।

আমোলৰ দৰে তেওঁ আৰু সন্তোষৰ গাত মৃদু লক্ষণ দেখা দিয়াৰ বাবে ১০ দিনৰ দৰৱ দিয়া হৈছিল, তেওঁলোকৰ সেইখিনিত ১০,০০০ টকা খৰছ হৈছিল। “মোৰ লগত ৪,০০০ টকা আছিল। শিৰুৰৰ মোৰ বন্ধু এজনে মোক ১০,০০০ টকা ধাৰে দিলে,” সন্তোষে কয়। “কিবা বিপদ হ’ব পাৰে বুলি তেওঁ মোক কিছু অতিৰিক্ত টকা দিছিল।”

২২ মে’লৈকে পুণে জিলাত ক’ভিড পজিটিভৰ সংখ্যা ৯,৯২,৬৭১ জন হৈছিল (২০২০ৰ মাৰ্চৰ পৰা)। তাৰে ২,১০,০৪৬ গৰাকী গ্ৰামাঞ্চলৰ আছিল, তাৰে ২,৭৫৫ গৰাকীৰ মৃত্যু ঘটিছিল, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া আয়ুস প্ৰসাদে মোক কয়। “কেচ কমি আহিছে,” তেওঁ কয়। তাৰোপৰি গ্ৰামীণ শিৰুৰত দৈনিক ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা কমি আহিছে বুলিও ডা. ডি বি ম’ৰেয়ে কয়।

২২ মে’ৰ দিনা ফোনত আমোলে মোক কয়, “আমাৰ চুবুৰীত আৰু এজনৰ গাত ক’ভিড ধৰা পৰিছে।”

তেওঁৰ দুসপ্তাহৰ আইচ’লেচন কাল শেষ হৈছে। তেওঁৰ মাক আৰু ভনীয়েক-ভায়েকহালৰ গাত কোনো ক’ভিডৰ লক্ষণ নাই। কিন্তু তেওঁ এতিয়াও চুবুৰীয়াৰ খালি পঁজাটোতে আছে। “এতিয়া মই সুস্থ অনুভৱ কৰিছো,” তেওঁ কয়। “কিন্তু সতৰ্কতাৰ খাতিৰতে মই আৰু দুসপ্তাহ এই পঁজাতে থাকিম।”

সম্পাদকীয় টোকা: এই প্ৰতিবেদনখন ৰ প্ৰথম প্ৰকাশৰ পিছতে আমোলৰ পৰিয়ালৰ পৰা পোৱা স্পষ্টীকৰণ অনুসৰি কেতবোৰ তথ্য যেনে আমোল বাৰ্দেয়ে দৰৱৰ নামত কৰা খৰছ আৰু পৰিয়ালৰ আৰ্থিক অৱস্থাৰ তথ্যাদি সালসলনি ঘটোৱা হৈছে।

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das