‘‘মোৰ মনত পৰে কেনেদৰে প্ৰচণ্ড বৃষ্টিপাত আৰু বাঢ়নি পানীয়ে আমাৰ ঘৰটো ভাঙি পেলাইছিল৷ আমাৰ চকুৰ সমুখতে ঘৰ-বাৰী সকলো জহি-খহি (মুৰি গংগা) নদীৰ বুকুত জাহ গৈছিল,’’ পূৰ্ণিমা ভুঞাই পুৰণি কথা দোহাৰিলে৷ খাচিমাৰা গাঁৱত নদীয়ে তাইৰ ঘৰ কেবাবাৰো ভাঙি নিছে৷ তাই মাত্ৰ এটা বছৰৰ ঘটনাৰ কথা কৈছিল৷

Gangasagar, West Bengal

বৰ্তমান ভুঞাৰ বয়স ৭০৷ তাই দক্ষিণ চৌব্বিশ পাৰগানা জিলাৰ সাগৰ ব্লকত ক্ষুদ্ৰ ঘোৰামাৰা দ্বীপটোৰ খাচিমাৰা গাঁৱত এতিয়া আৰু নাথাকে৷ ১৯৯৩ চনত পশ্চিমবংগ চৰকাৰে ঘোৰামাৰাৰ ভুঞাকে ধৰি ১৩ টা পৰিয়ালক ৪৫ মিনিটৰ জলপথৰ দুৰত্বত থকা সাগৰ দ্বীপৰ গংগাসাগৰ গাঁৱত মাটি দিছিল৷
১৯৭০ৰ দশকৰ মাজভাগত ঘোৰামাৰাৰ মুঠ মাটিৰ প্ৰায় আধা অংশই নদীৰ বুকুত জাহ গৈছে৷ জলবায়ুৰ পৰিৱৰ্তন বিষয়ক এক আন্তৰ্জাতিক পত্ৰিকা ইণ্টাৰনেশ্যনেল পাৰ্ছপেক্টিভ অন ক্লাইমেট চেইঞ্জ-ৰ ২০১৪ বৰ্ষৰ এটি গৱেষণা পত্ৰ মতে ঘোৰামাৰাৰ মুঠ মাটিকালি ১৯৭৫ চনত ৮.৫১ বৰ্গকিলোমিটাৰৰ পৰা টুটি গৈ ২০১২ চনত ৪.৪৩ বৰ্গকিলোমিটাৰ হয়৷ ইয়াৰ কাৰণ একাধিক৷ সুন্দৰবন অঞ্চলৰ এই দ্বীপ এলেকাত নদী আৰু উপকূলীয়া ভাঙোন, বান, ঘূৰ্ণীবতাহ, মেনগ্ৰ’ভ অৰণ্য হ্ৰাস পোৱা, সমুদ্ৰতলৰ উচ্চতা বৃদ্ধি ইত্যাদি৷  বান আৰু খহনীয়াৰ ফলত ঘোৰামাৰা অঞ্চলৰ পৰা মাটি হেৰুৱাই গৃহহাৰা হোৱা লোকৰ সংখ্যা স্পষ্টকৈ কোৱা টান৷ কিন্তু দ্বীপটোৰ বাসিন্দাসকলৰ হিচাপ অনুসৰি বিভিন্ন সময়ত প্ৰায় ৪,০০০ লোকে সাগৰ অঞ্চললৈ নাইবা কাকদ্বীপ তথা নামখানাৰ মূল ভূখণ্ডত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷

ভুঞাৰ সেই দিনটোৰ কথা স্পষ্টকৈ মনত আছে যেতিয়া তাইৰ ঘৰটো ভাঙি উটি গৈছিল৷ অৱশ্যে কোনটো বছৰৰ সেইটো ঘটনা সেয়া মনত নাই৷ ‘‘সেইখিনি সময়ত মই প্ৰতিবেশীৰ ঘৰৰ পুখুৰীত বাচন ধুই আছিলো৷ তাৰ পৰা আমাৰ ঘৰটো স্পষ্টকৈ দেখা যায়৷ মোৰ স্বামীৰ তেতিয়া যক্ষ্মা ৰোগ হৈ আছিল৷ প্ৰতিবেশীৰ ঘৰটো আমাৰ ঘৰটোতকৈ ডাঙৰ আছিল৷ তেঁও মোৰ স্বামী আৰু সন্তানক তেঁওৰ ঘৰলৈ লৈ যাবলৈ ক’লে৷ তেতিয়া বৰষুণ দিবলৈ ধৰিলে৷ আমাৰ ঘৰৰ মজিয়াত পানী উঠিল৷ বহুদেৰিলৈ আমাৰ ঘৰটোৱে ধাৰাসাৰ বৰষুণত তিষ্ঠি থাকিল৷ কিন্তু তাৰপিছত পূৱ দিশৰ পৰা বতাহৰ সমানে সমানে মুষলধাৰ বৰষুণ হ’বলৈ ধৰিলে৷ সেই সময়তে ঘৰটো  ভাঙি পৰিল আৰু চকুৰ আগতেই নোহোৱা হৈ গ’ল৷ নৈয়ে ইতিমধ্যে ১০-১২ বাৰ আমাৰ ঘৰে-মাটিয়ে নিছে৷ 

Purnima Bhuyan shifted to Sagar island in 1993
PHOTO • Siddharth Adelkar
Montu Mondal migrated after his house was destroyed
PHOTO • Siddharth Adelkar

পূৰ্ণিমা ভুঞা (বাওফালে) ৰ ঘৰটো নৈয়ে ১০-১২ বাৰ নিয়াৰ পিছত শেষত গৈ ১৯৯৩ চনত তেঁও সাগৰ দ্বীপলৈ উঠি যায়৷ আকৌ মণ্টু মণ্ডল (সোঁফালে)ৰ ঘৰ দুবাৰকৈ নৈয়ে নিয়াৰ ফলত মণ্ডলেও তালৈ উঠি আহিছে

পূৰ্ণিমাই কয়, ‘‘তাইৰ ঘৰটো বাৰে বাৰে নৈয়ে লৈ যোৱাৰ পিছতো (কোনটো দশকত ঘটিছিল সেয়া তেঁও নিশ্চিতকৈ ক’ব পৰা নাই) তেঁও চৰকাৰৰ পৰা কোনোধৰণৰ সহায় পোৱা নাই৷ অৱশেষত যিকেইটা পৰিয়ালে ঘোৰামাৰৰ নদী ভঙাৰ ফলত মাটি হেৰুৱাইছিল, তেঁওলোকৰ বাবে চৰকাৰে ১৯৯৩ চনত সাগৰ দ্বীপত কোনোমতে এক একৰ মাটি আবণ্টন কৰে৷ 
ভুঞাৰ হাতত উপায় থকা হ’লে তাই আজিও ঘোৰামাৰাতেই থাকিলহেঁতেন৷ ‘‘আপোনাক কও কিয় সেই ঠাইটো মোৰ প্ৰিয়৷ তাৰে মানুহবোৰ বৰ ভাল আছিল৷ সকলোকে সহায়ৰ বাবে আগবাঢ়ি আহে৷ এটা পৰিয়ালে ঘৰ হেৰুৱালে অইন এজনে ততালিকে নতুন ঘৰ সজাৰ বাবে মাটি দি সহায় কৰে৷ কিন্তু ইয়াতে তেনে নহয়,’’ এইখিনি কৈ পূৰ্ণিমাই দীৰ্ঘশ্বাস এৰিলে৷ দুখজনক কথাটো হৈছে এয়ে যে খাচিমাৰা গাঁওখন সম্পূৰ্ণৰূপে জলমগ্ন আৰু ২০১১ চনৰ লোকপিয়ল মতে খাচিমাৰাৰ জনসংখ্যা শূণ্য৷ অৱশ্যে এতিয়াও প্ৰায় ৫ হাজাৰ লোক (২০১১ চনৰ লোকপিয়ল মতে) এই দ্বীপৰ ঘোৰামাৰা গাঁও পঞ্চায়তৰ অইন ছখন গাঁৱত বসবাস কৰি আহিছে (অৱশ্যে সময়ৰ সোঁতত তাতো জনসংখ্যা হ্ৰাস পাইছে)৷

মণ্টু মণ্ডলেও ১৯৯৩ চনত ঘোৰামাৰাৰ অইন পৰিয়ালৰ দৰে গংগাসাগৰলৈ উঠি অহাৰ পিছৰ সময়চোৱাত সাগৰ দ্বীপত সমুখীন হোৱা কষ্টকৰ দিনৰ কথা পাহৰা নাই৷ চৰকাৰে আৱণ্টন কৰি দিয়া মাটিত লৱণৰ পৰিমাণ অধিক থকাৰ ফলত প্ৰথম কেইবছৰমান খেতি কৰিব পৰা নাছিল৷ আনফালে খোৱাপানী কিম্বা গা ধোৱাৰ বাবেও স্বচ্ছ পানী নাছিল৷ বৰ্তমান ৬৫ বছৰ বসয়ৰ মণ্ডলে জীৱিকাৰ তাগিদাত দিনহাজিৰাৰ বাবে মাটি কাটে আৰু চুটকি মাছ বিক্ৰী কৰে৷ ১.৫ বিঘা মাটি (প্ৰায় আধা একৰ)ত তেঁও ঘৰ এটা সাজিলে আৰু ধানৰো খেতি ফলিল৷

people getting down from the boat
PHOTO • Siddharth Adelkar
Ghoramara island
PHOTO • Siddharth Adelkar

নাও আৰু ঘোৰামাৰা দ্বীপৰ মাজত অনিশ্চয়তাত দুলি থকা কাঠৰ তক্তা এখনে সংযোগ স্থাপন কৰে, আনফালে মুৰি গংগাৰ ঢলে পাৰ খহাই পেলাইছে

ঘোৰামাৰ দ্বীপত বাস কৰাৰ সময়ত নদীয়ে দুবাৰ মণ্ডলৰ ঘৰ ভাঙিছিল৷ ‘আজিৰ পৰা ১০-১৫ বছৰ আগতে ঘোৰামাৰাৰ উত্তৰ দিশৰ পৰা দক্ষিণ পাৰলৈ খোজকাঢ়ি যাওতে ২-৩ ঘণ্টা সময় লাগিছিল৷ এতিয়া এঘণ্টাতে গোটেইখন পাৰ হ’ব পাৰিব,’’ মণ্ডলে কয়৷

কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’চিয়েনোগ্ৰাফিক ষ্টাডিজৰ অধ্যাপক সুগাতা হাজৰাই কয়, ‘‘ঘোৰামাৰাৰ ছিন্নমূল গাঁওবাসীক চৰকাৰে ‘পৰিৱেশগত শৰণাৰ্থী’ (ক্লাইমেট ৰিফিউজি) হিচাপে স্বীকৃতি দিয়া নাই৷ কিয়নো তেঁওলোকে দেশৰ ভিতৰতেই প্ৰব্ৰজন কৰিবলগীয়া হৈছিল৷ ‘‘কিন্তু তেঁওলোকে নিশ্চয়কৈ পৰিৱেশগত প্ৰব্ৰজনকাৰী হিচাপে স্বীকৃতি পোৱা উচিত৷ চৰকাৰে এই বিশেষ পৰিচয়টিৰ স্বীকৃতি দি অসহায় মানুহখিনিৰ মৰ্যাদা আৰু ন্যায়বিচাৰ সুনিশ্চিত কৰা উচিত৷’’ 

সাগৰ দ্বীপৰ এজন সমাজকৰ্মীৰ মতে (নাম প্ৰকাশত অনিচ্ছুক) ১৯৭০ চনৰ পৰা ১৯৯০ চন পৰ্যন্ত যেতিয়া তাৰে বাসিন্দাসকলে ঘোৰামাৰা এৰি সাগৰ দ্বীপলৈ আহিছিল, তেতিয়া প্ৰব্ৰজনকাৰী আৰু স্থানীয় মানুহৰ মাজত সুসম্পৰ্ক গঢ়ি উঠা নাছিল৷ স্থানীয় লোকসকলে আপত্তি কৰিছিল যে ঘোৰামাৰাৰ পৰা অহা প্ৰব্ৰজনকাৰীসকলক তেঁওলোকৰ মাছ মৰা ঠাইবোৰ দিয়া হৈছে৷ সেই লৈ অসন্তুষ্টিৰ সৃষ্টি হৈছিল৷ তাৰোপৰি স্বচ্ছ পেয় জলৰো অংশীদাৰ বঢ়াৰ বাবে আপত্তি উঠিছিল৷ অৱশ্যে সময়ৰ সোঁতত পাৰস্পৰিক উত্তেজনা হ্ৰাস পালে৷’’ 

মণ্ডল আৰু ভুঞাই ঘোৰামাৰা দ্বীপত মানুহৰ দয়া-মমতাৰ কথা মনত পেলায়। কিন্তু তথাপি তেঁওলোক উভতি যোৱা নাই, যদিওবা সেয়া নাৱেৰে মাত্ৰ অলপ সময়ৰে বাট। আনফালে ঘোৰামাৰাত থকাসকলৰ দিনবোৰ তেনেই কষ্টকৰ। শ্বেইখ দিলজানে ঘোৰামাৰাৰ মানুহ নমা ঠাইডোখৰত তেঁওৰ চাইকেল ৰিক্সাখন লৈ ঘৰলৈ উভতাৰ বাবে ফেৰীৰ অপেক্ষা কৰিছে। দ্বীপটোত সম্প্ৰতি ঘাট কিম্বা নমাৰ ব্যৱস্থা নাই। যি আছিল সেয়া বৰ্তমান নৈৰ বুকুত জাহ গৈছে। নাও আৰু ঘোৰামাৰা দ্বীপৰ মাজত অনিশ্চয়তাত দুলি থকা কাঠৰ তক্তা এখনে সংযোগ স্থাপন কৰে। খহনীয়াৰ ফলত নৈৰ পাৰৰ বিস্তীৰ্ণ এলেকা নৈত জাহ গৈছে, স্বাভাৱিকতেই তাতে খোজ দিয়াও কঠিন হৈ পৰিছে।

ভিডিঅ’ চাওকঃ ভৰিৰ তলৰ মাটি খহিব ধৰিছে

গোটেই দিনটো ৰিক্সা টানি দিলজানৰ দৈনিক ২০০ ৰপৰা ৩০০ টকা পৰ্যন্ত আয় হয়৷ উপাৰ্জন বঢ়োৱাৰ বাবে তেঁও তিনি-চাৰিবছৰ আগতে পানৰ খেতি কৰিছিল, কিন্তু সফল হ’ব নোৱাৰিলে৷ ‘‘এবছৰৰ নৌহওতেই পানৰ খেতি পুলিয়ে-পোশাই পানীয়ে উভালি নিলে৷ ইমান সোনকালে নৈয়ে আহি আমাৰ ঘৰ উঠিবগৈ বুলি আমি কল্পনাই কৰিব পৰা নাছিলো,’’ দিলজানে কয়৷ 
ঘোৰামাৰাৰ লৱণযুক্ত মাটি আৰু পানীৰ কাৰণে খেতি-বাতি কৰাটো খুবেই কঠিন৷ দ্বীপৰ অনেক বাসিন্দাই পানৰ দৰে অৰ্থকৰ খেতিত লাগিছে৷ লৱণৰ পৰিমাণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদিও বালিমিশ্ৰিত মাটি পানখেতিৰ বাবে উপযুক্ত৷ সেই দ্বীপৰ লোকসকলে শস্যৰ সুস্বাস্থ্যৰ বাবে বিন্দুবাসিনীৰ আৰাধনা কৰে৷ দেবীৰ মহিমাই অৱশ্যে দিলজানৰ পানৰ খেতি ৰক্ষা কৰিব নোৱাৰিলে৷ 

বিকল্প কৰ্মসংস্থানৰ অভাৱৰ উপৰিও ঘোৰামাৰাৰ লোকসকলে শাক-পাচলি, খাদ্যশস্য আদি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বাবে কাকদ্বীপ চহৰলৈ (জলপথেৰে আধা ঘণ্টা) যাবলগীয়া হয়৷ ঘোৰামাৰাৰ একমাত্ৰ চৰকাৰী স্বাস্থ্য উপকেন্দ্ৰ দ্বীপৰ প্ৰায় ৫ হাজাৰ মানুহৰ সাধাৰণ অসুখ-বিসুখৰ সময়ত একমাত্ৰ সহায়৷ সেয়ে গুৰুতৰভাৱে অসুস্থ হ’লে ৰোগীক কাকদ্বীপৰ হস্পিতালে নিবলগীয়া হয়৷ 

portrait
PHOTO • Siddharth Adelkar
paan leaves cultivation
PHOTO • Siddharth Adelkar

বিকল্প জীৱিকাৰ উপায় নথকা হেতু শ্বেইখ দিলজানে ঘোৰামাৰাত পানৰ খেতি কৰিছিল, কিন্তু এবছৰ নৌহওতেই তেঁওৰ পানৰ খেতি নদীত জাহ গ’ল 

দিলজানে কয়, ‘‘নদীৰ গৰ্ভত ডুবিবলৈ ধৰা এই দ্বীপ এৰি পত্নি আৰু দুই পুত্ৰক লৈ যাবলৈ পাৰিলে আমি সুখী হ’লোহেঁতেন৷ কিন্তু চৰকাৰে আমাক অইন কোনো ঠাইত মাটি দিয়া নাই৷’’ উপলব্ধ ভূমি নাইকিয়া হোৱা থকাৰ ফলত ১৯৯৩ চনৰ পিছৰে পৰা চৰকাৰে সাগৰ দ্বীপত পুনৰ্সংস্থাপন দিয়া বন্ধ কৰিছে৷ 
সাগৰ দ্বীপৰ কৰ্মসংস্থাপনৰ অভাৱত পৰিয়ালৰ পুৰুষসকলে জীৱিকাৰ সন্ধানত পশ্চিমবংগ এৰি বাহিৰলৈ যাবলৈ বাধ্য হৈছে৷ উদ্বেগৰ আৰু এটি কাৰণ হৈছে সাগৰ দ্বীপটো প্ৰতি বছৰে খহনীয়ৰ ফলত মুঠ মাটিকালিৰ পৰিমাণ হ্ৰাস পাইছে আৰু তাৰে বাসিন্দাসকলে ঘৰ-মাটি হেৰুৱাব বুলি আতংকিত হৈছে৷ 

দিলজানৰ সৈতে কথা পতাৰ সময়ত তেঁও আমাক ৰিক্সাৰে দ্বীপৰ সেই স্থানলৈ লৈ গৈছিল য’ত নদী ভঙাৰ ফলত বিস্তীৰ্ণ এলেকা নদীৰ গৰ্ভত লীন হৈছে৷ সেই সময়তে ৰঞ্জিতা পুৰকাইতে আমাৰ সৈতে কথা-বতৰাত যোগ দিলে৷ তেঁওৰ ঘৰ নৈয়ে ইতিমধ্যে এবাৰ নিছে, তাৰে পৰা কেইমিটাৰমান দুৰতে তেঁওৰ ঘৰ৷ তেঁও কয়, ‘‘হয়তো এই ঘৰটোও নৈয়ে নিব৷ চাৰকাৰে কিনো কৰিছে? একো এটা কৰা নাই৷ অন্তত তেঁওলোকে নৈৰ মথাউৰিবোৰ মজবুত কৰিব পাৰিলেহেঁতেন৷ কিমান সাংবাদিক আহিছে, ফটো তুলিছে৷ কিন্তু তাৰ পিছত নাইকিয়া হৈ গৈছে৷ কিন্তু আমাৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই৷ চৰকাৰে কি আমাক অইন ঠাইত মাটি দিবনে? এই দ্বীপটো ক্ৰমে সংকুচিত হ’ব ধৰিছে আৰু আমাৰ ঘৰ-মাটি নৈত বিলীন হ’ব ধৰিছে৷ কিন্তু কোনেও ভ্ৰুক্ষেপকে নকৰে৷’’ 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

উৰ্বশী চৰকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৬ বৰ্ষৰ পৰি সদস্য।

Other stories by Urvashi Sarkar