যশ মহালুংগেয়ে বিদ্যালয়লৈ যাওতে প্ৰতিদিনেই জীউটো হাতত লৈ যাবলগীয়া হয়। আঠ বৰ্ষীয় যশে আন ল’ৰা-ছোৱালীৰ জাকত আৰু কিছুমানৰ অভিভাৱকৰ লগত সেই পিছল দেৱালৰ ওপৰৰে যায়। সেই দেৱালখন দৰাচলতে ভাগি যোৱা দলংখনৰ খুঁটাকেইটাৰ ভংগ্নাৱশেষ। তাৰপৰা পৰিলে পোনচাটে তলৰ জোপোহা জংঘল আৰু বোকাত সোমাব।   

প্ৰতিদিনে বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সময়ত ল’ৰা-ছোৱালীহঁতে দুবাৰকৈ পিঠিত গধুৰ স্কুলবেগ আৰু এফালে ছাতি লৈ শাৰী পাতি যায়, তাৰে প্ৰায়ভাগে শুদা ভৰিৰে যায়। ৩০ ছেকেণ্ডৰ সেই বিপদসংকূল বাট পাৰ হোৱাৰ পিছত সিহঁতৰ দলঙৰ মজবুত পৃষ্ঠ পায়। তাৰ পিছৰখিনি বাট বোকা-পানী গছকি সিহঁত পালহেৰি চুবুৰী পায়, বিদ্যালয়ৰ পৰা চুবুৰীটো ২ কিলোমিটাৰ দূৰত অৱস্থিত।   

‘তললৈ চাব ভয় লাগে। মুৰ ঘুৰায়। মই দেউতাৰ হাতত টানকৈ ধৰি লওঁ,’ যশে কয়।   

২০০৫ চনলৈ পালহেৰিৰ ৭৭ গৰাকী নিবাসীয়ে (আৱৰে গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ লেখ মতে) এনেদৰে ইমান কঠিন বাটত চলিবলগীয়া হোৱা নাছিল। এখন সৰু দলঙেৰে তেওঁলোকে ভাটসা নদীখন পাৰ হৈছিল। কিন্তু সেই বছৰৰে ২৮ জুলাইৰ মুষলধাৰ বৰষুণত ঠাণে জিলা পৰিষদৰ ১৯৯৮ত নিৰ্মিত দলংখনৰ এটা অংশ খহি পৰে। ভগা অংশটোৰ কাষে কাষে দুখন পাতল দেৱাল ৰৈ গ’ল।   

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালেঃ যশ আৰু অনীশে সেইদিনা নদীখন পাৰ হোৱাৰ সময়, সিদিনা পানী বেছি নাছিল। সোঁফালেঃ গাঁৱৰ ল’ৰা-ছোৱালীৰ কাৰণে পানীৰ ধাৰৰ অৰ্থই বেলেগ 

‘আপুনি সম্পূৰ্ণ মনযোগেৰে ভাৰসাম্য ৰক্ষা কৰি (সেই দেৱালত) খোজ দিব লাগিব। সৰু ল’ৰা-ছোৱালীৰ লগত ডাঙৰো থাকিবলগীয়া হয়। সিহঁতে এই ৰাস্তাত অকলে যাব নোৱাৰে আৰু (বিদ্যালয়লৈ যাবলৈ) আন ৰাস্তা নাই। আনকি ডাঙৰ মানুহেও অকলে যাব নোৱাৰে। পানীৰ সোঁত কম হৈ থকা দিনত (প্ৰায় একৰ পৰা ডেৰ ফুট গভীৰ, বৰষুণ বেছি হ’লে পানী তিনি ফুট পৰ্যন্ত হয়গৈ) সিটো পাৰলৈ যাবলগীয়া হ’লে আমি নদীত নামি পাৰ হওঁ। সিটো পাৰৰ পৰা কোনো আমাৰ গাঁৱলৈ নাহে। প্ৰাণৰ ভয় থকা ঠাইলৈ কোন আহিব? আমাৰ গাওঁখন আন গাওঁবোৰৰ একেবাৰে মুৰত আছে,’ যশৰ পিতৃ আনন্দ মহালুংগেয়ে কয়। তেওঁ চাহাপুৰ নগৰত অটোৰিক্সা চলাই দিনে ২০০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে।  

দলংখনৰ তলত থকা চিমেণ্ট-কনক্ৰিটৰ ভগ্নাৱশেষবোৰ হাবিয়ে আগুৰি পেলাইছে। ১৪ বছৰ ধৰি দলংখন মেৰামতি নোহোৱাকৈ জৰাজীৰ্ণ হৈ পৰি আছে। বিদ্যালয়, কাৰ্যালয়, স্বাস্থ্য সেৱা, বজাৰ-সমাৰ আৰু অইন ঠাইলৈ বিপদসংকূল পথেৰে এনেদৰেই বিগত বছৰকেইটাত সেই চুবুৰীটোৰ মানুহে যাতায়ত কৰাটো একপ্ৰকাৰ নিত্যনৈমিত্তিক কাৰ্য হৈ পৰিছে। আন বতৰতো দেৱালৰ ওপৰৰে এই ঠেক বাটটোৰেই তেওঁলোকে অহা-যোৱা কৰে, মাত্ৰ শীতকালত সেই বাটটো পিছল হৈ নাথাকে। নাইবা তেওঁলোকে নদীত নামি সাৱধানতাৰে অহা-যোৱা কৰে। ‘বৰষুণেই হওঁক বা ৰ’দেই দিয়ক, এই সমস্যা আমাৰ থাকেই’, আনন্দে কয়। ‘বাৰিষাকালত আমি বেছি সাৱধান হ’বলগীয়া হয়, আন দিনকেইটাত কম। আমি কি কৰিব পাৰো?’  

পালহেৰিৰ নটা পৰিয়াল অনান্য পিছপৰা শ্ৰেণীৰ, গাওঁখনৰ মানুহে কয়। ভাটসা জলসিঞ্চন প্ৰকল্পৰ ফলত তাৰ পৰা ২০ কিলোমিটাৰ দুৰৰ ঠানে জিলাৰ চাহপুৰ তালুকৰ তেওঁলোকৰ গাওঁখন জলমগ্ন হৈ যোৱাত, তেওঁলোকে ১৯৭০-৭১ত পালহেৰিলৈ উঠি আহে। আন ১১৮টা ভগনীয়া হোৱা পৰিয়ালৰ লগতে তেওঁলোকেও মহাৰাষ্ট্ৰ প্ৰকল্প প্ৰভাৱিত ব্যক্তিৰ পুনৰ্সংস্থাপন অধিনিয়ম, ১৯৯৯ৰ অধীনত পুনৰ্সংস্থাপনৰ আশা কৰে। আইনখনৰ মতে কোনো বৈকল্পিক স্থানত তেওঁলোকক পুনৰ্সংস্থাপন কৰা হ’ব। উদ্বাস্তু লোকসকলৰ কিছুমানে আশে-পাশে থকা গাঁৱত নতুনকৈ জীৱন যাপনৰ কাৰণে চেষ্টা কৰিলে। (ভাটসা প্ৰকল্পই বহুতৰে ভেঁটি উচন কৰিলে পঢ়িব পাৰে)  

‘বৰষুণ কমাত আমি গম পালো যে চুবুৰীটোৰ পৰা সিটো পাৰলৈ যাব পৰা দলংখন খহি গ’ল। আমি কোনোমতে নদীখন পাৰ হৈ আৱৰে গাঁৱৰ চৰপঞ্চজনক খবৰ দিলো।’

ভিডিঅ’ চাওকঃ যেতিয়া বিদ্যালয়লৈ যোৱা বাটত পিছলি পৰাৰ ভয় থাকে  

দলং ভাগি যোৱা ২০০৫ৰ সেই ঘটনাটোৰ সময়ত আনন্দৰ বয়স ২১ বছৰ আছিল। আনন্দে কয়, ‘বহুদিনৰ পৰা মুষলধাৰে বৰষুণ দি আছিল। পানী দলংখনৰ ওপৰেৰ বৈছিল। প্ৰাণৰ ভয়ত আমি ঘৰৰ পৰা ওলাব পৰা নাছিলো। আমাৰ গাওঁখন বাহিৰৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ গৈছিল। বৰষুণ কমাত আমি গম পালো যে নৈখনৰ সিটো ফালে যাবলৈ দলংখন নাছিল। আমি কোনোমতে নৈখন পাৰ হ’লো আৰু আৱৰে গাঁৱৰ সৰপঞ্চজনক খবৰ কৰিলোঁ। জিলা পৰিষদৰ বিষয়াই আহি ভগা দলংখনৰ নিৰীক্ষণ কৰিলে, কিন্তু তাৰ পিছত কাৰো খবৰ নাই। তেতিয়াৰে পৰা আমি দলংখনৰ পুনৰ্নিৰ্মাণৰ দাবী জনাই আহিছো।’  

মানুহে আন গাওঁ বা চাহপুৰ নগৰত বজাৰ-সমাৰ কৰিবলৈ, বাছ আস্থানলৈ যাবলৈ (প্ৰায় ১০ কিলোমিটাৰ দুৰত) বা কামলৈ যাবলৈ আন একো বিকল্প নাপাই কেতিয়াবা পিছল দেৱালত উঠি, কেতিয়াবা নৈৰ বুকুৰে, এনেদৰে বিপদসংকূল বাটেৰেই অহা-যোৱা কৰি আহিছে। ফলত অ'ৰে পালহেৰিৰ ভালেমান নিবাসী দূৰ্ঘটনাগ্ৰস্তও হৈছে। 

২০১৬ৰ জুলাইত ৬৫ বৰ্ষীয় তুকাৰাম বীড় আৰু তেওঁৰ ৩৫ বৰ্ষীয় পুত্ৰ ৰবীন্দ্ৰই ১০ লিটাৰৰ দুটা পাত্ৰ লৈ সেই পিছল বাটেৰে চাহাপুৰ তালুকৰ এখন দুগ্ধপামলৈ গৈ আছিল। টুকাৰাম পিছলি তলৰ জংঘলত পৰিল। তেওঁৰ বাওঁ ভৰিখন ভাগিল। ‘মই বেহুচ হৈ পৰি আছিলোঁ। গাঁৱৰ মানুহে আহি মোক আৱৰে গাঁৱলৈ বাঁহৰ ষ্ট্ৰেচ্ছাৰ সজাই লৈ গৈছিল আৰু তাৰ পৰা অটোৰে চাহপুৰ হস্পিতাললৈ নিছিল। তাতে ভৰ্তি হৈ মই ছমাহ থাকিবলগীয়া হৈছিল। মোৰ ভৰিখনত এতিয়া ৰড লগোৱা আছে।’ 

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালেঃ ২০১৬ত দেৱালৰ পৰা পিছলি পৰি তুকাৰাম বীড়ৰ ভৰি ভাগিছিল। সোঁফালেঃ ৰামু বীড়ে কয় কয়, ‘নদী পাৰ হৈ কাৰো এতিয়ালৈ মৃত্যু হোৱা নাই। কিন্তু তেওঁলোকে (ৰাজ্য চৰকাৰে) কি কোনোবা মৰালৈ বাট চাই আছে নেকি?’

‘দলংখন থকা হ’লে এনে দুৰ্ঘটনা নহ’লহেঁতেন। আমি নিজৰ জীয়ৰীহঁতক সেই বিপদসংকূল বাটেৰেই প্ৰসৱৰ কাৰণে চিকিৎসালয়লৈ নিবলগীয়া হয়। যিমানবাৰেই আমাৰ ল’ৰা-ছোৱালীয়ে সেই বাটেৰে যায়, সিমানবাৰ আমি প্ৰাৰ্থনা কৰোঁ,’ তুকাৰামে কয়। তেওঁ তেতিয়া ১৪ বছৰীয়া আছিল, যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে ভাতসা প্ৰকল্পৰ ফলত ভগনীয়া হৈ ইয়ালৈ আহিছিল। এতিয়া তেওঁলোকে নিজৰ তিনিটা ম’হৰ গাখীৰ খীৰায় আৰু ৰবীন্দ্ৰই সেয়া দুগ্ধপামলৈ নিয়ে। তেওঁৰ পৰিয়ালে দুই একৰ মাটিত খেতিও কৰে।  

‘আমাৰ হাতত আন বিকল্পইবা ক’ত? ঘৰতে এনেয়ে হাত সাৱতি বহি থাকিব নোৱৰোঁ। দায়িত্ব মূৰ পাতি ল’বই লাগিব। দলংখন নিৰ্মাণৰ কাৰণে আমাৰ দীৰ্ঘদিনীয়া দাবী পৰিষদৰ বিষয়াই গুৰুত্ব সহকাৰে লোৱা নাই। আমাৰ চুবুৰীৰ ভালমান লোক এতিয়া আঘাতপ্ৰাপ্ত, কিছুমান বিচনাতে পৰি আছে। তেওঁলোকে আমাৰ দুখ-কষ্ট ভ্ৰূক্ষেপ নকৰি আমাক অপমান কৰি আহিছে,’ তুকাৰামে কয়। 

কাষৰে এমহলীয়া ঘৰটোত থকা দ্বাৰকাবাঈ বীড়ে ৱাকাৰ লৈ চলা-ফুৰা কৰে। যোৱা বছৰ তেওঁ পৰিয়ালৰ চাৰি একৰ মাটিত খেতিৰ কামত লাগি আছিল। ২০১৮ৰ ফেব্ৰুৱাৰী মাহত পাচলি কিনিবলৈ তেওঁ চাহাপুৰলৈ যাওতে দেৱালখনৰ পৰা পৰিল। তেওঁক লগ কৰিবলৈ মই যোৱাৰ সময়ত তেওঁক চকী এখনত বহি খিৰীকিৰে বাহিৰলৈ চাই থকা অৱস্থাত পালো।  

‘সেই দূ্ৰ্ঘটনাটোৰ পিছত তেওঁ বেছি কথা নোকোৱা হ’ল। তেওঁৰ মনত ভয় সোমাই গৈছে। নহ’লে তেওঁ বহুত কথা পাতিছিল,’ তেওঁৰ বোৱাৰী তাৰাই কয়। দ্বাৰকাবাঈৰ পৰিয়ালৰ চাৰি একৰ মাটিত ধান আৰু পাচলি খেতি হয়। তেওঁৰ ডাঙৰজন ল’ৰাই ভিৱাণ্ডিৰ এটা গুদামত নিৰীক্ষকৰ কাম কৰে। ‘জ্বৰ, পানীলগা আদিৰ দৰে সৰু বেমাৰকে ধৰি জৰুৰীকালীন প্ৰসৱৰ আদিৰ কাৰণে কোনো ব্যৱস্থা গাওঁখনত নাই,’ তাৰাই কয়। 

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালেঃ ২০১৮ত পাচলি কিনিবলৈ চাহাপুৰ নগৰলৈ যোৱা বাটত সেই দেৱালখন পাৰ হওঁতে দ্বাৰকাবাঈ বীড় দূৰ্ঘটনাগ্ৰস্ত হৈছিল। সোঁফালেঃ অ'ৰে পালহেৰিত সকলোৱেই নৈৰ সিটো পাৰলৈ যাবলৈ জীউটো হাতত লৈ যাবলগীয়া হয় 

অ’ৰে পালহেৰিৰ প্ৰায়ভাগ পৰিয়ালৰে ২ৰ পৰা ৫ একৰ মাটিত খেতি কৰে, কিন্তু সেই মাটি তেওঁলোকৰ নামত নাই। বাৰিষাৰ সময়ত তেওঁলোকে ধান সীচে। শস্য চপোৱাৰ পিছত তেওঁলোকে ভেণ্ডি, কেৰেলা আৰু বিন আদিৰ খেতি কৰে। সেইবোৰ কাষৰে গাওঁবোৰলৈ নি বিক্ৰি কৰে। চুবুৰীটোৰ কেইজনমান ডেকা ল’ৰাই চাহাপুৰত অটোৰিক্সা চলাই নাইবা খোৱা-বোৱাৰ সামগ্ৰীৰ সৰু দোকান দি পৰিয়াল পোহে। 

নিৰাপদ বাট-পথ নথকাত গাওঁখনত সংস্থাপনৰ বিকল্পও সীমাবদ্ধ হৈ পৰিছে। ‘সেই বাটটোত পোহৰ নাই আৰু আন্ধাৰত আপুনি যাব নোৱাৰে। সেয়ে আমি কল্যাণ নাইবা ঠাণে (৫০ৰ পৰা ৬০ কিলোমিটাৰ দূৰ)ত কামৰ কাৰণে যাব নোৱাৰোঁ। সদায় যোৱা আৰু সন্ধিয়া ৭ বজাৰ পিছত উভতি অহা সম্ভৱপৰ নহয়। তালৈ (প্ৰায়) দুঘণ্টাৰ বাট। সেই নগৰবোৰত থাকিবলৈ সুবিধা থকাসকলে গুদামতে কাম কৰে নাইবা ল’ৰা-ছোৱালীক তাতে কলেজত পঢ়িবলৈ পঠিয়াই দিয়ে। নহ’লে এয়া সম্ভৱ নহয়। সন্দিয়া ৭ বজাৰ আগতে আপুনি ঘৰ আহি পোৱাটো জৰুৰী। সেয়ে আমাৰ বয়সৰ (৩০ৰ পৰা ৩৫) কোনো এজনেও ১০ম শ্ৰেণীতকৈ বেছি পঢ়া নাই,’ ৩৫ বৰ্ষীয় জয়ন্ত মহালুংগেয়ে কয়। তেওঁ চাহাপুৰত অটোৰিক্সা চলায়। তেওঁ ১৫ জনীয়া যুগ্ম পৰিয়ালত থাকে। তেওঁৰ দুজন ভাই চাহাপুৰ নগৰৰ বজাৰ নাইবা দাঁতিকাষৰীয়া গাওঁবোৰত পাচলি বিক্ৰী কৰে, তেওঁলোকৰ মাহে ৪০ হাজাৰ টকামান উপাৰ্জন হয়।    

জিলা পৰিষদৰ যিখন বিদ্যালয়ত জয়ন্তৰ ভতিজা যশ যায়, সেইখনত ৭ম মানলৈকে শ্ৰেণী আছে। তাৰ পিছত মাধ্যমিক বিদ্যালয়ৰ কাৰণে ল’ৰা-ছোৱালীয়ে চাহাপুৰ নগৰলৈ যাব লাগে। ‘আমি উন্নতি কৰিম কেনেকৈ? আমাৰ ল’ৰা-ছোৱালী আগবাঢ়িব কেনেকৈ?’ জয়ন্তই প্ৰশ্ন কৰে।  

‘যদি দিনৰ পোহৰতে মানুহ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হ’ব পাৰে, তেন্তে আন্ধাৰত কি অৱস্থা হ’ব চিন্তা কৰক। আমাৰ ল’ৰা-ছোৱালীয়ে বাৰিষাৰ দিনকেইটাত বিদ্যালয়লৈ যাবলৈ এৰিবলগীয়া হয়। এতিয়া মোৰ নাতিয়েও তাকেই কৰিছে,’ পৰিয়ালৰ পাঁচ একৰ মাটিত খেতিপথাৰত কাম কৰা তেওঁৰ ৬৫ বৰ্ষীয় মাতৃ সবিতাই কয়।  

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালেঃ দলংখন ভাগি যোৱা অংশৰ বাওঁফালে গজি উঠা হাবি। সোঁফালেঃ গঞাই সদায় যাতায়ত কৰা বিপদসংকূল বাটটোৰ এটা অংশ 

‘আমি ১৯৯৮ত দলংখন হোৱাৰ আগেয়ে কেবাবাৰো আন্দোলন কৰিছিলোঁ। দলংখন ভাগি যোৱাত আমি ২০০৫ত আমি ঠাণে জিলা পৰিষদৰ কাৰ্যালয়লৈ পুনৰাই মিচিল উলিয়ালো। পুনৰাই ২০০৭, ২০০৯, ২০১২, ২০১৬ত,’ তেওঁ খুব মনযোগেৰে আঙুলি মুৰত গণি গ’ল। ‘এইখিনি সময়ত আমাৰ ল’ৰা-ছোৱালীয়ে উপায়ুক্তলৈও চিঠি লিখিলে। আমিও বহুত কিবাকিবি কৰিলো। আপুনি কিবা পৰিৱৰ্তন দেখিছেনে?’

তেওঁৰ কথাত মুৰ ডুপিয়াই ৭০ বৰ্ষীয় চুবুৰীয়া ৰামু বীড়ে ক্ষোভেৰে ক’লে, ‘ইমান বছৰৰ মুৰতো পৰিস্থিতি একেই হৈ আছে। নদী পাৰ হওঁতে কাৰো মৃত্যু হোৱা নাই। কিন্তু তেওঁলোকে (ৰাজ্য চৰকাৰে) কি কোনোবা মৰালৈ বাট চাই আছে নেকি? চৰকাৰে আমাক দিছেনো কি? সেই দূৰ্বল দলংখন, তাকো ভাঙি গ’ল? তেঁওলোকে আমাৰ পুনৰ্সংস্থাপন (আন কোনো স্থানত) কৰাব নোৱাৰে।’ ৰামুৰ কথাত পাঁচটা দশকৰ ক্ষোভ ওলাই পৰিছে। 

বাৰম্বাৰ চেষ্টা কৰা স্বত্বেও ঠাণেৰ জিলা পৰিষদৰ কাৰ্যালয়ৰ বিষয়াৰ পৰা এই বিষয়ত কোনো মন্তব্য ল’ব পৰা নগ’ল।  

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ লেখ মতে এই বছৰটোত ১ৰ পৰা ৭ আগস্তৰ ভিতৰত ঠাণে জিলাত বৰষুণ ২০২ৰ গঢ় পৰিমাণৰ বিপৰীতে ৬৪৪ মি.মি. হৈছিল। অ’ৰে পালহেৰিৰ গঞাই ৩ আৰু ৪ আগস্তৰ ধাৰাসাৰ বৰষুণৰ কাৰণে আৱদ্ধ হৈ ৰৈছিল। তেওঁলোকে নদীৰ পানী কমালৈ দুটা দিন অপেক্ষা কৰিবলগীয়া হৈছিল। ‘আমি প্ৰতিদিনে সন্ধিয়া ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আমি বাচি গ’লো,’ আনন্দই কয়। ‘কাইলৈ কি হ’ব দেখা যাব।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jyoti Shinoli

Jyoti Shinoli is a senior reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli