পাট্টান কদলিৰ আকাশত উছৱৰ ৰং এতিয়া হালধীয়া
বাৰ্ষিক ভিত্থল বীৰদেৱ যাত্ৰাক লৈ মানুহৰ অগাধ বিশ্বাস আৰু উছৱমুখৰ পৰিৱেশক লৈ এই ফটোষ্ট’ৰি, অক্টোবৰত আয়োজিত এই উছৱত ধনগৰ আৰু কুৰুবা পশুপালক সম্প্ৰদায়ৰ লোকসকলে ভাগ লয় আৰু পাট্টান কদলিলৈ ভক্তৰ সোত বয়



বাৰ্ষিক ভিত্থল বীৰদেৱ যাত্ৰাক লৈ মানুহৰ অগাধ বিশ্বাস আৰু উছৱমুখৰ পৰিৱেশক লৈ এই ফটোষ্ট’ৰি, অক্টোবৰত আয়োজিত এই উছৱত ধনগৰ আৰু কুৰুবা পশুপালক সম্প্ৰদায়ৰ লোকসকলে ভাগ লয় আৰু পাট্টান কদলিলৈ ভক্তৰ সোত বয়
তামিল তিথি অনুযায়ী মাসি মাহত ইৰুলাৰ জনজাতিৰ লোকসকলে চেন্নাইৰ দাঁতিকাষৰীয়া মামল্লাপুৰমৰ উপকূল অঞ্চলত গোট খায় আৰু কানিয়াম্মা দেৱীক তুষ্ট কৰি ঘৰলৈ উভতাই আনিবলৈ পূজা-অৰ্চনা কৰে। সাগৰতীৰত পুৰোহিতে বহুতৰ বিবাহ সম্পন্ন কৰে আৰু সন্তানৰ নামাকৰণ কৰে, জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দিয়ে
গেংৰেল মাদৈ হৈছে দক্ষিণ চত্তিশগড়ৰ গণ্ড আদিবাসীসকলে পালন কৰা এক উৎসৱ
অন্ধ্ৰ প্ৰদেশৰ মেদাপুৰমত মাদিগা সম্প্ৰদায়ৰ দ্বাৰা আয়োজিত উদযাপিত বাৰ্ষিক উৎসৱ উগাড়ি হৈছে এক বিশাল উৎসৱ য’ত প্ৰতিমা তেওঁলোকৰ চহৰলৈ লৈ অনা হয়
তিৰুভল্লুৰ জিলাত দিল্লি আন্নাই উত্তৰ চেন্নাইৰ মাছমৰীয়া সম্প্ৰদায়ৰ ত্ৰাণকৰ্তা আৰু অভয়দাতা কান্নিচামিক খেৰ-মাটিৰে গঢ়া প্ৰতিমাৰে সাকাৰ ৰূপ দি আহিছে। এতিয়া নগৰীকৰণৰ ফলত খেৰ আৰু আলতীয়া মাটি পাবলৈ নাইকিয়া হোৱাত তেওঁৰ শিল্পকলাও বিপন্ন হৈছে
তামিলনাডুৰ বাংগালামেডু গাঁৱৰ ইৰুলাৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ উপাস্য দেৱীৰ উপাসনা পদ্ধতিত ব্যাপক পৰিৱৰ্তন প্ৰত্যক্ষ কৰি আহিছে
কৰ্ণাটকৰ একাধিক সংহত পৰম্পৰাৰ ভিতৰত মুছলমানে শিল্পীয়ে বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাবে ফটকা বনোৱা আৰু ফুটোৱাটোও এটা পৰম্পৰা। ৰং, শব্দ আৰু পোহৰেৰে অনুষ্ঠানবোৰক অনন্য মাত্ৰা প্ৰদান কৰা কৰ্ণাটকৰ তুলুনাৰু অঞ্চলৰ এই সুকীয়া গাৰ্নাল চাইবেৰৰ পৰম্পৰাক লৈ এখন তথ্যচিত্ৰ
বীৰভূমৰ চাওঁতালী আদিবাসী খেতিয়ক সমাজৰ তৰুণ প্ৰজন্মৰ তপন মুৰ্মুয়ে শস্য চপোৱা বাঁদনা উৎসৱৰ সময়ত পুতলা নাচ দেখুৱায়, যি শিল্পক নৱ প্ৰজন্মৰ খুব কম সংখ্যকেহে আদৰি ল’ব বুলি তেওঁ চিন্তিত
সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰোৱা অসমৰ এই ৰাস মহোৎসৱ ৰাজ্যখনৰ বিভিন্ন স্থানত উলহ-মালহেৰে উদযাপন কৰা হয়। অৱশ্যে পঢ়া-শুনা আৰু কামৰ সন্ধানত ডেকাচামৰ মাজত বৰ্দ্ধিত প্ৰব্ৰজন আৰু ৰাস পৰিৱেশনৰ প্ৰতি নতুন প্ৰজন্মৰ আগৰ দৰে আগ্ৰহ নথকাত ভাৱৰীয়া বিচাৰি পোৱা টান হৈ পৰিছে
আৰৱ সাগৰৰ উপকূলৰ কৰ্ণাটকৰ এই অঞ্চলত বিভিন্ন সম্প্ৰদায়ৰ লোকে মিলিজুলি ভূত পূজাৰ পাতে। এই জাতীয় উৎসৱত বাদ্যযন্ত্ৰীৰ দল লৈ ছৈয়দ নাছিৰে গীত পৰিৱেশন কৰিছে, সেই পাৰম্পৰিক ঐতিহ্যক কেন্দ্ৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে
হানলে নদী উপত্যকাৰ তিব্বতীয় বৌদ্ধ ধৰ্মালম্বীসকলৰ এয়া অতি আদৰৰ উৎসৱ। মহামাৰীৰ পিছত তেওঁলোকে প্ৰথমবাৰৰ বাবে ছখন ক্ষুদ্ৰ গাওঁ লগ লাগি ঢোল-পেঁপা বজাই এই উৎসৱ উদযাপন কৰিছে
চত্তীশগড়ৰ বাৰ্ষিক গোঞ্চা উৎসৱত স্থানীয় আদিবাসীসকলে এক সুকীয়া শৈলীৰে প্ৰভুলৈ চালামি জনায়
অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ চহৰত উদযাপন কৰা বিনায়ক চভিথি (চতুৰ্থী) হৈছে শিশুসকলৰ এক প্ৰিয় উৎসৱ যাক তেওঁলোকে কেইবা সপ্তাহজুৰি উদযাপন কৰে
দেৱালীৰ সময়ত হাজাৰ হাজাৰ লোকৰ ঘৰ হাতেসজা চাকিৰে উজলোৱা বিশাখাপট্টনমৰ কুম্মাৰিবিধিৰ ৯২ বছৰ বয়সীয়া পৰদেশমেই মাটিৰ চাকি বনোৱা শেষজন কুমাৰ
লাদাখৰ কাৰ্গিল জিলাৰ তাই চুৰু গাঁৱৰ চিয়া সম্প্ৰদায়ৰ লোকে মহৰমৰ ৰীতি-নীতি কেবাদিনলৈ উদযাপন কৰে। ল’ৰা-ছোৱালীৰ কাৰণে, বিশেষকৈ ছোৱালীবোৰৰ কাৰণে এয়া বন্ধুবোৰক লগ পোৱা আৰু সময় কটোৱাৰ সুযোগ হৈ পৰে
যাৰ শ্ৰমৰ বিনিময়ত আকাশবোৰ ৰঙীন হৈ পৰে, তেওঁলোকেই হৈছে খাম্বাত আৰু আহমেদাবাদৰ চিলা নিৰ্মাতা মহিলা। তেওঁলোকৰেই কষ্টকৰ জীৱনৰ ওপৰত আলোকপাত কৰি এই প্ৰতিবেদন
১১ অক্টোবৰত দুৰ্গাপূজা আৰম্ভ হ’ব। আগৰতলাৰ ঢাকিৰ ঢোলবোৰ ঘনাই বাজিছে। আন দিনা ৰিক্সাচালক, বিক্ৰীদাৰ, খেতিয়ক, প্লাম্বাৰ আৰু লাইনৰ কাম কৰাসকলেই এই দিনকেইটাত হাতত ঢাক তুলি লয়
শীতকালৰ আনন্দ-উৎসৱৰ সময়ত ছত্তীশগড়ৰ গণ্ড সম্প্ৰদায়ৰ ডেকা-ডেকেৰীয়ে দল বান্ধি হুলকি মান্দ্ৰি আৰু কলাং পৰিৱেশন কৰিবলৈ আৰু ৰেলা গীত গাবলৈ গাঁৱে গাঁৱে ভ্ৰমি ফুৰে
এই সপ্তাহত আৰম্ভ হ’বলগীয়া গণপতি আৰু দেৱালী উৎসৱৰ বতৰ দিল্লীৰ উত্তম নগৰৰ কুমাৰসকলৰ বাবে অতিকৈ লাভৰ বতৰ আছিল। কিন্তু এতিয়া তেওঁলোকে কচ্চ আৰু পশ্চিমবংগৰ কুমাৰসকলৰ দৰে মন্দা ব্যৱসায়ৰ সন্মুখীন হৈছে
মাদুৰাইৰ ঐতিহাসিক অজগৰ উৎসৱৰ আজি অন্তিমটো দিনা অৰ্থাত আজি ২২ এপ্ৰিলৰ দিনা এক বিশাল শোভাযাত্ৰা ওলায়, ধৰ্মপ্ৰাণ ভক্তই আজি ৰঙীন বেশ পৰিধান কৰিব। ৰঙীন বস্ত্ৰতকৈ এই ৰং-বিৰঙী বস্ত্ৰৰ নিৰ্মাতা কোন সেই কথা জানি আমোদ পাব
চহৰৰ পোহৰ আৰু আতচবাজীৰ কাৰচাজিৰ পৰা দুৰৈত মুম্বাইৰ গাতে লাগি থকা আমাৰ আদিবাসী চুবুৰীত মোৰ পৰিয়ালটোৱে আগৰবাৰৰ দৰেই দিপাৱলী উদযাপন কৰে, পৰম্পৰাগত মিঠাই, সামূহিক ৰীতি-নীতি, প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা আৰু জনায়
পশ্চিম বংগৰ পৰা অহা খনিকৰৰ শৈলী বদোদৰাত মূৰ্তি নিৰ্মাণৰ শৈলীত মিহলি হৈ গৈছে। তেনে শিল্পকৰ্মত নিয়োজিত তপন মণ্ডলৰ দৰে কিছুমানে শিল্পশালা চলায়, আন বহুতেই কৃষি শ্ৰম, ঘৰ ৰং কৰা নাইবা আন কাম কৰি জীৱিকা নিৰ্বাহ কৰে
প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গোণ্ড আদিবাসীসকলে ছত্তীশগড়ৰ চেমাৰগাঁৱত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ স্মৰণত এক জাকজমকীয় উৎসৱৰ আয়োজন কৰি পিতৃ-পিতামহৰ আশীৰ্বাদ লয়। ‘মৃতক’সকলো তেওঁলোকৰ উৎসৱত সমবেত হয়
উৰিষ্যাৰ নিয়ামগিৰিৰ দাঁতিত ডংগ্ৰীয়া কন্ধসকল এক ৰঙীন উত্সৱৰ বাবে প্ৰতিবছৰে একগোট হয়। কিন্তু খননৰ নিৰন্তৰ ভাবুকিৰ দ্বাৰা প্ৰভাৱিত এই উত্সৱত তেঁওলোকৰ গৃহভূমিৰ সুৰক্ষাৰ আহি পৰা প্ৰয়োজনৰো প্ৰতিফলন ঘটিব ধৰিছে
২৫ এপ্ৰিলত অন্ত পৰা তামিলনাডুৰ কুভাগম উৎসৱত ভালেমান লিংগপৰিৱৰ্তিত লোকৰ আগমন ঘটা দেখা যায়। মুকলিমনে নাচি-বাগি গান গাই হাঁহি-কান্দোন আৰু প্ৰাৰ্থনাৰ মাজেৰ উৎসৱৰ দিনকেইটা তেঁওলোকে ইয়াতে পাৰ কৰে। সমাজৰ পৰা এঘৰীয়া হোৱাৰ যি শংকাৰ ভাৱ ভাৱ লৈ তেঁওলোক থাকে, সেয়া পাহৰি আনন্দৰ মূহুৰ্তবোৰ উদযাপন কৰাৰ উচাহতে তেঁওলোক আহে
শতিকাজোৰা পুৰণি কলকাতাৰ কুমাৰৰ কলনিত, মাটিৰ মৃৎশিল্পীসকলে দুৰ্গা পুজাৰ বাবে চহৰলৈ পঠিয়াবলগীয়া মাটিৰ প্ৰতিমাৰ কাম ওৰে নিশা কৰে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/festivals-and-the-folks-who-fashion-them-as