এইবাৰ দেৱালীত শ্ৰীকাকুলাম পৰদেশমে প্ৰায় ১০ৰ পৰা ১২ হাজাৰ মাটিৰ চাকি বনাইছে। এই সপ্তাহত উদযাপিত হ’বলগীয়া দীপান্বিতা উৎসৱৰ কাৰণে ৯২ বছৰ বয়সীয়া এইগৰাকী শিল্পীয়ে এমাহ আগৰে পৰা চাকি বনোৱা আৰম্ভ কৰিছিল। প্ৰতিদিনে পুৱা চাহ একাপ খাই তেওঁ চাকি বনোৱা আৰম্ভ কৰে আৰু ৰাতি দেৰিলৈকে কাম কৰে। মাজত অলপহে জিৰণি লয়।
অক্টোবৰৰ আৰম্ভণিৰ ভাগত পৰদেশমে সৰু এডাল গছা বনাবলৈ চেষ্টা কৰিছিল। “গছা থকা চাকি বনাবলৈ অকণমান টান”, তেওঁ কয়। “গছাডালৰ গাটো কিমান মোটা হ’ব লাগিব, সেয়া জনা দৰকাৰ।” সেই গছাডালে তেলেৰে ভৰ্তি কাপটো পৰি নোযোৱাকৈ ধৰি ৰাখিব পাৰিব লাগিব, তেল যাতে ওলাই আহি শলিতাডাল নুমুৱাই নেপেলায়। এনেকুৱা এডাল গছা সাজি উলিয়াবলৈ তেওঁক পাঁচ মিনিট সময় লাগে। সাধাৰণ এডাল বনাবলৈ অৱশ্যে তেওঁক দুই মিনিটহে লাগে। কিন্তু গ্ৰাহক নেহেৰুৱাবলৈ তেওঁ ৩ টকাত বিক্ৰী কৰা সাধাৰণ চাকিতকৈ এটকা বেছি দামত সেই চাকিগছা বিক্ৰী কৰে।
পৰদেশমৰ আগ্ৰহ আৰু উৎসুকতাৰ কাৰণেই বিশাখাপট্টনমৰ কুম্মাৰিবিধি (কুমাৰ পথ)ত যোৱা আঠটা দশকৰো অধিক কাল কুমাৰৰ চকা স্তব্ধ হৈ যোৱা নাই। এই দীৰ্ঘকাল দেৱালীৰ সময়ত হাজাৰ হাজাৰ মানুহৰ ঘৰ তেওঁৰ চাকিয়ে পোহৰাই তুলিছে। “হাত, হাতৰ পাক আৰু এটা চকা - এইকেইটাৰেই আকাৰহীন মাটিয়ে আকাৰ লয়। ই এক কলা,” নব্বৈৰ ঊধৰ্বৰ পৰদেশমে কয়। তেওঁ তেওঁৰ পৰিয়ালটোৰ লগতে থাকে আৰু কাণেৰে ভালকৈ নুশুনে কাৰণে বেছি বাহিৰত ঘুৰা-ফুৰা কৰি নাথাকে।
কুম্মাৰিবিধি হৈছে বিশাখাপট্টনম চহৰৰ অক্ষয়াপালেমৰ ব্যস্ত বজাৰ এলেকাৰ কাষৰে এটা ঠেক ৰাস্তা। এই ৰাস্তাটোৰ কাষৰ মানুহখিনিৰ প্ৰায়ভাগেই কুম্মাৰা - পাৰম্পৰিকভাৱে মূৰ্তিকে ধৰি মাটিৰ বিভিন্ন সামগ্ৰী সজা কুমাৰ সম্প্ৰদায়ৰ লোক। পৰদেশমৰ আজোককাকে বিশাখাপট্টনম জিলাৰ পদ্মনাভান মণ্ডলৰ পটনুৰু গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰি আহিছিল। শৈশৱত তেওঁ দেখিছিল এই ৰাস্তাটোৰ কাষৰ ৩০ টা কুম্মাৰা পৰিয়ালে চাকি, গছৰ পুলিৰ টাব, পিগি বেংক, মাটিৰ পাত্ৰ, কাপ আৰু প্ৰতিমাকে ধৰি বিভিন্ন মাটিৰ সামগ্ৰী সাজিছিল।
আজিৰ তাৰিখত বিশাখাপট্টনমৰ সেই ঠাই, যিটোক কুমাৰৰ ঘৰ বুলি কোৱা হয়, তাত কেৱল পৰদেশমেই চাকি বনোৱা শেষজন শিল্পী। আন কুমাৰ পৰিয়ালে বাকী সামগ্ৰী এৰি মূৰ্তি বনোৱা আৰম্ভ কৰিলে, বা কুমাৰৰ কাম একেবাৰে এৰি পেলালে। এটা দশক আগতে তেওঁ নিজেও উৎসৱৰ কাৰণে মূৰ্তি বনাইছিল যদিও লাহে লাহে সেই কাম এৰিলে। মূৰ্তি বনোৱাটো শাৰীৰিক কষ্টৰ কাম আৰু মাটিত এনেকৈ ঘণ্টাৰ পিছত ঘণ্টা তেওঁ বহি থাকিব নোৱাৰা হ’ল বুলি আমাক কয়।













