ফাট !
এটা টুপকিৰ পৰা ওলোৱা বনৰীয়া লতাৰ গুটিৰ সেয়া শব্দ। তেওঁলোকে চত্তীশগড়ৰ জগদলপুৰ চহৰৰ গোঞ্চা উৎসৱত এনেকৈয়ে প্ৰতীকি ৰূপত চালামি আগবঢ়ায়।
টুপকি হৈছে বাঁহৰ পাবেৰে বনোৱা এটা বন্দুক, তাত বনৰীয়া লতাৰ গুটি গুলি হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ সময়ত এই বন্দুক ফুটুওৱা হয়। জুলাই মাহত উদযাপন কৰা এই উৎসৱত ৰাজ্যখনৰ বস্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক সমবেত হয়।
“কাষৰ গাঁৱৰ মানুহবোৰ গোঞ্চা উৎসৱলৈ আহে আৰু টুপকি এটা কিনেই,” শোভাযাত্ৰাত টুপকি ব্যৱহাৰ কৰা হোৱা নাই, তেনে সেই কথা জগদলপুৰৰ এগৰাকী বাসিন্দা বনমালি পানিগ্ৰাহীৰ মনতে নপৰে।
গুলি হিচাপে ব্যৱহাৰ কৰা গুটিটো এবিধ ওখ লতাজাতীয় উদ্ভিদ মলকাংগিনীৰ সেউজীয়া-হালধীয়া ফল (গছবিধৰ নাম চেলাষ্ট্ৰাছ পেনিকুলেটাচ ৱাইল্ড), ওচৰৰে হাবিত সেয়া পোৱা যায়।
পুৰিতো গোঞ্চা উৎসৱ উদযাপন কৰা হয় যদিও কেৱল বস্তৰ অঞ্চলতহে টুপকি আৰু গুটিৰে চালামি দিয়া পৰম্পৰা চলি আছে। এটা সময়ত এই বন্দুকেৰে বনৰীয়া জন্তু খেদি পঠিওৱা হৈছিল।









