থানে জিলাৰ নিম্বাভালি গাঁৱৰ চাপ্ৰায়াৰ পাদদেশত মুম্বাইৰ পৰা ৯৫ কিলোমিটাৰ দুৰৈত আমাৰ গাৰেলপাৰা অৱস্থিত। ৱাৰ্লি আদিবাসীসকলৰ এই সৰু চুবুৰীটোত প্ৰায় ২০-২৫ ঘৰমান পৰিয়াল থাকে।
প্ৰতিবছৰৰ দৰে এইবাৰো তেঁওলোকে নিজা পাৰম্পৰিক নীতি-নিয়মেৰে দিপাৱলী উৎসৱ উদযাপন কৰিছে। এই মাহটোৰ আৰম্ভণিৰ ভাগত উৎসৱৰ প্ৰস্তুতিত সকলো ব্যস্ত হৈ পৰিছে।
ৱাঘবৰ্ষি, বাৰ্কি টিৱলি, মোথি টিৱলি আৰু বালিপ্ৰতিপাৰা- এই চাৰিটা আমাৰ জনগোষ্ঠীৰ বাবে গুৰুত্বপূৰ্ণ দিন। আমি এইবছৰ ৫ৰ পৰা ৮ নৱেম্বৰলৈ এই উৎসৱ উদযাপন কৰিছো।
ৱাৰ্লিসকলে বাঘক ইশ্বৰ বুলি পুজা কৰে আৰু ৱাঘবৰ্ষিৰ দিনা আমি ব্যাঘ্ৰ পুজা কৰোঁ। আদিবাসীপাৰাবোৰ সাধাৰণতে বনাঞ্চলত অৱস্থিত। অতীতত ৱাৰ্লি জনগোষ্ঠীয়ে জীৱিকাৰ বাবে সম্পূৰ্ণৰূপে বনৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেঁওলোকে গৰু-মহবোৰ হাবিত চৰাবলৈ লৈ গৈছিল আৰু বহুতে এতিয়াও নিয়ে। বাঘদেৱতাই আক্ৰমণ নকৰক, তাকে তেঁওলোকে প্ৰাৰ্থনা জনায়।












