"মই ... মই..." আন শিশুৱে উত্তৰ দিবলৈ নৌপাওঁতেই আমন মহম্মদে তপৰাই মোৰ প্ৰশ্নৰ উত্তৰ দিয়ে। যেতিয়া মই তাত উপস্থিত থকা ১২ টা শিশুৰ এটা গোটক সুধিছিলো যে এই বছৰৰ বিনায়ক চভিথিৰ পেণ্ডেলৰ মুখ্য উদ্যোক্তা কোন আছিল। গোটটোৰ জ্যেষ্ঠ সদস্য টি ৰাগিনীয়ে কয়, "শিশুসকলে সংগ্ৰহ কৰা অনুদানৰ ভিতৰত ২,০০০ টকা কেৱল আমনেই সংগ্ৰহ কৰিছিল।" আমনক নস্যাৎ কৰিব পৰা তাত কোনোৱেই নাছিল ৷
এই বছৰ দান সংগ্ৰহত আমনৰ অৱদান আটাইতকৈ ডাঙৰ আছিল। তেওঁ অকলেই পেণ্ডেলৰ আয়োজক-গোটৰ দ্বাৰা সংগ্ৰহ কৰা ৩,০০০ টকাৰ দুই-তৃতীয়াংশ অৱদান আগবঢ়াইছিল। শিশুসকলে অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ চহৰৰ সাইনগৰ অঞ্চলত ৰাস্তাৰ মাজেৰে যোৱা বাহনৰ পৰা অনুদানৰ পৰিমাণ সংগ্ৰহ কৰিছিল।
আমনে মোক কৈছিল যে এইটো তেওঁৰ প্ৰিয় উৎসৱ। তেওঁৰ উৎসাহ দেখি মই আচৰিত হৈছিলো।
২০১৮ চনৰ এটা দেওবাৰে যেতিয়া সাইনগৰত বিনায়ক চভিথিৰ উদযাপন সমাপ্ত হৈছিল, মই চাৰিটা শিশুৱে মেক-বিলিভ খেল খেলি থকা দেখিছিলো। আৰু মই তেওঁলোকৰ ফটো তুলিবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকে 'আভা আপ্পাচী'ৰ দৰে এটা খেল খেলি আছিল। এইটো শিশুৰ এটা প্ৰিয় খেল। এজন ল’ৰাই গণেশ হৈছিল। গণেশ এগৰাকী হিন্দু দেৱতা যাৰ জন্মদিনটো বিনায়ক চভিথি হিচাপে পালন কৰা হয়। আন দুজন ল’ৰাই সেই ল’ৰাজনক কান্ধত তুলি লৈ গৈ আছিল আৰু পিছত তেওঁক কান্ধৰ পৰা নমাই মাটিত ৰাখিছিল। সকলো শিশুৱে প্ৰকৃততে 'গণেশ নিমৰ্জনম' অৰ্থাৎ দেৱতাৰ মূৰ্তি বিসৰ্জিত কৰাৰ অভিনয় কৰি আছিল।
গণেশৰ চৰিত্ৰত অভিনয় কৰা সৰু লৰা আছিল আমন মহম্মদ। ওপৰৰ ক’ভাৰ ফটোখনত তেওঁ তাত উপস্থিত মুঠ ১১টা শিশুৰ সন্মুখৰ শাৰীত (সম্পূৰ্ণ বাওঁফালে) থিয় হৈ আছে।
এই বছৰৰ আগষ্টত উদযাপন কৰা বিনায়ক চভিথি উৎসৱত আমন আৰু তেওঁৰ বন্ধুবৰ্গই দেৱতাৰ মূৰ্তিটো মাত্ৰ চাৰি বৰ্গফুটৰ এটা পেণ্ডেলত স্থাপন কৰিছিল। এইটো সম্ভৱতঃ অনন্তপুৰৰ আটাইতকৈ সৰু পেণ্ডেল আছিল। মই পেণ্ডেলৰ ফটো তোলাৰ পূৰ্বেই পেণ্ডেলটো আঁতৰাই দিয়া হৈছিল। ল'ৰা ছোৱালীবোৰে মোক কৈছিল যে তেওঁলোকে মূৰ্তিটো ১,০০০ টকাত কিনিছিল। বাকী ২,০০০ টকা পেণ্ডেল নিৰ্মাণ আৰু সজোৱাৰ বাবে ব্যয় কৰা হৈছিল। সাইনগৰৰ তৃতীয়টো গলিৰ ওচৰত অৱস্থিত দৰগাহৰ ঠিক কাষতে পেণ্ডেলটো নিৰ্মাণ কৰা হৈছিল।







