তেওঁলোকে গীতৰ তালে তালে প্ৰাণ ঢালি নাচে আৰু গায় - “ৰে ৰেলা ৰে ৰেলা ৰে ৰেলা ৰে”। আঠুলৈকে ঢকা বগা শাৰী আৰু ৰংচঙীয়া খোপা বান্ধি ডেকেৰীবোৰে নাচে। গণ্ড সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় ৰেলা গীত গাই গাই ইটোৱে সিটোৰ গাত ধৰি এবাৰত সিহঁতে তিনিবাৰকৈ ঘুৰে।
লগে লগে ডেকাল’ৰাৰ দলটোৱে সিহঁতৰ লগত যোগ দিয়ে। সিহঁতেও বগা পোচাক পিন্ধে, তাৰ লগত পিন্ধে ৰংচঙীয়া পাখিৰে সুসজ্জিত পাগুৰি। সিহঁতৰ ভৰিৰ জটিল ছন্দৰ সৈতে নূপুৰৰ ৰুণজুন শব্দ মিলি যায়। ইফালে হাতত থকা সৰু সৰু মান্দ্ৰি (ঢোল)বোৰ বজাই সিহঁতে ৰেলা গীত গায়। ইটোৰ সৈতে সিটোৰ হাত মেৰিয়াই ডেকেৰীৰ দলটোৱে ডেকাল’ৰাৰ দলটোক আগুৰি লৈ আটায়ে গীত জুৰে আৰু নাচে।
৪৩ গৰাকী ডেকা-ডেকেৰীৰ দলটো গণ্ড আদিবাসী সম্প্ৰদায়ৰ। ১৬ৰ পৰা ৩০ বছৰ বয়সীয়া ল’ৰা-ছোৱালীৰ এই দলটো ছত্তীশগড়ৰ কোণ্ডাগাঁৱ জিলাৰ কেশকাল ব্লকৰ বেদমামাৰি গাঁৱৰ পৰা আহিছে।
তেওঁলোকে ৩০০ৰো অধিক কিলোমিটাৰ বাট ভেন এখনেৰে অতিক্ৰম কৰি ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ (বাস্তাৰ এলেকাৰ) ৰায়পুৰ-জগদলপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই ঠাইলৈ আহিছে। মধ্য ভাৰতৰ, বিশেষকৈ ছত্তীশগড়ৰ আদিবাসী সম্প্ৰদায়ৰ আন নৰ্তকসকল ১০ৰ পৰা ১২ ডিচেম্বৰলৈ ছত্তীশগড়ৰ বালোদাবাজাৰ-ভাটাপাৰা জিলাৰ সোণাখনৰ জনজাতীয় ৰজা বীৰ নাৰায়ন সিঙৰ বলিদানৰ স্মৃতিত উদযাপিত হোৱা তিনিদিনীয়া বীৰ মেলালৈ ২০১৫ চনৰ পৰাই আহি আছে। বৃটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ৰজাজনক বৃটিছ প্ৰশাসনে ধৰি নি ১৮৫৭ৰ ডিচেম্বৰত ৰায়পুৰ জিলাৰ জয়স্তম্ভ চকত ফাঁচি দিছিল। বৃটিছে হেনো ফাঁচিৰ পিছত তেওঁৰ দেহটো ক্ষত-বিক্ষত কৰি পেলাইছিল, স্থানীয় লোকে কয়।






