ছাগলী, ভেড়া, কুকুৰা, মহ, শিপা, পাত, ফল আদিৰে নিয়ামগিৰিৰ উত্সৱৰ সময়ত ভৰি পৰে। উৰিষ্যাৰ দক্ষিণ-পশ্চিম দিশত থকা ৰায়াগডা আৰু কালাহান্দি জিলাৰ পৰা আদিবাসী লোক আহি এই মেলাখন উথপথপ লগায়।
প্ৰত্যেক বছৰে খেতি চপোৱাৰ পিছতে ফেব্ৰুৱাৰীৰ ২২ তাৰিখৰ পৰা ২৫ তাৰিখলৈ ডংগ্ৰিয়া কন্ধ জনজাতিটোৱে নিয়াম ৰাজাক পুজা কৰাৰ প্ৰস্তুতি আৰম্ভ কৰে। তেঁওলোকৰ ন্যায়ৰ ৰজাই সমগ্ৰ নিয়ামগিৰি পৰ্বতৰ অৰণ্যখনক প্ৰতিনিধিত্ব কৰে। এয়া বাৰ্ষিক নিয়ামগিৰি উত্সৱৰ সময়। ''পৃথিৱীখনত যেতিয়া কোনো চৰকাৰ নাছিল...কেৱল ডংগ্ৰীসকলেই আছিল ইয়াত’’, তেতিয়াৰ পৰাই এই বাৰ্ষিক নিয়ামগিৰি উত্সৱ চলি আহিছে। লডো চিকোকাই কয়। ''সেয়া এনে এক সময়, যেতিয়া সকলো মানুহেই সুখী আছিল আৰু জীৱনটো স্বাধীনভাৱে আৰু মৰ্যাদাসহকাৰে যাপন কৰিছিল। কথাও পাতিছিল আমাৰ ভাষাত। ঘন অৰণ্যৰ মাজে মাজে আছিল অনেক জান-জুৰি, বন্যপ্ৰাণীৰে পৰিপূৰ্ণ আছিল সেই অৰণ্য। তেঁও কয়। চিকোকা এজন ডংগ্ৰী কন্ধ সম্প্ৰদায়ৰ লোক আৰু আদিবাসীসকল আৰু পাহাৰখনত বক্সাইট খননৰ পৰা সুৰক্ষা দিয়াবলৈ ২০০৩ চনত গঠন কৰা নিয়ামগিৰি সুৰক্ষা সমিতিৰ নেতা। (চাওকঃ 'পাহাৰ, বন আৰু জান-জুৰিবোৰেই আমাৰ দেৱতা’)
“প্ৰকৃতি আৰু পৰিৱেশৰ বাদে জনজাতিটোৱে আন কাকো পুজা নকৰে’’, কালাহান্দি জিলাৰ কেচিংগাৰ সমাজকৰ্মী আৰু সমিতিখনৰ আহ্বায়ক লিংগৰাজ আজাদে কয়। ''কুই ভাষাত তেঁওলোকে পৃথিৱীখনক দেৱীজ্ঞান কৰি 'ধৰ্ণী বেনু’, পৰ্বতক পিতৃ দেৱতা হিচাপে 'হৰু’ বোলে। জল, অৰণ্য, গছ-গছনি আৰু বায়ু আদিক জীৱনৰ আধাৰ বুলি ধৰা হয় আৰু তাৰো পুজা কৰা হয়। চৰকাৰে বেদান্ত কোম্পানীলৈ নিয়ামগিৰি পাহাৰৰ খনৰৰ বাবে দিয়া প্ৰস্তাৱৰ সেয়ে আমি বিৰোধীতা কৰিছোঁ।
দীৰ্ঘদিন ধৰি ডংগ্ৰী জনজাতিটোৱে চৰকাৰী খণ্ডৰ উৰিষ্যা মাইনিং কৰ্পৰেছন এণ্ড ষ্টাৰলাইট ইণ্ডাষ্ট্ৰীজ (এতিয়াৰ নাম বেদান্ত) নামৰ ব্ৰিটিছ বহুজাতিক কোম্পানীটোৰ প্ৰকল্প এটাৰ প্ৰতিবাদ কৰি আহিছে৷ ৰাজ্যখনৰ লাঞ্জিগড় টেহচিলত থকা বেদান্ত কোম্পানীৰ শোধানাগাৰৰ কাৰণে বক্সাইট (এলুমিনিয়াম প্ৰস্তুত কৰাৰ বাবে ব্যৱহৃত) আহৰণৰ বাবে জনজাতিটোৰ পৱিত্ৰ পাহাৰ খননৰ প্ৰস্তাৱ উক্ত প্ৰকল্পটোত লোৱা হৈছে৷ যদিওবা সৰ্বোচ্চ ন্যায়ালয়ে ২০১৩ চনত নিৰ্দেশ দিয়া অনুসৰি এক ৰাজহুৱা গণভোট যোগে ডংগ্ৰী কন্ধ আৰু অন্যান্য জনজাতিবোৰে লগ লাগি ১২ খন গ্ৰাম সভাই যিকোনো ধৰণৰ খননৰ বিৰুদ্ধে ভোট দিছে, উৰিষ্যা চৰকাৰে জৈৱবৈচিত্ৰৰ ফালৰ পৰা স্পৰ্শকাতৰ এলেকাটোত খননৰ বাবে অনুৰোধ জনাই ন্যায়ালয়ত পিটিশ্যন দাখিল কৰি আহিছে৷
















