তুলুনাৰুৰ গাৰ্নাল চাইবেৰ বা ফটকা শিল্পীসকলৰ অবহিনে কৰ্ণাটকৰ উপকূলীয় অঞ্চলত উদযাপিত প্ৰায় প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানেই আধৰুৱা হৈ পৰে। ভূটা কোলা, উৎসৱ-পাৰ্বণ, বিয়া-সবাহ, জন্মদিন উদযাপন, গৃহ প্ৰৱেশ আনকি শেষকৃত্য অনুষ্ঠানতো ফটকা শিল্পীসকলৰ অংশগ্ৰহণ অপৰিহাৰ্য।
গাৰ্নাল শব্দটোৱে ফটকা বা আতচবাজী বুজায় আৰু চাইবেৰ মানে হৈছে মুছলমান লোক।
মুল্কি নগৰৰ গাৰ্নাল চাইবেৰ আমীৰ হুছেইনে জনোৱা মতে তেওঁক পিতৃয়ে এই কলা শিকাইছিল আৰু এনেকৈয়ে তেওঁলোকৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই বৃত্তিটো আগুৱাই লৈ গৈছে।
''ভালকৈ ফটকা ফুটুৱাতো বিপদজনক কাম, ডাঙৰ আকাৰৰ ফটকা হ’লেতো বিপদ আৰু বাঢ়ে,’’ এইদৰে কয় কৰ্ণাটকৰ মণিপাল একাডেমী অব হায়াৰ এডুকেশ্যনৰ সহযোগী গৱেষক নিতেশ অঞ্চনে।
উডুপি জিলাৰ আথ্ৰাডি গাঁৱৰ মুছলমান যুৱক মোস্তাক আথ্ৰাডিয়ে ভূটা অনুষ্ঠানৰ বাবে ফটকা প্ৰস্তুত কৰে আৰু ফুটুৱাই, তেওঁ কাডনি নামৰ এবিধ শক্তিশালী ফটকা প্ৰস্তুত কৰাত সিদ্ধহস্ত। ''কাডনি হৈছে এক বিশেষ প্ৰক্ৰিয়াৰে বিভিন্ন ৰাসায়নিক সামগ্ৰীৰে প্ৰস্তুত কৰা বিস্ফোৰক পাউডাৰ,’’ তেঁও কয়। কাডনি ফুটোৱালে যি ঠাইত ফুটোৱা হয় সেই ঠাইৰ মাটিখিনিও কঁপি যায়।


